হিমালয়ে ৰিঙিয়ায় – অনুষ্কা শইকীয়া

‘মা, পালোঁহি ভালে ভালে৷ Had a good and a safe flight. Now waiting for Ashmita baa in the arrival. ৰ’বা তাই ফোন কৰিছে৷ তোমাৰ লগত পিছত কথা পাতি আছোঁ।’

ক’লা জেকেট, ক’লা পেণ্ট পিন্ধা, মুখত ডিম্পল পৰা ছোৱালীজনীক দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেচনেল এয়াৰপৰ্টত বিচাৰি থাকোঁতেই, মোৰ ফালে আগবাঢ়ি আহিল ৰঙা বগা ছালৰ অসমীয়া ঠগ থকা ছোৱালী এজনী – তাই পিন্ধি আছিল ক’লা জেকেট, ক’লা পেণ্ট, মুখত ডিম্পলবুলীয়া মিচিকিয়া হাঁহি৷
‘আই অ’ দেহি পালিহি ভালে ভালে’ – অস্মিতা বায়ে মোক সাৱটি ধৰিছিল৷

জীৱনত দ্বিতীয়বাৰলৈ মুখামুখি হৈছিলোঁ আমি দুয়ো৷ অস্মিতা বা মোৰ মাৰ সম্পৰ্কীয় বাইদেউৰ ডাঙৰ জীয়ৰী৷ আই আই টি দিল্লীত গৱেষণা কৰি থকা অস্মিতা বাক আগেয়ে অকল এবাৰহে লগ পাইছিলোঁ, কিন্তু ফোনৰে কথা-বতৰা হৈ থাকিছিল৷

ছেমিষ্টাৰ ব্ৰেকবোৰ বৰ দীঘলীয়া৷ সেই দেখি ভাবিলোঁ অলপ ফুৰি আহোঁ, কিন্তু অকলে?

ভাইটিৰ স্কুল, মাৰ চাকৰি, যাওঁনো ক’ত? তেনেকুৱাতেই এদিন অস্মিতা বাই ফোন কৰিলে আৰু দিল্লীলৈ খুব ইচ্ছা কৰি মাতিলে৷ মাক কথাখিনি ক’লো, কিছুপৰৰ পাছত মায়ে অনুমতি দিলে৷ মাৰ চিন্তা-চৰ্চাখিনিৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছে৷ মায়ে সদায় কয় – ‘জীৱনটো তোমাৰ নিজৰ; স্বাধীনতা দিম কিন্তু সেই স্বাধীনতাই যেন তোমাক তোমাৰ দায়িত্ববোৰৰ পৰা আঁতৰাই নিনিয়ে; বৰঞ্চ তোমাক অধিক সাহসীহে কৰি তোলে’৷ সকলোবোৰ ঠিক হোৱাৰ পাছত অস্মিতা বায়ে মোক ফ্লাইটৰ টিকট এটা কৰি দিলে ২০ ডিচেম্বৰ, ২০১৭ তাৰিখৰ বাবে৷

ডিচেম্বৰ মাহত দিল্লীৰ ঠাণ্ডাৰ কথা সকলোৱে জানো৷ ফোনটো উলিয়াই উষ্ণতা চাই দেখো ১১° চেলচিয়াছ৷ দুপৰীয়া ১২.৩০ বজাটো গা সিৰসিৰাই যোৱা ঠাণ্ডা এটাৰে আমি জিয়াসাৰাই গৈ পাওঁ৷ গলি নং ৪ বুলি ক’লা ৰঙেৰে লিখি থোৱা ডাঙৰ বেৰখনৰ সমুখত গৈ গাড়ীখন ৰখাইছিল৷ ধুনীয়াকৈ সজাই থোৱা অকণমানি ফ্লেটটোত সোমায়ে ভাল লাগিল৷ অস্মিতাবায়ে ৰাতিৰ ভিতৰতে অনলাইন টিকট কৰিলে ঋষিকেশলৈ বুলি৷

পিছদিনা সেই মতেই ৰাতি ৮বজাত দুয়ো দুটা মস্ত ট্ৰেকিং বেগ লৈ ৰাওনা হ’লোঁ ঋষিকেশলৈ৷ কাহানিও আগেয়ে নোযোৱা ঠাই এখনলৈ গৈ আছোঁ বুলি হঠাতে অনুভৱ কৰি অলপ ভয়ো লাগিল৷

