অসমৰ নাৰীমুক্তি আন্দোলনৰ বাটকটীয়া চন্দ্ৰপ্ৰভা শইকীয়ানী (মৌচুমী বৰি)

(চন্দ্ৰপ্ৰভাই অধিৱেশনৰ দিনা কানি নিবাৰণী প্ৰস্তাৱ সমৰ্থন কৰি যি বজ্ৰকণ্ঠেৰে আৱেগ, উত্তেজনা, ক্ৰোধ মিহলি কৰি উদ্দীপ্ত ভাষণেৰে বৰবিহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল, সেই ভাষণত সভাথলী নিজম পৰি যায় আৰু শেষত হাতচাপৰিৰ বিপুল গৰ্জনেৰে দৰ্শকে তাইক আদৰি লৈছিল।)

‘…আমাৰ তিৰোতা সমাজক অজ্ঞান আন্ধাৰৰ পৰা উলিয়াই আনিবলৈ মই গোটেই জীৱন চেষ্টা কৰি যাম। এয়া মই জীৱনৰ ব্ৰত বুলিয়েই ধৰি লৈছোঁ…’
(অভিযাত্ৰী-নিৰূপমা বৰগোহাঞি)
নগাঁৱৰ নৰ্মাল স্কুলৰ শিক্ষা সাং কৰি চন্দ্ৰপ্ৰভাই নগাঁৱৰে প্ৰাইমেৰী স্কুল এখনত কাম পালে যদিও তাত বৰকৈ মন বহা নাছিল। সেইসময়তে তেজপু্ৰৰ ছোৱালী মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ চাকৰি পাই চন্দ্ৰপ্ৰভা তেজপুৰলৈ গুছি আহিল। তেজপুৰত পৰমানন্দ আগৰৱালাৰ ঘৰখনে তাইক আশ্ৰয় দিলে। চন্দ্ৰপ্ৰভা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃ কিৰণময়ী আগৰৱালাৰ সান্নিধ্যলৈ আহিল। সেইসময়ত জ্যোতিপ্ৰসাদ আগৰৱালা আছিল স্বাধীনতা যুদ্ধৰ স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক। তেজপুৰত চতুৰ্থ বাৰ্ষিক অসম ছাত্ৰ সন্মিলন হওতে, সেই সময়ৰ উৎসাহী আৰু প্ৰতিভাৱান ডেকাসকলে সন্মিলনখন সুচাৰুৰূপে পাতিবৰ বাবে দেহে কেহে খাটিছিল। সেই প্ৰতিভাৱান ডেকাসকল আছিল—অমিয় কুমাৰ দাস, চন্দ্ৰনাথশর্মা, জ্যোতিপ্ৰসাদ আগৰৱালা, কালীচৰণ ভট্টাচাৰ্য, লক্ষ্মীধৰ শর্মা আদি। কিৰণময়ী আগৰৱালাই চন্দ্ৰপ্ৰভাকো সেই অধিৱেশনৰ কর্মী হোৱাৰ সুযোগ দিছিল। ছাত্ৰ সন্মিলনৰ সভাপতি হিচাপে আহিছিল ভাৰত প্ৰসিদ্ধ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, যি মহিলাৰ শিক্ষা আৰু নাৰী স্বাধীনতাৰ সপক্ষে সদায়ে মাত মাতি আহিছিল। সেই অধিৱেশনত জ্যোতিপ্ৰসাদ আগৰৱালাই চন্দ্ৰপ্ৰভাক স্বেচ্ছাসেৱক বাহিনীক কুচকাৱাজ শিকাই অধিৱেশনৰ দিনা প্ৰস্তুত কৰি তুলিবলৈ দায়িত্ব দিছিল। তাৰোপৰি অধিৱেশনত অমিয় কুমাৰ দাসে কানি নিবাৰণৰ সপক্ষে যি প্ৰস্তাৱ ল’ব সেই প্ৰস্তাৱ মঞ্চত উঠি সমৰ্থন কৰিবলৈ চন্দ্ৰপ্ৰভাক কোৱা হৈছিল। চন্দ্ৰপ্ৰভাই অধিৱেশনৰ দিনা কানি নিবাৰণী প্ৰস্তাৱ সমৰ্থন কৰি যি বজ্ৰকণ্ঠেৰে আৱেগ, উত্তেজনা, ক্ৰোধ মিহলি কৰি উদ্দীপ্ত ভাষণেৰে বৰবিহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল, সেই ভাষণত সভাথলী নিজম পৰি যায় আৰু শেষত হাতচাপৰিৰ বিপুল গৰ্জনেৰে দৰ্শকে তাইক আদৰি লৈছিল। সেইদিনা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে অধিৱেশনত কোৱা এই কথাখিনি চন্দ্ৰপ্ৰভাৰ মনত ৰৈ গৈছিল—’আপোনালোকে স্ত্ৰী শিক্ষাক অৱহেলা কৰিব নালাগে। মাতৃ, ভগ্নী আৰু স্ত্ৰীসকলে পাহৰিলে নচলিব।এই কথা মনত ৰাখিব যে অর্ধেক দেশবাসী সদায় অজ্ঞান আন্ধাৰত আৰু চিৰ পৰাধীনতাত পৰি থাকিলে জাতীয় উন্নতি কেতিয়াও হ’ব নোৱাৰে’।(অভিযাত্ৰী-নিৰূপমা বৰগোহাঞি)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!