অন্য এক অনুভৱ, অন্য এক আশা (নীলাঞ্জনা মহন্ত)

হোষ্টেলত থাকোঁতে আমাৰ তিনিজনীক লগৰবোৰে সন্ধ্যা-ললিতা-কান্তা অহা বুলি কৈছিল। কোনো চিনিয়ৰ দাদাই নাম দিছিল খুটি। তিনিওজনী পাঁচফুটীয়া আৰু দূৰৰ পৰা দেখিলে হেনো চাহৰ কেটলি পাতিব পৰা তিনিঠেঙীয়া খুটি যেন লাগে। চাৰিবছৰৰ সু-সম্বন্ধ কটকটীয়া কৰি ৰখাৰ পণেৰে এদিন তিনিওজনীয়েই কলেজ এৰিলোঁ। কৰ্মসংস্থান বা সংসাৰৰ নতুন দায়িত্বৰ সূত্ৰে তিনিওজনী পৃথিবীৰ তিনিটা কোণত আজি প্ৰায় প্ৰতিস্থিত। ৰিয়া নুমলীগড়ত, ৰীমা চিডনীত আৰু মই ত্ৰিভূজটোৰ আনটি কোণত। ইজনীয়ে সিজনীৰ সুখ-দুখত আগৰ দৰে অবশ্যে সময়মতে লগৰী হোৱাৰ দিনবোৰ হেৰাই গ’ল। নিজৰ ৰুমালেৰে আনজনীৰ চকুপানী মচিব নোৱাৰিলেও বা এজনীৰ চামুচেৰে সিজনীৰ প্লেটৰ পৰা খাব নোৱাৰিলে কি হ’ল, ইণ্টাৰনেটৰ আশীৰ্বাদত আমাৰ সম্বন্ধটো ক্ৰমাৎ হেৰাই যোৱাৰ পৰা ঘূৰি আহিবলৈ ধৰিলে।

“ঐ গম পালিনে নাই ৰিয়াৰ ছোৱালী এজনী হ’ল নহয়?”

“অ’ হয় নেকি? অলপ আগতীয়া হ’ল নেকি? মই আকৌ দুমাহমান তাইৰ একো খবৰেই ল’ব পৰা নাই অ’। সব ঠিকে ঠিকে হৈ গ’লনে?”

“দুসপ্তাহ মানেই হ’ল। ক’ত আমাৰ ইয়াত নৰ্মেল হ’ব আৰু আগৰ দৰেই আকৌ অপাৰেচন কৰিবলগীয়া হ’ল।”

পিছতখবৰ লৈ গম পালোঁ ৰিয়াক ডাক্টৰগৰাকীয়ে আগতীয়াকৈ তাৰিখ এটা দি থৈছিল হস্পিতাললৈ আহিবলৈ। সেই তাৰিখটো আচল দেলিভাৰী দেটতকৈ দুসপ্তাহ আগত। কাৰণ তাৰ পিছত প্ৰায় তিনি সপ্তাহলৈ ডাক্টৰগৰাকী নাথাকে গতিকে অপাৰেচনৰ তাৰিখটোও তেখেতৰ সুবিধামতে লোৱা হ’ল। শেষৰফালে ৰিয়ায়ো ডাক্টৰ সলাব নুখুজিলে, এতিয়ালৈকে সকলো ঠিকে থাকিলেও নতুন ডাক্টৰে কিজানি তাইৰ কেচটো ভালদৰে বুজি নেপায়!

