অনুবাদ সাহিত্য: ইপাৰৰ ভাষা সিপাৰে, একেলগে – জ্যোতিৰূপম দত্ত

অনুবাদ সাহিত্য: ইপাৰৰ ভাষা সিপাৰে, একেলগে
—————–
সাহিত্য হ’ল এটা জাতিৰ দাপোণস্বৰূপ৷ এটা জাতিৰ সৰ্বাত্মক চিন্তা প্ৰকাশৰ মাধ্যম হিচাপে সাহিত্যই নিজৰ দেশ তথা জাতিৰ পৰিচয় বিশ্বৰ আগত তুলি ধৰিবলৈ প্ৰতিটো প্ৰজন্মকে উদ্বুদ্ধ কৰি আহিছে৷ অনুবাদ হ’ল বিভিন্ন ভাষাৰ মাজৰ এখন সাঁকোস্বৰূপ৷ এটা ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজিৰ অনুবাদে আন ভাষাৰ পঢ়ুৱৈৰ মননৰ উন্মেষ ঘটাই আহিছে৷
অতি প্ৰাচীন কালৰে পৰাই অসমীয়া ভাষাৰ ক্ষেত্ৰতো অনুবাদ সাহিত্যৰ ধাৰা অতীজৰে পৰা প্ৰবহমান৷ প্ৰাচীন সাহিত্যৰ বহু ৰচনাই হ’ল অতি সৰল আৰু সুন্দৰ অনুবাদ৷ বহুকাল আগৰে পৰাই সংস্কৃত বা ভাৰতীয় প্ৰান্তীয় ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ হৈ আহিছে৷
পুৰণি কালৰ উল্লেখনীয় অনুবাদ সাহিত্য হিচাপে অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ কালচোৱাৰ ভিতৰত অসমীয়ালৈ অনুদিত বৌদ্ধধৰ্মীয় চৰ্য্যাপদসমূহ উল্লেখযোগ্য৷ চতুৰ্দশ শতিকাত হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলিৰ দৰে কেইবাগৰাকীও প্ৰতিভাশালী কবিৰ আৱিৰ্ভাৱ হয়৷ চতুৰ্দশ শতিকাত প্ৰথম ভাগত হেম সৰস্বতীয়ে ‘বামন-পুৰাণ’ৰ পৰা অনুবাদ কৰা ‘প্ৰহ্লাদ চৰিতে’ই হ’ল অসমীয়া ভাষাৰ প্ৰথম লিপিবদ্ধ সাহিত্যৰূপে স্বীকৃতিপ্ৰাপ্ত পুথি৷ ইয়াৰ উপৰিও প্ৰাক বৈষ্ণৱ যুগৰ কবিসকলৰ ভিতৰত শংকৰদেৱে ‘পূৰ্বকবি অপ্ৰমাদী’ বুলি সন্মানেৰে অভিহিত কৰা মাধৱ কন্দলিৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ চতুৰ্দশ শতিকাতে মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণখন অসমীয়ালৈ ভাঙনি কৰিছিল৷ মাধৱ কন্দলিয়ে ভাঙনি কৰা এই অসমীয়া ৰামায়ণখনেই আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাবোৰৰ ভিতৰত প্ৰথম৷
