অপৰম্পৰাগত শক্তি : বায়ু শক্তি আহৰণৰ বিষয়ে যৎকিঞ্চিত (হিতেন্দ্র কুমাৰ শৰ্মা)

অপৰম্পৰাগত শক্তি (non-conventional energy sources) বুলিলে সাধাৰণতে সেইবিলাক শক্তিৰ উৎসকে বুজা যায় যিবিলাক উৎসৰ পৰা শক্তি আহৰণৰ পুৰণি পৰম্পৰা নাই | আমি পৰম্পৰাগতভাবে কয়্লা, পেট্ৰ’লীয়াম, নিউক্লীয় শক্তি (এইটো শক্তি উৎসও তুলনামুলকভাবে নতুন) আদিৰ পৰাহে শক্তি আহৰণ কৰো ।কিন্তু এইবিলাক শক্তিৰ উৎসবোৰ সীমিত ।বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে নতুন নতুন প্ৰাকৃতিক উৎসৰ পৰা শক্তি আহৰণৰ বিকল্প বিচাৰি উলিওৱা হ’ল যেনে- বায়ু শক্তি, সৌৰ শক্তি, বায়’মাছ শক্তি, জোৱাৰীয় শক্তি (tidal energy) ইত্যাদি ।এইশ্ৰেণীৰ শক্তিসমুহক আন এটা নামেৰেও জনা যায়- নবীকৰণযোগ্য শক্তি (renewable energy), কাৰণ এইবিলাক শক্তিৰ শ্ৰোত অসীম

মই সদ্যহতে বায়ু শক্তি (wind energy) খণ্ডটোৰ লগত জৰিত থকা হেতুকে মোৰ সীমিত জ্ঞানেৰে এই বিষয়ে যত্কিঞ্চিত আলোচনা কৰিম । বৰ বেছি গভীৰতালৈ নগৈ অলপ সম্যক তথ্য দিয়াহে এই লেখাৰ উদ্দেশ্য ।

বায়ু শক্তিৰ পৰা বিদ্যুত শক্তি উৎপাদন কৰা যন্ত্ৰটোক কাৰিকৰী ভাষাত wind turbine, wind energy converter বা সহজ ভাষাত wind mill বুলি কোৱা যায় ।ইয়াৰ সঠিক অসমীয়া প্ৰতিশব্দৰ অভাবত ওপৰোক্ত শব্দ কেইটাকে ব্যবহাৰ কৰিম । এটা ৱিন্দ মিলৰ কেবাটাও গুৰুত্বপুৰ্ণ অংশ থাকে- জেনেৰেটৰ (এইটো বায়ু শক্তিৰ পৰা বিদ্যুত উৎপন্ন কৰা মুখ্য অংশ ), হাব (Hub, ইয়াত মিলটোৰ তিনিওখন ব্লেড বা পাংখা জেনেৰেটৰৰ লগত সংযোজিত হয়), নেচেল (nacelle, ই গোটেই তন্ত্ৰটোক আবৰি থাকে), ব্লেড বা পাংখা (blade,ই এটা টাৰ্বাইনৰ আটাইত্কৈ স্পৰ্শকাতৰ,গুৰুত্ব্পুৰ্ণ আৰু জটিল অংশ ) আৰু টাৱাৰ বা স্তম্ভ (tower, ই গোটেই ৱিন্দ মিলটোক এটা নিৰ্দ্দিষ্ট উচ্চতাত ধৰি ৰাখে)। বিভিন্ন কাৰিকৰী দিশৰ প্ৰতি লক্ষ্য ৰাখি একোটা স্তম্ভ তীখা (steel) অথবা কংক্ৰিটেৰেও বনোৱা হ’ব পাৰে । একোটা ৱিন্দ মিলৰ উচ্চ্তা আৰু ইয়াৰ ব্লেডৰ দৈৰ্ঘ্য কিমান হ’ব সেয়া নিৰ্ভৰ কৰে মিলটো স্থাপিত কৰা ঠাইখনত বায়ুৰ গতিবেগ কিমান আৰু কিমান উচ্চতাত প্ৰয়োজনীয় বায়ুৰ গতিবেগ পোৱা যায় তাৰ ওপৰত ।বায়ুৰ গতিবেগ আৰু বছৰটোৰ ভিতৰত প্ৰয়োজনীয় বেগৰ বায়ুৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি বায়ু শক্তি উদ্যান (wind park/wind farm/wind site) সমুহ A,B অথবা C ক্লাছ্ত বিভক্ত কৰা হৈছে । A ক্লাছ উদ্যান সমুহত উচ্চ মানদণ্ডৰ বায়ু বছৰটোৰ বেছিভাগ সময়ৰ কাৰণে পোৱা যায় ।কেতিয়াবা ৱিন্দ টাৰবাইন সমুহো A, B বা class 1,2..4 আদি ভাগত বিভক্ত কৰা দেখা যায় । বৰ্ত্তমান ভাৰতত ৬-৭ খনমান ৰাজ্যতহে এইটো শক্তি উৎসই উল্লেখযোগ্য পৰিমানে শক্তি আহৰণত অৰিহণা যোগাইছে ।