হস্পিতাললৈ অহাৰ সময়ত ৰিয়াৰ হেনো সকলো ঠিকেই আছিল। চল্লিশ সপ্তাহৰ হিচাপ এটাৰ পৰা সাধাৰণতে কেইদিনমান ইফাল সিফাল হ’লে বিশেষএকো অসুবিধা নহয় বুলি কয়। কিন্তু আগতীয়াকৈ শিশুক জন্ম দিয়াব খুজিলে কেতিয়াবা কিছুমান অসুবিধাও হয়। যেনে, মাকৰ প্ৰাকৃতিকভাবে প্ৰসব বেদনা আৰম্ভ নহ’বও পাৰে আৰু বাহ্যিক ঔষধ প্ৰয়োগৰ দ্বাৰা সময়তকৈ আগতে তেনে অৱস্থালৈ মাকক আনিবলৈ হ’লেও মাকৰ লগতে শিশুৰ অনেক কষ্ট হ’ব পাৰে। ৰিয়াৰ ক্ষেত্ৰত প্ৰায় তেনেকুৱাই অৱস্থা এটা হ’বৰ উপক্ৰম হৈছিল হেনো। পিছে প্ৰাকৃতিক ভাবে মাক আৰু সন্তান দুয়ো প্ৰস্তুত নোহোৱাৰ বাবে তাইক হস্পিতাললৈ অহাৰ পিছতেই অপাৰেচনৰ বাবে সাজু কৰা হ’ল। কিন্তু ৰিয়াৰ কথাৰ পৰা এনে লাগিল কোনেও যেন ৰিস্ক ল’ব খোজা নাছিল – অৰ্থাৎ অপাৰেচন কৰাটোহে নৰ্মেল হ’ব বুলি সকলোৰে যেন এটা বিশ্বাসত পৰিণত হৈছে। কিন্তু কিয়? ভগৱান সৃষ্ট প্ৰাকৃতিকভাবে শিশুৰ জন্মৰ প্ৰক্ৰিয়াটোতনো সমস্যা কিহৰ যদিহে মাক-শিশুৰ কোনো অপ্ৰাকৃতিকগত দু:শ্চিন্তা বিশেষ একো দেখা নেযায়? সচৰাচৰ শুনা থাইৰয়েদ, ডায়েবেটিচ, অতিৰিক্ত বা লগাতকৈ কম ওজন, কম টোপনিত ভোগা, খাবলৈ বিশেষ মন নোযোৱা, আনকি আইৰণজাতীয় মিনেৰেলৰ অভাৱ ধৰণৰ কোনো সমস্যাই আচলতে তাইৰ এইবাৰ হোৱা নাছিল। আনকি প্ৰেচাৰ, শিশুৰ হাৰ্ট-বিটকে ধৰি সকলোবোৰেই হস্পিতালত ভৰ্তি কৰাৰ সময়লৈকে সম্পূৰ্ণ ঠিকে আছিল। হয়তো দুই সপ্তাহৰ ভিতৰত যিকোনো সময়তে যেতিয়াই প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰি দিয়া সময় চমু চাপিলহেঁতেন তেতিয়াই স্বাভাৱিকভাবে শিশুটিয়ে জন্ম লভিলহেঁতেন। কিন্তু শিশুটিক কেইদিনমানৰ আগতেই নিমন্ত্ৰণ কৰা হ’ল কাৰণ তেনেকৈয়ে সকলোৰে সুবিধা হ’ল!

ৰিয়াক সুধিলো, সেইটো সিদ্ধান্ত জানো ঠিক আছিল! কাৰণ মোৰ ক্ষুদ্ৰ জ্ঞানেৰে ইয়াকেই ভাবি পাইছিলোঁ যে প্ৰাকৃতিকভাবে জন্ম হোৱা শিশুৰ শৰীৰে জীৱন-যুদ্ধৰ কাৰণে প্ৰথম শিক্ষাটোৱো পায় ইয়াৰ দ্বাৰাই। ভাবিছিলোঁ এই প্ৰক্ৰিয়াৰ আৰম্ভণিতে কিছু অসুবিধা দেখা পালেহে অপাৰেচন কৰিব লাগে।

ৰিয়াৰ প্ৰথম সন্তানো তেনেদৰেই অপাৰেচনৰ যোগেদি জন্ম হোৱা। তাই সন্তান ধাৰণৰ গোটেই সময়ছোৱাত অনেক কিতাপ-পত্ৰ পঢ়িছিল, অনলাইন আলোচনী আৰু কিছুমান ৱেবচাইট; যেনে, আইভিলেজ ডটকম, বেবীচেণ্টাৰ ডট কম আদিৰো নিয়মীয়া পাৰ্চনেলাইজদ নিউজলেটাৰবিলাক পঢ়িছিল। সেইবোৰৰ লিংক ময়ে তাইক দিছিলোঁ। মোলৈ এতিয়াও আহি থাকে নিউজলেটাৰবোৰ। ইমান যে অনুপ্ৰেৰণামূলক! বিদেশত অকলে অকলে গোটেই প্ৰক্ৰিয়াটোৰ মাজেদি যাওঁতে এয়াই আছিল মোৰ কিবা জনাৰ উৎস। মাহঁত হেজাৰ মাইল দূৰত আছিল – মাই সদায় দুখ কৰিছিল এই সময়ত তোৰ ওচৰত কোনোবা থাকিব লাগিছিল। কিন্তু মাক ওলোটাই কওঁ, এইফালে এনেকৈয়ে ক’তই দেখোন কিমান কি কৰা নাই! ৰিয়াই যিয়ে যেনেকৈ উপদেশ দিছিল সেইমতেই কৰিছিল। কোনোৱে কৈছিল, আনাৰস, অমিতা নাখাবা, নাখাইছিল তাই। কাফেইনযুক্ত খাদ্য, সীহ থাকিব পৰা কিছুমান বিশেষ চালানী মাছ আৰু সাগৰীয় মাছ সম্পূৰ্ণ বাদ দিছিল গোটেই সময়ছোৱাত। দৈনিক এঘণ্টা খোজ কাঢ়িছিল ৰাতিপুৱাই কলনীৰ ইমূৰৰ পৰা সিমূৰলৈ। কাৰণ খোজ কাঢ়িলে হেনো অপাৰেচন কৰিব নেলাগে, অতিৰিক্ত ওজনো নহয়। বাৰীৰ পিছফালৰ কচুৱনিৰ পৰা অনা কচুথোৰৰ আঞ্জা সপ্তাহত এদিন খাবলৈ পোৱাটো যে তাইৰ ভাগ্যই বুলিম মই। শাহুৱেকে তাইক সদায়েই কৈ আছিল ডাঙৰ বোৱাৰী দুজনীয়ে ঘৰতে হস্পিতালৰ মুখ নেদেখাকৈয়ে কেনেকৈ তিনিটা তিনিটা মুঠ ছটা ল’ৰাৰ জন্ম দিলে। ডাঙৰ বোৱাৰীয়েকে হেনো দুই নম্বৰটো জন্ম হোৱাৰ আগদিনা কোচত ডেৰবছৰীয়া প্ৰথম ল’ৰাটো বান্ধি ৰাতি ন বজালৈকে ঢেকী দিছিল। সেয়ে শেষলৈকে ভালদৰেই গৈছিল। আনকি যিদিনা ৰিয়াক হস্পিতাল লৈ যোৱা হৈছিল, কোনো আগতীয়া এপইণ্টমেণ্ট নোলোৱাকৈ তেতিয়াও তাই প্ৰায় নিশ্চিত আছিল তাইৰ নৰ্মেল ডেলিভাৰী হ’ব। কিন্তু বিধিৰ বিপাক। চাৰি ঘণ্টালৈকে ৰোৱাৰ পিছতেই বিশেষ অগ্ৰগতি নেদেখি ডাক্টৰে তাইক অপাৰেচন কৰিবলৈ সন্মতি বিচাৰে। ডাক্টৰৰ কথা মতে নকৰাৰ প্ৰশ্নই নুঠে। মনে মনে অলপ বেয়া লাগিছিল যদিও কণমানিজনীৰ আগমনত তাই সকলো পাহৰি গ’ল।