বৈষ্ণৱ যুগত শংকৰদেৱেই অসমীয়া গদ্যক সাহিত্যিক মৰ্যাদা দান কৰে৷ গীতা, ভাগৱত, পুৰাণ আদিৰ সাৰ সংগ্ৰহেৰে ৰচনা কৰা কীৰ্ত্তন আৰু দশমকে ধৰি পুথিসমূহ অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ আটাইতকৈ ডাঙৰ অৱদানস্বৰূপ৷ শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত দশমখনেই শ্ৰেষ্ঠ৷ ‘দশম’ বুলিলে দৰাচলতে ভাগৱতৰ সমগ্ৰ দশম স্কন্ধৰ ভাঙনিকে বুজায় যদিও শংকৰদেৱে ৰচনা কৰা ‘দশম’ পুথিখনৰ শ্ৰীকৃষ্ণৰ জন্ম আৰু বাল্য লীলাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাহিনীৰ মনোৰম বৰ্ণনা আছে৷ এই সময়ছোৱাতেই সপ্তকাণ্ড ৰামায়ণৰ আদিকাণ্ড মাধৱদেৱে আৰু শংকৰদেৱে উত্তৰাকাণ্ডৰ ভাঙনি কৰে৷
অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভট্টাচাৰ্য বা ভট্টদেৱে প্ৰথমবাৰৰ বাবে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰে৷ ভট্টদেৱ ৰচিত কথা-গীতা, কথা-ভাগৱত, কথা ৰত্নাৱলী নামৰ অনুপম গ্ৰন্থ তিনিখনো অনুবাদমুলক গ্ৰন্থ আছিল৷
বৈষ্ণৱ যুগৰ পিছৰচোৱাত অৰ্থাৎ আহোম যুগতো পদ, কাব্য নাট, গীত আদি ৰচিত হয়৷ এই যুগত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, শাক্ত সাহিত্য, ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, ইছলামী সাহিত্য আদিৰে অসমীয়া গদ্য সাহিত্য সমৃদ্ধ হয়৷ এই কালচোৱাতে সংস্কৃতত ৰচিত ভেষজ, জ্যোতিৰ্বিদ্যা, অংক, নৃত্য আৰু স্থাপত্য সম্পৰ্কীয় বহু ৰচনা অসমীয়ালৈ অনূদিত হয়৷
ইয়াণ্ডাবু সন্ধিমতে অসম বৃটিছসকলৰ হাতলৈ যোৱাৰ পাছৰ কালছোৱাত শাসন পৰিৱৰ্তনৰ লগে লগে পুৰণি অসমীয়া সাহিত্য চৰ্চাও সীমিত হৈ অহা দেখা গৈছিল৷ সেই কালচোৱাতেই বৃটিছসকলে বিদ্যালয় আৰু প্ৰশাসনীয় দিশত অসমীয়া ভাষাৰ সলনি বঙলা ভাষাৰ ব্যৱহাৰ কৰাৰ বাধ্যবাধকতাই অসমীয়া ভাষা সাহিত্যৰ অপূৰণীয় ক্ষতি কৰিছিল৷ ইয়াৰ মাজতে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে ধৰ্ম-প্ৰচাৰৰ বাবে অসমলৈ আহে৷ তেওঁলোকৰ উদ্যোগতে অসমীয়াৰ সাহিত্যৰ আধুনিক যুগৰ আৰম্ভণিৰ কালত আত্মাৰাম শৰ্মাৰ দ্বাৰা ৰচিত ‘ধৰ্মপুস্তক’ নামৰ প্ৰথম অসমীয়া ছপা পুথিখন প্ৰকাশ হয়৷ এই পুথিখন খ্ৰীষ্টধৰ্মীয় ধৰ্মগ্ৰন্থ বাইবেলৰ অনুদিত ৰূপ আছিল৷
