ৰাজা তোৰ কাপড় কোথায়? – মূল: আনিসুল হক, অনুবাদ: নীলাক্ষি দেৱী ডেকা

এই সাধুটোৰ কথা আপোনালোক সকলোৱে জানে৷ সৰুতে মই এই সাধুটো প্ৰথম পঢ়িছিলোঁ দেৱ সাহিত্য কুটীৰৰ দ্বাৰা প্ৰকাশিত এখন সাধুকথাৰ কিতাপত৷ কবি আসাদ চৌধুৰীয়ে এই সাধুটোক লৈ এখন কিশোৰৰ বাবে নাটকো ৰচনা কৰিছিল৷ সেই নাটকখন আমাৰ স্কুলৰ পাঠ্যক্ৰমতো সন্নিবিষ্ট আছিল৷ ইয়াৰ পাছতো এই বিশেষ সাধুটো নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ৰচিত কবিতা হিচাবেও আবৃত্তিৰ কেচেটত শুনিবলৈ পাইছিলোঁ৷ এই একেটা সাধুৰ আলমতে লিখা এটা চীনা গল্পৰ বাংলা অনুবাদৰ কিতাপ এখন মোৰ ছোৱালীয়ে কিনি আনিছিল নিউ মাৰ্কেটৰ পৰা৷ কিতাপখন ৰঙচঙীয়া ছবিৰে ভৰ্তি আছিল৷ গতিকে এই বিশেষ সাধুটো যে সকলোৰে পৰিচিত তাত কোনো সন্দেহৰ কাৰণ নাই৷

এক আছিল ৰজা৷ ৰজাৰ আছিল নিত্য নতুন পোছাক পিন্ধাৰ চখ৷ বজাৰৰ পৰা নানান মূল্যবান আৰু দুৰ্লভ পোছাক কিনি ৰজাই সযতনে সংগ্ৰহ কৰে৷
এদিন ৰজাৰ ৰাজসভাত আহি দুজন বিদেশীলোক উপস্থিত হ’ল৷ দুয়ো ৰজাৰ আগত দাবী কৰিলে যে, তেওঁলোকে পৃথিৱীৰ আটাইতকৈ সুন্দৰতম কাপোৰযোৰ ৰজাৰ বাবে বৈ দিব পাৰিব৷

দুই তাঁতীৰ কথা শুনি ৰজাৰ ভীষণ ফূৰ্তি লাগিল৷ ৰজাই দুয়োৰে কাৰণে বিশেষ বাসস্থানৰ ব্যৱস্থা কৰি দিলে৷ তেওঁলোকৰ প্ৰয়োজনৰ সকলো সামগ্ৰী বিনাদ্বিধাই প্ৰচুৰ পৰিমাণে যোগান দিয়া হ’ল৷ দুয়ো তাঁতীয়ে বন্ধ কোঠাৰ ভিতৰত কাপোৰ বয়৷ বাহিৰৰ পৰা সকলোৱে তাঁতশালত কাপোৰ বৈ থকাৰ শব্দ শুনে কিন্তু ভিতৰলৈ গৈ চোৱাৰ অনুমতি কাৰো নাই৷ মাজে মাজে দুয়ো আহে ৰাজদৰবাৰলৈ টকা খুজিবলৈ৷ ৰজাৰ ৰাজকোষ উন্মুক্ত তেওঁলোকৰ বাবে৷ ৰজাই তেওঁলোকে বিচৰাতকৈয়ো অধিক ধন দি বিদায় দিয়ে৷

ইপিনে তাঁতীৰ কাপোৰ বোৱা শেষ নহয় হে নহয়! দিন যোৱাৰ লগে লগে ৰজা অস্থিৰ হৈ পৰিল৷ কেতিয়া শেষ হব কাপোৰ বোৱাৰ কাম! তাঁতীয়ে গহীনাই কয় যে এয়াতো এলাপেচা কাপোৰ নহয়, এয়া হ’ল পৃথিৱীৰ শ্ৰেষ্ঠতম পোছাক৷ গতিকে সময়তো লাগিবই!
অৱশেষত এদিন কাপোৰ বোৱাৰ কাম শেষ হ’ল৷ তাঁতীয়ে ৰজাক ক’লে, “মহাৰাজ, এই কাপোৰ অতিশয় সূক্ষ্ম আৰু যাদুকৰী৷ কেৱল বুদ্ধিমান লোকেহে এই কাপোৰ চকুৰে দেখা পাব৷ এই কাপোৰে এক গুলীত দুই চিকাৰ কৰিব৷ পৃথিৱীশ্ৰেষ্ঠ পোছাক পিন্ধাও হব আৰু লগতে কাৰ কাৰ মগজুত ঘিঁউ আছে তাৰো পৰীক্ষা কৰি চাব পৰা যাব৷”