সেইদিনা ৰিয়াৰ লগত বহুত সময় কথা পাতিলোঁ। তাইৰ মেটাৰ্নিটী লীভ আৰু চাৰিমাহমান আছে। এই ছুটিবোৰো ঠাইভেদে, কোম্পেনীভেদে অদ্ভূতধৰণৰ। যদিও ছুটিৰ কাৰণটো একেই! সিহঁতৰ অয়ল কোম্পেনীত প্ৰায় চাৰে চাৰিমাহ মান পায়। মোৰ প্ৰথম সন্তান জন্ম হওঁতে য’ত আছিলোঁ তাত মাত্ৰ বাৰ সপ্তাহ দিয়ে তাকো বিনা দৰমহাৰ। আকৌ কানাডাৰ দৰে দেশত এবছৰ পৰ্যন্ত মেটাৰ্নিটী লীভ পায়। আমাৰ ইয়াত হয়তো প্ৰতি দহগৰাকী চাকৰিয়াল সদ্যমাতৃৰ ভিতৰত নগৰাকীয়েই ভাবে চাকৰি এৰি দিওঁ নেকি বুলি। কাৰণ বাখ্যা নিষ্প্ৰয়োজন। ৰিয়াৰ লগত এতিয়া এগৰাকী কামত সহায় কৰা মহিলা থাকে, তায়েই কেঁচুৱাৰ কাপোৰ-কানি ধোৱা, গা ধুওৱা ইত্যাদি কৰে। অপাৰেচন কৰা হেতু ৰিয়া এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। এইবাৰ শাহুৱেক লগতে আছে যদিও তেওঁলোকৰ হেনো সত্ৰীয়া কিছুমান নিয়ম আছে কেঁচুৱাৰ জন্মৰ এমাহলৈকে অশৌচ নেকি কিবা নিয়মহেতু তেখেতে এতিয়ালৈকে মাক আৰু কেঁচুৱাক স্পৰ্শ কৰা নাই। এমাহমানৰ পিছত এমুঠি প্ৰসাদ আগ কৰি, ৰিয়াই গা-পা ধুই শুচি হৈ তেখেতক মান ধৰিলেহে হেনো চুব পাৰিব! কথাষাৰ শুনি হাঁহিমেই নে কান্দিম ধৰিব নোৱাৰিলোঁ। তাইৰ প্ৰথম সন্তান জন্মৰ সময়ত তাইৰ মাক লগত আছিল, তেখেতো সত্ৰীয়া পৰিয়ালৰে কিন্তু জীয়েকৰ এনেকুৱাত তেখেতে কোনো নিয়ম মনা নাছিল, বনকৰা মানুহো ৰখা নাছিল সেইবাৰ। ৰিয়াৰ পতিদেৱ এজন ভাল মানুহ কিন্তু এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে গোটেই পৃথিৱী ঘূৰি ফুৰিব লাগে। শিশুটিৰ জন্মৰ দুদিন পিছতেই তেখেতে ক’ৰবাত গ’ল কাইলৈহে আহি পাবহি।