মিছনেৰীসকলে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত বহু অৱদান যোগাই গৈছে৷ অসমত প্ৰথম ছপাশাল স্থাপন আৰু প্ৰচলন, ‘অৰুণোদই’ৰ দৰে সংবাদপত্ৰ প্ৰকাশ, ভ্ৰমণ কাহিনী, শিশু সাহিত্য, কবিতাধৰ্মী আৰু উপন্যাসধৰ্মী ৰচনা প্ৰকাশ, অভিধান, ব্যাকৰণ, পাঠ্যপুথি প্ৰণয়ন আৰু মুদ্ৰণ ইত্যাদিৰ দৰে অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বহু বৰঙণিৰ কথা উল্লেখযোগ্য৷
ইয়াৰ পিছৰ পৰাই বিভিন্ন অনুবাদ গ্ৰন্থই অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰা দেখা যায়৷ কবিতাৰ ক্ষেত্ৰত বকুলবনৰ কবিৰূপে খ্যাত আনন্দ চন্দ্ৰ বৰুৱাই পাৰস্যৰ প্ৰখ্যাত চুফী কবি হাফিজৰ কবিতাৰ অনুবাদ ‘হাফিজৰ সুৰে’ৰে অসমীয়া কাব্য জগতত প্ৰতিষ্ঠা লাভ কৰে৷ ‘ভাঙনি কোঁৱৰ’ নামে খ্যাত কবি আনন্দচন্দ্ৰ আগৰৱালাই কেইবাটাও বিদেশী কবিতা অসমীয়ালৈ মনোৰমকৈ ভাঙনি কৰে৷ এই অনুদিত কবিতাসমূহ অসমীয়া মৌলিক কবিতাৰ দৰেই শুৱলা আৰু জনপ্ৰিয়৷
‘জোনাকী’ৰ পাছত ‘বাঁহী’, ‘ঊষা’, ‘আলোচনী’, ‘বিজুলী’, ‘মিলন’ আদি কেইবাখনো সংবাদপত্ৰ-আলোচনী প্ৰকাশ হয়৷ এই সময়ছোৱাৰ স্মৰণীয় কবি যতীন্দ্ৰনাথ দুৱৰাই ওমৰ খায়ামৰ ‘ৰুবায়েট’খন ‘ওমৰ তীৰ্থ’ নাম দি সুন্দৰ আৰু নিমজ অসমীয়ালৈ ভাঙনি কৰে৷
ঊনবিংশ শতিকাৰ শেষৰ পিনে অসমীয়া সাহিত্যত উপন্যাসৰ সংযোজন ঘটে৷ ‘অৰুনোদই’ত প্ৰকাশিত জন বানিয়নৰ ৰচনাৰ গ্ৰন্থ ‘পিলগ্ৰিমছ প্ৰগ্ৰেছ’ৰ অসমীয়া অনুবাদ ‘যাত্ৰিকৰ যাত্ৰা’ক ‘উপন্যাসৰ লেখীয়া ৰচনা’ বুলিব পাৰি৷ মৌলিক উপন্যাসৰ উপৰি বহুকেইখন বিদেশী তথা আন ভাষাৰ উপন্যাস অসমীয়ালৈ অনুদিত হৈছে৷ এইবোৰে বিদেশী প্ৰসিদ্ধ গ্ৰন্থৰ লগত অসমীয়া পঢ়ুৱৈক পৰিচয় কৰি দিয়াৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰিছে৷ এনে উপন্যাসৰ ভিতৰত হেম বৰুৱাৰ ‘কিউপিড আৰু ছাইকী’, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘দেৱ দুন্দভি বাজে কাৰ বাবে’, সুৰেন্দ্ৰ মোহন দাসৰ ‘যুদ্ধ আৰু শান্তি’, তৰুণ চন্দ্ৰ বৰুৱাৰ ‘হেৰোৱা দিগন্ত’, ‘বান্ধোন সুলকি পৰে’, আবুল লেইছৰ ‘টম ছয়াৰ’, নগেন ঠাকুৰৰ ‘ধীৰে বৈ যায় ডন’, বীৰেন বৰকটকীৰ ‘কুমাৰী পৃথিৱী’, খগেন্দ্ৰ নাৰায়ণ দত্তবৰুৱাৰ ‘অভিশপ্ত চম্বল’, ‘বিগলিত কৰুণা জাহ্নবী যমুনা’, থানেশ্বৰ হাজৰিকাৰ ‘দীন দুখী’ আদিৰ নাম উল্লেখযোগ্য৷
অসমীয়া নাট্য জগতত বহুকেইখন অনুবাদ নাটকো পৰিলক্ষিত হয়৷ ‘হয়বদন’, ‘শুনা জন্মেজয়’, ‘ঘাচিৰাম কটোৱাল’, ‘চৰণদাস চোৰ’, ‘সাগৰ চিলনী’, ‘দেবাঃ ন জানন্তি’, ‘এণ্টি-গনি’, ‘জেন আয়াৰ’, ‘উইল’ আদি কেইখনমান উল্লেখযোগ্য অনুবাদ নাটক৷
মুলতঃ অনুবাদ সাহিত্য হিচাপেই অসমীয়া বিজ্ঞান সাহিত্যৰ আৰম্ভ হৈছিল৷ প্ৰথম অবস্থাত সংস্কৃত ভাষাৰ পৰা কিছু বিজ্ঞানবিষয়ক পুথি অসমীয়ালৈ অনুবাদ কৰা হৈছিল৷ বকুল কায়স্থই সংস্কৃতৰ পৰা অনুবাদ কৰা পদ্যৰ সংকলন ‘কিতাব মঞ্জৰী’ পুথিখন উল্লেখযোগ্য৷ তাৰ পাছত কবিৰত্ন দ্বিজে পদ্যৰ সলনি গদ্যত ভাস্কৰাচাৰ্যৰ ‘লীলাৱতী কথা’, চূড়ামণিৰ ‘জ্যোতিষ চূড়ামণি’ আৰু জ্যোতিষ পুথি, ‘খণ্ডসাধ্য’ ৰচনা কৰে৷ কবিৰাজ চক্ৰৱৰ্তী ৰচিত এখন কিতাপ হ’ল ‘অংকৰ আৰ্য্যা’৷ সুকুমাৰ বৰকাথে অনুবাদ কৰা ‘হস্তীবিদ্যাৰ্ণৱ-সাৰসংগ্ৰহ’ পুথিখন পাছত প্ৰায় অবিকৃত ৰূপত পোৱা গৈছে৷ তাত থকা ব্যাখ্যামূলক চিত্ৰসমূহো বৰ যত্নসহকাৰে অংকন কৰা হৈছিল৷ এই কিতাপখন অসম প্ৰকাশন পৰিষদে একেই ৰূপত প্ৰকাশ কৰি উলিয়াইছে৷ কোনো অজ্ঞাত পণ্ডিতে অনুবাদ কৰা ‘ঘোঁৰা নিদান’ আৰু সূৰ্য্যখড়ি দৈৱজ্ঞই সংকলন কৰা ‘অশ্ব নিদান’ নামৰ পুথিদুখনো উল্লেখযোগ্য৷
শিশু সাহিত্যৰ ক্ষেত্ৰটো অনুবাদৰ প্ৰাধান্য দেখা যায়৷ শিশুসকলক বিশ্বৰ শিশু-সাহিত্যৰ সোৱাদ দিয়াৰ উদ্দেশ্যেৰে বহুকেইগৰাকী সাহিত্যিকে শিশু-গ্ৰন্থ সৃষ্টিৰ প্ৰয়াস কৰিছিল৷ বিপিন চন্দ্ৰ বৰুৱাই কৰা ‘মাৰ্চেণ্ট অব্ ভেনিচ’ৰ অসমীয়া অনুবাদ ‘ভেনিচৰ সাউদ’ এই ক্ষেত্ৰত বাটকটীয়া৷ সেইদৰে কাৰ্ল