অসমীয়া ভাষা, ব্লগিং, ই-মেগাজিন ইত্যাদি – ধ্ৰুৱজ্যোতি অৰ্জুনা

অসমত কিতাপৰ বজাৰখন সদায়ে দুৰ্বল আছিল৷ খুব কম সংখ্যক মানুহে কিতাপ কিনে বা কিনি পঢ়ে৷ কেৱল মাত্ৰ লেখা-মেলা কৰি কোনো এজন অসমীয়া লেখকে জীৱন নিৰ্বাহ কৰাটো এক প্ৰহসন মাত্ৰ৷ ইয়েই ক্ৰমান্বয়ে অসমীয়া ভাষাৰ বিকাশত বিৰূপ প্ৰভাৱ পেলাইছে৷ লেখকৰ কলমৰ কুচকাৱাজ অবিহনে ভাষাটোৰ পুৰ্ণগতিত প্ৰসাৰ এক দিবাস্বপ্ন মাথোন৷ কাষৰীয়া ৰাজ্যভাষা বাংলাৰ তুলনাতে অসমীয়া ভাষাৰ পঢ়ুৱৈৰ সংখ্যা দুখ লগাকৈ কম৷ ইয়াৰ এটা কাৰণ হিচাপে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতহে অসমীয়া ভাষাৰ প্ৰভাৱ অৰ্থাৎ ভাষাটোৰ ক্ষেত্ৰত জনসংখ্যাৰ এক সীমাবদ্ধতা থকা কথাটোকে আঙুলিয়াব পাৰি৷

ডিজিটেল মাধ্যমৰ বহুল প্ৰসাৰৰ লগে লগেই ভাষাটোক শক্তিশালী ৰূপত গঢ়ি তোলাৰ এক সুযোগ আহিছে৷ সুযোগতকৈ ইয়াক সুৰুঙাহে বুলিব পাৰি৷ কিতাপ কিনি নপঢ়া মানুহেও ফোনত দুই চাৰিটা কথা পঢ়িবলৈ লৈছে৷ ইয়েই ক্ৰমাৎ এক অভ্যাসলৈ পৰিণত হবলৈ গৈ আছে৷ ডিজিটাইচেনৰ ই এক ভাল ফচলৰূপে পৰিগণিত হৈছে৷ আজি প্ৰায় প্ৰত্যেক মানুহৰ হাতে হাতে স্মাৰ্টফোন৷ গতিকে স্মাৰ্টফোন থকা প্ৰত্যেকজন অসমীয়া মানুহকে আমি একো একোজন সম্ভাৱ্য পঢ়ুৱৈ বুলি ধৰি লব পাৰো৷

ফেচবুকে অসমীয়াত লিখিবলৈ সুবিধা দিয়াৰ পৰা ফেচবুকৰ পোষ্ট হিচাপেই অলেখ সুখপাঠ্যৰ সৃষ্টি হৈছে৷ হাজাৰোধিক মানুহে সেই পোষ্টসমূহ পঢ়ে৷ অৰ্থাৎ পঢ়ুৱৈ আৰু লিখক সমসাময়িক ভাৱে সৃষ্টি হৈছে৷ অসমীয়া ভাষাত সাহিত্যচৰ্চাৰ বাবে জন্ম হোৱা ফেচবুকৰ “অসমীয়াত কথা বতৰাৰ” দৰে শক্তিশালী গোটসমূহে এক ইতিবাচক প্ৰভাৱ পেলাইছে৷ আপোন ভাষাটোত ডিজিটেল মাধ্যমত বহুতো নতুন লেখকে নিজৰ প্ৰতিভাৰ পৰিচয় দিৱলৈ সক্ষম হৈছে৷ সকলোখিনি ভাবিও এটা বিন্দুৰ পাছত কথাবোৰ শেষ হৈ যায়৷ যদিহে ফেচবুকৰ দৰে গণমাধ্যম সমূহ হঠাতে শেষ হৈ যায়! মন কৰিব যে ফেচবুক এক ব্যৱসায়ী অনুষ্ঠান৷ অন্য সকলো ব্যৱসায়ৰ দৰে ইয়ো বিভিন্ন ষ্টেপৰ সন্মুখীন হৈ আহিছে বা হ’ব৷ যাৰ শেষৰ অৱস্থাটো saturation stage৷ তেতিয়া কি হব? ভাষাটোৰ ডিজিটেল মাধ্যমৰ চৰ্চা কৰাৰ উপায়৷ অৰকুট বন্ধ হোৱাৰ দৰে ফেচবুকো বন্ধ হৈ গলে এই সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিব৷ ফেচবুকত সাহিত্য চৰ্চা কৰাৰ সকলোতকৈ ডাঙৰ ‘ৰিস্ক ফেক্টৰ’টোৱেই এইটো৷ আমেৰিকাত যদি হঠাতে অৰ্থনৈতিক বিপৰ্য্যয় হয় তেনে অবধাৰিত ভাৱে ফেচবুকো বন্ধ হৈ যোৱাৰ আশংকা৷ কাৰণ ই একমুখী৷

