অনুভৱত: মানুহ আৰু প্ৰকৃতি (প্ৰাণজ্যোতি নাথ)

মানুহ প্ৰকৃতিৰ শেহতীয়া সংযোজন। আদিম জীৱৰ ক্ৰমবিৱৰ্তনৰ আজিৰ ৰূপ- মানৱ। তাৰ আগতেই ফল-ফুল-গছ-লতিকাৰে গঠিত হৈ বসবাসৰ উপযোগী হৈছিল ধৰিত্ৰী। গতিকে মানুহ প্ৰকৃতিৰ উৰ্দ্ধত নহয়; মানুহ প্ৰকৃতিৰ অন্তৰ্গতহে। মানুহ আৰু প্ৰকৃতি, ইটো সিটোৰ পৰিপূৰক। গছক আহাৰ নিদিয়াকৈ মানুহ আৰু মানুহক উশাহ নিদিয়াকৈ গছ থাকিব নোৱাৰে। সেয়েহে ইটোৰ অবৰ্তমানত সিটোৰ অস্তিত্বৰ আশা কৰাতো অকল্পনীয়। লেটাৰ পৰা পখিলা হোৱাৰ দৰে গছ, জীৱ-জন্তু, মানুহ; এই সকলোবোৰ এটা চক্ৰত সমাহিত গতিত চলি আহিছে আৰু কিমানদূৰ এই গতিত চলে তাৰ ওপৰত নিৰ্ভৰ কৰিব পৃথিৱীৰ আয়ুসকাল।
যদিও শতকৰা নব্বৈ ভাগ মানুহেই আজি চৌপাশৰ পৰিৱেশ-প্ৰকৃতিৰ প্ৰতি উদাসীন তথাপি যুগ-যুগ ধৰি কিন্তু কবি-লেখক, শিল্পীক প্ৰকৃতিয়েই নতুন সৃষ্টিৰ বাবে উৎসাহিত তথা অনুপ্ৰাণিত কৰি আহিছে। মাধৱ কন্দলীয়ে পদত ৰচা বাল্মিকী ৰামায়ণৰ পৰা হীৰেণ ভট্টৰ ’ভালপোৱাৰ বোকা-মাটি’লৈকে অসমীয়া কাব্যত/কবিতাত এক অপৰূপ প্ৰকৃতি বৰ্ণনা পোৱা গৈছে। কালিদাসৰ’মেঘদূত’ৰ সৌন্দৰ্যবৰ্ণনা বা শংকৰদেৱৰ শৰৎ বৰ্ণনাই নহওক কিয়, আমি প্ৰতিক্ষণ, প্ৰতিপল প্ৰকৃতিৰ ৰূপ-সুষমা পান কৰিছোঁ আৰু বাৰে বাৰে ধৰুৱা হৈ পৰিছোঁ প্ৰকৃতিৰ ওচৰত।

বৰষা ঋতুত প্ৰতিশ্ৰুতি আছে। এই ঋতুতে খেতিয়কৰ বুকুত আশাৰ সঞ্চাৰ কৰি দুচকুত ঠন ধৰে কঠিয়াৰ সপোন আৰু প্ৰতিশ্ৰুতি ভৰা এই ঋতুৰ গুনগান শুনা যায় কবিৰ কবিতাত …। যেন তৃষিত জনৰ দগ্ধ হৃদয়-মৰুদ্যান সঞ্জীৱিত হয় বৰ্ষাৰ বদ্যানতাত।

“মৰু প্ৰান্তৰত শ্ৰান্ত পথিকৰ1
তুমিয়েহে পান্থ তৰু
কৰা সঞ্জীৱিত তৃষিত জনৰ
দগধ হৃদয় মৰু।” (বৰ্ষা, ৰঘুনাথ চৌধুৰী)
কবিৰ হৃদয়ত বৰষাৰ মাদল বাজে;
” মেঘৰ ডম্বৰু বাজে হিৰ্ হিৰ্ গিৰ্ গিৰ্
দেওধনী বেশভূষা অপৰূপা প্ৰকৃতিৰ।”
( অতুলচন্দ্ৰ হাজৰিকা )

