অমৃতসম মাতৃদুগ্ধৰ বিষয়ে জানিবলগীয়া কিছু লাগতিয়াল কথা – ডা০ ভূপেন শইকীয়া

এজন অখ্যাত লোকৰ উক্তিমতে এটি শিশুৰ জন্মৰ লগে লগে এগৰাকী মাতৃৰো জন্ম হয়৷ সঁচাই মাতৃত্বৰ অনুভৱ হ’ল অনন্য৷ মাতৃত্বক পূৰ্ণতা প্ৰদান কৰে মাতৃৰ মমতাই৷ মমতাময়ী মাতৃয়ে নিজ সন্তানক স্তনপান কৰাই অবৰ্ণনীয় সুখানুভূতি অনুভৱ কৰে৷ এই নিৱন্ধত মাতৃদুগ্ধৰ উপকাৰিতা আৰু যিসকল মাতৃৰ দুগ্ধৰ পৰিমাণ কম তাৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম৷
সন্তানৰ ক্ষেত্ৰত স্তনপানৰ উপকাৰিতা সমূহ হ’ল নিম্নলিখিত ঃ –

• Sudden infant death syndrome (SIDS) হ’ল এটি স্বাস্থ্যজনিত পৰিঘটনা, য’ত কিছুমান শিশুৰ জন্মৰ এবছৰৰ ভিতৰত মৃত্যু ঘটা পৰিলক্ষিত হয়৷ ইয়াৰে ৯০ শতাংশ মৃত্যু ওপজাৰ ৬মাহৰ ভিতৰতে হয়৷ অনুমাণিক কাৰণসমূহৰ ভিতৰত মদ্যপান, ধপাত, নানান সংক্ৰমণ, অপৈণত বয়সত গৰ্ভধাৰণ, সন্তানৰ অযত্ন বিশেষকৈ মাতৃদুগ্ধৰ পৰা বঞ্চিত কৰা আৰু জেনেটিক কাৰণ অন্তৰ্নিহিত থাকিব পাৰে বুলি ভবা হৈছে৷ এতিয়া দেখা গৈছে যে মাতৃদুগ্ধৰ প্ৰয়োজনীতাৰ সপক্ষে জোৰদাৰ প্ৰচাৰ চলোৱাৰ ফলত আৰু মাতৃ সকলে ইয়াক গ্ৰহণ কৰিবলৈ লোৱাৰ ফলত এই SIDS ত মৃত্যুৰ হাৰ সন্তোষজনকভাবে হ্ৰাস পাইছে৷

• মাতৃদুগ্ধ পান কৰা শিশুৰ টাইপ-১ ডায়েবেটিজৰ সম্ভাৱনা হ্ৰাস
পায়৷

• এজমা আৰু আন শ্বাসজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস পায়৷

• একজিমা জাতীয় চৰ্মৰোগ হোৱাৰ সম্ভাৱনা কমে৷

• মাতৃদুগ্ধপান কৰা সন্তানৰ দাঁতৰ অসুখ কমকৈ হয়৷

• এনে শিশুৰ ডায়েৰিয়া কমকৈ হয়৷

• যি কোনো এলাৰ্জি, ফুড এলাৰ্জি কম পৰিমাণত হয়৷

• তথ্যমতে মাতৃদুগ্ধপান কৰা শিশুৰ লিউকেমিয়া হোৱাৰ সম্ভাৱনা ১৮শতাংশ হ্ৰাস পায়৷

• মাতৃদুগ্ধ পান কৰা শিশু পৰৱৰ্তী সময়ত মেদবহুলতাৰ চিকাৰ
নহয়৷

স্তনপান কৰোৱা মাতৃগৰাকীৰ ক্ষেত্ৰত হোৱা উপকাৰিতা সমূহ হ’ল :
• জৰায়ুৰ গৰ্ভৰ আগৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি যোৱাত সহায়ক হোৱা৷

