অকব তোমাৰ বাবেই (জ্যোতি প্ৰকাশ নাথ)

অকব তোমাৰ বাবেই

জ্যোতি প্ৰকাশ নাথ

 

কোনে কেতিয়া মোক ফে’চবুকৰ এই গোটত সুমুৱাই দিছিল নে মই নিজেই সোমাইছিলোঁ পাহৰিলোঁ, সেয়া সম্ভৱত ২০১১ চনৰ মাজভাগৰ কথা। তেতিয়া কোনে কি ফটো আপলোড কৰিছে বা ক’ত কি কমেন্ট দিছে এইবিলাক চাবলৈহে ফে’চবুক খুলি চাইছিলোঁ আৰু নিজৰো ভাল ভাল ফটো আপলোড কৰাৰহে বিশেষ চখ আছিল। মোৰ ফটো এখনত দুই এটা লাইক আৰু তিনিটা ক’মেন্ট পৰিলেই একেবাৰে “আনন্দে নধৰে হিয়া” হৈছিলেগৈ। সেই সময়ত আন এটা চ’ছিয়েল নেটৱৰ্কিং চাইট অৰ্কুটৰ জনপ্ৰিয়তাও প্ৰায় অটুত আছিল যদিও দুয়োটাতে মোৰ একে ধৰণৰ কাম হোৱা বাবে আৰু যিহেতু যিকোনো এটা চলালেই হয়, অৰ্কুট খুলিবলৈ প্ৰায় বাদ দিয়াৰ নিচিনাই হৈছিল । অৰ্কুটত থাকোঁতেই দেখিছিলোঁ, বহুতো অসমীয়া ল’ৰা- ছোৱালীৰ প্ৰফাইল নামটো বন্ধনীৰ মাজত অসমীয়াত লিখা। নিজেও লিখিবলৈ ইচ্ছা কৰিছিলোঁ যদিও এলাহৰ বাবে সেইটো সম্ভৱ হোৱা নাছিল। মোৰ লেপটপৰ অপাৰেটিং চিষ্টেমটো ৱিনড’জ চেভেন হোৱা বাবে অন্তত: একো নকৰাকৈ অসমীয়া আখৰ দেখিছিলোঁ, তাৰ বাবে মাইক্ৰ’চ’ফ্টক ধন্যবাদ। অসমীয়া আখৰ লিখিব নোৱাৰা কাৰণে অকবতো কেতিয়াও একো কমেন্ট দিয়া নাছিলোঁ। কিন্তু অকবৰে কোনোবা এটা প’ষ্টত এদিন ভাষা-ইন্দিয়াৰ লিংক এটা দেখি ঠিক কৰিলোঁ ময়ো লিখিম অসমীয়াত, অন্তত: প্ৰ’ফাইল নামটো। আৰু লগে লগেই ইণ্ডিক ইনপুট্‌ ডাউনলোড কৰি প্ৰফাইল নামটো অসমীয়াত লিখি লৈছিলোঁ। অতি সোনকালেই ফ’নেটিক টাইপিঙত হাতখন পোন হৈ উঠিছিল যদিও বহুদিনলৈকে অকবত একো লিখা হোৱা নাছিল আনকি সৰু ক’মেন্ট এটাও। কিন্তু ইতিমধ্যে মোৰ নিজৰ ৱালত আৰু আন কিছু ক’মেন্ট আদিত মই অসমীয়াত লিখিবলৈ আৰম্ভ কৰিছিলোঁ যদিও কিবা এটা অজ্ঞাত কাৰণত অকবত একো লিখা নাছিলোঁ।

 