তাৰপাছৰ ঘটনা সকলোৰে জ্ঞাত৷ দিগম্বৰ ৰজাই ভাবিলে যে মোৰ দেখোন নিজৰেই মগজু শূন্য গতিকে এইকথা আনক জানিবলৈ নিদিয়াই ভাল! গতিকে ৰজাই উলঙ্গ বেশতেই ৰাজসভাত বীৰদৰ্পে প্ৰৱেশ কৰিলে৷ ৰাজসভাৰ মন্ত্ৰীগণ, সভাসদবৃন্দ সকলোৱে ৰজাক উচ্ছসিত প্ৰশংসা কৰিবলৈ ধৰিলে৷ ৰজাৰ গাত যে একো বস্ত্ৰ দেখা পোৱা নাই সেইটো কোনো এজনেও স্বীকাৰ কৰিব নিবিচাৰিলে৷ আনকি সেই জন্মদিনৰ পোছাক পিন্ধি ৰজা যেতিয়া আলিবাটলৈ ওলাল তেতিয়াও কোনো এজন প্ৰজাই নক’লে যে ৰজাৰ গাত কাপোৰ নাই!

তেনে সময়তেই এটা সৰু ল’ৰাই নিজৰ বুদ্ধিমত্তাৰ পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিলে৷ উলঙ্গ ৰজাক দেখি ল’ৰাটোৱে জোৰেৰে চিঞৰি উঠিল,
“ঐ ৰজা, তোৰ গাৰ কাপোৰ ক’ত?”
আবৃত্তিৰ কেচেটটোতো এইখিনিতেই বাৰে বাৰে সজোৰে কোৱা হয়, “ৰজা, তোৰ কাপোৰ ক’ত?”
নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে তেখেতৰ কবিতা এইদৰে শেষ কৰিছে যে, “আমাৰ দেশত প্ৰয়োজন এনে সৰল, নিৰ্ভীক, স্পষ্টবাদী শিশুৰ যি ৰজাক চিঞৰি চিঞৰি ক’ব, “ৰজা তোৰ কাপোৰ ক’ত?”

তাৰপাছত সাধুটোত কি হ’ল? সৰু ল’ৰাজনৰ কথা কাণত পৰাৰ পাছত লাহে লাহে এজন দুজনকৈ আনবোৰ মানুহেও ফিচিঙা ফিচিঙি কৰিবলৈ ধৰিলে৷ হয়চোন, ৰজা দেখোন নাঙঠ! যিটো কথা ফুচফুচনিৰে আৰম্ভ হৈছিল লাহে লাহে জনতাৰ গৰ্জনত পৰিণত হ’ল৷ ৰজাই আৰু জনগণৰ কথা উপেক্ষা কৰিব নোৱাৰিলে৷ এখন চাদৰেৰে কোনোমতে লজ্জা নিবাৰণ কৰি ৰজাই ৰাজপ্ৰাসাদলৈ দৌৰ দিলে৷ নিজৰ কোঠালৈ গৈ কাপোৰ কানি পিন্ধি ৰজাই সেনাপতিক আদেশ দিলে, “ক’ত গ’ল দুই প্ৰৱঞ্চক? এতিয়াই ধৰি আনি ৰাজদৰবাৰত হাজিৰ কৰোৱা হওক৷ দুয়ো নৰাধমক শূলত দিয়াম মই!”
কিন্তু ৰজাৰ সৈন্যই দুই প্ৰতাৰকক বিচাৰি পায় ক’ত! ইতিমধ্যে দুয়ো তাঁতীয়ে ৰাজকোষৰ ধন লুটি পুতি দেশৰ সীমা পাৰ হৈ গুচি গৈছে৷
ইমানপৰে কৈ থকা গল্পটো আছিল তাহানিৰ গল্প৷ কিন্তু বৰ্তমানৰ গল্প ইয়াতেই শেষ হৈ নাযায়৷ গল্পটোত আৰু অলপ যোগ দিয়াৰ প্ৰয়োজনীয়তা আহি পৰে৷