ক’লডিৰ প্ৰসিদ্ধ কাহিনী ‘পিনকুঅ’ৰ আধাৰত যতীন্দ্ৰ কুমাৰ বৰ্মাই ‘কাঠ পুতলাৰ বিলৈ’ আৰু লক্ষেশ্বৰ হাজৰিকাই ‘পিনোক্কিও’, সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীৰ ‘দস্যু সম্ৰাট’, ‘কালিকা লগা চিচা’ আৰু ‘মৌচাক’ উল্লেখযোগ্য শিশু সাহিত্য৷ মিগুৱেল কাৰ্ভেন-টিছৰ ‘ডন কুইনকচোট’ৰ মহেন্দ্ৰ বৰাই কৰা একে নামৰ উপন্যাস, ৰবাৰ্ট লুই ষ্টিভেনছৰ ‘ট্ৰেজাৰ আইলেণ্ড’ৰ হাৰুণাৰ ৰছিদে কৰা অনুবাদ ‘ৰত্নদ্বীপ’, অতুল চন্দ্ৰ হাজৰিকাই কৰা ‘গ্ৰীমৰ সাধু’ আৰু হান্স এণ্ডাৰছনৰ ‘এণ্ডাৰছনৰ সাধু’, লুই কেৰলৰ ‘এলিচ ইন ৱাণ্ডাৰলেণ্ড’ৰ প্ৰবীণা শইকীয়াই কৰা অনুবাদ ‘অজান দেশত এলিচ’, মেটাৰলিংকৰ ‘ব্লু বাৰ্ড’ৰ অনুবাদ ‘নীলা চৰাই’, থানেশ্বৰ হাজৰিকাৰ ‘দীন-দুখী’, হাৰুণাৰ ৰছিদে কৰা ‘হেৰিয়েট ষ্টোৰ’, ‘আংকল টমছ কেবিন’ৰ অসমীয়া অনুবাদ ‘টম খুৰাৰ জুপুৰী’, ৰোহিণীকান্ত বৰুৱাৰ ‘ৰত্নদ্বীপ’ আৰু ‘পমিলীৰ পৰিয়াল’, বিমল নাথে কৰা চাৰ্লছ ডিকেন্সৰ ‘ডেভিড কপাৰফিল্ড’, মহেন্দ্ৰ বৰাৰ ‘পিনক্কিয়’, গীতা উপাধ্যায়ে অনুবাদ কৰা ‘এন ফ্ৰাংকৰ ডায়েৰী’, বাসন্তী লস্কৰে অনুবাদ কৰা ডেনিয়েল ডিফোৰ একে নামৰ উপন্যাস ‘ৰবিনছন ক্ৰছো’, আঁতোৱা দা চৎ এজুপেৰিৰ ‘দা লিটল প্ৰিন্স’ৰ নিৰূপমা বৰগোহাঞিয়ে কৰা ‘অকণমানি কোঁৱৰ’, নিশি বৰকটকীৰ ‘শ্বিচকিন, মই আৰু বহুতো’, লুই কেৰলৰ কীৰ্তিনাথ হাজৰিকাই অনুবাদ কৰা ‘দাপোণৰ দেশত এলিচ’, তোষপ্ৰভা কলিতাই কৰা তেৎছুকো কুৰয়ানাগিৰ একে নামৰ শিশু উপন্যাস ‘তত্ত্বচ্চান’, মৃদুস্মিতা ফুকনৰ ‘গালিভাৰৰ ভ্ৰমণ কাহিনী’, ‘ৰবিন হুড’, অনুশ্ৰী শৰ্মা বৰুৱাৰ ‘ৰহস্যময় বাগিচা’, ‘ৰজা ছলমানৰ খনি’ আদি উল্লেখযোগ্য৷
বিশ্ববিশ্ৰুত বহুপঠিত শিশু উপযোগী বিজ্ঞান উপন্যাসো অসমীয়ালৈ অনুবাদ হৈছে৷ হেমবালা দাসে এইচ জি ৱেলছৰ ‘দা ইনভিজিবল মেন’খনৰ অনুবাদ গ্ৰন্থ ‘অদৃশ্য মানৱ’, অনিল কুমাৰ শৰ্মাই জুলে ভাৰ্নৰ ‘ফ্ৰম দা আৰ্থ টু দা মুন’ৰ অনুবাদ ‘চন্দ্ৰলোকলৈ’, জুলে ভাৰ্ণৰ ‘এ জাৰ্নি টু দা চেণ্টাৰ অব্ দা আৰ্থ’ৰ অনুবাদ ‘ভূগৰ্ভ অভিযান’, জুলে ভাৰ্নৰ ‘এৰাউণ্ড দি ৱৰ্ল্ড ইন এইটি ডেইজ’ৰ মহেন্দ্ৰ বৰুৱাই একে নাম দি কৰা অনুবাদ, আৰ্থাৰ কনান ডয়ালৰ ‘দি লষ্ট ৱৰ্ল্ড’ৰ ৰায়হান শ্বাহে কৰা অনুবাদ ‘বিলুপ্ত জগত’, জুলে ভাৰ্নৰ ‘টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দা ছি’ৰ বিজয়কৃষ্ণ দেৱ শৰ্মা আৰু কুলেন্দু পাঠকে কৰা অনুবাদ ‘সাগৰিকা’ আৰু ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ একে নামেৰে কৰা অনুবাদ, মেৰী শ্বেলীৰ ‘ফ্ৰেংকেনষ্টেইন’ৰ দীনেশ বৈশ্যই কৰা অনুবাদ, হেম শৰ্মা অনূদিত আনাতোলি মিত্যায়েভৰ ‘গ্ৰিস্কা আৰু মহাকাশচাৰী’, অভিজিত শৰ্মা বৰুৱাৰ জুলে ভাৰ্ন আৰু এইচ জি ৱেলছৰ গ্ৰন্থৰ অনুবাদ ‘ৰহস্যময় দ্বীপ’, ‘দুই জগতৰ যুদ্ধ’, ‘অদৃশ্য মানুহজন’, শান্তনু তামুলীয়ে য়েভগেনি ভেলটিষ্টভৰ ‘ইলেকট্ৰনিক মালচিক ইঝ চেমোডানা’ৰ আধাৰত লিখা ‘ইলেকট্ৰনিক নামৰ ল’ৰাটো’, মাৰ্তা বাৰানোভা আৰু য়েভগিনি ভেলটিষ্টভৰ ‘তিয়াকা বোৰকো ঈ ৰাকেটা’ৰ অনুবাদ ‘মহাকাশৰ তাৰকা’, দিলীপ এম সালৱিৰ ‘মাই ৰবট ৰব্বি’ৰ অনুবাদ ‘মোৰ ৰবট ৰ’বিব’, এইচ জি ৱেলছৰ ‘ৱাৰ অব্ দা ৱৰ্ল্ডছ’ৰ অনুবাদ ‘গ্ৰহযুদ্ধ’ আৰু¸¸ আলেকজেণ্ডাৰ বেলায়েভৰ অসমীয়া অনুবাদ ‘হৈটি টৈটি’ উল্লেখযোগ্য৷ ইয়াৰ উপৰিও আৰ্থাৰ ক্লাৰ্কৰ ‘২০০১ : এ স্পেচ অডিছি’-ৰ ড. দীনেশ চন্দ্ৰ গোস্বামীয়ে কৰা অনুবাদ ‘২০০১ : এখন মহাকাশ অডিছি’ নামৰ অনুবাদ গ্ৰন্থখনো এখন উল্লেখযোগ্য কল্প-বিজ্ঞানভিত্তিক গ্ৰন্থ৷
অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ আন বহু জনজাতীয় সাহিত্য ক্ষেত্ৰখনতো কম বেছি পৰিমাণে অনুবাদ সাহিত্য প্ৰত্যক্ষ কৰা যায়৷ কাৰ্বি ভাষাত ৰচিত কিছু কাৰ্বি সাধুকথাও বিভিন্ন ভাষালৈ অনূদিত হৈছে৷ ছাৰ চাৰ্লছ লায়েলৰ ‘দি মিকিৰছ্’ গ্ৰন্থত চংহ’ক’ল’ছ’, ‘জাংৰেছ’ আৰু¸¸ ‘হাৰাতা কুংৱৰ’ নামৰ তিনিটা সাধুকথা সন্নিৱিষ্ট কৰা আছে৷ ৰংবং তেৰাঙৰ ‘শ্ৰীমদ্ভাগৱদগীতা’ আৰু হাংমিজি হাঞ্চেৰ ‘প্লিপ্লি নেম্প্ৰু’ কাৰ্বি