অসমীয়া নিচুকনি গীত সমূহ

সংকলক : সুস্মিতা বৰা

টোকা : অসমীয়া লোকসাহিত্য ভঁৰালৰ মানিকী মধুৰী জহাৰ দৰে আমোলমোলাই থকা সুৱাসিত সাহিত্যৰ এটি শাখা নিচুকনি গীত সমূহ | শিশুৰ সঙ্গীতৰ প্ৰতি থকা টান আৰু সুৰে সৃষ্টি কৰা মায়াময়তাই শিশুৰ মনত সন্মোহনী শক্তিৰ দৰে কাম কৰে |নিচুকনি গীতৰ মাজেৰে এগৰাকী মাতৃৰ সপোন , উজ্জ্বল আশা , বিশ্বাস-অবিশ্বাসৰ অভিব্যক্তিৰ ইংগিত পোৱা যায় |আমাৰ দ্বাৰা কেইটামান নিচুকনি গীত সংগ্ৰহ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে |{ কোনো সদাশয় ব্যক্তিৰ হাতত উক্ত নিচুকনি গীতটিৰ শেষাংশ থাকিলে জনাবলৈ অনুৰোধ জনোৱা হ’ল }

 

নাওঁ হেঙুলীয়া                 বঠা হেঙুলীয়া

আৰু হেঙুলীয়া চৈ এ |

চৈ ৰে তলতে                জোনবাই গইছে

হাততে বিচনী লৈ এ ||

আগেয়ে খুজিলোঁ                ফুলৰে বিচনী

এতিয়া তুলাইছা দৈ এ |

কেলেই লাগিছে                ফুলৰে বিচনী

গ’ল মহে জহে বৈ এ ||

 

আমাৰে মইনা শুব এ’,

বাৰীতে বগৰী ৰুব এ’,

বাৰীৰে বগৰী পকি সৰিব,

আমাৰে মইনাই বুটলি খাব ৷

 

শিয়ালী এ’ নাহিবি ৰাতি, তোৰে কান কাটি লগামে বাটি ৷

শিয়ালীৰ মূৰতে মৰুৱা ফুল, শিয়ালী পালেগৈ ৰতনপুৰ ৷৷

(এখুদ ককাইদেউ, মহুৱা ফুল)

 

 

লাই হালে জালে             আবেলি ব্তাহে

লফা হালে জালে পাতে |

আমাৰে মইনাই             হালিছে জালিছে

কালি আবেলিৰে ভাতে ||

 

 

হাতীয়ে খোজ কাঢ়ে            লোদোৰে পোদোৰে

ঘোঁৰাই খোজকাঢ়ে লৰি |

শিলৰে আলিতে             কোনে খোজ কাঢ়ে

তিয়ঁহৰ জালি যেন ভৰি ||

 

জোন বায়ে এ বেজি এটি দিয়া

বেজি নো কেলেই  মোনা সী-বলৈ

মোনানো কেলেই ধন ভৰাবলৈ

ধননো কেলেই হাতী কিনিবলৈ

হাতীনো কেলেই  উঠি ফুৰিবলৈ

হাতীত উঠি পানীৰাম ঘৰলৈ যায়

আলিবাটৰ মানুহবোৰে ঘুৰি ঘুৰি চায় |

 

মোৰ বোপাই লাহৰী            নেপাইছোঁ আহৰি

বৰা জুৰিছোঁ আহু |

সেই বৰা বানি                 পিঠাগুড়ি সানি

বোপাইলৈ লৈ যাম লাৰু ||

 

মোৰ বোপাই সৰু            ৰাখে বৰে গৰু

এচাৰি হেৰুৱাই কান্দে |

লোকৰ ধানে খাব            কোবাই কিলাব

লৰুৱাই আনিব গৰু ||

 

বাপুকণ ধুনীয়া          পিন্ধে পাতৰ চুৰীয়া

মূৰত হেঙুলীয়া ছাতি |

বাটৰ বাটৰুৱাই          ৰৈ ৰৈ সুধিছে

কোন বিষয়াৰ নাতি ||

 