ৰজাই যেতিয়া দিন দুপৰতে নাঙঠ হৈ ৰাজপথেৰে খোজ কাঢ়ি আছিল তেতিয়া এটা শিশুৱে চিঞৰি উঠিল,
“ৰজা তোৰ কাপোৰ ক’ত?”
ৰজাই সেই কথাত অলপো পাত্তা নিদিলে৷ লাহে লাহে জনৰৱ উঠিল, “ৰজা নাঙঠ, ৰজা নাঙঠ!”
ৰজাৰ তেতিয়াও গাত নালাগিল৷ তেতিয়া সভাসদসকলে ক’বলৈ ধৰিলে, “মহাৰাজ, আপোনাৰ গোপনীয় কথাবোৰ আৰু গোপনীয় হৈ থকা নাই! এইখন চেলেংচাদৰ লওক আৰু লজ্জা নিবাৰণ কৰক৷”
ৰজাই উত্তৰ দিলে, “চেলেং চাদৰেৰে গা ঢাকি কিডাল হব? মোৰ দেখোন এনেকৈহে বেছি আৰাম লাগিছে৷ দেহাটোও বৰ পাতল পাতল লাগিছে৷ আগতেতো এইবোৰ ঠাইত ভেণ্টিলেশ্যনৰ ব্যৱস্থা নাছিল, এতিয়াহে গাত বতাহ লাগিবলৈ সুবিধা পাইছে৷”
“কিন্তু মহাৰাজ আপুনি বুজিব পৰা নাই যে ৰাইজে ছিঃ ছিঃ কৰিছে!”
“ছিঃ ছিঃ কৰিছে? ছিঃ ছিঃ কৰিলেনো ক্ষতিটো কি? আৰু এনে কৰিব নালাগে নহয়! মোৰোতো ত্যাগৰ মূল্য আছে৷ যোৱা দুইযুগ ধৰি মই এই ৰাজ্যৰ কাৰণে যিমানবোৰ চেক্ৰিফাইছ কৰিছোঁ তাৰ বিনিময়ত এতিয়া মোৰ যি মন যায় মই তাকেই কৰিব পাৰোঁ৷”
“যি মন যায় তাকেই কৰিব নেকি আপুনি?”
“কিয় নোৱাৰিম? মই ৰজা৷ মোৰ যি মন যায় তাকেই কৰিম৷”
“বাৰু কৰিলেই যেনিবা, কিন্তু এনেদৰে লাজ চৰম পুৰি খোৱাটো সঠিক হয় জানো মহামহিম?”
“কিয়? এই লাজ চৰম পুৰি খোৱাৰ কথা আহিল ক’ৰ পৰা?”
“আপুনি যে যি অৱস্থাত.. জনগণৰ আগত….”
“তাত কি আহে যায়? এই ৰাজ্য মোৰ৷ এই ৰাজ্যৰ একচ্ছত্ৰী সম্ৰাট মই৷ সকলো মোৰ৷ হয়নে নহয় কোৱা?”
“হয় মহাৰাজ!”
“সকলো প্লট মোৰ৷ সকলো পদবী মোৰ৷ ৰাজদূতৰ চাকৰি মোৰ৷ সকলো পুৰস্কাৰ মোৰ৷ তোমালোকো মোৰ৷ গতিকে লাজ কিহৰ? সকলো ওলট-পালট কৰিব লাগে তাৰপাছত পুনৰাই চিধা কৰিব লাগে৷ হাঃ হাঃ হাঃ যি মন যায় তাকেই কৰিম৷ যেনেকৈ মন যায় তেনেকৈয়ে চলিম৷ ৰাইজে ক’লেনো কি আহে যায়! মই মহাপৰাক্ৰমী সম্ৰাট৷ মোৰ কাকো খাতিৰ কৰিবলৈ নাই৷ আৰু থাকিল লাজৰ কথা? লজ্জা নাৰীৰহে ভূষণ! ৰজাৰ কাৰণে সেইটো এপেণ্ডিক্স হে! কাটি দলিয়াই পেলাই দিয়া৷ হাঃ হাঃ হাঃ!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
সৌৰভ
1 year ago

নীলাক্ষী ইমান অৰ্থবহ গল্পটো পঢ়াৰ সুবিধা কৰা বাবে ধন্যবাদ।