অসমীয়া লোকসাহিত্যত এক মনোৰম শাখাঃ জনাগাভৰুৰ মালিতা (জনাগাভৰুৰ মালিতা)

অসমীয়া লোকসাহিত্যৰ এক মনোৰম শাখা হ’ল মালিতা বা বেলাডসমূহ৷ এডাল সুন্দৰ মালাৰদৰে ধাৰাবাহিকভাৱে গাঁথি থোৱা গীতিব্যঞ্জক কাহিনীবোৰকেই মালিতা বা বেলাড বোলা হয়৷ সাংগীতিক লয় অথবা গীতিধৰ্মীতাই হৈছে মালিতাসমূহৰ মূল বিষয়বস্তু৷ অসমীয়া লোকসাহিত্যৰ আনবোৰ শাখা লক্ষ্য কৰিলে দেখা যায় যে সকলোতে একপ্ৰকাৰৰ গীতিময়তাই ক্ৰিয়া কৰি থাকে৷ সেয়া আইনাম, বিয়ানামেই হওক বা ফকৰা-যোঁজনাই হওক৷ মালিতাবোৰৰ আন এক উল্লেখনীয় বৈশিষ্ট হ’ল এক নিটোল কাহিনীৰ উপস্থিতি৷ কিছুমান মালিতাত নৃত্যৰ সংযোজনো কৰা দেখা যায়৷ মালিতাবোৰৰ ৰচয়িতাসকলৰ বিষয়ে কোনোধৰণৰ তথ্য পোৱা নাযায়৷ মালিতাবোৰৰ কাহিনী ঠাই ভেদে ভিন্ন হোৱা দেখা যায়৷ একেটা কাহিনীয়েই ঠাই আৰু মুখ বাগৰি এটা নতুন ৰূপ লয় আৰু জনসাধাৰণৰ সামূহিক উচ্ছাসৰ পৰিণতি হিচাপে পৰিগণিত হয়৷ অসমীয়া মালিতাসমূহত বুৰঞ্জীমূলক আৰু পৌৰাণিক এই দুই ভাগত ভাগ কৰিব পাৰি৷

জনাগাভৰুৰ গীত এটি সম্পূৰ্ণ আৰু সুন্দৰ মালিতা৷ মালিতাটোৰ কাহিনীভাগ প্ৰাচীন কিন্তু ইয়াৰ ৰচনা-ৰীতিলৈ লক্ষ্য কৰিলে ইয়াত প্ৰাচীনৰ শাৰীত থ’ব নোৱাৰি৷ মালিতাটোত ব্যৱহাৰ হোৱা কিছু্মান শব্দলৈ লক্ষ্য কৰিলে অনুধাৱন কৰিব পাৰি যে এই মালিতা মান আৰু চিংফৌ ৰণৰো পৰৱৰ্তী সময়ৰ ৰচনা৷ মালিতাটোত ব্যৱহাৰ হোৱা দিল, আচমান আদি শব্দই কাহিনীটোৱে কোনো মুছলমান মানুহৰ মুখতো যে ঠাই পাইছিল তাকে প্ৰমাণ কৰে৷ লোকসাহিত্যৰ নৈব্যক্তিকতালৈ চাই ইয়াকো ক’ব পাৰি যে কোনো চহা কবিৰ মুখেৰে নিগৰিত এই গীতটি সময়ৰ সোতে নতুনকৈ পলস পেলাইছে আৰু কাহিনীক অধিক মনোৰম কৰি তোলাত ব্যাপক অৰিহণা যোগাইছে৷ কাহিনীটোত বুৰঞ্জী আৰু পৰম্পৰাগত লোককথাৰ মনিকাঞ্চন সংযোগ ঘটিছে বুলি ক’ব পাৰি৷

জনাগাভৰুৰ মালিতাৰ কাহিনীটো থুলমুলকৈ এনেধৰণৰ৷ গৰুচৰ ৰাজ্যৰ বুঢ়া ৰজাৰ কন্যা জনাগাভৰু৷ পৰীক্ষাত হৰুৱাই নশ কোঁৱৰক বাৰ বছৰ বন্দী কৰি ৰাখিছিল জনাগাভৰুৱে৷ এই কথা শুনি কামপুৰৰ কলিধন নটে জনাক পৰীক্ষা কৰিবলৈ গ’ল৷ কলিধনক জনাই নাক-কাণ কাটি ঘূৰাই পঠিয়ালে৷ কলিধনে গৈ নগাঁও পাই গোপীচন কোঁৱৰক সকলো বিৱৰি ক’লে আৰু জনাক পৰীক্ষাত হৰুৱাই থৈ আহিবলৈ পৰামৰ্শ দিলে৷ সেই কথা শুনি গোপীচনৰ বাঁৰী মাক আৰু ন-অৰা কুঁৱৰীয়ে যাবলৈ বাৰণ কৰিলে৷ গোপীচনে কাৰো কথালৈ কাণ নিদি জনাক হৰুৱাবৰ নিমিত্তে লুইত পাৰ হৈ গৰুচৰ ৰাজ্যত ওলালগৈ৷ গোপীচনে তিনিওটা পৰীক্ষাতে হৰুৱালে৷ জনাই গোপীচন কোঁৱৰক স্বামী বৰণ কৰিলে কিন্তু গৰুচৰৰ বুঢ়া ৰজাই প্ৰথমে অভিমন কোঁৱৰ আৰু পৰৱৰ্তী সময়ত বাৰ কুৰি হাতী পঠিয়াই গোপীচন কোঁৱৰক হত্যাৰ চেষ্টা কৰিলে৷ কোঁৱৰে বুদ্ধি আৰু বলেৰে সকলোকে পৰাস্ত কৰিলে৷ উপায়হীন হৈ বুঢ়া ৰজাই কোঁৱৰৰ হাতত জনাক অৰ্পণ কৰিলে৷ গোপীচন কোঁৱৰৰ লগত অহা জনাৰ সুন্দৰ ৰূপ দেখি গোপীচনৰ মাক মোহিত হ’ল আৰু জনাগাভৰুক নিজৰ বোৱাৰী হিচাপে স্বীকাৰ কৰিলে৷

জনাগাভৰুৰ গীতৰ মাজত সামাজিক পৰম্পৰা, লোকবিশ্বাস আদিৰ চিত্ৰ প্ৰতিফলিত হৈছে৷ কুলক্ষণী তিৰোতাৰ লক্ষণসমূহ  অসমীয়া সমাজত কিদৰে প্ৰচলন হৈ আছিল তাৰ উদাহৰণ দেখা গৈছে গোপীচন কোঁৱৰৰ বাৰীমাকৰ জনাগাভৰুক লৈ কৰা উক্তিৰ মাজেৰে-

জনাৰ চুলিটাৰ           জেঠী নেগুৰীয়া

তাইৰ মান শাখিনী নাই

হিয়া ভাঙি ভাঙি          খোজক বুলে তাই

তাইৰ মান কুলক্ষণী নাই৷

জনাৰ ভৰিযোৰ          খৰমযুৰীয়া

তাইৰ মান গজমূৰী নাই

পাছক মানুহ চাই         খোজক বুলে তাই

তাইৰ মান খাইমূৰী নাই৷

ঠিক একেদৰে গোপীচন কোঁৱৰে বিপদ-বিঘিনি খণ্ডাবৰ বাবে হাঁহ, পাৰ, বগা ম’হৰ উপৰিও নৰ-মনিচৰ বলি দিয়াৰ কথা উল্লেখ কৰিছে, যিটোৱে সেইসময়ৰ ধৰ্মীয় দিশটো উদঙাই দেখুৱাইছে৷ অসমীয়া সমাজত প্ৰচলিত যাত্ৰা নিষেধৰ কথাও উল্লেখ আছে এনেদৰে- ‘‘মঙলবাৰে আগেয়ে যোৱাৰ সজ নাই’’, ‘‘ সোমবাৰে যাব নেপায়’’, ‘‘বুধবাৰে বাপেক মৰা বাৰ’’ ইত্যাদি৷ বৰ্তমানেও গাঁৱলীয়া সমাজত কম পৰিমাণে হ’লেও এনেধৰণৰ বাধা নিষেধ দেখা যায়৷ গোপীচন কোঁৱৰে জনাক হৰুৱাবলৈ যাত্ৰা কৰাৰ আগেয়ে চন্দ্ৰ, সূৰ্য, বাসুদেৱ থান, তামৰ ঘৰ, কেঁচাইখাতী গোঁসানী, পগলা পাৰ্বতীলৈ নমস্কাৰ জনাইছে৷ জনাগাভৰুৰ গীতত আহোম যুগৰ আ-অলংকাৰ, সাজ-পোছাক আদিৰ কথাও উল্লেখ আছে৷

জোকাৰি পিন্ধিলে                 গোমচেঙৰ চোলাটি

মাজত বাখমাৰী কৰা

কঁকালত মাৰিলে                  জৰদৰ টঙালি

দেখিলে জিলমিল কৰা৷

ভৰিত পিন্ধিলে                   হেজাৰী সোণৰ জোতা

কাণত গজমুকুতাৰ লং

গাতে পিন্ধিলে                    দুহেজাৰ সুণীয়া

মূৰত বালিচৰীৰ চং৷

ইয়াৰোপৰি বেনাৰচী চেনী, ৰেছমী কাপোৰ আদিৰ উল্লেখে উনৈশ শতিকাৰ ইংৰাজ বেপাৰীয়ে আমদানি কৰা সামগ্ৰীৰ কথালৈ মনত পেলায়৷ অন্যহাতেদি ‘‘খোপাত আছিলে চোকা কটাৰী’’ কথাষাৰে নৰাৰজাৰ জীয়ৰী চাওচিং কুঁৱৰীয়ে মূৰত চুৰি-কটাৰী লৈ থকা ঘটনালৈ মনত পেলায়৷ এইদৰে লক্ষ্য কৰিলে দেখা যায় যে জনাগাভৰুৰ মালিতাটোত সময়ে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে আৰু তদানীন্তন সময়ৰ ঘটনাৰাজীক সুন্দৰভাৱে সংযুক্ত কৰিছে৷ সেয়ে হয়তো অসমীয়া সমাজৰ বাপতি সাহোন বিহু নামৰ বৈশিষ্টও মালিতাটোত দেখা পোৱা গৈছে এইদৰে-

মুখলৈ কি চাবা                   পূৰ্ণিমাৰ জোন যেন

চকুজুৰি সৰগৰ তৰা

গাললৈ কি চাবা                  সেন্দুৰী আম যেন

জিলিকে নিলগৰ পৰা৷৷

হাতলৈ কি চাবা                  লোহোৰা লোহোৰে

কঁকালযেন বীণৰে নলা

ভৰিলৈ কি চাবা                  ঠানুৱা ঠানুৱা

চুলিবোৰ সেউতা ফলা৷৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!