অসমীয়া ধৰ্মবিজ্ঞানীৰ চমক- এবিধ নতুন ডি টি এইচ্ছ: অখণ্ড ভাগৱত পাঠ (জিতেন বেজবৰুৱা)

অসমৰ ধৰ্মবিজ্ঞানীসকলৰ নতুন ডি টি এইচ্ছ ব্যৱস্থাই অতি কম সময়ৰ ভিতৰতে প্ৰভূত জনপ্ৰিয়তা লাভ কৰি অভিলেখৰ সৃষ্টি কৰিছে। ধৰ্মবিজ্ঞানীসকলে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই কথা প্ৰকাশিত হৈছে। ভগৱানে সুদূৰ অতীততে ঘোষণা কৰিছিল যে ভাৰতত যেতিয়াই ধৰ্মৰ গ্লানি হ’ব, সমাজ অন্যায়-অনীতিয়ে ছানি ধৰিব তেতিয়াই তেওঁ অৱতাৰ লৈ দুষ্টক দমন আৰু শান্তক পালন কৰিবহি। কিন্তু আজি ভাৰত নালাগে (অসমৰ কথা নকওঁৱেই বাৰু) সমগ্ৰ পৃথিৱীতে তেনে ধৰণৰ অৱস্থাই বিৰাজ কৰিছে, হত্যা-লুণ্ঠন, দুৰ্নীতি-ঘোচ, অপহৰণ-ধৰ্ষণ, শোষণ-দমনে সমাজ জীৱনটো কোঙা কৰি পেলাইছে। কিন্তু ভগৱানে অৱতাৰ লোৱাৰ কোনো লক্ষণেই পৰিলক্ষিত হোৱানাই। নিজৰ দেশৰ মানুহ হিচাপে ভগৱানে ভাৰতীয়সকলক অলপ বেছি কৃপাদৃষ্টি দিয়ে (স্বজন-তোষণ!), সেয়ে পৃথিৱীৰ বৰ্তমানৰ দুখ-দুৰ্গতি জনাই ভগৱানক অৱতাৰৰূপে পৃথিৱীলৈ আমন্ত্ৰণ কৰাটোত স্বাভাৱিকতেই ভাৰতীয়সকলেই আগভাগ লৈ আহিছে। কিন্তু যোৱা বহু যুগ ধৰি ভগৱানৰ লগত কোনো যোগাযোগ নোহোৱাত অসুবিধাৰ সৃষ্টি হৈছে। ভগৱান বৈকুণ্ঠত গভীৰ নিদ্ৰাত নিমগ্ন থকাৰ বাবেহে এয়া হৈছে বুলি প্ৰতিবেদনখনত যুক্তিসহকাৰে উল্লেখ কৰা হৈছে।

সি যি নহওক, ভগৱানৰ লগত যোগাযোগ স্থাপনৰ বাবে ভাৰতৰ সকলোবোৰ ধৰ্মীয় মহলে অবিৰত চেষ্টা চলাই থকা অৱস্থাতে অসমত ধৰ্মবিজ্ঞানীসকলৰ তৎপৰতাত স্থানীয় ধাৰ্মিক সমাজে প্ৰচলন কৰা এই নতুন ডি টি এইচ্ছ ব্যৱস্থা এক ডাঙৰ সাফল্য বুলি পৰিগণিত হৈছে। ডি টি এইচ্ছ মানে হ’ল _ Direct to Heaven। প্ৰতিবেদনখনত কোৱা হৈছে যে ভোৰতাল বজাই মাহ-চাউল খোৱা অসমৰ পৰম্পৰাগত ব্যৱস্থাটো আধুনিক যুগৰ সৈতে খাপ নোখোৱা বাবে ভগৱানৰ মন আকৰ্ষণ কৰিব নোৱৰা হৈছে। এই পৰম্পৰাগত ব্যৱস্থাৰ বিফলতাৰ পাছত বিকল্প পথৰ সন্ধানত বহু দিন ধৰি কৰা গৱেষণাৰ অন্তত ধৰ্মবিশেষজ্ঞসকলে এই নতুন ব্যৱস্থাটো জনসাধাৰণৰ মাজলৈ মুকলি কৰি