চ’ছিয়েল নেটৱৰ্কিংৰ জীৱনটো এনেকৈ চলি থকাৰ মাজতে এদিন খবৰ পালোঁ, তাকো ফে’চবুকতে, সুধাকণ্ঠই শেষ নিশ্বাস ত্যাগ কৰিলে। শোকত ম্ৰিয়মান হৈ লিখা, সুধাকণ্ঠক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা বিভিন্ন জনৰ বিভিন্ন প’ষ্ট অকবৰ মজিয়াত দেখি দেখি নিজৰো তীব্ৰ ইচ্ছা হৈছিল কিবা এটা লিখাৰ। কিন্তু সেই একেই অজানিত কাৰণৰ কাৰণে একো লিখিব পৰা নাছিলোঁ, আনকি এটা বাক্যও। এইটো মোৰ একান্তই ব্যক্তিগত কথা যে মোৰ যিকোনো কাম এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত থকা এটা অনামী ভয়। বহুত চিন্তা- ভাবনা কৰি, য’ৰ আধাতকৈ বেছিয়ে অলাগতিয়াল আৰু অদৰকাৰী হয়, শেষত একো ঠিক কৰিব নোৱাৰা অবস্থাও সৃষ্টি হয় কেতিয়াবা। সুধাকণ্ঠৰ পৰলোক গমনৰ দুদিন পিছতেই আৰাম্ভ হ’ল জুবিন বিতৰ্ক যিয়ে অকবৰ মজিয়াতো সৰু সুৰা ঢৌৰ সৃষ্টি কৰিলে। আৰু সেই ঢৌতে ভাহি ময়ো প্ৰথমটো ক’মেন্ট মাৰিলোঁ অসমীয়াত লিখি। মই জুবিনৰ দুৰ্ঘোৰ সমৰ্থক, তেওঁ যিয়ে নকৰক কিয় মই কেতিয়াও তেওঁক বেয়া পাব নোৱাৰোঁ আৰু তেতিয়াও জুবিনৰ সমৰ্থনতে কিবা লিখিছিলোঁ বুলি মোৰ মনত পৰে। বাৰু যি কি নহওক জুবিনৰ বিষয়ে আলোচনাৰ এই লেখাৰ উদ্দেশ্য নহয় বাবে তাক পিছলৈ ঠেলিলোঁ। কিন্তু এনেকৈয়ে অলপ অলপ কৈ আগবাঢ়িলোঁ।

 

কেইদিনমান পিছতে মামণি বাইদেউও গ’লগৈ। দুই-এটা সৰুসুৰা ক’মেন্ট দিলোঁ এইবাৰো। সেই সময়তে দুদিনৰ বাবে ঘৰলৈ যাব লগা হৈছিল। মোৰ ঘৰ নামনি অসমৰ বঙ্গাইগাঁও জিলাত আৰু মই প্ৰায়ে গুৱাহাটী-বঙাইগাঁও মানস ৰাইনো যাত্ৰীবাহী স্থানীয় ৰেলগাড়ী খনত অহাযোৱা কৰোঁ। ঘৰৰ পৰা ঘূৰি অহাৰ দুদিন মান পিছতে মই নতুন ক’ম্পেনী এটাত যোগদান কৰিলোঁ। নতুন চাকৰি, নতুন ক’ম্পেনী হোৱা বাবে বৰ বেছি ব্যস্ত হ’বলগীয়া হোৱা নাছিল তেতিয়া। তেনেতে এদিন অ’ফিচত এনেই বহি বহি আমনি লগাত ঘৰৰ পৰা ৰেলত আহোঁতে ঘটা ঘটনা এটাৰ কথা মনত পৰিল। লগে লগে মনত খেলালে মই দেখোন ইয়াকে লিখি অকবৰ ৰাইজক দেখুৱাব পাৰোঁ। আচলতে সৰুৰে পৰাই মোৰ লিখিবলৈ ইচ্ছা আছিল কিন্তু লিখিবহে পৰা নাছিলোঁ আৰু উকমুকনিটো মনৰ মাজতে কঢ়িয়াই লৈ ফুৰিছিলোঁ। ২০০৮ চনত মই অধ্যয়ন কৰি থকা প্ৰতিস্থানটোত উন্মোচন কৰা প্ৰাচীৰ পত্ৰিকা এখনৰ দ্বিতীয় সংখ্যাৰ বাবে গল্প এটা লিখি খুব প্ৰশংসিত হোৱা মনত আছিল যিটো মোৰ জীৱনৰ প্ৰথম লিখনি আছিল। সেই গল্পটো লিখোঁতে সৃষ্টি হোৱা মনৰ ভাবখিনিৰে “চেষ্টা” নামৰ আন এটা গল্প এমাহ আগতে লিখি অকবত দিছিলোঁ, ৰাইজে ভাল পোৱা দেখি ভাল লাগিছিল। কিন্তু নিজৰে অমনযোগিতাৰ অভাৱত মোৰ জীৱনৰ প্ৰথম গল্পটো সংগ্ৰহ কৰি ৰখা নহ’ল যাৰ বাবে ওৰেটো জীৱন মই খেদ কৰি থাকিম। যি কি নহওক সেইদিনা ৰেলত হোৱা অভিজ্ঞতাৰে ‘কথোপকথন’  বুলি এগালমান ভুল বানানেৰে কিবা এটা লিখিছিলোঁ ভয় ভয়কৈ। কিন্তু অকবৰ ৰাইজৰ সঁহাৰি দেখি মই অভিভূত হৈছিলোঁ, সকলোৱে বিভিন্ন ধৰণৰ দিহাপৰামৰ্শৰে মোক আপ্লুত কৰিছিল।

