অসমীয়া চিনেমা আৰু ইয়াৰ প্ৰচাৰ – ভাস্কৰ জ্যোতি শ‌ইকীয়া

৫ জানুৱাৰী ২০১৮ ত এখন নতুন অসমীয়া চিনেমাই মুক্তি লভিছে, নাম ‘সঁচা প্ৰেম’৷ নতুন বছৰৰ প্ৰথমটো সপ্তাহতে এখন নতুন অসমীয়া চিনেমাই মুক্তি লাভ কৰিছে, এইয়া এক ভাল খবৰ৷ কথা হ’ল এই চিনেমাখনে যে ৫ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব সেইয়া সাধাৰণ ৰাইজে, বিশেষকৈ চিনেমাখনৰ দৰ্শক (টিকট কাটি চিনেমা চোৱা সকল) হোৱাৰ সম্ভাৱনা থকা সকলে, কিমান জানে? ক’ৰবাত ক’ৰবাত দুই-এখন পোষ্টাৰ বা অসমীয়া চেনেল দুই-এটাত কেই ছেকেণ্ডমানৰ দৃশ্য চাই চিনেমাখনৰ প্ৰতি সাধাৰণ দৰ্শক আকৰ্ষিত হ’বনে? প্ৰায়বোৰ অসমীয়া চিনেমাৰ ক্ষেত্ৰতে প্ৰচাৰ চকুত লগা নহয়, তেনে নামৰ চিনেমা এখন যে নিৰ্মাণ হৈ আছে সেইয়া ৰাইজে খবৰ নাপায়৷ এইবোৰ কথা আচলতে চিন্তা কৰিব লাগে চিনেমাৰ প্ৰযোজক আৰু পৰিচালকসকলে, কিন্তু তেওঁলোকৰ চিনেমা নচলিলে পিছত দৰ্শকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰা দেখা যায় যে অসমীয়াসকলেই অসমীয়া চিনেমা নাচায়৷

বলিউডক বাদেই দিলোঁ, আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰচাৰ অসমীয়া চিনেমাতকৈ বহুত বেছি দেখা পোৱা যায়৷ প্ৰচাৰ বেছি হোৱা মানেই যে এখন চিনেমা বা নাটক উন্নতমানৰ হ’ব তেনে নহয়, কিন্তু চিনেমা বা নাটকখনৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰিবলৈ প্ৰচাৰ চলাবই লাগিব৷ তাৰপিছত ইয়াৰ মানদণ্ড চাই ৰাইজে গ্ৰহণ বা বৰ্জন কৰিব৷

বহু সময়ত চিনেমা এখনৰ পৰিচালক, অভিনেতা-অভিনেত্ৰী, সংগীত আনকি চিনেমাখনৰ নাম বা পোষ্টাৰ এখনেও ৰাইজক চিনেমাখন চাবলৈ আগ্ৰহী কৰি তোলে৷ এতিয়া প্ৰথমতেই উল্লেখ কৰা চিনেমাখনৰ কথালৈ আহোঁ৷ চিনেমাখন যিহেতু নতুন বছৰৰ প্ৰথমটো সপ্তাহতে মুক্তি দিছে আৰু বছৰটোৰ প্ৰথমখন অসমীয়া ছবি বুলিয়ে এক জোৰদাৰ প্ৰচাৰ চলাব পাৰিলেহেঁতেন৷

চিনেমাখনৰ ’সঁচা প্ৰেম’ নামটোতো বিশেষ আকৰ্ষণ নাই, এই নামটো এসময়ত বিয়াত উপহাৰ হিচাবে দিয়া নিম্নমানৰ উপন্যাসৰ নাম যেনহে লাগিছে৷ পিছে আমাৰ এই লেখাৰ উদ্দেশ্য চিনেমাখনক সমালোচনা কৰা নহয় কাৰণ আমি চিনেমাখন এতিয়াও চোৱা নাই৷ কিন্তু চিনেমাখন উন্নত মানৰ হ’লেও হয়তো প্ৰচাৰ কম হোৱা বাবে বহু দৰ্শকে চিনেমাখনৰ বিষয়ে নাজানিব বা চাবলৈ আকৰ্ষণ অনুভৱ নকৰিব যিটো আন বহুতো ভাল অসমীয়া চিনেমাৰ ক্ষেত্ৰতে আগতে হৈছে৷

হিন্দী লবীয়ে অসমীয়া চিনেমা চলিব নিদিয়ে বা অসমীয়া মানুহে অসমীয়া চিনেমা নাচায় আদি আনলৈ দোষ ঠেলি দিয়াৰ দৰে আলোচনাবোৰ অলপ কমাই কৰি ‘কিয় নচলায়’ বা ‘কিয় নাচায়’ সেই বিষয়ে আলোচনা কৰাৰহে প্ৰয়োজন আছে বুলি আমি ভাবোঁ৷☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!