ভাষাৰ দুখন অনুবাদ গ্ৰন্থ৷ প্ৰসিদ্ধ ডিমাছা সাহিত্যিক যতীন্দ্ৰলাল থাউছেনৰ ডিমাছা ভাষাত ৰচিত কেইখনমান অনুবাদমুলক বা অনুসৃষ্টিমুলক গ্ৰন্থ হ’ল – ‘পৰমহংসদেৱ’, ‘গ্ৰাউ ডিমাজাং ৰবীন্দ্ৰ নজৰুল’, ‘বাইবেলনী ধৰ্ম সিঙৰিখী’, ‘শ্ৰীবৃংঠাই’, শ্ৰীমদ্ভাগৱদ গীতা’৷
বড়ো ভাষাৰ লিখিত সাহিত্য অপেক্ষাকৃতভাৱে নতুন হলেও কথিত লোক সাহিত্যৰ দিশৰ পৰা বড়ো সাহিত্য বেছ প্ৰাচীন আৰু বৰ্ণাঢ্য৷ লিখিত বড়ো সাহিত্যৰ ক্ষেত্ৰত মিছনেৰীসকলৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য৷ মিছনেৰীসকলে ‘এ কালেকছন অব্ কছাৰী ফক টেলছ এণ্ড ৰাইমছ’ (জে কে এণ্ডাৰছন), ‘দি কছাৰীজ’ (এছ এণ্ডল্) আৰু বাইবেলকে ধৰি ধৰ্মগ্ৰন্থসমূহৰ বড়ো অনুবাদ প্ৰকাশ কৰি উলিয়াইছিল৷
মিচিংসকলৰ লিখিত সাহিত্য বৰ বেছি পুৰণি নহলেও কথিত মিচিং সাহিত্য বৰ প্ৰাচীন আৰু চহকী৷ পুৰণি লেখা হিচাপে ‘জাৰ্ণাল অব্ এছিয়াটিক ছোচাইটি’ত উইলিয়াম ৰবিনছনে মিচিং ভাষা সম্পৰ্কে লিখা এটা বিস্তৃত টোকা প্ৰকাশ হৈছিল৷ জে এফ নিধামৰ ‘আউটলাইনছ অব্ ছায়াং মিৰি গ্ৰামাৰ’ আৰু জে এইছ লৰেইনৰ ‘মিৰি আবৰ ডিক্সনেৰী’ৰ দৰে মূল্যৱান গ্ৰন্থ-সমূহে কথিত মিৰি ভাষাক লিখিত ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল৷
লোক সাহিত্যৰ ক্ষেত্ৰত ৰাভা সাহিত্যও বেছ চহকী৷ মিছনেৰীসকলেই প্ৰথমে ৰাভা ভাষাক লিখিত ৰূপত প্ৰকাশ কৰাৰ চেষ্টা কৰে৷ এ এফ ষ্টিফেনে ‘দি প্ৰডিগেল ছন’ক ৰংদানি উপভাষালৈ তৰ্জমা কৰিছিল৷ ইয়াৰ পাছত ‘ব্ৰিটিছ এণ্ড ফৰেইন বাইবেল ছচাইটি’ৰ দ্বাৰা অনূদিত ‘মাৰ্কনি নিমা সাইকাই’ প্ৰকাশ হয়৷
অনুবাদ বিষয়ক লেখা উপৰিও কবিন ফুকনৰ সম্পাদনাত ‘অনুবাদ’ বুলি অসমীয়া আলোচনী এখন প্ৰকাশ হৈছিল৷ এই আলোচনীখন অসমৰ প্ৰথমখন অনুবাদ সম্পৰ্কীয় আলোচনী আছিল৷
এনেদৰে হেম স্বৰস্বতী, ‘পুৰ্বকবি অপ্ৰমাদী’ মাধব কন্দলি, ভট্টদেৱৰ দিনৰে পৰা অসমৰ অনুবাদ সাহিত্যই এক স্বকীয় ৰূপ লৈ উদ্ভাসিত হৈ আহিছে৷ এইসকল নমস্য গ্ৰন্থপ্ৰণেতাই মূল গ্ৰন্থৰ মূলানুগ বা আক্ষৰিক ৰূপান্তৰৰ সলনি ভাবব্যঞ্জক অনুবাদৰ মাধ্যমেৰে সাধাৰণ পঢ়ুৱৈৰ মনৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল৷