তামিলনাডু,কৰ্নাটক,অন্ধ্ৰপ্ৰদেশ,গুজৰাট,মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশ- এইকেইখন ৰাজ্যত বায়ু শক্তিয়ে ৰাজ্যৰ আৰু লগতে দেশৰ শক্তি প্ৰয়োজনৰ আপুৰ্তিত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে । ইয়াৰ মুখ্য কাৰণ হৈছে এই কেইখন ৰাজ্যত প্ৰচুৰ পৰিমানে শক্তি উৎপাদনযোগ্য বায়ুৰ উপস্থিতি । ৰাজস্থানৰ বিস্তীৰ্ণ মৰুভুমি, গুজৰাট, তামিলনাডু কৰ্নাটক, অন্ধ্ৰৰ সাগৰীয় উপকুল আৰু তটীয় অঞ্চল, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ খোলা মালভুমি আৰু উদং পাহাৰ সমুহত শক্তি উৎপাদনযোগ্য বায়ুৰ উপস্থিতি প্ৰ্চুৰ ।সেয়েহে ভাৰতৰ বেছিভাগ বায়ুশক্তি উদ্যান এইকেইটা অঞ্চলতে সীমাবদ্ধ । কিন্তু লাহে লাহে বায়ুশক্তিৰ বাবে উৰ্বৰ এই অঞ্চলবোৰ পৰিপুৰণ হৈ অহা বাবে অন্য কম বতাহ যুক্ত C ক্লাছ ঠাইবোৰ বায়ু শক্তি উদ্যান হিছাপে গঢ়ি তোলাৰ চেষ্টা কৰা হ’ব ধৰিছে । ইয়াৰ বাবে ব্লেডৰ দৈৰ্ঘ্য আৰু টাৱাৰৰ উচ্চতা তুলনামুলক ভাবে বেছি হ’ব । যেনে ধৰক, ১.৫ মেগৱাট শক্তিৰ এটা টাৰবাইনৰ ব্লেডৰ দৈৰ্ঘ্য সাধাৰণতে ৪০ মিটাৰ মান হয় আৰু টাৱাৰৰ উচ্চতা ৭০-৭৫ মিটাৰ মান হয়, কিন্তু C ক্লাছ কম বতাহ যুক্ত ঠাইত এই একে ক্ষমতাৰ টাৰবাইনৰ ব্লেডৰ দৈৰ্ঘ্য ৪৫ মিটাৰ আৰু টাৱাৰৰ উচ্চতা ৭৫-৮০ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে ।

বায়ুৰ গতি আৰু দিশ নিৰ্ণয়ৰ কাৰণে টাৰবাইনৰ ওপৰত (নেচেলৰ ওপৰত) ক্ৰমে এনিম’মিটাৰ আৰু ৱিন্দ ৱেন থাকে । টাৰ্বাইনত এনে ব্যবস্থা থাকে যে ৩ মি./ছে.ত্কৈ কম বেগৰ বায়ুত ই নচলে আৰু ১০-১২মি./ছে. বা ততোধিক বেগৰ ধুমুহা বতাহৰ সময়ত ইয়াত থকা চেঞ্চৰে (sensor) মেচিনটোক বন্ধ কৰি দিয়ে যাতে ই সাম্ভাব্য দুৰ্ঘটনা তথা ক্ষতিৰ পৰা ৰক্ষা পৰে । টাৰ্বাইনত থকা য়’ (yaw) আৰু পিচ্ (pitch) প্ৰযুক্তিৰ সহায়ত ক্ৰমে হাব্ (hub)টো আৰু ব্লেডকেইখন বতাহৰ দিশ সাপেক্ষে নিজৰ স্থান সলনি কৰি এক নিৰ্দ্দিষ্ট ডিগ্ৰীত ঘুৰিব পাৰে ।ইয়াৰ উদ্দেশ্য হ’ল যি পৰিমাণৰ বায়ু আছে তাৰ পৰা সৰ্বাধিক সাম্ভাব্য শক্তি উৎপাদন কৰা, যাতে বায়ু সম্পদৰ অপচয় নহয় ।

বায়ু শক্তি, সৌৰ শক্তি আদি অপৰম্পৰাগত শক্তিৰ বৃদ্ধিত উৎসাহ যোগাবৰ বাবে চৰকাৰে এই ক্ষেত্ৰত টেক্স ৰেহায়ৰ নীতি লৈছে । ৱিন্দ টাৰ্বাইনত নিজৰ আয়ৰ এটা অংশ বিনিয়োগ কৰা দেখালে সেই পৰিমাণৰ আয়ৰ বাবে কৰ ৰেহায়্ দিয়া যায় ।সেয়েহে বহুতো ব্যক্তি তথা অনুষ্ঠানে (যাৰ এই ক্ষেত্ৰত দুৰ দুৰণিলৈকে কোনো সম্পৰ্ক নাই ) নিজৰ আয়ৰ এটা অংশ ৱিন্দ টাৰবাইনত বিনিয়োগ কৰিছে, যেনে সচিন তেন্দুলকাৰ, ঐশ্বৰ্য্যা ৰাই বচ্চন, শ্বাহৰুখ খান, ৰিলায়েন্স, টাটা, ভাৰতীয় ষ্টেট বেংক আৰু বহুতো বৃহৎ অনুষ্ঠান ।এই ব্যৱসায়ত থকা প্রতিষ্ঠান সমুহকো চৰকাৰে চাবচিডি দিয়ে ।

ভাৰতত এতিয়ালৈকে ৬০০ কিলোৱাটৰ পৰা ২.১ মেগাৱাট পৰ্য্যন্ত ক্ষমতাৰ ৱিন্দ টাৰবাইন স্থাপিত (installed) হৈছে, যদিও ৫ মেগাৱাট পৰ্য্যন্ত ক্ষমতাৰ দৈত্যাকাৰ টাৰ্বাইন ইউৰোপৰ কিছুমান ঠাইত আৰু সাগৰৰ মাজত (offshore) স্থাপিত হৈছে ।ভাৰতত স্থাপিত টাৰ্বাইন সমুহৰ ব্লেডৰ দৈৰ্ঘ্য ২৫ মি.ৰ পৰা ৪৭ মি. পৰ্য্যন্ত (প্ৰায় আটাইবোৰ ডিজাইনৰ ব্লেড উৎপাদন (manufacturing)ৰ ক্ষেত্ৰত জৰিত থকাৰ সুযোগ পাইছো এতিয়ালৈকে ) ।এতিয়ালৈকে ভাৰতত নিৰ্মিত হোৱা প্ৰায় আটাইবোৰ টাৰ্বাইন আৰু ব্লেডৰ মুল ডিজাইন ইউৰোপীয়, সাধাৰণতে জাৰ্মান, ডাচ্চ, স্পেনিচ অথবা ডেনমাৰ্কৰ । ভাৰতৰ বিভিন্ন অনুস্থানৰ লগত কাৰিকৰী আৰু বাণিজ্যিক সহযোগিতা স্থাপন কৰি এই টাৰ্বাইনসমুহ নিৰ্মাণ কৰা হয় ।