অস্মিতা বা আৰু মোৰ প্ৰায় ৬-৭ বছৰৰ বয়সৰ পাৰ্থক্য কিন্তু আমাৰ কথা-বতৰা, চিন্তা-চৰ্চাবোৰ সমবয়সীয়া দুজনী বান্ধৱীৰ দৰে বৰকৈ মিলিছিল৷

দিল্লীৰ গা কঁপোৱা মৰ ঠাণ্ডা আৰু ধুৱলি-কুঁৱলীৰে আধা ৰাতি পাৰ কৰি প্ৰায় ২মান বজাত উত্তৰ প্ৰদেশৰ মিৰাটত বাছখন ৰখোৱাত দুয়ো নামি গলোঁ৷ হাতত মোজা, গা গধুৰ কৰি পিন্ধা কাপোৰ আৰু টুপীৰে ঠাণ্ডাখনত গৰম গৰম ব্ৰেড টোষ্ট খোৱাৰ কথা ভাবিলে মনটোৱে সকলো সময়তে উৰা মাৰি মিৰাট পায়গৈ৷

পুৱা ৪ বজাত ঋষিকেশৰ বাছষ্টেণ্ড পাওঁতে চাৰিওফালে অন্ধকাৰ হৈয়ে আছিল৷ আমাৰ বাছখনত অহা মানুহবোৰ নিজৰ নিজৰ নিৰ্ধাৰিত ঠাইলৈ যোৱাত একেবাৰে নিজান হৈ পৰিছিল বাছষ্টেণ্ডটো৷ মাথোঁ দুই-এখন দোকান আছিল আৰু এজন বয়োজ্যেষ্ঠ চাহ বেপাৰী৷ গৰম চাহ দুকাপ হাতত লৈ কোনোমতে ৰৈ থাকিলোঁ ৰাতিটো পুৱাবলৈ৷ ৫.৩০মান বজালৈকে ৰৈ যেতিয়া পোহৰৰ ‘প’টোও নেদেখিলোঁ তেতিয়া সময় নষ্ট নকৰোঁ বুলি থিৰাং কৰি দুয়ো অটোৰিস্কা এখন লৈ লক্ষ্মণঝোলা অভিমুখে ৰাওনা হ’লোঁ৷

পিছে লক্ষ্মণঝোলালৈ অটোৰিস্কাবোৰ তললৈ নামি নাযায় বুলি কৈ আমাক অচিনাকি ৰাস্তাটোতে ড্ৰাইভাৰে এৰিলে৷ ইফালে ৬ বাজিবৰ হ’ল যদিও সূৰ্য্য দেৱতাৰ ৰাতি পুৱাবলৈ হোৱাই নাছিল৷

উত্তাল গংগা নদীৰ মাতটোকে শুনি শুনি অনুমান কৰি নিজেই ৰাস্তা বিচাৰি তললৈ নামি গৈ থাকিলোঁ৷ যিমানেই তললৈ নামি গৈ আছিলোঁ সিমানেই নৈপৰীয়া চেঁচা বতাহজাক অনুভৱ কৰিছিলোঁ৷ অৱশেষত লক্ষ্মণঝোলা পাইছিলোঁগৈ; হয়তো জীৱনত সেই চাক্ষুষ অভিজ্ঞতা দুৰ্লভ বুলিয়েই গণ্য কৰিম৷ ঝোলাখন বতাহত হালি আছিল৷ বিশাল গংগাৰ ওপৰেৰে খোজকাঢ়ি গৈ থাকোঁতে অনুভৱ কৰিছিলোঁ যান্ত্ৰিকতা আৰু ব্যস্ততাৰপৰা কিমান যে দূৰৈত এই ভাল লগাবোৰ৷ মুক্ত বিহংগৰ দৰে অনুভৱ হ’ল৷ আকাশখন ইতিমধ্যে মুকলি হৈছিল, ৰ’দ এধানিয়ে হাঁহি মাৰিছিল আৰু লগতে মোৰ মনটোৱেও…..৷