কেতিয়াবা ভাবোঁ, স্থান-কাল, সমাজ-সংস্কৃতিভেদে নিয়মবোৰ বেলেগ বেলেগ কিয় হয় বাৰু? মাতৃত্বৰ অভিজ্ঞতা যাৰ হৈছে, সেই মহিলাসকলে তেওঁলোকৰ এই কঠিনতম মুহূৰ্তত কি বিচাৰে কাক বিচাৰে বাৰু? সন্তানৰ বাবে পিতৃ আৰু মাতৃৰ স্থান একে হোৱা উচিত কিন্তু দেখা যায় মাতৃৰ একচেতীয়া দায়িত্ব হৈ পৰে। একেটাই নিয়ম প্ৰকৃতিৰ কিন্তু সমাজভেদে তাৰ লগত মানুহৰ আবেগ আৰু সম্পৰ্কৰ আকাশ-পাতাল বিভেদ! মনত পৰিল মোৰ প্ৰথম সন্তানৰ জন্মৰ কাহিনী। শিশুটি আমাৰ কোলালৈ অহাৰ এমাহমানৰ পাছত এখেতৰ বন্ধু এজনক এওঁ ফোনত কোৱা শুনিছিলোঁ, “তহঁতৰে ভাগ্য – ঘৰলৈ নতুন আলহী আহিছে, মিঠাইৰ দোকানলৈ যোৱাৰ বাদে তোৰনো আৰু কি কাম। মই কি কি কৰিলোঁ এদিন কম বাৰু” । মিছা নহয়। এইখন দেশত কোনোৱেই কাৰোৰে পৰা একো আশা নকৰাকৈ সকলো নিজে নিজেই পৰিচালনা কৰে।

৩১ ডিচেম্বৰ, ২০০৫ চন। আমেৰিকাৰ ভিতৰতে ঠাণ্ডা আটাইতকৈ বেছি পৰা বুলি জনাজাত মিনিয়াপলিচৰ প্ৰচণ্ড শীতৰ সময়। বতৰে বাৰুকৈয়ে শিক্ষা দি আছে। আমি বছৰৰ শেষৰফালে এটা ঘৰ কিনিছিলোঁ কাৰণ আমাৰ পৰিয়ালত সদস্যবৃদ্ধিৰ সময় সমাগত। একত্ৰিশ ডিচেম্বৰৰ দিনা এঘৰত ভাত খোৱাৰ নিমন্ত্ৰণো আছিল। কিন্তু নতুন ঘৰত বহুতো কাম থকাৰ কাৰণে আমি ভাবিলোঁ মোৰ প্ৰিয় দক্ষিণ-ভাৰতীয় ৰেষ্টুৰেণ্টখনতে নিশাৰ আহাৰ গ্ৰহণ কৰি সোনকালে শুই থাকিমগৈ। কিন্তু দুৰ্ভাগ্য যে সেইখন সিদিনা বন্ধ আছিল। পিছত শুনিছিলোঁ কৰ্ম-ভিছা নথকা লোকক বেআইনীভাবে তাত নিযুক্তি দিয়াৰ অপৰাধত সেইখনত তলা লাগিল। ৩১ তাৰিখ বুলি আন বহুতো দোকান পোহাৰ আনকি ৰেষ্টুৰেণ্টবোৰো সেইদিনা সোনকালেই বন্ধ হৈছিল। অথচ মোৰ তীব্ৰ আশা ক’ৰবাত দোচা এখন বা ৰুটি এখন খাবলৈ পোৱা হ’লে! নতুন ঘৰত সেই সৰঞ্জাম নাছিল তেতিয়ালৈকে। শেষত শুকান বিস্কুটজাতীয় কিবাকিবি খাই ভাগৰত শুই থাকিলোহি। ৰাতিপুৱা ঘৰলৈ ফোন লগালোঁ, নতুন  বছৰৰ শুভেচ্ছা দিবলৈ। দেউতাৰ কিডনী দুয়োটা বিকল হোৱাত সেই সময়ত তেখেতে ঘনাই ডায়েলাইছিচ কৰি আছিল। দেউতাই মোৰ লগত কথা পাতিবলৈ ইচ্ছা নকৰিলে সেইদিনা। দুদিনমানৰ আগতে ভাইটিয়ে জনাইছিল চিকিৎসকে আৰু ডায়েলাইছিচলৈ তেখেতক আনিব নেলাগে বুলিয়েই হেনো কৈ দিছে। আমাৰ সেই সময়ত গ্ৰীণ কাৰ্ড হোৱা নাছিল। গ্ৰীণ কাৰ্ড নেথাকিলে দেশৰ বাহিৰ হ’বলৈ এখন ট্ৰেভেল ডকুমেণ্ট লাগে সেইখন এক্সপায়াৰ হৈ আছিল বাবে তাৰ বাবে আকৌ আবেদন কৰিছিলোঁহে, আহি পোৱাই নাই নতুনখন। দেউতাৰ এই অৱস্থাত এবাৰ দেখা কৰি আহিবলৈ বৰ মন আছিল কিন্তু মোৰ চিকিৎসকে সেই মুহূৰ্তত বাৰ হেজাৰ মাইল উৰাজাহাজেদি ভ্ৰমণ কৰাটো একেবাৰতে না কৰিলে। ফলত ভগৱানক ধিয়াই থকাৰ বাবে আন উপায় নাছিল। ইতিমধ্যে নতুন ঘৰ লোৱাৰ বাবে প্ৰস্তুতি পুৰাদমে চলি আছিল, সেইবাৰৰ মাঘবিহুটো আমাৰ ঘৰতে পতাৰ বাবে স্থানীয় অসমীয়া পৰিয়ালকেইটিৰ লগত কথাও পাতিলোঁ বোলো বিহুও পাতিম, ঘৰ লোৱাও হ’ব, পৰিয়ালৰ সৰ্বাংগীন মংগলৰ বাবে এমুঠি প্ৰসাদৰো আয়োজন কৰিম।

