অসমীয়া চলচ্চিত্র সফল হ’ব,যদিহে… (সূৰ্য বৰা)

এখন ভাল কথাছবিয়ে যেতিয়া মুক্তি পাইছে বুলি শুনো, সেইটো মোৰ বাবে এক দুখ লগা তথা অশান্তিদায়ক খবৰ!! চাবলৈ যে নেপাওঁ!! আমাৰ ঘৰৰ ওচৰতে থকা – য’ত “ককা দেউতা নাতি হাতী”য়ে মুক্তি পাইছিল-সেইটো কথাছবিগৃহ বন্ধ হোৱাৰ প্রায় ১২বছৰ হ’ল। এতিয়া ছবি এখন চাবলৈ আমি ৩৪ কি.মি.দূৰত সচল হৈ থকা হললৈ যাব লাগিব।

এই কথাখিনি এই বাবেই ক’লোঁ যে অসমীয়া ছবি দর্শকে নাচায় বুলি কোৱাৰ অভিযোগটো একপক্ষীয়। বলিউডৰ বা বাহিৰৰ ছবি একোখন মহানগৰবাসীয়ে চাই সফল কৰাৰ বিপৰীতে আঞ্চলিক, বিশেষকৈ অসমীয়া ছবি এখন গ্রাম্যদর্শকেহে সফল কৰে বুলি ভাবোঁ। বোৱাৰী, আজলী নবৌ, ককাদেউতা নাতি হাতী আদি চাবলৈ গাঁৱৰ পৰা দর্শকে বাছ ভাড়া কৰি, জাকে জাকে গৈছিল বুলি শুনিছিলোঁ। সেয়েহে নগৰ বা মহানগৰবাসীকে এখন ছবিৰ ‘সফলতা’ নির্ণয়ৰ ‘গুৰু’ দায়িত্ব নিদি আমালৈকো কিছু হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰিলে, মোৰ দৃঢ় বিশ্বাস ফলাফল বেলেগ হ’ব। ইয়াৰ বাবে প্রথম কাম হ’ব সৰু সৰু চহৰ বিলাকত, যিবোৰ চহৰ সাধাৰণতে গাঁৱেৰে পৰিৱেষ্টিত হৈ থাকে, মৃতপ্রায় হলবিলাক জীয়াই তোলা অথবা প্রয়োজন সাপেক্ষে নতুন হল নির্মাণ, ছবি উদ্যোগলৈ ঋণ প্রদান।

এতিয়া ছবি নির্মাণ প্রক্রিয়াটোলৈ আহোঁ—- ভাল ছবি এখন পাবলৈ সঠিক কাহিনী নির্বাচন হৈছে প্রথম চর্ত; কিমান ভাল ভাল গল্প,উপন্যাস, নাটক হাততে আছে! লগতে পৰিচালকসকলে চিত্রনাট্যখন সম্পূর্ণ কৰি বা আগতেও, চলচ্চিত্র সমালোচকৰ পৰামর্শ বিচাৰিলে ত্রুটি-বিচ্যুতি দূৰ কৰিব পাৰিব। অভিনয়ৰ ক্ষেত্রত দৈহিক সৌন্দর্যতকৈ গুণগত সৌন্দর্যত গুৰুত্ব দিলে ছবিখন শক্তিশালী হোৱাৰ দিশে প্রথমটো খোজ আগবঢ়োৱা হ’ব। আকৌ চেটিংছৰ দিশটোত কৌশলী ব্যক্তিক জড়িত কৰালে কম খৰচতো বাস্তৱ দৃশ্যপট নির্মাণ সম্ভৱ। আনএটা গুৰুত্বপূর্ণ দিশ হ’ল সঙ্গীত। এখন ছবিলৈ কিন্তু দর্শকক টানি নিয়াত ই বিশেষ ভূমিকা লয়। লগতে লোকেচন নির্বাচন; লোকেচন বিচাৰি সকলো সময়তে (কাহিনীৰ স্বার্থত বেলেগ কথা) বাহিৰলৈ নোযোৱাকৈও সুন্দৰ লোকেচন অসমতে পাব পাৰি তাৰ বাবে আগতীয়াকৈ জৰীপো চলাই ল’ব পাৰে। এইবাৰ আহিল প্রচাৰ-মানুহক অনুসন্ধিত্‍সু কৰি, প্রচাৰ কার্য চলালে দৰ্শকক আকৃষ্ট কৰাত বিশেষ ভূমিকা ল’ব।

মই ভাবোঁ প্রচাৰ কার্য তিনিটা পর্যায়ত কৰা উচিত। ১ম বা প্রাথমিক(ছবিখন শ্বুটিং নহওঁতেই), ২য় তথা মধ্যম পর্যায়ত আৰু ৩য়তে-চূড়ান্ত প্রচাৰ অভিযান। আজিকালি চ’চিয়েল মেডিয়াৰ গুৰুত্ব বা প্রভাৱ কেনে তাক নতুনকৈ কোৱাৰ প্রয়োজন নাই। গতিকে এনে মাধ্যমৰো সহায় ল’লে উপকৃত হ’ব। সদৌ শেষত আহিল মুক্তি আৰু পৰিৱেশন। মুক্তিৰ সময়খিনি সকলো শ্রেণীৰ দর্শকৰ বাবে অনুকূল হোৱাটো বাঞ্ছনীয়। একেবাৰে “মেট্রিক”ৰ পৰা বানপানীলৈকে নজৰ দিব লাগিব, লগতে হলবিলাকৰ পৰা মূল দর্শনীত ছবি দেখুওৱাৰ কার্যকৰী প্রতিশ্রুতি আগতীয়াকৈ আদায় কৰিব লাগিব প্রয়োজন হ’লে শিল্পী-কলাকুশলী সমন্বিত হৈ জাতীয় সংগঠনৰ সহায় ল’ব লাগিব।

‘অকব’ গোটৰে জড়িত এগৰাকী ব্যক্তি ছবি প্রযোজনাৰ বাবে আগবাঢ়ি আহিছে বুলি জানি নথৈ আনন্দিত হৈছোঁ। ছবিখন সকলো দিশতে সফল হওক। আমি সাধাৰণ দর্শক, এখন ভাল ছবি মুক্তি দিয়াৰ পিছত হলত চাবৰ বাবে সুবিধা নেপাই দোকানত ‘ডিস্ক’ বিচাৰি হাবাথুৰি খাওঁ। কেতিয়াবা এখন ছবি মুক্তিৰ ২/৩ বছৰৰ পিছতহে চাবলৈ পাওঁ- কেতিয়াবা তাকো নেপাওঁ। পৰামর্শ দিয়াৰ ধৃষ্টতা নাই- এজন দর্শক হিচাপেনো কি ভাবোঁ তাকেহে ব্যক্ত কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!