 

আৰু তাৰ কেইদিনমান পিছতে শ্ৰদ্ধাৰ অম্বিকাচৰণ চৌধুৰী দেৱৰ অকাল বিয়োগ ঘটিছিল। তেওঁক মই জীৱনত এবাৰেই লগ পাইছিলোঁ তাকো অনাকাংক্ষিত ভাবে আন এটা ৰেল যাত্ৰাত। সেই অনন্য যাত্ৰাটোৰ বিৱৰণ লিখিয়ে ‘অন্বেষণ’ বুলি আন এটা লিখা লিখিছিলোঁ। মই কেতিয়াও ভাষাৰে লিখি বুজাব নোৱাৰোঁ যেতিয়া মোৰ দুয়োটা লিখাৰে সম্পাদিত ৰূপ পিছৰ সংখ্যাৰ ‘সাহিত্য-ডট-অৰ্গ’ত প্ৰকাশ পাইছিল। মাজতে দুই এটা কবিতা লিখিবলৈও চেষ্টা কৰিছোঁ যদিও মই কাহানিও কবি হ’ব নোৱাৰোঁ আৰু ৰাইজে তাকো আদৰি লৈছে। ইয়াৰ মাজতে অকবৰ উদ্যোগত যোৱাবছৰ অনুষ্ঠিত হোৱা সাহিত্যৰ আদ্দা আৰু প্ৰীতিভোজৰ আয়োজনৰ লগত সক্ৰিয়ভাৱে জড়িত হোৱাৰ সুযোগ পাই নিজকে ধন্য মানিছোঁ। লগতে বিভিন্ন সময়ত অকবত হৈ থকা সমূহীয়া বিতৰ্কতো ভাগ লৈছোঁ। কিন্তু কেতিয়াবা কৰা কিছু মন্তব্যৰ বাবে কিছুমান সদস্যৰ মোৰ ওপৰত খঙো উঠিছে যদিও কাৰো ব্যক্তিগত ধ্যান-ধাৰণাত মাত মতাৰ মোৰ কোনো উদ্দেশ্য নাই। মোৰ কিবা মন্তব্যৰ কাৰণত যাৰ মনত অলপ হ’লেও আঘাত পাইছে তেওঁলোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী।

 