জানুৱাৰীৰ সাত তাৰিখ, ২০০৬ চন। ৰাতিপুৱা মুখ-হাত ধুই উঠোঁতেই ঘৰৰ পৰা ভিনিদেউৱে এওঁলৈ ফোন কৰিলে। সেইদিনা সকলো মায়া মোহৰ অন্ত পেলাই ভাৰতীয় মান সময় আবেলি চাৰি বজাত দেউতাই আমাক এৰি থৈ গ’ল।

পৰিয়ালৰ প্ৰিয়জনক হেৰুৱাৰ বেদনা যাৰ হৈছে নুবুজালেও হ’ব সেয়া কেনে এক পৰিস্থিতি আছিল। ছমহীয়া জীৱন এটি দেহত আবুৰি লৈ তেনে পৰিস্থিতিতো যাতে ভাগি নপৰোঁ, যি গ’ল গ’লেই, আহিব ধৰাজনৰ কি দোষ জাতীয় মনোভাবেৰে দেউতাৰ খবৰ পোৱাৰ পিছদিনাই অফিচলৈও গ’লোঁ কিজানি কামৰ মাজত ডুব গৈ থাকিলে পাহৰিয়েই থাকোঁ। কাৰণ এষাৰ সান্তনাৰ বাণী শুনাবলৈয়ো ঘৰত কোনো নাই। এবাৰ মাৰ ওচৰলৈ যাবৰ বাবে মনটোৱে কান্দিয়েই আছিল কিন্তু সেয়া আছিল অসম্ভৱ।

কিবা এটা অজান কাৰণত নে দুখতেই নাজানো দেউতা ঢুকোৱাৰ খবৰ পোৱাৰ দিন ধৰি মোৰ ভালকৈ ৰাতি টোপনি অহা নাছিল। অফিচতে দিনটো কটাবলগীয়া হোৱাৰ বাবে দুপৰীয়া এঘুমটি মৰাৰ প্ৰশ্নই নাছিল। চিকিৎসকক কথাটো কওঁতে তেখেতে বুজালে টোপনি অহাটো সেইসময়ত কিমান জৰুৰী – যিকোনো উপায়েৰেই হওক। আনকি তেখেতে শ্লিপিং টেবলেট কিছুমানো লিখি দিলে। পেছাত চিকিৎসক মোৰ অসমীয়া বান্ধবীকেইগৰাকীমানে কিন্তু কথাটো শুনিয়েই সেই দৰব নেখাবলৈ দঢ়াই দঢ়াই ক’লে। ফলত দৰব নেখালোঁ যদিও ক্ৰমে ৰাতি অলপ অলপ প্ৰায় দুই এঘণ্টামান টোপনি অহা হ’ল, হয়তো লাহে লাহে পৰিস্থিতিৰ লগত খাপ খাবলৈ কৰা অহৰহ প্ৰচেষ্টাই কিছু কামত দিছিল। বিচনাত টোপনি একেবাৰে নাহে বাবে মাজে মাজে ড্ৰয়িংৰূমৰ চোফাতে কলমটিয়াবলৈ চেষ্টা কৰিছিলোঁ।