অৱশ্যে মাজে মাজে ক’লা এচপৰা মেঘ দেখি কবি হতাশ হৈও পৰে …
” সেইযে দেখিছা মেঘ, আকাশে আকাশে,
প্ৰিয় বিজুলীক লৈ ভ্ৰমিছে উল্লাসে।
ভাবানে তুমি মনত,
সুখী মেঘ সংসাৰত !
মেঘৰ সমান দুখী নাই জগতত,
জ্বলিছে শোকৰ জুই মেঘৰ বুকুত। “2
(‘সংসাৰত সুখ নাই’; হেমচন্দ্ৰ গোস্বামী )
এইদৰে ফৰকাল শৰতেও কবিক ভাবুক কৰি তোলে;
” আজি শৰতৰ সন্ধিয়া পৰত
বাজিছে প্ৰাণত হেৰোৱা সুৰ,
জোনটি জ্বলিছে নীল আকাশত
তৰাটি জ্বলিছে বুকুত মোৰ। ”
( শৈলধৰ ৰাজখোৱা )
শৰতৰ স্নিগ্ধতাত কবিৰ হৃদয়ত আশা জকেমকাই ……
“সুৰুযমুখীয়ে চোৱা মূৰ তুলি চায়
মৃদুমণি হাঁহে জকেমকাই
ডাৱৰ আঁতৰি নীলা মুকলি হ’ল
ধৰাৰ আন্ধাৰবোৰো আঁতৰি গ’ল ” ( নলিনীবালা দেৱী )

পাপৰি কবি গণেশ গগৈৰ কবিতা আৰু হেম বৰুৱাৰ’মমতাৰ চিঠি’ত ব্যক্ত হোৱা শৰতৰ ছবিয়েও মন চুই যায়। কবিতাত প্ৰকৃতিৰ ৰং -ৰূপৰ কথা ড° কৰবী ডেকা হাজৰিকা বাইদেউৱে তেখেতৰ’অসমীয়া কবিতা’গ্ৰন্থখনিত সুন্দৰকৈ বখানিছে। এই গ্ৰন্থত বিহগী কবি’ৰঘুনাথ চৌধুৰীৰ প্ৰকৃতি কবিতা’,’পাৰ্বতীপ্ৰসাদৰ গীতি-কবিতাত প্ৰকৃতিৰ সুৰ’আৰু’অতুলচন্দ্ৰ হাজৰিকাৰ কবিতাত প্ৰকৃতি’নামেৰে তিনিটি ভাগত _কবিৰ সতে প্ৰকৃতিৰ গূঢ় সম্পৰ্কৰ বহল আলোচনা আগবঢ়োৱা হৈছে।
প্ৰকৃতিতে ৰোপন কৰা হৈছে মানুহৰ বীজ। গছত শেষ পাতটো থকালৈকে থাকিব মানুহৰ প্ৰাণটো। অ’হেনৰীৰ সেই বিখ্যাত, অন্তৰস্পৰ্শী গল্পটো কোনেনো পাহৰিছে ! “The Last Leaf’’, শেষ পাতখিলা।

জন্সি (Johnsy) নামৰ ছোৱালীজনীৰ নিউমনিয়া হ’ল আৰু তাই ভাবি ল’লে যে তাইৰ খিৰিকীৰে দেখা পোৱা গছজোপাৰ শেষ পাতখিলা সৰি গ’লেই তাই মৰিব। যদিও তাইৰ বান্ধৱী চু (Sue)ৱে তাইক এনে নঞাৰ্থক চিন্তা নকৰিবলৈ কৈছিল, জন্সি কিন্তু সেই ভাৱতে বিভোৰ হৈ থাকিল। চিন্তিত চুৱে একেটা এপাৰ্টমেণ্টতে থকা বেৰম্যান (Behrman) নামৰ চিত্ৰকৰ এজনক জন্সিৰ বিষয়ে ক’লেগৈ; যি বহুদিন ধৰি তেওঁৰ জীৱনৰ শ্ৰেষ্ঠতম ছবিখন অঁকাৰ বিষয়ে ভাবি আছিল। চু’ৰ মুখেৰে জন্সিৰ কথা শুনি তেওঁ সেয়া জন্সিৰ মূৰ্খামিৰ বাহিৰে একো নহয় বুলি ক’লে।