ৰাস্তাৰ কাষৰীয়া হোটেল এখনত ‘ছ’লে-ভাটোৰে’ খাই কোনোমতে পেটটো ভৰাই আমি পাব্লিক বাছ এখনেৰে ৰুদ্ৰপ্ৰয়াগলৈ বুলি আগুৱালোঁ৷ সময় প্ৰায় পুৱা ৯ বাজিছিল৷ অলকানন্দাৰ পাৰে পাৰে, হিমালয়ৰ বুকুৰে আমি যাত্ৰা কৰিলোঁ৷ কেদাৰনাথৰ পৰা বৈ অহা মন্দাকিনী নদীয়ে অলকানন্দা নদীত জাহ যাওঁতেই, আমি গৈ ৰুদ্ৰপ্ৰয়াগ পালোগৈ৷ তেতিয়া দুপৰীয়া ৩.৩০ মান বাজিছিল৷ ভাবিলোঁ এৰাতি তাতে থাকি পিছদিনা আমাৰ নিৰ্ধাৰিত উত্তৰাখণ্ডৰ ‘চপ্টা’ (chopta) বোলা ঠাইটুকুৰালৈ যাম৷ তেনেতে, এজন বঙালী মানুহ আহি ‘উক্ষিমথ’ (ukhimath) যাব নেকি সোধাত, সময় হাতত থকাৰ বাবে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ললোঁ৷ সেইদেখি আকৌ বলেৰ’ গাড়ী এখনেৰে আমি ডেৰঘণ্টীয়া পাহাৰীয়া, সাংঘাতিক ভয়ংকৰ ৰাস্তা এটাৰে উক্ষিমথ পালোঁগৈ৷ এন্ধাৰ নোহোৱা দেখি, দুই-এজন মানুহৰ লগত কথা পাতি জানিলোঁ যে চপ্টালৈ আৰু কেৱল দুঘণ্টাৰ ৰাস্তাহে আছিল৷ গতিকে মন উৰা মাৰিল যেতিয়া, সেইমতেই সিদ্ধান্তও লোৱা হ’ল৷ গাড়ী এখন ভাড়া কৰি চপ্টালৈ যাত্ৰা আৰম্ভ কৰোঁতে সন্ধিয়া ৫.৩০ মান বাজিছিল৷

হেঙুলীয়া হৈছিল আকাশখন, দূৰৈৰ পাহাৰকেইখনক সূৰ্য্যৰ ৰশ্মিবোৰে সোণালী কৰি তুলিছিল৷ পাহাৰীয়া ঠাইত সূৰ্য্যোদয় আৰু সূৰ্যাস্ত আমাৰ ইয়াতকৈ অলপ পলমকৈ হয়৷ ইতিমধ্যে সোণালী বৰণ লোৱা পাহাৰকেইখনৰ একেবাৰে ওপৰৰ অংশবোৰ বৰফে ঢাকি ৰাখিছিল আৰু তলৰ অংশত শাৰী শাৰী পাইন গছ৷ সন্মুখৰ কোনো কোনোখন পাহাৰ সম্পূৰ্ণভাৱে বৰফেৰে আৱৰাও দেখিছিলোঁ৷ প্ৰায় মগ্ন হৈ গৈ থাকোঁতেই আমাৰ ড্ৰাইভাৰজনে সেই সম্পূৰ্ণ বৰফেৰে আৱৰা পাহাৰখনৰ ফালে আঙুলিয়াই কৈছিল – “মেম চাহিব, ৱহ ৰহা আপকা চপ্টা৷ হাম অভী ৱহী যা ৰহে হে৷”

সপোন সপোন যেন লগা দিঠকটোক মানি লওঁ মানেই অস্মিতাবায়ে ড্ৰাইভাৰ জনক সুধিলে, “আপলোগ হ’ম ষ্টে কা কুছ ফেছিলিটি ৰাখতে হে ক্যা? হাম দোনো কৌ আপ আপকে গাঁও লেকে ছলিয়ে, হামে অচ্ছা লাগেগা৷”
ৰাস্তাতে এজন-দুজনক সোধাত গম পাইছিলোঁ যে চপ্টা বিদ্যুৎ আৰু ফোনৰ নেটৱৰ্ক বিচ্ছিন্ন এডোখৰ খুব ঘন বৰফাবৃত ঠাই৷ সেয়েহে আন্ধাৰ হোৱা দেখি চিন্তাতে অস্মিতাবায়ে ড্ৰাইভাৰজনৰ সহায় বিচাৰিলে৷ গাড়ীখন হঠাতে এটা তিনিআলিত ৰখাই ড্ৰাইভাৰজন নামি গ’ল৷ খুব কম কথা কোৱা গহীন গাড়ৱালী (garhwali) মানুহজনে ৰাস্তাৰ কাষতে থকা এখন দোকানৰপৰা পনীৰ, মটৰ আৰু বন্ধা কবি কিনা দেখা পালোঁ৷ খপ্জপ্কৈ বজাৰখিনি কৰি গাড়ীখন ষ্টাৰ্ট দি কলে, “আপ লোগো কো আজ মটৰ পনীৰ খিলাতা হু৷ হামাৰা চান্ত পৰিৱাৰ হ্যে, বিৱি অৰ দ’ বাচ্ছে৷ চলিয়ে তো ফিৰ আজ হামাৰে গাঁও জাগপোৰা (Jagpura) লে চলতে হো৷”

