অসমৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ স্থিতি (দ্বিজেন্দ্ৰ নাথ শৰ্মা)

সাম্প্ৰতিক সময়ত অসমৰ বাবে বিজেপি চৰকাৰৰ স্থিতি এটা ৰহস্যময় কুহেলিকা স্বৰূপ হৈ উঠিছে। পৰিৱৰ্তনৰ জোৱাৰ বিজেপিৰ উত্থানৰ একমাত্ৰ কাৰক নহয় যদিও প্ৰধান কাৰক যে আছিল তাত দ্বিমত হয়তো কাৰোৱে নাই। এয়া সৰ্বভাৰতীয় প্ৰেক্ষাপট। সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিজেপিৰ প্ৰতি যি মোহগ্ৰস্থতাৰ সৃষ্টি হৈছিল সেই আৱেশ এতিয়াও শাম কটা নাই বৰঞ্চ বহু ক্ষেত্ৰত বৃদ্ধিহে পাইছে। অৰ্থাৎ ভাৰতবৰ্ষৰ জনগণ এতিয়াও আশাবাদী। পৰিৱৰ্তনৰ বা বলিবলৈ আৰম্ভ হোৱা নাই যদিও তাৰ আগলি বতৰাৰ এটা আভাস হয়তো জনগণে লাভ কৰিছে। বিভিন্ন দিশেৰে আহিব লগীয়া এই পৰিৱৰ্তনৰ সপক্ষে বিপক্ষে জনমত গঠন হোৱাৰ প্ৰক্ৰিয়াটো গণতন্ত্ৰত এক স্বাভাৱিক কথা কিন্তু এক আবশ্যম্ভাৱী পৰিৱৰ্তনৰ দিশত যে দেশে খোজ লৈছে তাৰ পূৰ্বানুমান কৰিব পৰা অৱস্থা এটা হৈছে। নিৰ্বাচনী হুংকাৰ ৰেলী আৰু শাসন যে একে নহয় সেয়া আজিৰ জনগণেও অনুভৱ কৰে। সেই বাবে এশ দিনীয়া, দুশ দিনীয়া এজেণ্ডাক লৈ জনগণ খুব বেছি ব্যতিব্যস্ত নহয়। যাদু পৰশত যে পৰিৱৰ্তন নহয় সেয়া সকলোৱে জানে আৰু পৰিৱৰ্তনৰ দিশত পদক্ষেপ কিছু হ’লেও দেখি জনগণ কমবেছি পৰিমাণে আশ্বস্ত।

কিন্তু অসমৰ প্ৰেক্ষাপট সৰ্বভাৰতীয় প্ৰেক্ষাপটতকৈ পৃথক। অনগ্ৰসৰ ৰাজ্যৰ তালিকাত মূধচ দখল কৰা ভাৰতৰ মুখ্যধাৰাৰ বাহিৰত অৱস্থান কৰা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ দৰে অসমৰো সমস্যাৰাজী সৰ্বভাৰতীয় ধাৰাৰ লগত নিমিলে। উন্মুক্ত সীমান্তৰে ভাৰতৰ সীমামূৰীয়া এই অঞ্চলৰ ক্ষেত্ৰত দেখা যায় যে কেতিয়াবা কেতিয়াবা জনগোষ্ঠীয় অস্তিত্ব সংকট, আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ আদিৰ দৰে সমস্যাই অনগ্ৰসৰতাৰ সমস্যাকো চেৰ পেলাই যায়। ভৌগোলিক অৱস্থিতি, নৃগোষ্ঠীয় জনগাঁথনি, অবাধ প্ৰব্ৰজন আদি এশ এবুৰি সমস্যাৰে জৰ্জৰিত এই অঞ্চলটোৰ জনগণৰ বাবে অস্তিত্বৰ সংকট এটা প্ৰধান সমস্যা হিচাবে বিবেচিত হৈ আহিছে। বিভিন্ন জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব বিলুপ্তিৰ সংকটত ভুগি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি সংগ্ৰাম অব্যাহত ৰাখিছে। সীমা সমস্যা আৰু প্ৰব্ৰজনে অসমৰ বাবে অশনি সংকট নমাই আনিছে। দীৰ্ঘদিন ধৰি মুখ্যত কেন্দ্ৰীয় চৰকাৰৰ অনীহা আৰু সোপাধিলা নীতি বাবে উৎসতে নিৰ্মূল কৰিব পৰা সমস্যাবিলাক এতিয়া একো একোটা পৰ্বত প্ৰমাণ দূৰূহ সমস্যা হৈ দেখা দিছে। এই অঞ্চলৰ সমস্যাৱলীৰ পৃথকতাই এটা কথা স্পষ্ট ৰূপত উদ্ভাসিত কৰে যে সৰ্বভাৰতীয় দৃষ্টিভংগীৰে বিচাৰ কৰি চালে এই সমস্যাবিলাকৰ প্ৰতি অন্যায় কৰা হ’ব। প্ৰতিটো অঞ্চলৰে স্থানীয় সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত স্থানীয় দৃষ্টিভংগীহে ফলপ্ৰসু। ইয়াত আমি এই অঞ্চলৰ সমস্যাবিলাক অৱলোকন কৰিব বিচৰা নাই আমাৰ এই আলোচনাৰ উদ্দেশ্য অসমৰ ক্ষেত্ৰত বিজেপিৰ স্থিতি।