দেউতাৰ খবৰটো পোৱাৰ পৰা চাওঁতে চাওঁতে প্ৰায় ডেৰমাহ পাৰ হ’ল। বহুতখিনি সহজ হৈছিলোঁ তেতিয়ালৈ। বৃহস্পতিবাৰ আছিল সিদিনা। গোটেই ৰাতি চোফাতে পৰি আছিলোঁ। ৰাতি ভালদৰে টোপনি হোৱা নাছিল কিয় নাজানো। কিবা এটা অশান্তিয়ে যেন মনটো আমনি কৰি আছিল। দেউতালৈ মনত পৰি তেতিয়াও মাজে মাজে ৰাতি মনে মনে উচুপি থকাটো মোৰ নিত্য-নৈমত্তিক ঘটনা হৈ পৰিছিল। আৰু তেনে কৰিলেই প্ৰায়েই টোপনি ভালদৰে নহয়। কাহিলীপুৱাতে এক অনাকাংক্ষিত কাৰণত হস্পিতাললৈ ফোন কৰিবলগীয়া হ’ল। কিবা বুজি পোৱাৰ আগেয়েই হস্পিতাল কৰ্তৃপক্ষই লক্ষণবোৰ শুনি ততালিকে মাতি পঠিয়ালে। আচল তাৰিখটোলৈ তেতিয়াও ছয় সপ্তাহৰো বেছি সময় বাকী। গতিকে ভাবিছিলোঁ হয়তো অলপ পৰীক্ষা কৰি ঘৰলৈ পঠিয়াই দিব। ৰাষ্টাৰ পৰাই অফিচৰ বছলৈ ফোন কৰিলোঁ, মোৰ ডাইৰেক্টৰগৰাকী আছিল দুটা চফল ডেকাৰ এগৰাকী সফল মাতৃ। লক্ষণবোৰ সোধাত ক’লোঁ। তেখেতে কিবা বুজিলে বোধহয়। লগে লগেই চিন্তা কৰিবলৈ মানা কৰি ইতিমধ্যে মোৰ কামবোৰ টীমৰ বাকীবোৰক ভগাই দিয়াৰ আশ্বাস দিলে। তাৰ পিছৰ সপ্তাহত হস্পিতালত নতুন পেৰেণ্টচৰ বাবে থকা ক্লাচ এটা বুক কৰি থৈছিলোঁ কিন্তু সেয়া ল’বলৈকে নহ’ল। আহি পোৱাৰ লগে লগে হস্পিটেলত মোক এডমিটেই কৰি দিলে, লৰচৰ কৰিব নোৱাৰাকৈ একেখন বেডত পৰি থাকিলোঁ চাৰিদিন। এই চাৰিদিনৰ প্ৰতিটো ক্ষণেই গোটেই জীৱনলৈ মনত থাকিব। নানান ইঞ্জেকচন, দৰব আদিৰ মেৰপাকত সোমাই থাকি, এফালে চেলাইন আৰু আনফালে কেথাটাৰৰ মাজত আবদ্ধ হৈ কটালোঁ দিনকেইটা। পানী আৰু লঘূ ফলৰ ৰসৰ বাদে আন একো খাবলৈ নিদিছিল। দিন-ৰাতি একাকাৰ কৰি মাথোঁ চাই থাকোঁ বেবীৰ হাৰ্টবীট মনিটৰটোলৈ চকুৰ পতা নজপোৱাকৈ। তৃতীয় দিনালৈকে কোনো বাহ্যিক দৰব আৰু কৌশলেও আনিব পৰা নাছিল প্ৰাকৃতিক বেদনা। তথাপিও চিকিৎসকসকলে এৰি দিয়া নাছিল চিজাৰিয়ান নকৰে বোলে, নৰ্মেল ডেলিভাৰীয়েই কৰাব। তৃতীয় দিনালৈ শিশুৰ হাৰ্টবীট মাজে মাজে কমি একেবাৰে নোহোৱা হৈ যায় আকৌ উঠি আহে, আকৌ নামে, শূন্য হৈ যায় আকৌ উঠে… মণিটৰত গ্ৰাফডালৰ তেনেকুৱা অৱস্থা আৰু বীটবোৰৰ কম্পনাংকৰ তাৰতম্যবোৰ দেখি পাগলৰ দৰে হৈ পৰিছিলোঁ। মাজৰাতি নাৰ্চ আৰু ডাক্টৰে আহি চাই গ’ল বাৰে বাৰে। তেওঁলোকে আচলতে লেবাৰৰুমৰ বাহিৰত সকলো সময়তে কম্পিউটাৰত চাই থাকে। এবাৰ নাৰ্চ এগৰাকী আহি চহী এটা লৈ গ’ল আৰু অপাৰেচনৰ বাবে যিকোনো সময়তে সাজু হৈ থাকিবলৈ ক’লে। ভগৱানক প্ৰাৰ্থনা কৰাৰ বাদে আন উপায় নাছিল…এগৰাকী নাৰ্চ তেতিয়ালৈ মোৰ বান্ধবীৰ দৰে হৈ পৰিছিল, তেওঁ এপাকত কৈ গ’ল যে অপাৰেচন কৰিলে খৰচটো বেছি হয় আৰু বীমা পলিচী প্ৰভাইডাৰে অনেক প্ৰশ্ন কৰে কিয় অপাৰেচন কৰিবলগীয়া হ’ল! প্ৰকৃতাৰ্থত বীমা কোম্পেনীয়ে অতিৰিক্ত খৰচ বহন কৰিব নোখোজে আৰু কৈফিয়ৎ বিচাৰে। সেয়ে হস্পিতালত তেওঁলোকে যিমান দূৰ সম্ভব নৰ্মেল ডেলিভাৰীয়েই কৰায় লাগিলে মাক-কেঁচুৱাৰ অলপ অসুবিধাই হওক, উপায় নাই। এই সকলো উৎকণ্ঠা আৰু ভাগৰৰ মাজেদি দেওবাৰৰ দিনা দুপৰীয়া চাৰে বাৰ বজাত এটি অকণমানি দেৱশিশুৱে জনম লভি মোৰ কোলাত কান্দিলেহি, অপাৰেচন নোহোৱাকৈ সকলোখিনি সুকলমে হৈ গ’ল যদিও অপৈণত শৰীৰৰ কণমানি দেহাটিক বহুতো পৰীক্ষা নিৰীক্ষা কৰিব লগীয়া হ’ল সময়ৰ বহুত আগতেই আহি পোৱাৰ বাবে। সকলো সময়তে শুই থকা কণমানিজনীক এডাল ড্ৰপাৰেৰে এটোপ দুটোপকৈ খাবলৈ দিছিলোঁ প্ৰায় দুসপ্তাহলৈকে। তাৰ পিছৰ পৰা এইখিনি আজি কেনেকৈ আহি পাইছোঁ সেয়াও অন্য দীঘলীয়া কাহিনী। এই গোটেই সময়ছোৱাত লগত আছিল মোৰ সন্তানৰ দেউতাকজন। আনকি ডেলিভাৰীৰ সময়ত এগৰাকী নাৰ্চৰ দৰেই সমানেই কাম কৰিছিল তেখেতে লেবাৰৰুমত। ডাক্টৰে তেওঁলৈ কেঁচীখন আগবঢ়াই দিওঁতে আমি দুয়ো আচৰিত হৈছিলোঁ, ‘কি কৰিব লাগিব এতিয়া’ বুলি। কেঁচুৱাৰ জন্মৰ পিছতে মাতৃৰ সৈতে সংযোগ থকা নাড়ীডাল হেনো বাপেকবোৰে কটাটো নিয়ম! মিনিয়াপলিচৰ মাইনাচ চল্লিশ ডিগ্ৰী ফাৰেনহাইটৰ আবেলি তেখেত ওলাই গ’ল অলপ খাদ্য আনিবলৈ, গাড়ীত তেল ভৰাবলৈ, ঘৰখন অলপ চাফ-চিকুণ কৰি আহিবলৈ। চাৰিদিন তেওঁৱো বিশেষ একো খোৱা নাছিল। ওচৰৰ অসমীয়া পৰিয়ালকেইটাকো খবৰ দিয়া হোৱা নাছিল এই ঠাণ্ডাত কেনেকৈনো ওলাই আহিব বুলি।