দিছে। উল্লেখ্য যে এই নতুন ব্যৱস্থাটোতো পৰম্পৰাগত সা-সামগ্ৰীকে ব্যৱহাৰ কৰা হৈছে, নতুনকৈ মাত্ৰ মাইক্ৰ’ফোনৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থা অনুসৰি, এটা অঞ্চলৰ সকলোবোৰ গাঁৱৰপৰা বৃদ্ধ-বৃদ্ধা, পানীকেঁচুৱা-গাভৰু সকলোকে সমবেত কৰি একেৰাহে তিনিদিন বা সাত দিন ধৰি মাইকত ভাগৱত পাঠ কৰা হ’ব। এইখিনিতে মন কৰিবলগীয়া যে মাইকৰ ঠোলাটো আকাশৰ ফালে মুখ কৰি দিব লাগে যাতে শব্দ তৰংগই ইথাৰৰ মাজেদি গৈ বৈকুণ্ঠত ভগৱানৰ কৰ্ণকূহৰত প্ৰৱেশ কৰিব পাৰে। বিজ্ঞানীসকলে দুটা, তিনিটা বা ততোধিক মাইকৰ ঠোলা ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। উৎসাহৰ বিষয় যে এই ব্যৱস্থাটো বৰ্তমান অসমত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰি থকা হৈছে আৰু ইয়াক সমগ্ৰ বিশ্বতে কিদৰে প্ৰচলিত কৰিব পাৰি সেই বিষয়ে ধৰ্মবিজ্ঞানীসকলে ইতিমধ্যেই এখন বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। তদুপৰি এই ভাগৱত পাঠৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে ‘বিশ্বশান্তি’_ বিশ্বশান্তিৰ বাবে অবিৰত ভাগৱত পাঠ। ই ভাৰতীয় ভগৱানে ভাৰতীয়সকলৰ প্ৰতি পক্ষপাতিতা কৰাৰ অভিযোগটো মষিমূৰ কৰাৰ লগতে বিশ্বৰ সকলো ঠাইৰ লোককে ইয়াৰ প্ৰতি আকৰ্ষিত কৰিব বুলি বিভিন্ন মহলে আশা ব্যক্ত কৰিছে। ভগৱানে পৃথিৱীৰ মানৱ জাতিটোক আওকাণ কৰা বুলি উত্থাপিত দীৰ্ঘদিনীয়া অভিযোগ আৰু আক্ষেপৰ মাজতে এই অভূতপূৰ্ব সাফল্য লাভ কৰি বিজ্ঞানীসকলে কয় যে ভগৱানৰ দৃষ্টি আকৰ্ষণৰ বাবে আধুনিক যুগৰ সৈতে খাপ খোৱা, অধিক গণতান্ত্ৰিক, অত্যাধুনিক আৰু অধিক জোৰদাৰ ব্যৱস্থাৰ প্ৰয়োজন আহি পৰিছে।

সত্যযুগত দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ ভাৰতলৈ অৱতাৰৰূপে অহা ভগৱানে বৰ্তমান পৃথিৱীৰ এনে বিপৰ্যয়ৰ মুহূৰ্ততো অৱতাৰ নোলোৱাটোৱে ইয়াকে প্ৰমাণ কৰে যে সত্যযুগত আজিৰ তুলনাত ধৰ্মৰ অধিক গ্লানি, দুৰ্নীতি-ভ্ৰষ্টাচাৰ অধিক হৈছিল, দুষ্ট লোকৰ সংখ্যা আজিৰ তুলনাত বহুত বেছি