বৰ চৰাৰ মূৰতে              বকুল ফুল ফুলিছে

নিতৌ তিনিপাহি সৰে |

মইনাৰ মুখলৈ         চাবকে নোৱাৰি

হীৰা কি মুকুতা জ্বলে ||

 

লাউ কলি কলি

জিকা কলি কলি

মইনাই ভাত খালে বৰপীৰাত বহি

মইনাই ভাত খালে ককায়েকে চক ৷

মাহীয়তী পেহীয়তী ঠেং তলে যক ৷

 

বুঢ়ীআই এ কৰাই ভাজি দিয়া খাওঁ

ইকৰা পাতেৰে নাও সাজি দিয়া

বঙাল মাৰিবলৈ যাওঁ

বঙালো মাৰিলা ভালকে কৰিলা

আমালৈ আনিছা কি ?

তোমালৈ আনিছোঁ পৰলা ঘোঁৰা টো

সোণৰে শিকলি দি ৷

 

ই বোলে কাণখোৱা, সি বোলে কাণখোৱা

কাণখোৱাই কি কাম কৰে

হাতত দা-যাঠি,

কাল্ধত ৰঙা ছাতি

ল’ৰাৰ কাণ খাই ফুৰে ৷

 

আমাৰ আইটি            নিচেই কুমলীয়া

নিচেই কলাপাতৰ থুৰি ৷

পিন্ধিব নাজানে        কঁকালৰ কাছুটি

বান্ধিব নাজানে চুলি ৷৷

 

বেৰতে বগালে         জয়ন্তী পৰুৱা

বগাই চোম গছত মুগা ৷

আমাৰে মইনা        ৰণলৈ ওলাইছে

সজাই এ পৰলা ঘোঁৰা ৷৷

 

এফালে বান্ধিছে       চেঁউৰী কাজলী

এফালে বান্ধিছে হাতী ;

হাতীৰে ওপৰত                    কোনে কাহঁ কোবায়

ভৰালী বৰুৱাৰ নাতি ৷

ভৰালী বৰুৱাৰ                     ছজনী তিৰোতা

তাৰে সৰু  জনী কাজী ;

কাজীৰে জীয়েকক                আনিব খুজিলো

মাটিৰে মৃদংগ সাজি ৷

মাটিৰে মৃদংগ                  ঘিটিঙাই বাজিলে

গড়গাওঁ দেশলৈ শুনি ;

গড়গাওঁ দেশতে                    কোৱঁৰ বহি আছিল

পাট কটা দাড়ঁ যেন দেখি ৷

 

জোনবাইৰ আগৰে একোটি তৰা

আয়ে বিয়া দিলে গঁঠীয়া দৰা

হেৰ’ তই গঁঠীয়া নেপাৰ গালি

আইৰ ঘৰলৈ যাম ভৰি পখালি ৷

 

আয়ে বুলিব         মোৰ জী আহিছে

বৰা ভাত এগালি ৰান্ধো ৷

বোপায়ে বুলিব       মোৰ জী আহিছে

গঁৰালৰ হাঁহিনী মাৰোঁ ৷৷

ককায়ে বুলিব       মোৰ ভনী আহিছে

ভাল তামোল এথোকি পাৰোঁ ৷

বৌয়ে বুলিব         মোৰ ননদ আহিছে

মূৰতে তলীয়া ফালো ৷৷

বোপাইলৈ আনিছোঁ     শালৰ বৰ কাপোৰ

আইলৈ আনিছোঁ খাৰ ৷

ককাইলৈ আনিছোঁ     পাটৰ টঙালী

বৌলৈ বাঢ়নী টাৰ ৷৷

 

আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ

বাৰীৰে বগৰী পকি সৰি যাব

আমাৰে মইনাই বুটলি খাব ৷

শিয়ালী এ নাহিবি ৰাতি

তোৰে কাণ কাটি লগামে বাতি

শিয়ালীৰ মুৰতে মৰুৱা ফুল

শিয়ালী পালেগৈ ৰতনপুৰ  ৷

 

আইটি শুবলৈ পাটী পাৰি দিয়া

শিমলু তুলাৰে তুলি

চকু তিৰেবিৰে কৰিছে আইদেউৰ

হ’লহি শয়নৰ বেলি ৷

 

