অলপ ব্যক্তিগত অনুভৱত এখন অর্ধাকাশ…..(চন্দ্ৰমা কলিতা)

অলপ ব্যক্তিগত অনুভৱত এখন অর্ধাকাশ….. 

চন্দ্ৰমা কলিতা

কেইমাহমানৰ আগৰ কথা। খুব অন্তৰংগ বন্ধু এজনৰ সৈতে কথা পাতি থাকোঁতে তেওঁ হঠাতে কৈ উঠিছিল তই প্লিজ সদায় এনেকুৱাই হৈ থাকিবি বুলি । মই ৰৈ গৈছিলোঁ। নিজক কোনোদিনেই ভাল-বেয়াৰ তুলাচনীত জুখিবলৈ সাহস নকৰা মোৰ মনৰ অসন্তোষখিনি জাগ্রত হৈ পৰিছিল ক্ষণিকৰ বাবে। তেতিয়াই কৈ পেলাইছিলোঁ অজানিতে যে মই মোৰ দৰে হ’ব নোখোজো । মোৰ মাৰ দৰে হ’ব খোজো মই। বন্ধুজন কিজানি মুগ্ধ হৈছিল মই মাৰ দৰে হ’ব খোজাত । শুনি গৈছিল মনে মনে মই মাৰ কি কি গুণ ভালপাওঁ। তাৰপাছত বহুত কথোপকথনৰ দিন পাৰ হৈ গ’ল। কিন্তু সেইদিনা মোৰ মুখেৰে অজানিতে ওলোৱা কথাষাৰ মোৰ নিজৰে মনত ৰৈ গ’ল। সঁচাকৈয়ে মই মাৰ দৰে হ’ব খোজোনে, ভাবো কেতিয়াবা। দেতা, দাদা, বা, মোৰ আৰু ভন্টিৰ জীৱন আকাশ ছানি ধৰি থকা মৰমলগা মানুহজনীয়ে যে মই মনে মনে ভৱিষ্যতে হ’ব খোজা মানুহজনী মায়ে কিজানি সপোনতো নাভাবে। মাৰ ছাঁতে ডাঙৰ হৈছোঁ, স্কুলত পঢ়ি থাকোতে যেতিয়া অকলে এটা কোঠাত পঢ়িবলৈ ভয় লাগে তেতিয়া কাষত ঘন্টাৰ পাছত ঘন্টা মাকে কাষত বহুৱাই ভাল ৰিজাল্ট কৰিছোঁ, মূৰৰ চুলি দীঘল হওঁতে প্রথমবাৰ মায়েই ৰাবাৰ বেণ্ডেৰে পনিটেইল কৰি বান্ধি দিছিল, ক্লাছ নাইনৰ পৰা টেন পোৱালৈকে প্রতি পুৱা মায়ে পিন্ধাই দিয়া মেখেলা-চাদৰ পিন্ধিয়ে স্কুল গৈছোঁ, মায়ে সাত বজাতে সজাই দিয়া জলপান খাই কলেজলৈকো গৈছোঁ আৰু এতিয়া প্রতি পুৱা মাক মাত লগায়েই অফিচলৈ গৈছোঁ। মাৰ ছাঁতে সৰুৰ পৰা ডাঙৰ হ’লো, শিকিলোঁ-বুজিলোঁ, পঢ়িলোঁ, কাম কৰিব পৰা হ’লো । আমাৰ পৰিয়ালটোৰ আটাইকেইটাৰ সহজ জীৱনবোৰত মা এনেদৰে সাঙুৰ খাই আছে যে ঘৰৰ পৰা পোৱা অবাধ স্বাধীনতাকণৰ মাজতো মায়ে মানা কৰা কাম কৰিলে বেয়া কিবা হ’ব বুলি গঢ় লোৱা অন্ধবিশ্বাস এটা আমি সকলোৱে পালন কৰি আহিছোঁ। মা ঘৰত নাথাকিলেও ক’ৰবালৈ ওলাই গ’লেও মনে মনে মাক মাত লগাইহে বাহিৰ ওলাইছোঁ, সন্ধিয়া ঘৰ সোমাওঁতে মাক পদূলিমুখত দেখিবলৈ মূৰ দাঙি আগবাঢ়িছো, খোৱা টেবুলত মায়ে ভাত বাঢ়ি নিদিলে বিচলিত হৈছোঁ অথচ জীৱনটোত আটাইতকৈ বেছি কাজিয়া মাৰ লগতে কৰিছোঁ। ক’তো অকণো খুট নথকা আমাৰ পৰিয়ালটোৰ এই ধুনীয়া জীৱনবোৰ যে বহু ক্ষেত্রত মাৰ বাবেই ধুনীয়া সেই কথা মায়ে শুনাই থাকে মাজে মাজে। মুখেৰে মানি নল’লেও অন্তৰ আত্মাই কৈ উঠে যে সেয়াই সত্য। ধুনীয়া ঘৰখনত থাকিব পোৱাৰ সোৱাদ লৈ থকাৰ মাজে মাজে ভাবো, মা যেনেদৰে মোৰ জীৱনটোত বিশেষ হৈ আছে, ঠিক তেনেদৰে আমাৰ ঘৰখনৰ দেতা, দাদা, বা আৰু ভন্টিৰ জীৱনতো বহুত বিশেষ। নিৰপেক্ষ মমতা, অভাৱনীয় দক্ষতাৰে ঘৰ এখন মন্দিৰ কৰি থোৱা আমাৰ মাজনীৰ দৰে হ’বলৈ কিজানি গোটেই জীৱনটোৱে পাৰ হৈ যাব। অপৰূপ জীৱন এটাৰে নিজ গুণেৰে সুন্দৰ হোৱা আমাৰ মাজনীকে মোৰ পৃথিৱীৰ সেই একমাত্র মানুহগৰাকী যেন লাগে যি প্রকৃত অর্থত একেলগে বহুকেইটা জীৱনৰ অর্ধ আকাশ হ’ব পাৰিছে। হয়তো কেতিয়াবা মই সপোনৰ জখলা বগাবলৈ বাদ দিম। কোনোবাদিনা পাৰ্থিৱ প্ৰাপ্তিৰ মঞ্চত আনে নেদেখাকৈ স্বস্তিৰ নিশ্বাস এৰিম। তাৰপাছতো কেতিয়াবা কোনোবাই মোক মোৰ দৰেই হৈ থাকিবলৈ ক’লেই কিজানি বিচলিত হৈ উঠিম কাৰণ তেতিয়াও মই মাৰ দৰেই হ’ব খুজিম ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!