আছিল_ এয়া যুক্তিবাদী মঞ্চৰ প্ৰতিক্ৰিয়া। মঞ্চৰ বিবৃতিত কোৱা হৈছে_ এনেকুৱা হোৱা অসম্ভৱ নহয় যে ব্ৰহ্মাই ফূৰ্তিতে অধিক মানুহৰ সৃষ্টি কৰা বাবে বা বিষ্ণুৱে মানুহৰ পৰিচালনাৰ বাবে তৎপৰতা নেদেখুৱাই ৰাধা-ৰুক্মিণীৰ সৈতে ক্লাবে-পাৰ্কে অনবৰতে প্ৰেমত মচগুল থকাৰ বাবে বা শিৱই ভাঙৰ নিচাত ডুব গৈ ধ্বংস কাৰ্য সম্পাদনৰ প্ৰতি উদাসীনতা অৱলম্বন কৰাৰ বাবে মানৱ জাতি ইতিমধ্যেই ভগৱানৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। ভগৱানৰ পৃথিৱী আৰু মানুহ সৃষ্টিৰ পৰিকল্পনাটো কিমান নিখুঁত আৰু দূৰদৰ্শিতাসম্পন্ন আছিল তাক লৈও মঞ্চই প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে, ধৰ্মবিজ্ঞানীসকলৰ প্ৰতিবেদনখনত ভগৱানৰ লগত যোগাযোগ স্থাপনৰ ক্ষেত্ৰত বৰ্তমান এজেণ্টৰ অভাৱৰ কথাটোও বিস্তৃতভাৱে আলোচিত হৈছে। অতীতৰ ধৰ্মগুৰুসকল আছিল ভগৱানৰ এজেণ্ট, তেওঁলোকৰ যোগেদি বা তেওঁলোকে লিখি দিয়া প্ৰাৰ্থনা-শ্লোক গাই ভগৱানৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰা সম্ভৱ হৈছিল। কিন্তু সেই প্ৰাৰ্থনা-শ্লোকসমূহৰ কাৰ্যকাল বা ভেলিডিটি উকলি যোৱা আৰু আন যিকোনো লেখকে লিখা প্ৰাৰ্থনা-শ্লোক ভগৱানে অনুমোদন নকৰাৰ পৰিপ্ৰেক্ষিতত মানুহ আৰু ভগৱানৰ মাজৰ সম্পৰ্কত অচলাৱস্থাৰ সৃষ্টি হৈছে। সেইবাবে প্ৰতিবেদনখনত ভগৱানক অৱতাৰ ল’বলৈ আহ্বান কৰাৰ লগতে এজেণ্টৰ নিয়োগৰ বাবেও আবেদন জনোৱা হৈছে।

পৰমাত্মাৰ সৈতে আত্মাৰ মিলন অৰ্থাৎ মুক্তি সকলো মানুহৰে কাম্য। আৰু ভাৰতীয় ধৰ্মই তাৰ বাবে উপায় দিছে এইদৰে : লোভেই পাপ, পাপেই মৃত্যু, কিন্তু মৃত্যুৱেই মুক্তি। গতিকে লোভেই মুক্তিৰ পথ। ইয়াৰপৰা প্ৰতীয়মান হয় যে আত্মাৰ মুক্তিৰ কামনা কৰিয়েই বৰ্তমান পৃথিৱীৰ সৰহভাগ মানুহেই লোভক অধিক প্ৰাধান্য দিয়া হৈছে। অৱশ্যে মুক্তি যিহেতু সৎ-চৰিত্ৰবান লোকৰহে প্ৰাপ্য, গতিকে চৰকাৰে সকলোধৰণৰ অপৰাধীক শাস্তিৰপৰা ৰেহাই দিবলৈ তৎপৰতা দেখুৱাই আহিছে কাৰণ অপৰাধীসকলৰ মৃত্যুৱে তেওঁলোকৰ বাবে মুক্তিৰ পথ সুগম কৰি