অসমৰ পৰা অস্কাৰ বিজয়ী অভিনেত্ৰী !! (ভাস্কৰ গগৈ)

কোনোবাই “ড৹ঝিভাগো’’(doctor zhivago) নামৰ চিনেমাখন চাইছেনে ? নাইবা ব্ৰেড পীট অভিনীত “ট্ৰ’য়’’(Troy) ছবিখন ? তাত ব্ৰেড পীটৰ মাকৰ চৰিত্ৰত অভিনয় কৰা মহিলা গৰাকীক চিনি পাইছেনে ? আপোনালোকৰ ঘৰৰ(যি সকল অসমত আছে) নিচেই ওচৰতে তেখেতৰ ঘৰ(মানে জন্মস্থান)!!নাই পোৱা ?তেখেত হৈছে হলীউডৰ অস্কাৰ বিজয়ী অভিনেত্ৰী জুলি ক্ৰিষ্টি ৷
জুলি ক্ৰিষ্টিৰ জন্ম হৈছিল অসমৰ চাবুৱাৰ শিঙলীজান চাহবাগিচাত ১৯৪১ ৰ ১৪ এপ্ৰিলত। দেউতাকৰ নাম আছিল ফ্ৰেংক জন ক্ৰিষ্টি আৰু মাকৰ নাম আছিল ৰ’জমেৰী ৰামছডেন। দেউতাক আছিল ইষ্ট ইন্ডিয়া কোম্পানীৰ অধীনৰ এগৰাকী চাহ খেতিয়ক৷ সেইসূত্ৰে তেওঁলোক আহি আছিলহি শিঙলীজান চাহবাগিচাত।
জুলিৰ ক্লাইৱ নামৰ এজন ভায়েক আৰু জুন নামৰ এগৰাকী ভগ্নীও আছিল৷ ইয়াৰে জুনৰ জন্ম হৈছিল জুলিৰ দেউতাক ফ্ৰেংক ক্ৰিষ্টি আৰু শিঙলীজান চাহবাগিচাৰ এগৰাকী পাত তোলোতা মাইকী মানুহৰ মাজত সম্বন্ধ হৈ৷
জুন আছিল জুলিতকৈ বয়সত ৬ বছৰে ডাঙৰ৷ ফ্ৰেংক ক্ৰিষ্টিয়ে কিন্তু জুন যে তেওঁৰেই জীয়েক সেই কথা জুলিৰ মাকক কোৱা নাছিল আৰু বাগিচাৰ বাকীসকল কৰ্মচাৰীকো কবলৈ মানা কৰিছিল৷
অৱশেষত ১৯৪৭ চনত বৃট্ৰিছে ভাৰত এৰিবৰ সময়ত জুলিৰ মাকে তেওঁৰ দুই সন্তানক লৈ লণ্ডনলৈ গুচি যায় আৰু দুই সন্তানক বৰ্ডিং স্কুলত ভৰ্ত্তি কৰাই দিয়ে ৷

শিক্ষা সাং কৰাৰ পিছতেই জুলিয়ে চিনেমাজগতত প্ৰৱেশ কৰে ৷ জুলীৰ প্ৰথমখন ছবি আছিল The Fast Lady, ১৯৬২ এখন ৰোমান্টিক কমেডী ৷ ইয়াৰ পিছত Darling,Young Cassidy,Fahrenheit 451,Far From the Madding crowd ইত্যাদি বিভিন্ন ছৱিৰ জৰিয়তে জুলি হলীউদত বিখ্যাত হৈ গৈ থাকে। ব’ৰিছ পেষ্টাৰনকৰ “ড৹ঝিভাগো’’ উপন্যাসক আধাৰ হিচাপে লৈ ডেভিড লীনে তৈয়াৰ কৰা “ড৹ঝিভাগো’’ (doctor zhivago) ত লাৰা এন্টিপ’ভাৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰিছিল৷ তেওঁ অস্কাৰ পাইছিল “Darling” নামৰ ছবিখনত কৰা মডেল ডায়েনা স্কটৰ চৰিত্ৰটোৰ বাবে ১৯৬৫ চনত৷ এইটো অভিনয়ৰ বাবে তেওঁ বাফটা(BAFTA) এৱাৰ্ডো পাইছিল৷ তেখেতৰ ২০০৬ ত মুক্তি পোৱা “Away From Her” এখন অতি লেখত লবলগীয়া ছবি৷
২০০৭ ত জুলি বৃটিছ ডেইলী “The Guardian” ৰ সাংবাদিক তথা লেখক Duncan Campbell ৰ লগত বিবাহপাশত আবদ্ধ হয় ৷

ছবিত ঘড়ীৰ কাঁটাৰ দিশত জুলি ক্ৰিষ্টি, জুন ক্ৰিষ্টি আৰু জুলি ক্ৰিষ্টি জন্ম হোৱা শিঙলীজান চাহবাগিচাৰ ঘৰটো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!