অন্তৰ্ৱৰ্তীৰ ইতিহাসঃ হিমাংশু ভাগৱতী  

অন্তৰ্ৱৰ্তীৰ ইতিহাসঃ গ্ৰন্থ-সমালোচনাৰ মাধ্যমেৰে সমসাময়িক ভাৰতবৰ্ষক তুলি ধৰাৰ সচেতন প্ৰয়াস

অসমীয়া সাহিত্যত গ্ৰন্থ-সমালোচনা কমকৈ পঢ়িবলৈ পাও৷ অৱশ্যে গ্ৰন্থ-প্ৰশংসা বা কিতাপ এখনৰ বিষয়ে লেখা পোৱা যায়৷ বেছি গ্ৰন্থ বিষয়ক আলোচনা কিতাপখনৰ ভাল-বেয়াৰ আলোচনাতে শেষ হয়, কিতাপখনৰ কথাখিনিৰ লগত সমসাময়িক সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক অথবা ঐতিহাসিক অৱস্থাৰ তুলনা কৰা নহয়৷ উল্লেখ কৰা নহয় অন্য গ্ৰন্থৰ নাম যিবোৰত আলোচিত গ্ৰন্থখনৰ বিষয়ৰ একেধৰণৰ কথাৰ আভাস দিয়া আছে৷ প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ পোন্ধৰখন গ্ৰন্থৰ আলোচনাৰ সংকলন ’অন্তৰ্ৱৰ্তীৰ ইতিহাস’ পঢ়ি প্ৰথমে এইটো মনলৈ আহিল; এইকেইটা অভিযোগৰ পৰা তেখেতৰ গ্ৰন্থ-সমালোচনা কেইটা মুক্ত৷

প্ৰথম কথা- গ্ৰন্থখন গ্ৰন্থ-সমালোচনা সাহিত্যলৈ এক উৎসাহজনক খবৰ৷ গ্ৰন্থ-সমালোচনাৰ প্ৰতি আগ্ৰহীসকলে ধাৰাটোৰ বিষয়ে বুজিবলৈ কিতাপখন পঢ়া উচিত৷ গ্ৰন্থ-সমালোচনাৰ মাজেৰে কি কি কথা ক’ব পাৰি আৰু কি কি ধৰণে ক’ব পাৰি কিতাপখন পঢ়ি শিকিব পৰা যাব৷ ব্যক্তিগতভাবে অসমীয়া ভাষাত গ্ৰন্থ-সমালোচনা বিষয়ক সংকলন মই আগতে পঢ়া নাই৷ যদি এই দিশত এইখনে প্ৰথম কিতাপ, সেইটো নিশ্চয় মন কৰিবলগীয়া কথা হ’ব৷  কিতাপখনত আলোচনাৰ মজিয়ালৈ অনা আটাইকেইখন কিতাপৰ প্ৰকাশকাল ২০০৫ ৰ পৰা ২০১৩ৰ ভিতৰত৷ এখন কিতাপ (নাটক) ইংৰাজীলৈ অনূদিত বাকী কিতাপ কেইখন ইংৰাজী ভাষাত প্ৰকাশিত৷ অমৰ্ত্য সেন, সুধীৰ কাকৰ, পৱন কুমাৰ ৱাৰ্মা, কুলদীপ নায়াৰ, ৰামচন্দ্ৰ গুহ, ইন্দ্ৰ কুমাৰ গুজৰাল, গুৰুচৰণ দাস আদি লেখকৰ দৃষ্টিৰ সমসাময়িক ভাৰতবৰ্ষক তেখেতসকলৰ কিতাপৰ বিশ্লেষণেৰে প্ৰাঞ্জল শৰ্মা বশিষ্ঠই ’অন্তৰ্ৱৰ্তীৰ ইতিহাস’ৰ আভাস দিবলৈ সক্ষম হৈছে৷  কিতাপখন গ্ৰন্থ-সমালোচনা বিষয়ক অথচ নামটো ’অন্তৰ্ৱৰ্তীৰ ইতিহাস’৷

প্ৰথম দেখাত নামটোৰে লেখকে চমক দিবলৈ চেষ্টা কৰাযেন অনুভৱ হৈছিল৷ আপোনাৰো হ’ব পাৰে৷ গোটেইকেইটা গ্ৰন্থ-সমালোচনা পঢ়ি উঠাৰ পিচত আৰু কিতাপৰ নিৰ্বাচনৰ বিষয়ে ভাবি চোৱাৰ পিচত বুজি পালো, লেখকে অকল গ্ৰন্থ-সমালোচনা কৰা নাই; অতি সচেতনভাবে আৰু কুশলী নিৰ্বাচনেৰে সমসাময়িক ইতিহাসক বিশ্লেষণ কৰাৰ সাধু প্ৰয়াস কৰিছে৷  কিতাপখনত আলোচনা কৰা আটাইবোৰ গ্ৰন্থ এতিয়ালৈ পঢ়া নাই, পঢ়িবলৈ আগ্ৰহ জন্মোৱাটো গ্ৰন্থখনৰ আন এক সফলতা৷  লেখকৰ পৰা অসমীয়া ভাষাৰ কিতাপৰো আলোচনাৰ আশা ৰাখিলোঁ৷

অন্তৰ্ৱৰ্তীৰ ইতিহাস – প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

প্ৰকাশকঃ বি আৰ বুক ষ্টল

☆ ★ ☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!