ইমানখিনি কথাৰ পাতনি মেলি আপোনালোকক আমনি দিয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে মোৰ জীৱনত হোৱা এটা অত্যন্ত সুখৰ মুহূৰ্তৰ বিষয়ে অকবৰ ৰাইজক জনোৱা। মোৰ জীৱনৰ প্ৰথমটো লিখা ছপা মাধ্যমত প্ৰকাশ পাইছে তাকো ‘প্ৰান্তিক’ত। ছবি চাই কিবা বুজি পোৱাৰ দিনৰে পৰা মই প্ৰান্তিক চিনি পাওঁ। প্ৰান্তিকত প্ৰথম পঢ়া এটা প্ৰবন্ধৰ নাম মোৰ এতিয়াও মনত আছে ‘পিকিং মানবৰ আদিম আবাস’, য’ত চিনৰ এটা গুহাত পোৱা আদিম মানবৰ অস্তিত্বৰ প্ৰমাণৰ কথা বৰ্ণনা কৰা হৈছিল। লিখকৰ নাম মনত ৰখা সম্ভৱ নহয় আৰু লগতে কোনটো সংখ্যা আছিল তাকো। সেইখন প্ৰান্তিকতে ‘কেটেং যাত্ৰা’ নে কি বুলি এটা ৰস ৰচনাও আছিল। চাগে’ বুজা হোৱাৰ পৰায়ে এটা সপোন দেখিছিলোঁ প্ৰান্তিকত কিবা এটা লিখি প্ৰকাশ কৰা। যদিও পত্ৰালাপ শিতানত, ই এখন সম্পাদকলৈ লিখা চিঠিহে তথাপিও বিহু উপলক্ষে চাৰিদিন আগতে ওলোৱা প্ৰান্তিক খনত মোৰ চিঠিখন প্ৰকাশ পোৱা দেখি “আনন্দে নধৰে হিয়া” হোৱা পৰিস্থিতিৰ কথা অকবৰ ৰাইজক নজনোৱাকৈ নোৱাৰিলোঁ। কিয়নো অকবই লিখাৰ অভ্যাস গঢ় নিদিয়া হ’লে চাগে’ কাহানিও মোৰ নাম প্ৰন্তিকত নোলালহেঁতেন। অকবৰ সৃষ্টি আৰু পৰিকল্পনাৰ লগত জড়িত সমূহ ব্যক্তিকে এই চেগতে ধন্যবাদ যাঁচিলোঁ। অকবৰ বাবেই মই আজি অসমীয়া ৱিকিপিডিয়াৰ লগত সক্ৰিয়ভাৱে জড়িত আৰু তাৰে অকণ বৰ্ণনাৰে প্ৰান্তিকলৈ মোৰ এই পত্ৰৰ অৱতাৰণা। অঞ্জল বৰাদেৱৰ “অসমীয়া ৱিকিপিডিয়া প্ৰয়োগ আৰু প্ৰয়োজনীয়তা” নামৰ প্ৰবন্ধ এটাৰ আত ধৰি মই এই পত্ৰখনি লিখিছিলোঁ।

 

মোৰ প্ৰ্ত্যেকটো লিখায়ে অকবৰ ৰাইজে মৰমেৰে আঁকোৱালি লৈ ভুল-ভ্ৰান্তি সমূহ দেখুৱাই আগুৱাই লৈ যোৱা বাবে মই সকলোৰে ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ম। কেতিয়াবা কিবা কথাত কাৰোবাৰ লগত মনোমালিন্য ঘটি কেইজনমান সদস্য অকবৰ পৰা আঁতৰি গৈছে। মই তেওঁলোকক আকৌ ঘূৰি আহিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। আশা কৰিছোঁ সদায়ে এনেকৈয়ে ফে’চবুকত অকব উজলি থাকিব লগতে থাকিব আমাৰ মৰমৰ সাহিত্য-ডট-অৰ্গ।

 

(লিখাটো “অসমীয়াত কথা-বতৰা” ৰ প্ৰসাশকবৃন্দৰ হাতত অৰ্পণ কৰিলোঁ ।)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!