ইয়াৰ উপৰিও অনুবাদৰ ক্ষেত্ৰত বিভিন্ন প্ৰদেশৰ আন্তসাংস্কৃতিক বিভিন্নতাৰ মাজত ভাবাৰ্থ আৰু ধ্বনিৰ মাজৰ সামঞ্জস্য আৰু অৰ্থপূৰ্ণতা ধৰি ৰখা কথাটো অতি গুৰুত্বপূৰ্ণ৷ ভাৰতীয় প্ৰেক্ষাপটত আঞ্চলিক ভাষাৰ সাহিত্যৰাজিৰ পূৰ্বৰ অনুবাদৰ ক্ষেত্ৰত এটাৰ পৰা আনটো ভাষালৈ অনুবাদৰ ক্ষেত্ৰত মুকলি অনুবাদ বা অনুসৃষ্টিক প্ৰাধান্য দিয়াতো পৰিলক্ষিত হৈছিল৷ ভাৰতীয় উপমহাদেশৰ আঞ্চলিক ভাষাসমূহৰ ভাষিক স্তৰায়ন বা স্তৰিত সংৰচনাৰ মূল সুঁতি হিচাপে চিহ্নিত সংস্কৃত ভাষাৰ পৰা অনুদিত সহজ সৰল শৈলীযুক্ত বৰ্ণনাৰে সমৃদ্ধ হোৱা ৰচনাসমূহ সকলো অনুবাদৰে বাটকটীয়া স্বৰূপ৷
অনুবাদ সাহিত্য পঢ়ুৱৈৰ অভিৰুচি অনুসৰি সদায়েই পঠনীয় আৰু বিশ্বাসযোগ্য হোৱা উচিত৷ এই ক্ষেত্ৰত অনুবাদকৰ ভাষাৰ সূক্ষ্ম জ্ঞান তথা আনৰ সংস্কৃতি আৰু জীৱনধাৰাৰ সৈতে পৰিচয় থকাতো আৱশ্যকীয় কথা৷ প্ৰণিধানযোগ্য যে অনুবাদ সাহিত্যৰ ক্ষেত্ৰত ভাষাৰ অলংকাৰ গাঁথনি, বাক্যৰ শৃংখল তথা কিছুমান শব্দৰ প্ৰতীকী ব্যঞ্জনাৰ বিষয়ে অনুবাদকজন সংবেদনশীল হোৱাটো প্ৰয়োজনীয় কথা৷ অনুবাদ সাহিত্য হ’ল মূল সৃষ্টিশীল সাহিত্যৰ এক মুৰ্ত শৃংখলাবদ্ধ প্ৰকাশ৷ আক্ষৰিক অৰ্থৰ প্ৰতিৰূপ অনুবাদে বহুক্ষেত্ৰত পঢ়ুৱৈৰ বাবে অনুবাদ সাহিত্যৰ ৰসাস্বাদনত অন্তৰায়ৰূপে দেখা দিয়ে৷
☆☆☆
“তেওঁৰ ভাষা আমালৈ,
আমাৰ ভাষা তেওঁলৈ,
সকলো মিলিয়েই এই প্ৰয়াস …”
স্নেহ আৰু শ্ৰদ্ধাৰে,
জ্যোতিৰূপম দত্ত
সম্পাদক, সাহিত্য ডট্ অৰ্গ,
ষষ্ঠ বছৰ, সপ্তম সংখ্যা৷
১ জেঠ, ১৯৩৯ শক; ১৬ মে’, ২০১৭ চন
☆★☆★☆★☆

One thought on “অনুবাদ সাহিত্য: ইপাৰৰ ভাষা সিপাৰে, একেলগে – জ্যোতিৰূপম দত্ত

  • May 24, 2017 at 11:47 am
    Permalink

    সম্পাদকীয়ৰ লগতে এই সংখ্যাৰ লিখনি সমুহো অত্যন্ত ভাল হৈছে ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!