ৰিয়াই যেতিয়া কৈছিল তাইৰ জীৱনৰ কঠিন সময়চোৱাত তাইৰ মানুহজনেই লগত দুয়োবাৰ নাছিল দুখ লাগিছিল তাইলৈ। নিজৰ মানুহজন সকলো সময়তে থকাটো কিমান যে প্ৰয়োজন। আমাৰ চিকিৎসকে কিন্তু সদায়েই প্ৰথমটো চেক-আপৰ পৰাই এখেতক লগত আহিবলৈ কৈছিল। আনকি মাজৰ সময়চোৱাত নিয়মীয়া চেক-আপৰ বাবে গ’লে মই অকলে যাব খুজিলেও ডাক্টৰৰ গালি খোৱাৰ ভয়তে এখেতেও গৈছিল প্ৰতিবাৰেই। মোক যিমান উপদেশ দিছিল তাতকৈ বেছি পাঠ পঢ়াইছিল তেখেতকহে। তেওঁলোকৰ মতে পিতৃয়েও বুজি পোৱা উচিত কি পৰিবৰ্তনৰ মাজেদি মাতৃগৰাকীয়ে গৈ আছে, সন্তান জন্ম হোৱাৰ প্ৰক্ৰিয়াটো হেনো কেৱল মাতৃৰে দায়িত্ব নহয়, প্ৰতিটো মুহূৰ্তৰ অভিজ্ঞতাৰে সৈতে জীয়া সম্বন্ধ এটি গঢ় দিবলৈ হ’লে পিতৃয়েও সমান দায়িত্ব পালন কৰিবই লাগিব।