এতিয়া পুনৰ আহোঁ বিজেপিৰ কথালৈ। এটা সৰ্বভাৰতীয় দৃষ্টিভংগীৰ আৰু বিশেষকৈ এই অঞ্চলত যোৱা নিৰ্বাচনৰ আগলৈ প্ৰায় অস্তিত্বহীন এটা দল কেনেকৈ ইমান জনপ্ৰিয় হৈ উঠিল যে এটা চমকপ্ৰদ ফলাফল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ’ল? ইয়াৰ কাৰক বিশ্লেষণ কৰিলেই ওলাই পৰিব যে বিজেপিৰ নিৰ্বাচনপূৰ্ব দৃষ্টিভংগী কি আছিল। নিৰ্বাচনৰ আগতে বিজেপিয়ে অসম আৰু অসমীয়া সম্পৰ্কে কি স্থিতি গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত আমি প্ৰধান তিনিটা সমস্যালৈ দৃষ্টি নিবদ্ধ কৰিব বিছাৰিছোঁ। বিদেশী সমস্যা, ভাৰত বাংলাদেশ সীমা সমস্যা আৰু বৃহৎ নদীবান্ধ সমস্যা। এই তিনিটা সমস্যাৰ ক্ষেত্ৰত বিজেপিয়ে প্ৰাকনিৰ্বাচন পৰ্যায়ত অসম আৰু অসমীয়াৰ আৱেগানুকুল স্থিতি গ্ৰহণ কৰিছিল। তিনিওটা ক্ষেত্ৰতে প্ৰাকনিৰ্বাচনী পৰ্যায়ৰ লোৱা বিজেপিৰ স্থিতি যে ৰাইজৰ আবেগক ভোটলৈ পৰিৱৰ্তন কৰাৰ এক ৰাজনৈতিক কৌশল আছিল সেয়া বিজেপিৰ শেহতীয়া স্থিতিয়ে প্ৰমাণ কৰিবলৈ ওলাইছে।

