অনুভৱৰ স্তৱক: নিবেদিতা হাজৰিকা
(১)
নিৰিবিলি নাহৰৰ তলেৰে পাৰ হৈ যাওঁতে
হঠাৎ বুকুখন কঁপি উঠিছিল
জিলমিল ৰ’দজাকত জিলিকি উঠিছিল
তোমাৰ দুচকুৰ
হালধীয়া সপোনৰ বাখৰুৱা অুনভৱ!
(২)
সময়েও কেতিয়াবা প্ৰতাৰণা কৰে
যেনেকৈ বৰষুণজাকে!
জীৱনৰ মধুময় সঙ্গীত হৈ পৰা বৰষুণজাকেই
কৈ উঠে অপ্ৰাপ্তিৰ কথা,
বানে ধোৱা জীৱনৰ কৰুণ গাঁথা বুকুত লৈ
আৰম্ভ হয় এদিন বৰষুণ বিধস্ত জীৱনবোৰৰ
লক্ষ্যহীন যাত্ৰা।
(৩)
আজি বতাহত ইমান বিষাদ!
উশাহত যাতনা
তাৰ মাজতো আকাশ ফালি অহা
ৰ’দ জাকৰ সীমাহীন উন্মাদনাত
সৃষ্টিৰ তাড়না!