আন্ধাৰ হৈছিল৷ উল্লেখনীয় যে উত্তৰাখণ্ডৰ ৰাস্তাবোৰ বৰ সুন্দৰকৈ নিৰ্মিত৷ জাগপোৰা ঋষিকেশৰপৰা ১৮৮.৮ কিলোমিটাৰ দূৰত থকা তেনেই এখন সৰু গাঁও, অথচ ৰাস্তাবোৰ পকী আৰু ধুনীয়া; মাথোঁ দুই-এটা অঞ্চলত অহৰহ ভূমিস্খলন হৈ থকাৰ বাবেহে ৰাস্তাৰ দুৰবস্থা দেখা পাইছিলোঁ৷ চৰকাৰৰ তেনে এক পদক্ষেপ সঁচায়ে প্ৰশংসাৰ যোগ্য৷ চিৰিংকৈ আমাৰ লক্ষ্মীমপুৰ টাউনৰপৰা তেনেই ওচৰতে অৱস্থিত গাঁৱৰ ঘৰলৈ যোৱা ৰাস্তাটো মনলৈ অহাত হাঁহি দিলোঁ৷

যি কি নহওক, প্ৰায় ৪০ মিনিট ধৰি কাষেৰে এখনো গাড়ী পাৰ হৈ নোযোৱা অন্তহীন পাহাৰীয়া ৰাস্তাটোৰে গৈ থকাত অলপ ভয় লাগিব ধৰিছিল৷

চৌহান উপাধিৰ গাড়ৱালি ড্ৰাইভাৰজনে যেন আমাৰ মন পঢ়িব পাৰিছিল৷ “দৰিয়ে মত, পহুচ হী গয়ে হাম” বুলি কৈ গাড়ীখন হঠাৎ ৰখায়৷ দুগৰাকী মৰমলগা তিৰোতা, লগতে দুটা ১০-১১ বছৰীয়া ল’ৰা-ছোৱালী দৌৰি আহি “নমস্তে দিদি” বুলি কৈ আমাৰ হাতৰপৰা বেগকেইটা লৈ ৰাস্তাটোৰপৰা তললৈ খটখটি কেইটামানেৰে নামি যায় আৰু কয়- “পিছে পিছে আতে ৰহিয়ে।”। ৫মিনিটমান খোজ কাঢ়ি তললৈ নামি দেখোঁ পৰিষ্কাৰকৈ ৰখা, লগতে লাগি থকা কৈ সজা ১০-১২টা মান ঘৰ, তেনেই এখন সৰু সেউজীয়া, পাহাৰীয়া, গাড়ৱালী গাঁও৷

৩° উষ্ণতাত কঁপি কঁপি কোনোমতে মুখ হাত ধুই আমি জুইৰ সেক লওঁ৷ কেঁচা বেৰৰ পাকঘৰটোতে বহি বহি মটৰ পনীৰ, মণ্ডৱা কি ৰোটী আৰু চিলামৰ চাটনি খালোঁ৷ তেওঁলোকৰ পাহাৰীয়া জীৱনশৈলী, গাড়ৱালী আৰু নেপালী ভাষাৰ মিল-অমিল আদিকে ধৰি বহু পৰ আড্ডা দিলোঁ৷

দুজনী ছোৱালী এনেদৰে ভ্ৰমণ কৰাৰ কাহিনী, ২৭-২৮ বছৰীয়া অস্মিতাবাক বিয়া নোহোৱা বুলি জানি শাহুৱেক-বোৱাৰীয়েক দুয়োগৰাকীয়ে বাৰে বাৰে ক’বলৈ ধৰিলে “হামকো ভি অসম লে চালিয়ে দিদি৷ ৱহা লড়কিয়া ইতনা স্বাধীন হে, জানকে আচ্চা লগা।” সঁচায়ে তেতিয়াহে অনুধাৱন কৰিলোঁ যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আজিও মহিলাবোৰ বহুগুণেই স্বাধীন আৰু সুৰক্ষিত৷ বাল্যবিবাহ তথা যৌতুকৰদৰে কুপ্ৰথাৰপৰাও আমিবোৰ মুক্ত!