তুলিব আৰু পৃথিৱীৰ সকলোবোৰ অপৰাধীকে মুক্তিৰ ব্যৱস্থা কৰি দিলে স্বৰ্গত অতি কম দিনৰ ভিতৰতে জনবিস্ফোৰণৰ সৃষ্টি হ’ব। আনহাতে, বৰ্তমান পৃথিৱীত বাঢ়ি অহা হত্যাকাণ্ডবিলাকক ‘অপৰাধ’ অপবাদৰপৰা মুক্ত কৰিবৰ বাবে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংগঠনে আইনী ব্যৱস্থা ল’বলৈ চৰকাৰৰ ওপৰত অবিৰত হেঁচা প্ৰয়োগকৰি আহিছে। কাৰণ হত্যাকাণ্ডবোৰ সংসাৰ-নিকাৰত জৰ্জৰিত হৈ পৰমাত্মাৰ সৈতে মিলনৰ কাৰণে হাহাকাৰ কৰি থকা মানৱাত্মাৰ বাবে উত্তম উপায় হিচাপে পৰিগণিতহৈছে। ভগৱানৰ লগত বহু যুগ ধৰি যোগাযোগ নথকাৰ পৰিপ্ৰেক্ষিতত এয়া অনুমান কৰাও অপ্ৰাসংগিক নহ’ব যে ভগৱানক সোনকালে পৃথিৱীত অৱতাৰৰূপে পাবৰ আকাংক্ষাতে মানুহে বৰ্তমান নিজকে অন্যায়-অনীতিত নিমজ্জিত কৰিছে। এনেকুৱা এক জটিল পৰিপ্ৰেক্ষিতত ভগৱানৰ পৃথিৱী পৰিচালনাৰ নীতি স্ববিৰোধপূৰ্ণ যেন প্ৰতীয়মান হৈছে আৰু এই নীতিৰ নিখুঁততা সম্পৰ্কে স্বাভাৱিকতেই সন্দেহৰ অৱকাশ আছে বুলিও ধৰ্মবিজ্ঞানীসকলৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। এই কথাই যুক্তিবাদী মহলৰঅভিযোগৰ সত্যতাকে প্ৰতিপন্ন কৰিছে বুলি যুক্তিবাদীসকলৰ মুখপত্ৰত প্ৰকাশ কৰাহৈছে।

সি যি নহওক, নতুন ডি টি এইচ্ছ ব্যৱস্থাই এই সকলোধৰণৰ অনিশ্চয়তাৰ ওৰ পেলাব বুলি আশা কৰা হৈছে। নতুন ডি টি এইচ্ছ অৰ্থাৎ অবিৰত ভাগৱত পাঠৰ ব্যৱস্থাই অতি কম সময়ৰ ভিতৰতে বৈকুণ্ঠত নিদ্ৰামগ্ন হৈ থকা ভগৱানক জগাই তুলিব বুলি ধৰ্মবিজ্ঞানীসকলে সজোৰে দাবী কৰিছে। ভগৱানে অতি সোনকালেই অৱতাৰৰূপে অৱতৰণ কৰিবহি আধুনিক ৰূপত: দুৰ্নীতিকাৰী, ঘোচখোৰ, উগ্ৰপন্থী, শোষণকাৰী আদি সকলো দুষ্টকে ধৰি আনি ৰাষ্ট্ৰীয় ঘাইপথত কেৱল অন্তৰ্বাস পিন্ধাই শাৰী শাৰীকৈ আঁঠু কঢ়াই ৰাখিব আৰু হিচাপমতে প্ৰত্যেককেই বেতৰ কোব প্ৰদান কৰি নৰকলৈ প্ৰেৰণ কৰিব। লগতে চৰকাৰী পদসমূহত শান্ত-শিষ্টসকলক নিযুক্তি দি নিবনুৱা সমস্যাৰ সমাধান কৰিব। এই আশাৰে সকলোৱে বাট চাই আছে।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!