এদিন ৰাতি হোঁহোৱাই ধুমুহা আহিল। খিৰিকীৰ কাঁচত বৰষুণৰ চিটিকনিৰ শব্দ হ’বলৈ ধৰিলে। খিৰিকীৰ পৰ্দা টানি চুৱে জন্সিক শুবলৈ পঠিয়ালে। অনিচ্ছাস্বতেও জন্সি শুবলৈ গ’ল। গোটেই ৰাতি ধুমুহা বলিল। গছজোপাৰ সকলো পাত নিশ্চয় ৰাতিৰ ধুমুহাত সৰিল; এই চিন্তাৰে পিছদিনা ৰাতিপুৱা পৰ্দা টানি জন্সিয়ে গছজোপা চালেহি আৰু দেখি আচৰিত হ’ল যে এতিয়াও এখিলা পাত গছত লাগি আছে। তাই ভাবিলে, এই পাতখিলাও অলপ পাছতে সৰি যাব। কিন্তু পাতখিলা দিনটো নসৰিল, আনকি ৰাতিও আৰু পাছদিনাও। পাতখিলাই জন্সিৰ আত্মবিশ্বাস জগাই তুলিলে। মৰিব খোজাৰ ভাৱনাটো লৈ জন্সিৰ পাপবোধ হ’ল। প্ৰচণ্ড ধুমুহাৰ পাছতো ডালত ওলমি থকা শেষ পাতখিলাই যেন জন্সিক জীৱনীশক্তিহে দিলে; দিনটোৰ ভিতৰতে জন্সি প্ৰায় সম্পূৰ্ণভাৱে ভাল হৈ উঠিল।

আৱেলি এজন ডাক্তৰৰ সতে কথা হওঁতে চুৱে গম পালে যে বেৰম্যানৰ নিউমনিয়া হৈছে আৰু তেওঁ নাবাচিব। তিতা, বৰফ- চেঁচা কাপোৰ আৰু জোতাৰে অসহায় অৱস্থাত বেৰম্যানক এজন ৰখীয়াই উদ্ধাৰ কৰিছিল। তেওঁৰ কাষত তেতিয়াও এটা লেম জ্বলি আছিল, কেইডালমান ব্ৰাচ সিঁচৰতি হৈ পৰি আছিল আৰু আছিল এখন ৰঙৰ প্লেট। প্লেটখনত অলপ সেউজীয়া আৰু হালধীয়া ৰং মিহলি হৈ আছিল। সেই পাতখিলা, ওলমি থকা সেই’শেষ পাতখিলা’, সেইখনেই বেৰম্যানৰ জীৱনৰ সৰ্বোত্তম ছবি আছিল। ___এইখিনিয়ে হ’ল অ’হেনৰীৰ’শেষ পাতখিলা’গল্পটোৰ আঁৰৰ কথা বা গল্পৰ প্লট। এটা আশাবাদী গল্প। ক’ব নোৱাৰাকৈয়ে যেন গল্পটোৱে মানুহ আৰু প্ৰকৃতিৰ মাজত এক যুগজয়ী, অবিচ্ছেদ্য সম্পৰ্কৰ কথা কৈ গ’ল। শেষ পাতটোতে জীৱন।

নৱ দা (নৱাকাশ) মোৰ প্ৰিয় শিল্পী। পৃথিৱীৰ বহুকেইখন দেশত তেখেতৰ চিত্ৰ প্ৰদৰ্শনী হৈছে। কেইবাটিও বঁটাৰে সন্মানিত তেখেত আন্তঃৰাস্ট্ৰীয় খ্যাতিসম্পন্ন এজন অসমীয়া চিত্ৰশিল্পী । এদিন সুধিছিলোঁ; আপোনাৰ ছবিত সদায় দেখা ফুল, পখিলা আৰু মাছবোৰৰ অৰ্থ কি ? ক’লে; ” এই সকলোবোৰ শুভৰ প্ৰতীক।” হয়, ফুল, চৰাই, পখিলা- ইহঁতেতো কেতিয়াও কাৰো বেয়া কৰা নাই, চৰাই অথবা গছ এজোপাই জানে জানো কাৰোবাৰ অহিত চিন্তিব ! আত্মৰক্ষাৰ বাবেইতো ইহঁতৰ অহৰহ যুঁজ। অথচ আমি মানুহে মাৰি পেলাওঁ মানুহ। তৃপ্ত হ’বলৈকে ফুল ছিঙি ফুলদানীত সজাওঁ, তৃপ্ত হ’বলৈকে গছ কাটি গঢ়োঁ দালান। আমি মানুহবোৰহে সকলো অশুভৰ মূল। এইযে আমি প্ৰকৃতি আৰু আমাৰ মাজত সমতা ৰাখিবলৈ পাহৰি গৈছোঁ আৰু পাহৰি গৈছোঁ উৎপত্তিৰ আদিতম সূত্ৰ; স্থাৱৰ-অস্থাৱৰ সকলো বস্তুৰ ওপৰত, সমগ্ৰ জীৱকুলৰ মাজত মানুহ হিচাপে নিজৰ প্ৰতিপত্তি বজাই ৰাখিবলৈ গৈ শাসনৰ বাঘজৰী খামুচি প্ৰকৃতিক চেপি-খুন্দি আনি এটা সৰু, আন্ধাৰ বন্ধ কোঠালীত আবদ্ধ কৰিব খুজিছোঁ; এয়া কেনেধৰণৰ বিবেচনা ? এনে কৰ্মৰ আঁৰত কেনেধৰণৰ যুক্তিযুক্ততা ? কেৱল মানৱ-সৃষ্ট বিজ্ঞানে বচাই ৰাখিবনে আমাক ? বচাই ৰাখিবনে আমাক মাটি-পানী-উদ্ভিদহীন আন এটি নতুন গ্ৰহে ? এনেবোৰ প্ৰশ্নৰ এটাই যথাৰ্থ উত্তৰ-অনিশ্চয়তা। সকলো জানিও আমি দাহি-মুহি শেষ কৰি আনিছোঁ প্ৰকৃতিক। আটাইতকৈ বিবেকবান হৈও কৰা এনে অবিবেচক আচৰণৰ ভুক্তভোগীও আমিয়েই। কেনে হাঁহি উঠা কথা। অথচ আমাৰ মাজৰে চিন্তাশীল এজন হিচাপে কালাম চাহাবে সৌ সিদিনা আহি চুবুৰীয়া ৰাজ্যখনত পৃথিৱীক কেনেকৈ বসবাসৰ উপযোগী কৰিব পাৰি; এই বিষয়ে কিছু জনাই থৈ গ’লহি। আমাৰ মাজতে এনে কিছু মানুহ এতিয়াও আছে যি লুপ্ত হ’ব খোজা প্ৰকৃতিক, লুপ্ত হোৱাৰ প্ৰচুৰ সম্ভাৱনা থকা মানৱ জাতিক ৰক্ষাৰ্থে চিন্তা-চৰ্চা কৰি আহিছে আৰু কৰি থাকিব। এতিয়া সাধাৰণ মানুহ হিচাপে আমাৰো কাম হ’ল এই চিন্তাৰ অংশীদাৰ হোৱা। নিজৰ, পৃথিৱীৰ কুশলাৰ্থে কাম কৰি প্ৰদূষণ ৰোধ কৰা আৰু অহা প্ৰজন্মক এখন বসবাসৰ উপযোগী পৃথিৱী উপহাৰ হিচাপে দিয়াৰ দায়িত্বও আমাৰেই।

চাওঁতে চাওঁতে প্ৰকৃতিমুখী কবিতাবোৰ, প্ৰকৃতিমুখী গানবোৰ নোহোৱা হৈ আহিছে। স্বাৰ্থপৰৰ দৰে নিজৰ অন্তৰস্থলত প্ৰৱেশ কৰি মানুহে কেৱল নিজৰ দুখ-শোক, হা-হুতাশ, হাঁহি-আনন্দবোৰহে কবিতা, গান, গল্পৰ মাজেৰে ব্যক্ত কৰিছে। সাহিত্য কেৱল মানৱ জীৱনৰ অনুভৱ-অনুভূতিৰহে দ্বন্দ হৈ থাকি গৈছে। প্ৰকৃতিৰ মোহত বন্দী হৈ জীৱনীমুখী হ’বলৈ পাহৰি আমি আমাৰ মাজতে অসুখী হৈছোঁ আৰু এই অসুখ উপশমৰ উপায় জানিও স্ব-ইচ্ছাই ইয়াক নিবাৰণৰ পৰা আঁতৰি আছোঁ। এয়া জানো উচিত হৈছে !
কিন্ত ইতিহাস খুচৰিলে দেখি যে, নোৱাৰ নাওখনেই হওক বা সত্যব্ৰত ৰজাৰ মাছৰূপী নাওখনেই হওক কিয়; প্ৰলয়ৰ আৰম্ভণিত যুগে -যুগে জীৱ আৰু উদ্ভিদৰ সংৰক্ষণৰ ভাৰ আমি মানুহেই লৈ আহিছোঁ। দিন-কাল এনেদৰে থাকিলে ক’ব পাৰি যে প্ৰলয় সমাগত আৰু পুনৰ সৃজনৰ দায়িত্বও আমাৰেই। মহৎ ভাৱে সকলোৰে অন্তৰমনত ক্ৰিয়া কৰক আৰু পৃথিৱীক আকৌ সুজলা-সুফলা-শস্য -শ্যামলা কৰি গঢ়ি তুলিবলৈ মানুহ মাৰ বান্ধি থিয় হওক। দুৰ্যোগৰ প্ৰাকক্ষণত মানুহ হিচাপে ইয়াতকৈ ভাল আৰু কি চিন্তা কৰিব পাৰোঁ ! মই কৰা চিন্তাটো আপুনিও কৰিছেনে ? যদিও এটা প্ৰশ্নবোধকেৰে সামৰিব খুজিছোঁ, এয়া নিশ্চয় ক’ম যে মানুহ হিচাপে মানুহৰ দায়িত্ব মই অন্ততঃ পাহৰা নাই। চোতালত দুজোপা গছ ৰুই, দৈনন্দিন জমা হোৱা পেলনীয়াখিনি গাঁত খান্দি জ্বলাই দি, শাক -পাচলিৰ পেলনীয়াখিনি জৈৱিক সাৰ হিচাপে ঘৰৰে ফুলপুলিটো বা বেঙেনা পুলিটোৰ কাষত দি; প্ৰজননৰ সময়ত মাছ নোখোৱাকৈ থাকি, যিমানপাৰি ইলেকট্ৰিচিটি, পানী আদিৰ সদব্যৱহাৰেৰে শক্তি, সম্পদ ৰাহি কৰি, সীমাৰ মাজত থাকিও এজন সচেতন নাগৰিক হোৱাৰ চেষ্টা কৰিছোঁ। জানো যে, কৰণীয়খিনি আপুনিও কৰিছে। এই সচেতনতা সৰু-বৰ প্ৰত্যেকজন নাগৰিকৰে, প্ৰতিজন পৃথিৱীবাসীৰে আকৰ হওক। উত্তৰ পুৰুষক দি যাওঁ এখন যোগ্য-ভোগ্য বসুন্ধৰা। ফুল, জোনাক আৰু ঋতুৰ পৰিৱৰ্তনে আকৌ কবিতাবোৰ সুখপাঠ্য কৰি তোলক। চৰাইৰ কাকলিত মুখৰ হওক প্ৰতিটো ৰাতিপুৱা। প্ৰকৃতিৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰে মানৱ জাতি উজলি উঠক। এইয়াই আশা, কাৰণ হাজাৰ আংশকা-অনিশ্চয়তাৰ মাজতো আশা কৰাই যে আমাৰ স্বভাৱ।

(লেখাত সন্নিবিষ্ট ছবি নৱাকাশৰ।
লেখাটোত উল্লেখিত কবিতাকেইটি ড° কৰবী ডেকা হাজৰিকাৰ দ্বাৰা সংগৃহীত’অসমীয়া কবিতা নামৰ গ্ৰন্থখনিৰ পৰা লোৱা হৈছে।)

One thought on “অনুভৱত: মানুহ আৰু প্ৰকৃতি (প্ৰাণজ্যোতি নাথ)

  • September 15, 2015 at 4:53 pm
    Permalink

    লেখাটো পঢ়ি লেখিকাৰ ভৱিষ্যতৰ বিশাল দুৱাৰ এখন খোল খোৱাৰ উমান পোৱা গল।
    লেখা অব্যাহত ৰাখিব বুলি আশা কৰিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!