ৰাতিটো হাঁহি কিৰিলিৰ মাজেৰে, জুইৰ আমেজ লৈ জাৰৰ জথৰতা মাৰি পিছদিনা পুৱা প্ৰায় ৭মান বজাত জাগপোৰা ৰাইজক বিদায় দি আমি চপ্টালৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ৷ প্ৰায় ডেৰঘণ্টীয়া বৰফৰ মাজেৰে ঠেক বাট এটা অতিক্ৰম কৰি হাতত এডাল এডাল ট্ৰেকিং পল লৈ খুপি খুপি চন্দ্ৰশিলা হ্ৰদ আৰু তুংগনাথ মন্দিৰ অভিমুখে ট্ৰেকিং আৰম্ভ কৰোঁ৷

সাগৰ পৃষ্ঠৰপৰা প্ৰায় ১৩০০০ ফুট ওপৰত অৱস্থিত ‘মুন ৰক’ বুলি বিখ্যাত চন্দ্ৰশিলা হ্ৰদলৈ প্ৰায় ৩ঘণ্টা ট্ৰেক কৰিলোঁ৷ -৬° উষ্ণতাত বৰফেৰে আবৃত হৈ এবাৰ-দুবাৰ পিছলি নপৰাও নহয়, আকৌ ৩ঘণ্টীয়া ওভতনি ট্ৰেকিঙৰ অন্তত আমি চপ্টাত ৰাতিটো পাৰ কৰিলোঁ৷ দিনত হিমালয় যিমানেই ধুনীয়া, ৰাতি হিমালয়ৰ অসহ্যকৰ ঠাণ্ডা, সিমানেই কষ্টদায়ক৷ ৰাতিলৈ প্ৰায় -৭° উষ্ণতাত বৈদ্যুতিক সুবিধাৰ পৰা বঞ্চিত, ফোনৰ টাৱাৰৰ কোনো চিন-চাব নথকা অন্ধকাৰৰ মাজত কোনোমতে ৰাতিটো পাৰ কৰিলোঁ৷ পুৱা দুয়ো বৰফৰ শুকুলা চাদৰেৰে ঢকা পাহাৰ এৰি, ওভতনি যাত্ৰাৰে প্ৰথমে উক্ষিমথ, উক্ষিমথৰপৰা ৰুদ্ৰপ্ৰয়াগ আৰু ৰুদ্ৰপ্ৰয়াগ এৰি গঙ্গাৰ তীৰত অৱস্থিত ঋষিকেশত ৰাতিটো কটাম বুলি হোটেল এখনৰ ব্যৱস্থা কৰিলোঁ৷

উত্তাল গংগাৰ ঢৌৰ শব্দই দুয়োকে ৰাতি নিচুকায়। তাৰপাছত পুৱা ত্ৰিবেণী ঘাট আৰু হৰিদ্বাৰ দৰ্শন কৰি আমি দুপৰীয়া দিল্লী অভিমুখী এখন বাছেৰে যাত্ৰা সামৰিলোঁ৷

ওভতনি যাত্ৰা সদায়ে কষ্টকৰ৷

প্ৰকৃতিৰ বিশালতাৰ আগত আমি তেনেই ক্ষুদ্ৰতম একো একোটা ধূলিকণাৰ তুল্য৷ আকাশ ঢুকি পোৱাৰ দৰে লগা বৃহৎ হিমালয় উপভোগ কৰি, গংগাৰ পবিত্ৰ বুকুত এৰাতি শুই, প্ৰকৃতিৰ ইমান নিভাঁজ সৌন্দৰ্য্য দেখি এইটোৱেই অনুভৱ কৰিলোঁ যে মানুহৰ ৰিপু এই বিশাল নৈসৰ্গৰ আগত নিৰস্ত্ৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক