অসম দেশৰ বিষম কথা (-অনন্ত মোহন শৰ্মা)

অসম দেশৰ বিষম কথা


অনন্ত মোহন শৰ্মা

 

 

মৰমী, জননী
মাজনী, মামনী
মৰি আছে
স্বাস্থ্য বিভাগৰ
কত কি যে আঁচনি ৷৷

হাস্পাতালৰ খহে ছাদ
কথা চহকী মন্ত্ৰীৰ,
মুখেৰে কিন্তু নোলায় মাত ৷৷

জননী সুৰক্ষা যোজনা
আইদেউ, বাইদেউ,শুশ্ৰুষা
আশা বাইদেউৰ কত আশা
প্ৰকাশৰ নাই ভাষা ৷৷

মন্ত্ৰী মহোদয়ৰ মিঠা কথা
যুগান্তকাৰী পৰিবৰ্তনে
আঁতৰাবই আঁতৰাব,
অসমৰ ৰোগীৰ ব্যথা ৷৷

যদি হয় মন্ত্ৰীৰ ৰোগ
চৰকাৰী ডাক্তৰৰ নহয় দুৰ্ভোগ,
মন্ত্ৰীৰ বাবে ৰৈ আছে
প্ৰাইভেট নাৰ্ছিং হোম ৷৷

যদু, মধুৰ বেমাৰ হ ‘লে
কত যে পয়মাল
কোনখন আঁচনিমতে
হ’ব চিকিৎসা
বুজাটোৱে জঞ্জাল ৷৷

তথাপিও প্ৰতিদিনে
ন ন আঁচনি
মৰিছেনে আছে জীয়াই
মন্ত্ৰীয়েও নাজানে কিজানি ৷৷

অসম দেশৰ বিষম কথা
ক’লেও লাগিব লেথা ৷
ডেংগিৰ পৰা হাত সাৰি,
থকাতোহে এতিয়াৰ
আটাইতকৈ ডাঙৰ কথা ৷৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!