স্বাধীনত্তোৰ পৰ্যায়ৰে ভূমি বিবাদ নিষ্পত্তিৰ বাবে শেহতীয়াকৈ (যোৱা চৰকাৰৰ শেষ সময় তথা এই চৰকাৰৰ প্ৰাৰম্ভিক পৰ্যায়ত) তৎপৰ হোৱাৰ ৰহস্যটোনো কি সেয়াও বিচাৰ্য বিষয়। সীমান্তৰ ভূমিবিবাদ নিষ্পত্তি প্ৰয়োজনীয় বিষয় কিন্তু ইমান দিনে এলাগী হৈ পৰি থকা বিষয়টোত কেন্দ্ৰীয় চৰকাৰ ইমান তৎপৰ হৈ উঠিল কিয়? ই অসমৰ প্ৰতি দৰদ নে তাৰ আৰত আন কিবা কাৰণ আছে? বৰ্ধমান বিস্ফোৰণৰ আগতে ইন্টিলিজেঞ্চৰ বিপোৰ্টত এই কথা প্ৰকাশ পাইছে যে সন্ত্ৰাসবাদীয়ে ভাৰতলৈ অস্ত্ৰ সস্ত্ৰ আৰু সন্ত্ৰাসবাদী সৰবৰাহ কৰাৰ আটাইতকৈ সূচল পথ হিচাপে বিবেচনা কৰে উন্মুক্ত অসম বাংলা সীমান্ত। বৰ্ধমান বিস্ফোৰণৰ পিছত নিয়াৰ অনুসন্ধানত ইণ্টেলিজেঞ্চৰ বিপোৰ্টৰ সত্যতা প্ৰতিপন্ন হোৱাৰ পিছত ভাৰতবৰ্ষৰ বাবে এক ভয়াবহ সমস্যাৰ বাট মুকলি হৈ থকাটো উপলব্ধি কৰি কেন্দ্ৰীয় চৰকাৰে এই তৎপৰতা বৃদ্ধি কৰিছে। অৱশ্যে বিগত চৰকাৰেই এই তৎপৰতা আৰম্ভ কৰিছিল। ভাৰত বাংলা সীমান্ত সুৰক্ষিত কৰিব নোৱাৰিলে আগত দিনত ভাৰতবৰ্ষৰ সুৰক্ষা বিঘ্নিত হোৱাৰ আশংকা কৰি কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্ন হৈ পৰিছিল। অসম-বংগ উন্মুক্ত সীমান্ত এদিন ভাৰতবৰ্ষৰ বাবে সুৰক্ষাৰ প্ৰধান সমস্যা হৈ পৰিব পাৰে বুলি অনুভৱ কৰিবলৈ আৰম্ভ কৰাৰে পৰা যিকোনো মূল্যৰ বিনিময়ত অসম বাংলা সীমান্ত চীল কৰাৰ বাবে কেন্দ্ৰ চৰকাৰ বদ্ধপৰিকৰ হৈ উঠিছে। অৱশ্যে ৰাষ্ট্ৰীয় স্বাৰ্থত হ’লেও যদি এই কাৰ্যটো সমাধা হয় সেয়া অসমৰ বাবেও হিতকৰেই হ’ব।

আমাৰ উদ্দেশ্য ভুমি হস্তান্তৰণ চুক্তিক বিৰোধিতা কৰাও নহয় নতুবা বিজেপি চৰকাৰে ইয়াক কাৰ্যকৰী কৰাৰ বিৰোধিতা কৰা।
আমাৰ প্ৰশ্নটো ভুমিহস্তান্তৰ চুক্তিক লৈ বিজেপিৰ প্ৰাক-নিৰ্বাচনী আৰু নিৰ্বাচনোত্তৰ স্থিতিক লৈহে। চৰকাৰ গঠন কৰাৰ পিছত ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি ভুমি হস্তান্তৰ চুক্তি যদি কাৰ্যকৰী কৰেই বা সেই চুক্তিখন যদিহে ৰাষ্ট্ৰৰ স্বাৰ্থানুকুল (যদি ৰাষ্ট্ৰৰ স্বাৰ্থানুকুল তেতিয়া আমি যুক্তিৰ খাতিৰত ধৰি লৈছো অসমৰো স্বাৰ্থানুকুল), তেন্তে প্ৰাক নিৰ্বাচনী পৰ্যায়ত ইয়াৰ বিৰোধিতা কৰা হৈছিল কিয়? ই স্বাভাৱিকতে আবেগপ্ৰৱণ অসমীয়া জাতিৰ আবেগক ব্যৱহাৰ কৰাৰ একমাত্ৰ কৌশলৰ বাহিৰে আন কি?

