অংক নহয় জংক পংক – গীতিকা বৰা

‘‘অংক বোলে জংক পংক, জ্যামিতিযে টান…”, সৰুৰেপৰা শুনি অহা এই কথাষাৰিয়ে যদিও বেছিভাগ লোকৰে মনত শিক্ষাৰ্থী অৱস্থাতেই গণিতৰ প্ৰতি এক ভীতি ভাব জগাই তোলে, প্ৰকৃততে ভালকৈ লক্ষ্য কৰিলে অনুধাৱন কৰিব পৰা যায় যে গণিত বিষয়টো এটা অতি আকৰ্ষণীয় বিষয় আৰু মাতৃভাষাৰ দৰেই গণিতো আমাৰ দৈনন্দিন জীৱনৰ সৈতে একাত্ম৷

আমাৰ প্ৰাত্যহিক জীৱনত গণিতৰ বহুল উপকাৰিতা আৰু গুৰুত্ব আছে৷ ৰাতিপুৱা শুই উঠাৰে পৰা নিশালৈ আমি কৰা বিভিন্ন কাৰ্যৰ সৈতে গণিত জড়িত হৈ থাকে৷ বজাৰ কৰোতে, বস্তুৰ ওজন জোখোতে, খৰচৰ বাবে পৰিকল্পনা কৰোতে আমাক গণিতৰ প্ৰয়োজন হয়৷ ৰান্ধোতে, খেলোতে, ফুৰোতে আৰু আন বহুতো কাম কৰোতে আমাৰ অজানিতেই আমি গণিতৰ ব্যৱহাৰ কৰোঁ৷
দিনটোৰ আৰম্ভণিতে, যেতিয়াই আমাৰ চকুৰ পতা মেল খায়, ঘড়ীৰ ফালে চাই আমি সময়ৰ কথা ভাবো৷ ৰাতিপুৱাৰ চাহকাপ তৈয়াৰ কৰিবলৈ কিমান পৰিমাণৰ পানীৰ লগত কিমান পৰিমাণৰ চেনি আৰু চাহপাত দিম, তাত আমি নিজৰ অলক্ষিতেই গণিতৰ অনুপাত ব্যৱহাৰ কৰোঁ৷ কাপটোত থকা চাহখিনি নাইবা গিলাচত থকা পানীখিনিৰপৰা আমি পাত্ৰটোৰ ধাৰণ ক্ষমতাৰ বিষয়ে ধাৰণা কৰিব পাৰোঁ৷ কাৰ্যক্ষেত্ৰলৈ যোৱাৰ আগতে আমি লগত নিবলগীয়া সামগ্ৰীবোৰ হিচাপ কৰি যুগুতাই লওঁ, প্ৰয়োজনীয় টকা-পইচা লওঁ৷ দোকান-বজাৰত বস্তু কিনিবলৈ গৈ আমি টকাৰ আদান-প্ৰদান কৰোতে গণিতৰ মৌলিক ধাৰণাসমূহ যেনে- যোগ, বিয়োগ, পূৰণ, হৰণ আদিৰ ব্যৱাহাৰ কৰোঁ৷ আমি আমাৰ বয়স, ঠিকনা, ঘৰৰ নম্বৰ, পথৰ নম্বৰ, ডাক সূচাংক, টেলিফোন নম্বৰ, দেহৰ ওজন, দৈৰ্ঘ্য ইত্যাদিবোৰ জানো৷ এই সকলোবোৰেই হৈছে গণিতৰ প্ৰয়োগ৷
ব্যৱসায়িক টকা-পইচাৰ লেনদেন, বেংক, জীৱনবীমা আদি আমাৰ জীৱনৰ অত্যন্ত লাগতিয়াল লেনদেনবোৰত গণিতৰ প্ৰয়োগ হয়৷ সেয়েহে সুতৰ হাৰ, শতাংশ, ভগ্নাংশ, অনুপাত, ৰেহাই আদি গাণিতিক ধাৰণাবোৰো সমাজত উপযুক্তভাৱে জীয়াই থাকিবলৈ প্ৰত্যেকজন ব্যক্তিৰ বাবে প্ৰয়োজনীয়৷
