অচ্যুৎ লহকৰ -নয়নমণি হালৈ

এই মানুহজনক চিনি পায়নে? নাপায় নিশ্চয়৷
ৰ’ব চিনাকি কৰাই দিও৷
১৯৬৩ চনত অচ্যুৎ লহকৰে ’নটৰাজ থিয়েটাৰ’ আৰম্ভ কৰাৰ তিনি বছৰ আগতে তেওঁৰ ভাতৃ সদা লহকৰে আৰম্ভ কৰিছিল ’নটৰাজ অপেৰা’৷ তাহানিৰ কলাকুশলী, বাদ্যযন্ত্ৰী, গায়ক, অভিনেতা-অভিনেত্ৰীৰ মহঙা দিনত সদা লহকৰে যেন প্ৰত্যাহ্বানৰ জুই একুৰাৰ সৈতেহে খেলা খেলিছিল৷
যিয়ে নহওক, সেই দিনতেই ’নটৰাজ অপেৰা’ত এজন বাদ্যযন্ত্ৰী হিচাপে অপেৰাৰ মায়াময় জগতখনত প্ৰৱেশ কৰিছিল ছবিত দেখা ব্যক্তিজন৷ নাম তেওঁৰ ’গোবিন্দ হালৈ’৷ ঘৰ বাক্সা জিলাৰ ’কদমতলা’ গাওঁ৷ প্ৰথমতে এজন দোতাৰা বাদক হিচাপে অপেৰাত প্ৰৱেশ কৰা গোবিন্দ হালৈয়ে পিছলৈ এজন কণ্ঠশিল্পী হিচাপেহে প্ৰতিষ্ঠিত হৈছিল, লগতে বাঁহি, হাৰমণিয়াম, ভায়োলিন আদি বাদ্যতো পাৰ্গত হৈ উঠিছিল৷ নটৰাজ অপেৰা, পিছলৈ ’নটৰাজ থিয়েটাৰ’ আৰু বিভিন্ন যাত্ৰাদলত এজন কণ্ঠশিল্পী হিচাপে তেওঁ অসমৰ ইমূৰ সিমূৰ ঘূৰি জীৱনৰ এটা কাল পাৰ কৰিছিল৷ সু-সম্পৰ্ক আছিল সদা লহকৰ, অচ্যুৎ লহকৰ, ধৰণী বৰ্মন আদি নাট্যব্যক্তিত্বৰ সৈতে৷
আজি ভ্ৰাম্যমান থিয়েটাৰ কেৱল এটা অনুষ্ঠান নহয়, ই এটা উদ্যোগ৷ কিন্তুু এই উদ্যোগ এটি দুগ্ধপোষ্য শিশু হৈ থকা কালত গোবিন্দ হালৈৰ দৰে ব্যক্তিও আছিল একোজন অভিভাৱক, ধৰ্মপিতৃ৷ হাৰমণিয়ামৰ ৰীডত হাত থলে আজিও গোবিন্দ হালৈয়ে গায় যায় এটাৰ পিছত এটা গীত৷ সেই তাহানিৰ বহু মহঙা গীত৷
মই বহুদিন এই ব্যক্তিজনৰ সৈতে কথা পাতিছোঁ৷ হাৰমণিয়াম এটা আগত দি শুনিছোঁ অসমীয়া, বঙলা বহু ভজন, বহু গীত৷ কিন্তুু মানুহজনৰ ভিতৰত আৰু বহু গীত লুকাই আছে, যিবোৰ শুনিবলৈ হয়তো আমি চেষ্টা কৰা নাই অথবা আগ্ৰহী হৈ উঠা নাই৷ ৬০ চনৰ পৰা আজিলৈ হয়তো বহু গীত, বহু কথা মানুহজনে বুকুত কঢ়িয়াই লৈ ফুৰিছে৷ ’সতী বেউলা’ৰ পৰা ’টাইটানিক’লৈ এয়াতো কম দীঘল বাট নহয়৷ এই বাটটোৰ বহু কথাই হয়তো মানুহজনে জানে৷
৮৫ বছৰীয়া গোবিন্দ হালৈ কিন্তুু আজিও দুৰন্ত তৰুণ হৈয়ে আছে৷ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!