অসমীয়া ভাষা মোৰ জগত সভালৈ যাবঃ কেইটামান ভাল লগা খবৰ (প্ৰাঞ্জল কলিতা)

১) যোৱা ১১/৫/২০১৩ ইং তাৰিখে শিলচৰৰ ‘এন.আই.টি’ ত অনুষ্ঠিত অভিৱৰ্তনত নিমন্ত্ৰিত অতিথি ভাৰতৰত্ন তথা প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামে অসমীয়াতে উপস্থিত ৰাইজক সম্বোধন কৰি ভাষ আৰম্ভ কৰিলে। এই বাতৰি শিলচৰৰ পৰা প্ৰকাশিত ‘সাময়িক প্ৰসংগ’ত প্ৰথম পৃষ্ঠাতে সবিস্তাৰে প্ৰকাশ পাইছে। এয়া অসমীয়া ভাষাৰ কাৰণে নিশ্চয় গৌৰৱৰ দিন।

২) যোৱা ১১/৫/২০১৩ ইং তাৰিখে মিজোৰামৰ আইজলত উদ্‌যাপিত ৰঙালী বিহুত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মিজোৰাম চৰকাৰৰ সংসদীয় সচিব পু লালৰিনম’ইয়াই যেতিয়া অসমীয়াত ভাষণ আগবঢ়ালে, প্ৰেক্ষাগৃহত উপস্থিত ৰাইজে হাত-চাপৰিৰে ধন্যবাদ জনালে আৰু আমাৰো বুকুবোৰ গৌৰৱত ফুলি উঠিল।

৩) বৰাক উপত্যকাৰ শিলচৰৰ পৰা অহা বঙালীভাষী তিনি যুৱতীয়ে যেতিয়া মুগাৰ-সাজ পিন্ধি মঞ্চত বিহু নাচিলে, তেতিয়া মনলৈ আহিছিল, বিহুৱে আমাক একত্র কৰিহে এৰিব।

৪) মিজোৰামতে জন্ম হৈ ডাঙৰ-দীঘল হোৱা মিজো সন্তান ভানলালবুৱানা কৰ্মসূত্ৰে অসমৰ লক্ষীমপুৰত থাকে, তেওঁৰ মাতৃভাষা মিজো। তেওঁ লক্ষীমপুৰত থাকি সত্ৰীয়া নৃত্যৰ প্ৰেমত পৰি গ’ল আৰু শিকি ল’লে; মিজোৰামত বিহু পতাৰ খবৰ পাই আমাৰ বিহু মঞ্চত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক শংকৰদেৱৰ সৃষ্টিৰ চিনাকি কৰাই দিলে।

৫) ভি.আৰ.ৰাল্টে এখেত আকৌ মিজোৰামৰ চিনাকি নাম। পেচাত শিল্পী আৰু হিন্দী ভাষাৰ প্ৰচাৰক। জন্ম হেনো তেওঁৰ অসমৰ ডিব্ৰুগড়ত। তেওঁও মিজোৰামত বিহু পতাৰ খবৰ পোৱাৰ পিছত কোনো মাননি নোলোৱাকৈয়ে দুটাকৈ বিহুগীত গাই উপস্থিত দৰ্শকক মুগ্ধ কৰিলে। বিহু তেনেকুৱাই কিজানি, যিয়ে এবাৰ শুনে কেতিয়াও এৰিব নোৱাৰে।

৬) কলকাতাৰ কোয়েল সেন, মিজোৰামত চাকৰি কৰি আছে। ভূপেন হাজৰিকাৰ গীত ভাল পায়। সেয়ে বিহুৰ মঞ্চত তেওঁ অসমীয়াতে গালে ‘মই এটি যাযাবৰ…’।

এনেবোৰ ঘটনাই মনটোক আশাবাদী কৰি তোলে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!