একে সময়তে ক্ৰমাত জনপ্ৰিয় হৱলৈ লৈছে ডিজিটেল মাধ্যমৰ সাহিত্য চৰ্চাৰ অন্য মঞ্চসমূহ৷ ব্লগিং তথা ই-মেগাজিন সমূহ৷ অন্য ভাষাৰ তুলনাত অসমত ই প্ৰায় চালুকীয়া অৱস্থাতে আছে৷ আজিৰ পৰা চাৰি বছৰমানৰ আগৰে পৰাহে এক দুইকৈ অসমীয়া ব্লগ, ই-মেগাজিন আদিৰ জন্ম হবলৈ লৈছে৷ এই সংখ্যাটো আঙুলিৰ মুৰতে লিখি শেষ কৰিব পৰা৷ গুগুলে অসমীয়া ভাষাক স্বীকৃতি নিদিয়াৰ ইয়ো এক কাৰণ৷ তেওঁলোকৰ এল’গাৰিথিমৰ পাৰিসাংখ্যিক বিশ্লেষণত অসমীয়া ভাষাৰ এই গ্ৰাফদালে দুৰ্বলকৈ হলেও নিজৰ অৱস্থিতিও কাৰোৰে চকুত নপৰে হয়তো৷ অথচ, অন্য বহুকেইটা ভাৰতীয় ভাষাতে ব্লগিঙ এক আকৰ্ষণীয় পেছালৈ ৰূপান্তৰিত হৈছে৷ এইটো যদিও শুনিবলৈ অখজা, কিন্তু সত্য যে লেখক এজনে লেখি কিছু পাৰিশ্ৰমিক পালে মনৰ ভিতৰত এক কলম চলাই যোৱাৰ উৎসাহ জাগে৷ ব্লগিঙ আৰু ই -মেগাজিন অন্য বহুতো ভাষাত বহুতকে জীৱন যাপনৰ আহিলাসমূহৰ যোগাৰ দিবলৈ সক্ষম হৈছে৷ এই মাধ্যমসমূহে এক অৰ্থনৈতিক নিশ্চয়তা প্ৰদান কৰিৱলৈ সক্ষম হৈছে৷ যিটো ফেচবুকে কস্মিনকালেও দিব নোৱাৰে৷ পেছাদাৰী লোকৰ হাতৰ সৃষ্টি সদায়ে অন্যসকলতকৈ তুলনা মুলক ভাৱে উন্নত হয়৷

এই সমূহ কাৰণৰ বাৱেই অসমত এক ব্লগিং, ই-মেগাজিনৰ এক জোঁৱাৰ তোলাৰ প্ৰয়োজন হৈ পৰিছে৷ এই সমূহ পঢ়াৰ এক অভ্যাস গঢ়ি তোলাৰ প্ৰয়োজন হৈ পৰিছে৷ পেছাদাৰী মানসিকতাৰে ব্লগাৰ তথা কণ্টেণ্ট ৰাইটাৰ সকলেও পঢ়ুৱৈয়ে বিচৰা ধৰণে খোৰাক দিৱলৈ চেষ্টা কৰাৰ প্ৰয়োজন৷ যিমানেই বেছিকৈ এই সমূহ সৃষ্টি হৱ তথা পঢ়ুৱৈয়ে পঢ়িব সেই সমূহে গুগুলৰ এল’গাৰিথিমক যোগাত্মক ভাৱে প্ৰভাৱিত কৰিব৷ ফলত গুগুলে হয়তো এদিন অসমীয়া ভাষাকো তেওঁলোকৰ এডচেন্সৰ তালিকাভুক্ত কৰিব৷ তাৰ পাছত হে অসমীয়া ভাষাৰ এই অনলাইন মাধ্যম সমূহৰ সোণালী দিন আৰম্ভ হব৷ সুখৰ বিষয় অসমৰ বহুকেইজন আগশাৰীৰ ব্লগাৰ তথা কণ্টেণ্ট ৰাইটাৰে নতুন সকলক উৎসাহিত কৰিৱলৈ তথা এক যোগাত্মক পৰিৱেশ চেষ্টা কৰিৱলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে৷ ■ ■

One thought on “অসমীয়া ভাষা, ব্লগিং, ই-মেগাজিন ইত্যাদি – ধ্ৰুৱজ্যোতি অৰ্জুনা

  • May 18, 2019 at 3:59 pm
    Permalink

    সুন্দৰ নিদৰ্শন

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!