বিদেশী সমস্যাটো অসম আৰু অসমীয়াৰ এটা দীৰ্ঘকালীন সমস্যা হিচাবে বিবেচিত হৈ আহিছে। এই ক্ষেত্ৰত এটা নিৰ্দিষ্ট তাৰিখত টালি টোপোলা বান্ধিবলৈ দিয়া হুংকাৰৰ কথা বাদ দিও বিজেপিয়ে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ দৃষ্টিভংগী পোষণ কৰিছিল। আনহাতে প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ ৰোধৰ লগত ভূমি হস্তান্তৰৰ বিষয়টো অংঙ্গাগীভাৱে জড়িত। বিবাদমান অঞ্চলৰ মীমাংসা অবিহনে অনুপ্ৰৱেশৰোধৰ স্থায়ী সমাধান সম্ভৱ নহয়। কিন্তু দেশবিভাজনৰ সময়তে উদ্ভৱ হোৱা এই বিবাদমান অঞ্চলৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিজেপিয়ে আকৌ এবাৰ নিজে দুমুখীয়া স্থিতি প্ৰকাশ কৰি অসমীয়া অবেগক লৈ হেতালি খেলিছে। ভাৰত বাংলাদেশ ভূমি হস্তান্তৰ চুক্তি অবিহনে সীমা সমস্যা তথা অনুপ্ৰৱেশ ৰোধ সম্ভৱ নহয় সেয়া স্বীকাৰ কৰিও এটা কথা ক’ব লাগিব যে বিজেপিৰ প্ৰাকনিৰ্বাচনী স্থিতি আৰু নিৰ্বাচনোত্তৰ স্থিতিৰ বিৰোধাভাষে কুহেলিকাৰ সৃষ্টি কৰাৰ লগতে ৰাইজৰ মনত ক্ষোভৰ উদ্গীৰণ ঘটাইছে। এটা প্ৰশ্ন জাগ্ৰত হৈছে যে শাসনৰ বাহিৰত থাকিলে ৰাজনৈতিক দলবিলাকে একমাত্ৰ বিৰোধিতাৰ নামতহে বিৰোধিতা কৰে নেকি? যিখন চুক্তিৰ বিৰোধিতা কৰি ৰাইজক আৱেগ উদ্বাউল কৰি ভোট বুটলিলে, শাসনত অধিষ্ঠিত হৈয়ে সেই চুক্তি কাৰ্যকৰী কৰিবলৈ বদ্ধপৰিকৰ হোৱাটো এটা আন্তৰাষ্ট্ৰীয় বাধ্যবাধকতা নে দেশৰ হিতৰ বাবে প্ৰয়োজনীয় সেইটো বিজেপিয়ে স্পষ্ট কৰা উচিত। এয়া যদি ৰাষ্ট্ৰহিতৰ বাবে প্ৰয়োজনীয় তেন্তে নিৰ্বাচনৰ পূৰ্বে এই চুক্তিৰ তথাকথিত বিৰোধিতা কিয় কৰিছিল?

বিজেপিৰ কুহেলিকাময় এই ওলোটা খৰ এক ৰাজনৈতিক প্ৰবঞ্চনাৰ বাহিৰে আন একো নহয়। কেৱল শাসক আৰু বিৰোধিৰ অৱস্থানৰ পৰিৱৰ্তনতেই কোনো এটা ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত স্থিতিত অৱতীৰ্ণ কৰোৱাটোৱেই বিজেপিক এটা গাদী লাভৰ বাবে যিকোনো পৰ্যায়লৈ যাব পৰা দল হিচাৱে পৰিগণিত কৰিলে। আনহাতে অসমীয়া জনজীৱনৰ লগত সংপৃক্ত আন এটা সমস্যা বৃহৎ নদীবান্ধ, যাৰ ক্ষেত্ৰত ৰাজ্যিক নেতৃত্ব আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ পৃথক দৃষ্টিভংগী আগৰ পৰাই পৰিলক্ষিত হৈ আহিছে, তাত শাসনত অধিষ্ঠিত বিজেপিৰ কি স্থিতি হ’ব সেয়া সহজে অনুমেয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!