তেতিয়া মোৰ চাকৰিটো প্ৰায় নতুন আছিল। নতুন কোম্পেনীৰ গ্ৰুপ বীমা পলিচীটো লোৱাও এবছৰ হোৱা নাছিল বাবে কিছুমান সুবিধা পোৱা নাছিলোঁ, তেনেকুৱা হ’লে ‘কব্ৰা’ত যোৱা বুলি কয় ইয়াত। কব্ৰাত গ’লে বীমা পলিচীটো একে থাকে কিন্তু প্ৰিমিয়াম সম্পূৰ্ণ নিজৰ পকেটৰ পৰা যায়।  প্ৰায় এসপ্তাহ হস্পিতালত থকাৰ বাবে খৰচো বহুত হৈছিল আৰু ইঞ্চিউৰেন্সে সিংহভাগেই আদায় দিয়া নাছিল। ছুটি পাইছিলোঁ যদিও সেইসময়খিনিত দৰমহা পোৱা নাছিলোঁ। সেয়েহে বাৰ সপ্তাহৰ সৰ্বাধিক ছুটিকণ উপভোগ কৰি অফিচত জইন কৰিছিলোঁ যাতে অনতিপলমে বীমা পলিচীটো নিয়মীয়া হয় আৰু চাকৰিটোও অক্ষুণ্ণ থাকে। বাৰসপ্তাহৰ পিছতেই কণমানিজনীক অফিচৰ ওচৰত এখন ডে’কেয়াৰত থৈ যাওঁ দিনতীয়াকৈ। উপায়ো নাছিল। এনেদৰেই নানান সমস্যাৰ মাজেদিয়েই তাই ডাঙৰ হৈ আহিছিল, তাইৰ মুখলৈ চাই প্ৰতিটো দিনেই ভাবোঁ চাকৰিটো এৰি দিওঁ নেকি বুলি। তাইৰ প্ৰতি এক অন্যায় কৰাৰ অপৰাধত জ্বলি পুৰি মৰিছিলোঁ দৈনিক। কিন্তু বেয়াদিনবোৰ ইতিমধ্যেই পাৰ হৈ গ’ল জাতীয় সান্তনাবাণী যেন কাণত বাজি থাকিছিল অনবৰতে।

ৰীমাৰ লগত তাইৰ শহুৰ-শাহু প্ৰথমৰ পৰাই আছে বাবে তাইৰ আহুকাল একো হোৱা নাছিল। ৰিয়ালৈহে দুখ লাগে। তাইৰ একমাত্ৰ বায়েকৰ কঠিন সময়চোৱাত হেনো আকৌ ভিনিয়েকে ঘৰত থাকিও একো কৰা নাছিল, কাৰণ সেইটোৱেই হেনো আছিল নিয়ম। কেকোজেকোকৈ অনেক কষ্টৰ মাজতো বায়েকেই গোটেইখিনি চম্ভালিছিল প্ৰথম এসপ্তাহলৈকে। তাৰ পিছত কিবাকৈ ছুটি অলপ ঠিক কৰি ৰিয়া গৈছিল সহায়ৰ হাত আগবঢ়াবলৈ। প্ৰায় তিনিসপ্তাহমান থাকি সহায় কৰিবলৈ মানুহ এগৰাকী ঠিক কৰি দি গুচি আহিছিল। আগৰ দিনত, মাহঁতৰ দিনত আৰু তাতোকৈয়ো আগতে তিৰোতাসকলৰ আৰু ভয়ানক দিন আছিল। মাই কোৱামতে, সেই সময়ত ঘৰৰ মতামানুহবোৰ ঘৰৰ পৰা ওলাই যায়, চাব নেপায় বুলি। আৰু মাক হ’বলৈ লোৱা তিৰোতাগৰাকীক ৰছী এডাল খুটা এটাত ওপৰৰ ফালে বান্ধি দি টানি থাকিবলৈ দিয়া হয়, যাতে কষ্টখিনি সহ্য কৰিব পাৰে। সময় সমাগত হ’লে আন তিৰোতাকেইগৰাকীমান আহি সহায় কৰেহি কামখিনি শেষ কৰাত। সেয়া পুৰণি দিনৰ কথা। কিন্তু এতিয়া বিজ্ঞানৰ যুগ। সন্তান জন্ম দিবলৈ মাতৃসকল চিকিৎসালয়লৈ ঠিকেই দৌৰিছে বা তেওঁলোকক দৌৰোৱা হৈছে, কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় আমাৰ সমাজত পিতৃৰ ভূমিকাৰ বিশেষ পৰিবৰ্তন হোৱা নাই। আচৰিত লাগে, যিখিনি গুৰুত্বপূৰ্ণ সময়ত পিতৃৰ দায়িত্ব আটাইতকৈ বেছি হোৱাৰ আবশ্যক সেই সময়খিনিতে তেওঁলোক আঁতৰি থাকে। সমাজেও বুজিবৰ হ’ল, চিকিৎসকসকলেও বুজাবৰ হ’ল। সকলোকে কোৱা নাই কিন্তু আশাকৰো ৰিয়াৰ নিচিনা হেজাৰজনী মাতৃৰ দায়িত্ব আৰু মনৰ বাতৰি ল’বলৈ ব্যস্ত বা আন অজুহাতত আঁতৰি থকা পতিসকলে এদিন ইয়াৰ গুৰুত্ব বুজিব। আশাইতো জীৱনৰ সঞ্জীবনী সুধা, জীৱনৰ অন্য এটি নাম।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!