টাৰ্বাইন স্থাপনৰ কাৰণে উপযুক্ত ঠাইৰ পৰ্য্যবেক্ষণ কৰোতে এবছৰ পৰ্য্যন্ত লাগি যায় । সাম্ভাব্য ঠাইখনত বায়ুৰ উপস্থিতি, বেগ, দিশ আদি শক্তি আহৰণৰ কাৰণে যথেষ্ট হয় নে নহ্য় সেয়া এবছৰ পৰ্য্যন্ত অধ্যয়ণ কৰা যায় । এইটো কাম প্রতিষ্ঠানটোৰ বায়ু সম্পদ গৱেষণা বিভাগে কৰে (wind resource research department)|

ওপৰত উল্লেখ কৰি অহা ৰাজ্যকেইখনৰ চৰকাৰে অপৰম্পৰাগত শক্তিক যথেষ্ট উৎসাহ দিয়ে । গুজৰাটত সৌৰশক্তিৰে ষ্ট্ৰীট্ লাইট জলোৱাৰ ব্যবস্থা কৰা হৈছে । কচ্চৰ ৰণ্ অঞ্চল (মৰু সদৃশ অঞ্চল, যত খেতি-বাতি নহয় আৰু বসতি পাতল)ত বিশাল সৌৰ আৰু বায়ু শক্তি উদ্যান স্থাপন কৰি সেই অনুৰ্বৰ বৰ্জিত অঞ্চলৰ সদ্ব্যহাৰ কৰিছে । এই ক্ষেত্ৰত তামিলনাডু আৰু গুজৰাট এক উদাহৰণ । আমাৰ অসমত বায়ু শক্তিৰ সম্ভাবনীয়তাৰ বিষয়ে এতিয়াও বিষদ গৱেষণা হোৱা নাই । অসম চৰকাৰে এই বিষয়ে চিন্তা-চৰ্চা কৰিলে নিশ্বয় কিছুমান গুৰুত্বপুৰ্ণ তথ্য পোৱা যাব । অসমত বায়ুৰ গতিবেগ কম আৰু খোলা অঞ্চল কম হ’লেও কম ক্ষমতাসম্পন্ন টাৰ্বাইনৰ দ্বাৰা শক্তি আহৰণৰ সম্ভাবনীয়তা নুই কৰিব নোৱাৰি । ইয়াৰ ফলত শক্তিখণ্ডৰ উত্থানৰ লগতে নিয়োগৰ সুযোগো বাঢ়িব ।সৌৰশক্তিৰ ক্ষেত্ৰতো একেটা কথাই খাতে ।অসমত ৰ’দৰ পৰিমাণ কম নহয় ।
পেট্ৰ’লিয়ামজাত ইন্ধনৰ পৰিমাণ কমি যোৱাৰ আৰু ইয়াৰ মুল্য আন্তৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পোৱাৰ ফলত অপৰম্পৰাগত শক্তিখণ্ডৰ গুৰুত্ব বৃদ্ধি হৈছে ।কিন্তু এতিয়াও ই বাল্য অবস্থাতে আছে । আশা কৰো অদুৰ ভবিষ্যতে এইবিধ ঈশ্বৰপ্রদত্ত নিৰ্মল শক্তিয়ে দেশৰ উন্নতি আৰু শক্তি প্ৰয়োজন আপুৰ্তিত উল্লেখযোগ্য বৰঙণি আগ বঢ়াব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!