অনুকৰণীয় (দেবশ্ৰী বৰগোঁহাই)

anukaraniya_debashree-borgohainসৰুতে ককাৰ লগত আমাৰ ভাই-ভনী তিনিটাৰ সম্বন্ধ বৰ গভীৰ আছিল৷ তেওঁ কেতিয়াবা যদি আমাক ফৰকাল আকাশত সপ্তৰ্ষি মণ্ডল দেখুৱাইছিল কেতিয়াবা লৈ গৈছিল শাওণৰ পথাৰৰ হালোৱা-ৰোৱনীক চাহ-জলপান দিবলৈ৷ শিকাইছিল চেঁচুৰৰ শিপাৰ পম খেদি চেঁচুৰগুটি বিচাৰিবলৈ, নৰাৰ পেঁপা সাজিবলৈ৷ তেওঁৰ সাধুকথাৰ ভঁৰালৰ পৰা শুনোৱা কাহিনীয়ে কেতিয়াবা আমাক বিচৰণ কৰাইছিল ৰূপকোঁৱৰৰ জোনাকীৰ দেশ আৰু কেতিয়াবা ৰামায়ণ-মহাভাৰতৰ ৰণক্ষেত্ৰ৷ ককাৰ মুখৰ পৌৰাণিক আখ্যানসমূহৰ দুটা চৰিত্ৰ মোৰ বাবে সদায়ে আকৰ্ষণৰ কেন্দ্ৰ আছিল৷ দাতাকৰ্ণ আৰু মহাৰাজ বলীৰ চৰিত্ৰ দুটাৰ প্ৰতি আজিও মোৰ আছে এক সুকীয়া দুৰ্বলতা৷ সেয়ে হয়তো বাৰে বাৰে পঢ়িও আমনি নালাগে ড° চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথী৷ আজিও ভাৱি ওৰকে নাপাওঁ কেনেকৈ এজন মানুহে নিঃস্বাৰ্থভাৱে সৰ্বস্ব দান কৰিব পাৰে আনৰ মংগলৰ বাবে৷ হয়তো সেইয়া সম্ভৱ কেৱল কাহিনী, ৰূপকথা আদিতহে, বাস্তৱৰ পৃথিৱীত এয়া কেতিয়াও সম্ভৱ নহয়৷

কিন্তু মোৰ এই ধাৰণা সম্পূৰ্ণৰূপে ভুল বুলি প্ৰমাণিত কৰিলে তামিলনাডুৰ পালাম কল্যাণসুন্দৰম নামৰ ৭৩ বছৰীয়া গ্ৰন্থগাৰিকজনে৷ প্ৰমাণ কৰিলে পুনৰাবৃত্তি হয় ইতিহাসৰ; সলনি হয় মাথোঁ স্থান-কাল আৰু পাত্ৰবোৰ৷ নিচেই কম বয়সতে পিতৃহাৰা হোৱা তামিলনাডুৰ থিৰুনুলভেল্লী জিলাৰ মেলাকাৰিৱেলামকুলামত জন্মগ্ৰহণ কৰা কল্যাণসুন্দৰমক মাতৃয়ে সদায়ে মানৱসেৱাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছিল৷ মানৱ কল্যাণৰ সেৱাত জীৱন উৎসৰ্গিত কৰা কল্যাণসুন্দৰম গ্ৰন্থাগাৰ বিজ্ঞানত সোণৰ পদক প্ৰাপ্ত হোৱাৰ উপৰিও সাহিত্য আৰু বুৰঞ্জী বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ শ্ৰীভাইকুন্তামৰ কুমাৰকুৰুপাৰা আৰ্টছ কলেজত ৩০ বছৰ গ্ৰন্থগাৰিক হিচাপে সুচাৰুৰূপে কাৰ্যনিৰ্বাহ কৰা কল্যাণসুন্দৰমে প্ৰতিমাহৰ সম্পূৰ্ণ দৰমহা দান কৰি আহিছে অভাৱগ্ৰস্ত সকলৰ সেৱাত৷ তেওঁ কলেজ ছুটীৰ পাছত বিভিন্ন ধৰণৰ কামত নিজকে নিয়োজিত কৰিছে নিজৰ মৌলিক প্ৰয়োজনসমূহ পূৰণৰ উদ্দেশ্যে৷ বৰ্তমানো তেওঁ অৱসৰৰ পাছতো কাম কৰে এখন হোটেলৰ পৰিচাৰ্যকৰূপে৷ য’ত তেওঁক দিয়া হয় দুবেলা দুসাঁজ আহাৰ আৰু ন্যূনতম মজদুৰী৷ এই পাৰিশ্ৰমিক খিনিও দান কৰে দুখীয়া আৰু অনাথ শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত৷ অৱসৰৰ সময়ত পোৱা প্ৰায় ১০ লাখ টকাও তেওঁ দান কৰিছে দুৰ্গতজনৰ সেৱাত৷ মানৱসেৱাৰ মূলমন্ত্ৰৰে উদ্ধুদ্ধ চিৰকুমাৰ পালাম কুল্যাণসুন্দৰম বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত৷ কেন্দ্ৰীয় চৰকাৰে তেওঁলৈ আগবঢ়াইছে ভাৰতৰ শ্ৰেষ্ঠ গ্ৰন্থগাৰিকৰ বঁটা৷ ৰাষ্ট্ৰসংঘই আগবঢ়াইছে বিংশ শতিকাৰ শ্ৰেষ্ঠ ব্যক্তিৰ সন্মান৷ কেমব্ৰিজস্থিত International Biographical Centre য়ে পৃথিৱীৰ মহান লোকৰ এজনৰ সন্মান আগবঢ়োৱাৰ উপৰিও আমেৰিকাৰ এটা সংস্থাই প্ৰদান কৰিছে শতিকাৰ ব্যক্তি সন্মানৰ লগতে প্ৰায় ৩০ কোটি টকা৷ আপেক্ষিতভাৱে সমুদায় ধন তেওঁ দান কৰিছে দুখীয়া নিছলা সকলৰ সেৱাত৷

কল্যাণসুন্দৰমৰ মতে; ‘মানুহে তিনিটা উপায়ে ধন ঘটিব পাৰে৷ নিজে মজদুৰ কৰি, অভিভাৱকৰ পৰা নতুবা আনৰ পৰা দান হিচাপে৷ কিন্তু নিজৰ উপাৰ্জনৰ ধনেৰে আনক সহায় কৰিব পৰা সমান সুখৰ কথা আন একোৱেই হ’ব নোৱাৰে’৷ এইজন মহান-মানৱৰ কৰ্মত মোহিত হৈ চুপাৰষ্টাৰ ৰজনীকান্তে তেওঁক নিজৰ পিতৃ হিচাপে গ্ৰহণ কৰিছে৷

বৰ্তমানৰ স্বাৰ্থন্বেষী আৰু ভোগবাদী সমাজৰ বাবে পালাম কল্যাণসুন্দৰম এক অনুকৰণীয় আদৰ্শ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!