ইঞ্জিনিয়াৰ, ডাক্তৰ, ব্যৱসায়ী, গাণনিক, মিস্ত্ৰী, দৰ্জী, গণিতৰ শিক্ষক আদি বৃত্তিগতভাবে অহৰহ গণিতৰ ব্যৱহাৰ কৰি থাকিবলগা ব্যক্তিসমূহৰ উপৰিও গৃ্হিণী, শ্ৰমিক, খেতিয়ক আদি বৃত্তিত জড়িত ব্যক্তিসমূহেও জ্ঞাতে-অজ্ঞাতে গাণিতিক সূত্ৰসমূহৰ প্ৰয়োগ কৰে৷ উদাহৰণ স্বৰূপে, যিদৰে ইঞ্জিনিয়াৰ এজনে অট্টালিকা এটা বা দলং এখন নিৰ্মাণ কৰাৰ আগতে গাণিতিক জ্ঞানৰ ব্যৱহাৰ কৰে, সেইদৰে ঘৰ এটা সাজিবৰ আগমুহূৰ্তত সাধাৰণ ব্যক্তি এজনৰ মনতো জানি বা নাজানি জ্যামিতিক চিন্তাৰ উন্মেষ ঘটে৷ আৰ্কিটেক্ট এজন বা মিস্ত্ৰী এজনক মোতায়েন কৰাৰ আগতেই কোনটো কোঠাই কিমান ক্ষেত্ৰফল আগুৰিব সেইকথাৰ নিজেই এটা ধাৰণা কৰে৷ সেইদৰে খেতিয়ক এজনে নিদিৰ্ষ্ট জোখত কাটি লোৱা এটুকুৰা বাঁহৰ সহায়ত মাটিৰ জোখ-মাপ কৰি মাটিকালি নিৰ্ণয় কৰে৷
বিভিন্ন প্ৰকাৰৰ খেল, যেনে- ক্ৰিকেট, ফুটবল, বেডমিণ্টন, টেনিছ ইত্যাদি বিলাকত গণিত জড়িত হৈ থকাৰ উপৰিও আমি ঘৰুৱাভাবে খেলা লুডু, ডবা, কেৰম, চেং গুটি, চেভেন ষ্ট’ন আদি খেলবোৰতো গণিতৰ ব্যৱহাৰ হয়৷
গণিতৰ জ্ঞান আমাৰ জীৱনৰ লগত এনেভাবে জড়িত হৈ আছে যে ইয়াৰ অবিহনে আমাৰ জীৱন অচল৷ আধুনিক সভ্যতাৰ গঢ় দিয়া আৰু বিকাশ সাধন কৰা বিভিন্ন বৃত্তিসমূহ যেনে কৃষি, উদ্যোগ, অভিযান্ত্ৰিক, ঔষধ, পৰিবহণ আদিৰ বিকাশত গণিতৰ অৰিহণা অনস্বীকাৰ্য৷ আধুনিক সমাজৰ সা-সুবিধাবোৰ, যেনে-যোগাযোগৰ মাধ্যম, বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰগতি আদি গণিতৰ জ্ঞানৰ ওপৰতে নিৰ্ভৰশীল৷ সকলো সময়তে আমি হাতত লৈ ফুৰা মোবাইল ফ’নটো আৰু লেপটপ, ডেস্কটপ আদি কমপিউটাৰবোৰ গণিতৰ ব্যৱহাৰৰ এক উৎকৃষ্ট উদাহৰণ৷ থোৰতে কবলৈ গ’লে প্ৰায় সকলোবোৰ বৈজ্ঞানিক আহিলাৰে আৰম্ভণি হয় গাণিতিক চিন্তা আৰু যুক্তিৰ যোগেদিয়েই।
সামৰণিত ইয়াকে ক’ব পাৰি যে প্ৰতিজন ব্যক্তিৰ জীৱনৰ লগত গণিতৰ জ্ঞান এনেভাবে সংপৃক্ত হৈ আছে যে সেইকথা গভীৰভাবে হৃদয়ংগম কৰিলে প্ৰত্যেকেই গণিতৰ আনন্দৰ সোৱাদ লাভ কৰিব আৰু গণিতভীতি আপোনাআপুনি দূৰ হৈ পৰিব৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!