অর্ধ আকাশ (ময়ূৰ চেতিয়া)

অর্ধ আকাশ

ময়ূৰ চেতিয়া


 

২৬ বছৰীয়া আদর্শবান ডেকা ল’ৰা এজন। জীৱিকাৰ সন্ধানত তেওঁ অলপতে চহৰলৈ আহিছে। কৃষকৰ সন্তান লৰাজনৰ হৃদয়খন প্রায়েই জনগনৰ দুখ দুর্দশা দেখি চিন্তিত, ব্যাকুল হৈ উঠে। এনেতে তেওঁ শুনিলে, তেওঁৰ ওচৰ-চুবুৰীয়া ১৮ বছৰীয়া গাভৰু ছোৱালী এজনীয়ে আত্মহত্যা কৰিছে। খবৰ খাতি লৈ তেওঁ গম পালে – মাক দেউতাকে ছোৱালীজনীৰ ইচ্ছাৰ বিৰুদ্ধে তাইক কাৰোবালৈ বিয়া কৰাই দিব খুজিছিল। ল’ৰাজনে ভাবে– তেওঁকোতো কিছুদিনৰ আগতে মাক দেউতাকে অচিনাকী ছোৱালী এজনীৰ সৈতে বিয়া পাতি দিবলৈ বিচাৰিছিল ! মানুহৰ ব্যক্তি স্বাধীনতা খর্ব কৰা arranged marriage দৰে সামন্তীয় চিন্তা চর্চা সমূহৰ বিৰুদ্ধে ল’ৰাজনৰ মনটো ক্রমে বিদ্রোহী হৈ উঠে। আত্মহত্যা কৰা ছোৱালীজনীৰ সপক্ষে তেওঁ বাতৰি কাকতত পোন প্রথমবাৰৰ বাবে এটি লেখনী লিখে। তেওঁ যুক্তি দর্শাই যে আচলতে দোষ আত্মহত্যা কৰা ছোৱালীজনীৰ নহয়। বৰঞ্চ দোষ সমাজৰ পৰম্পৰাগত চিন্তা-চর্চাৰহে যি নাৰীক নূন্যতম স্বাধীনতা খিনিও দিব নিবিচাৰে।

Yesterday’s [suicide] incident was important. It happened because of the shameful system of arranged marriages, because of the darkness of the social system, the negation of the individual will, and the absence of the freedom to choose one’s own mate. It is to be hoped that interested persons will comment on all aspects of this affair, and that they will defend the honour of a girl who died a martyr’s death for the cause of the freedom to choose her own love. …

শেহত গৈ এই ল’ৰাজনেই চীন বিপ্লৱৰ সর্বোচ্ছ নেতা – মাও চে তুং নামেৰে স্বীকৃত হয়। “নাৰী তুমি অর্ধ-আকাশ….” এয়া মাও চে তুঙৰে বক্তব্য। ( অর্ধ আকাশ এইবাবেই যে পুৰুষ আৰু নাৰী – দুয়ো মিলিহে সমগ্র আকাশখন অর্থাৎ মানৱ জগতখন পূর্ণ কৰিব পাৰে )। নাৰী মুক্তিৰ প্রশ্নটোৰ প্রতি আজীৱন মাওৱে বিশেষ গুৰুত্ব প্রদান কৰিছিল। চৈনিক সমাজৰ দুৰৱস্থা আৰু বিশেষকৈ নাৰীৰ দাসত্ব সম্পর্কে তেওঁ এনেদৰে লিখিছিল –

‘A man in China is usually subjected to the domination of three systems of authority [political authority, family authority and religious authority]…. As for women, in addition to being dominated by these three systems of authority, they are also dominated by the men (the authority of the husband). These four authorities – political, family, religious and masculine – are the embodiment of the whole feudal-patriarchal ideology and system, and are the four thick ropes binding the Chinese people.’

নাৰীয়ে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি কাম কৰাৰ প্রতি মাওৱে বিশেষ গুৰুত্ব প্রদান কৰিছিল।

In order to build a great socialist society it is of the utmost importance to arouse the broad masses of women to join in productive activity. Men and women must receive equal pay for equal work in production. Genuine equality between the sexes can only be realized in the process of the socialist transformation of society as a whole”

মাওৰ এনে চিন্তা চর্চাৰ পৰিণতি হিচাপেই হয়তো আজিও তৃতীয় বিশ্বৰ আন আন দেশতকৈ চীনত নাৰীৰ অৱস্থান যথেষ্ঠ আগবঢ়া। সংযুক্ত ৰাষ্ট্রসংঘৰ তথ্য মতে –

In China, women made up 39% of the workforce, 39% of students in secondary education and over 20% of the parliament (higher than any other of the ten richest countries except for Germany which had 32%).

অৱশ্যে আজিৰ সময়ত পুঁজিবাদৰ আগমনে চীনতো নাৰী মুক্তি সংগ্রামখনিৰ বাবে যথেষ্ঠ বাধাৰ সৃষ্টি কৰিছে। মাও চে তুঙৰ চিন্তাধাৰাৰো বহুতো সীমাৱদ্ধতা আজি দেখা গৈছে। কিন্তু সেয়ে অন্য এক অধ্যায়…

 

One thought on “অর্ধ আকাশ (ময়ূৰ চেতিয়া)

  • July 25, 2019 at 6:44 am
    Permalink

    ময়ুৰ চেতিয়ালৈ ধন্যবাদ জনালো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!