এটি তৰা দুটি তৰা

সৰগত বহি কি কৰা

আম জাম লেটেকু টোক

বহি আছে ভাটুক টোক ৷

 

টোপনি টোপনি অ’ আই টোপনি

টোপনিৰ কলৰ তলত হয়

আনৰে চকুতে টোপনি নধৰি

মইনাৰ চকুতে ধৰ

 

আমাৰে মইনাই শুব এ

সোণালী ধাননি দাব এ

ন-চাউলৰে চিৰা ভাজি দিম

বাতি ধৰি ধৰি খাব এ

 

অ’ কুমলীয়া         খাবলৈ বঢ়িয়া

কটাৰীৰ আগৰে লোণে এ ,

বাপা কুমলীয়া       অতিকে ধুনীয়া

গাতে জিলিকে সোণে এ ৷৷

 

ই বোলে পোনাকণ         সি বোলে পোনাকণ

পোনাকণ কলৈকে গ’ল হে ,

পোনাকণ আছেগৈ          ককাকৰ বঙলাত

ঘিলা খেলিব পাই হে ৷৷

 

উৰে দৰিকী             ঘূৰে দৰিকী

ৰাঙলী দৰিকীৰ বিয়া ,

ৰাঙলী দৰিকীৰ           বিয়ালৈ মাতিছে

পচলা খৰিকাত দিয়া ৷

 

চৈ চৈ এ চিচৈ পোৱালি

লোণে মাছে ভাত খায় কি কৈ খীনালি

চৈ চৈ এ চিচৈ পোৱালি

বাঢ়ৈটোকাই লৈ যায় টিকা জোকাৰি

 

লাই শাক লাহৰি         ঘিলা গ’ল পাহৰি

কিহেৰে উমলি থাকে

আইৰে ঘৰৰে                ঘিলা ধাৰে কৰি

তাৰেই উমলি থাকে ৷৷

 

খালে কি নাখালে          কেঁচা পিঠা গুড়ি

দিলে কি নিদিলে বাই

ধুমুৰ ধুমুৰ কৰি          খুন্দো পিঠাগুড়ি

পৰুৱা পিপৰাই খায় ৷৷

 

পিৰালিৰ পঁইতাত          সৰিয়হ পৰিলে

পাৰই বুটলি খায়

আমাৰ ভাইটিয়ে          বুটলি ফুৰোঁতে

পিছলি পৰিব যায় ৷৷

জপনা খিৰিকী            ভন্টি টিলিকি

নাপায় ভাইটিয়ে ঢুকি ৷

যেনে তেনে কৰি          ঢুকি পাই ভাইটিয়ে

পাখৰি কুকুৰত উঠি ৷৷

বৰ ঘৰৰ মুধৰে          ভৰুণ তামোল থুকি

খপৰাই কাটিব পাৰো

আমাৰ বোপালৈ           আজি দুপৰ ৰাতি

ছোৱালী আনিব পাৰো ৷৷

নাখাও নাখাও বুলি         খালি যে ৰৌমাছ

বাৰীৰ মৰলীয়া তুলি

নলওঁ নলওঁ বুলি          ল’লি দহে টকা

ধৰুৱাই ধৰিছে বুলি ৷৷

 

চোতালত সোমাবা          মৰণা মাৰিবা

খেৰ জোকাৰিব লাগে

খেৰ জোকাৰিবা           ঘুগুলা চালিবা

তেহে যদি কেচুৱা শোৱে ৷৷

 

মৰিয়া হাতৰে লাৰু

আমাৰে ভণ্টি নাচিব ধৰিছে

হাতত নাইকিয়া খাৰু

মাৰ নিচিনা নহ’লি তই

বাপেৰৰ নিচিনা নহ’লি তই

বাৰীতে আছিলে ভেকুলী বেং

তাৰে নিচিনা লেপেটা ঠেং

নেকান্দিবি মইনা এ

পাবি পাবি পাবি

বাপেৰে গৈছে কল ৰুবলৈ

ঠোক মেলিলেই খাবি

আগলৈ…

One thought on “অসমীয়া নিচুকনি গীত সমূহ

  • May 18, 2023 at 4:58 pm
    Permalink

    খুব সুন্দৰ। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!