• প্ৰসৱকালীন ৰক্তস্ৰাৱ বন্ধ হোৱাত সহায়ক হোৱা৷

• শৰীৰৰ ওজন গৰ্ভৰ পূৰ্বৰ কাললৈ ঘূৰি যোৱাত সহায়ক হোৱা৷

• বক্ষৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়৷

• এনে মাতৃৰ ডায়েবেটিজৰ সম্ভাৱনা কমে৷

• মানসিক ৰোগ যেনে ডিপ্ৰেচনৰ সম্ভাৱনা কমে৷

• বাত বিষ আৰু হৃদৰোগৰ সম্ভাৱনা কমে৷

• পৰৱৰ্তী গৰ্ভৰ সময় বিলম্ব হয় (Lactational Amenorrhoea )৷

• মানসিক পৰিতৃপ্তিৰ অনুভৱ৷

মাতৃদুগ্ধত কি কি তত্ত্ব থাকে?

প্ৰথম দুই বা তিনিদিন মাকৰ গাখীৰ হয় ডাঠ আৰু সোণালী-হালধীয়া বৰণৰ৷ এই গাখীৰক ফেঁহু বা ক’লষ্টাম (Colostrum) বোলে৷ এনে গাখীৰ কেঁচুৱাৰ বাবে অতি লাগতিয়াল৷ কিয়নো ইয়াত এণ্টিবডি ইমিউনোগ্লবিন-জি প্ৰচুৰ থাকে৷ এই ক’লষ্টাম পাক প্ৰণালীত ব্যাপ্ত হৈ পৰে আৰু শৰীৰৰ ইমিনিটি বঢ়ায়৷ ক’লষ্টামৰ প্ৰভাৱত কেঁচুৱাৰ পেটলৈ যোৱা মেকনিয়াম (মাতৃগৰ্ভৰ পৰা গিলা এমনিয়’টিক ফ্ল’ইড, পিত্তৰ ৰস আদি) ওলোৱাত সহায়ক হয়৷
৪৷ ৫দিনৰ পৰা মাতৃদুগ্ধৰ বৰণ আৰু প্ৰকৃতি সলনি হয়৷ ইয়াত থাকে প্ৰটিন, কাৰ্বোহাইড্ৰেট, ফেট, ভিটামিন, মিনাৰেল, এণ্টিবডি, হৰমোন আৰু লেক্টফেৰিন৷ লিভাৰত থকা কেঁচুৱাৰ জমা লৌহ পদাৰ্থ উদং হ’ব ধৰে৷ সেয়ে ৬মাহ বয়স হোৱাৰ পিছৰ পৰা কেঁচুৱাক মাকৰ গাখীৰৰ উপৰিও আন খাদ্য ক্ৰমশঃ যোগ দিয়া হয়৷

মাতৃদুগ্ধ কেনেকৈ নিৰ্গত হয়?

মহিলাৰ স্তন হ’ল চৰ্বিযুক্ত আৰু কনেক’টিভ কোষেৰে গঠিত গ্ৰন্থি৷ ইয়াত থকা এলভিঅ’লাইত হৰমোনৰ (অক্সিট’চিন আৰু প্ৰলেকটিন) প্ৰভাৱত গাখীৰ উৎপন্ন হয়৷ সেই গাখীৰ স্তনাগ্ৰ (Nipple) যোগেদি বাহিৰ হয়৷ স্তনাগ্ৰত ১৫৷ ২০টা সৰু সৰু ছিদ্ৰ থাকে৷ স্তনৰ অগ্ৰভাগত থকা Montgomery gland ৰ পৰা নিৰ্গত হোৱা এনজাইম হ’ল বেক্টেৰিয়াৰোধক৷

কেঁচুৱাক দুগ্ধপান কেনেকৈ কৰাব?

কোৱা হয় মাতৃ আৰু কেঁচুৱাৰ দেহৰ স্পৰ্শ কেংগাৰুৰ দৰে হ’ব লাগে৷ এই স্পৰ্শসুখ মাতৃ আৰু সন্তান উভয়ে অনুভৱ কৰে আৰু পৰস্পৰৰ মাজত এক অব্যক্ত বান্ধোন গঢ়লৈ উঠে৷ মাতৃয়ে লক্ষ্য কৰিব যাতে কেঁচুৱাৰ তলৰ ওঁঠটো চেপা খাই নাথাকে বৰঞ্চ দুয়োটা ওঁঠৰ ভিতৰত নিপলটো যাতে সোমাই থাকে৷

কেইটিমান লাগতিয়াল খুটি-নাতি কথা ঃ –

• কেঁচুৱাক প্ৰথম মাকৰ গাখীৰ ওপজাৰ পৰা এঘণ্টাৰ ভিতৰত অৱশ্যে কৰাব৷

• জন্মৰ পৰা ৬মাহলৈ মাতৃদুগ্ধৰ বাহিৰে আন একো নোখুৱাব৷ আনকি মৌজোল, চেনি পানীও নিদিব৷

• বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফ আদি সংস্থাই কেঁচুৱাৰ প্ৰথম ৬ মাহত মাতৃদুগ্ধৰ যি কোনো বিকল্পৰ সদায় বিৰোধিতা কৰি আহিছে৷

• কেঁচুৱাক দিনটোত ৮ৰ পৰা ১২বাৰ মাতৃদুগ্ধ পান কৰাব৷

• এবাৰত ১৫৷ ২০মিনিট কেঁচুৱাক স্তনপান কৰাব (স্তন সলাই সলাই)৷

কিছুমান মাতৃৰ কমকৈ দুগ্ধ উৎপন্ন হয়৷ যাৰ সম্ভাব্য কাৰণ হ’ল- ডিপ্ৰেচন, দুশ্চিন্তা, অনিদ্ৰা, আভোক, পুষ্টিকৰ খাদ্যৰ অভাব৷ খুব কম সংখকৰ হৰমোন জনিত কাৰণত মাতৃদুগ্ধ কম হব পাৰে৷

কম মাতৃদুগ্ধৰ চিকিৎসা ঃ –
আমাৰ অসমীয়া এটি পৰম্পৰা অতি প্ৰাচীন কালৰ পৰা চলি আহিছে৷ সেইটো হ’ল সদ্যপ্ৰসৱা মাতৃক কচু আঞ্জাৰ জালুকীয়া খুওৱা৷ মাগুৰ-কাৱৈ-শিঙৰাজাতীয় জীয়া মাছৰ নৰসিংহৰ জোলো মাতৃক দিয়া হয়৷ এইবিলাক খাদ্যৰ ঘাই উপকাৰিতা হ’ল মাতৃদুগ্ধৰ পৰিমাণ বঢ়োৱাত সহায় কৰা৷
আন আন অতি উপকাৰী খাদ্যৰ নাম তলত উল্লেখ কৰিলোঁ৷

• তুলসী+মৌজোল

• কেঁচা অমিতাৰ তৰকাৰী

• জাতিলাউ

• ছজিনা

• সৰিয়হ শাক

• নহৰু

• মেথি

• চফ

• জিৰা

• ডালচেনি

• ক’লাতিল

• গাজৰ

কি কি দৰব মাতৃদুগ্ধ বঢ়োৱাত সহায়ক হব পাৰে? (Galactagogue drugs)

১- ডমপেৰিডন (১০মিলিগ্ৰাম) – এটাকৈ দিনে ৩বাৰ ৩৷ ৪ সপ্তাহ খাব পাৰে৷ এবিধ সৰ্বাধিক প্ৰচলিত ঔষধ-বিশেষকৈ বমি ওকালি এচিডিটিৰ বাবে৷

২-মেটক্লপামাইড (এটা প্ৰচলিত ব্ৰেণ্ডৰ নাম হ’ল-ৰেগলান)৷ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাৰ হেতু কমকৈ ব্যৱহৃত৷

৩-চালপিৰাইড (Sulpiride) আৰু এনে কেইবিধমান মানসিক ৰোগত ব্যৱহৃত দৰবে মাতৃদুগ্ধৰ উৎপাদন বঢ়াব পাৰে৷ কিন্তু চিকিৎসকে ইয়াৰ ব্যৱহাৰত সম্ভাব্য পাৰ্শ্বক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷

(* উছৰ্গা – কেইবাগৰাকী মাতৃৰ অনুৰোধত এই নিবন্ধটো যুগুতালোঁ৷ সকলো নৱজাতকৰ জন্ম দিয়া মাতৃক অভিনন্দন জনাই এই লেখাটো সেই সৌভাগ্যবান মাতৃসকললৈ উছৰ্গা কৰিলোঁ৷
)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!