অসম ফুটবলৰ সোণালী সুদিন প্ৰত্যাৱৰ্তনৰ প্ৰতীক্ষাত (প্ৰশান্ত কুমাৰ বৰা)

‘ভদ্ৰলোকৰ খেল’ ক্ৰিকেটৰ মহাজ্বৰে ভাৰতীয় উপ-মহাদেশৰ প্ৰতিটো অলি-গলি আক্ৰান্ত কৰাৰ আগতে লেটিন আমেৰিকাৰ দৰে আমাৰ এই মুলুকতো ফুটবলেই আছিল প্ৰথম পচণ্ডৰ খেল। গাঁৱে-ভূঞে বিভিন্ন খেলপথাৰত চেমনীয়া ডেকাচামৰ বাবে আবেলিবোৰ আছিল ফুটবলক লৈ ব্যস্ত থকাৰ সময়। ফুটবলৰ অনুপস্থিতিত ৰবাৰ টেঙাই আছিল তাৰ পৰিপূৰক। স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, ফাকুৱা, দীপাৱলী আদি বিভিন্ন উপলক্ষত চুবুৰীয়া দুখন গাঁও বা দুটা যুৱক সংঘৰ মাজত প্ৰায়েই ফুটবলৰ একোখন প্ৰীতি খেল আয়োজিত হৈছিল আৰু এই খেলপথাৰত চৌপাশৰ প্ৰায়বোৰ গাঁৱৰে আবাল-বৃদ্ধ-বনিতা উবুৰি খাই পৰিছিল। এই খেলবোৰৰ মাধ্যমেৰেই বহু প্ৰতিভাৱান ফুটবল খেলুৱৈয়ে জন্ম লাভ কৰিছিল আৰু বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ মাধ্যমেৰে তেওঁলোকৰ প্ৰতিভাৰ বহিঃপ্ৰকাশ ঘটিছিল। ৰাজ্যৰ চুকে-কোণে গঢ়ি উঠিছিল বহুতো আগশাৰীৰ ফুটবল দল, যিবোৰে জিলা পৰ্যায়ৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো কৃতিত্ব বুটলিছিল। কিন্তু হঠাতে এই দিনবোৰ যেন ক’ৰবাত হেৰাই গ’ল। লুইতৰ বাঢ়নি পানীৰ দৰে ক্ৰিকেট নামৰ সম্ভ্ৰান্ত খেলবিধৰ অবাধ অনুপ্ৰৱেশে দেশৰ অন্যান্য অংশৰ লগতে অসমৰ গাঁও-ভূঁইৰ পৰাও ফুটবলক উৎখাত কৰিলে। দুঃখজনকভাৱে ক্ৰমে ক্ৰমে হেৰাই গ’ল অসম ফুটবলৰ এসময়ৰ সোণালী সুদিন।

যিটো সময়ত আজি অসমত বৰদলৈ ট্ৰফীৰ দৰে সম্ভ্ৰান্ত প্ৰতিযোগিতা উকা গেলাৰীক সাক্ষী কৰি অনুষ্ঠিত কৰিবলগা হৈছে, স্প’নছৰশ্বিপৰ অভাৱত কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা যথেষ্ট আৰ্থিক দৈন্যৰ মাজত মাত্ৰ নিয়ম ৰক্ষাৰ নামতহে আয়োজন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে, সেই সময়তে আকৌ এখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ এটা টিকটৰ বাবে দৰ্শকৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিও চকুত পৰিছে। ভাবিলে আচৰিত লাগে, এইখন অসমতে এদিন বৰদলৈ ট্ৰফীৰ খেল চোৱাৰ বাবে গেলেৰীত দৰ্শকৰ বাবে ঠাই নহৈছিল। দৰ্শকৰ ব্যাপক সঁহাৰিৰ মাজত অনুষ্ঠিত হৈছিল বৰদলৈ ট্ৰফীৰ লগতে এ টি পি এ শ্বিল্ড, স্বাধীনতা দিৱস কাপ আদি প্ৰতিযোগিতাৰ খেলসমূহ। ৰাজ্যৰ আগশাৰীৰ ফুটবল দল অসম পুলিচ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, অইল ইণ্ডিয়া লিমিটেড, উইলিয়ামছন মেগৰ একাডেমী, গুৱাহাটী টাউন ক্লাব, মহাৰাণা ক্লাব আদিৰ লগতে উত্তৰ-পূবৰ প্ৰখ্যাত দল অসম ৰাইফলছ, নগালেণ্ড পুলিচ, অসম ৰেজিমেণ্টেল চেণ্টাৰ, শ্বিলং একাদশ, আইজল একাদশ আদিৰ খেল চাবলৈ দৰ্শক অধীৰ আগ্ৰহেৰে ৰৈ আছিল। গিলবাৰ্টছন চাংমা, ফকৰুদ্দিন লস্কৰ, প্ৰহ্লাদ খাখলাৰী, বাবুল ফুকন, গণেশ ৰায়, কুমুদ বৰ্মন, জুৱেল বে, দেৱাশিস ৰয়, পৰেশ কাকতি, ফণীধৰ সোণোৱাল, ডম্বৰু খনিকৰ, স্বাধীন ডেকাৰজা, কল্যাণ তামুলী, ফ্ৰান্সিছ বৰুৱা, অৰুণ বৰঠাকুৰ, অকণ সোণোৱাল, সুনীল বড়ো, সমীন বৰদলৈ, ব্ৰজেন ব্ৰহ্ম, প্ৰদীপ ব্ৰহ্ম, হেমন্ত বসুমতাৰী, খনীন ব্ৰহ্ম আদি তাৰকা খেলুৱৈৰ দৰ্শনীয় ক্ৰীড়াশৈলী উপভোগৰ বাবে ষ্টেডিয়ামত দৰ্শক উবুৰি খাই পৰিছিল। বহিঃৰাজ্যৰ অগ্ৰণী দলবোৰেও ৰাজ্যৰ এই সম্ভ্ৰান্ত প্ৰতিযোগিতাসমূহত উৎসাহেৰে যোগদান কৰিছিল। মোহন বাগান, ইষ্ট বেংগল ক্লাব, মহমেদান স্প’ৰ্টিং ক্লাব, গোৱাৰ ডেম্প’ স্প’ৰ্টছ ক্লাব, বেংকক প’ৰ্ট অথ’ৰিটী, এৰিয়ান ক্লাব আদি বাহিৰৰ উন্নত ফুটবল দলৰ খেলুৱৈৰ খেলে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল।
এইখন অসমতে সৌ সিদিনালৈকে বৰদলৈ ট্ৰফীৰ লগতে এ টি পি এ শ্বিল্ড (যোৰহাট), স্বাধীনতা দিৱস কাপ (নগাঁও), অম্বা মেধি কাপ (মঙলদৈ), নৰোৰাম বৰ্মন ফুটবল প্ৰতিযোগিতা (চামতা), উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ (কোকৰাঝাৰ), গুৱাহাটী ছুপাৰ ডিভিজন লীগ (গুৱাহাটী) আদি আগশাৰীৰ প্ৰতিযোগিতা দৰ্শকৰ ব্যাপক উলহ-মালহৰ মাজেৰে অনুষ্ঠিত হৈছিল। খেলপথাৰত দপদপাই আছিল ৰাজ্যৰ অন্য কেবাটাও আগশাৰীৰ ফুটবল ক্লাবৰ লগতে গুৱাহাটীৰ মহাৰাণা ক্লাব, গুৱাহাটী টাউন ক্লাব, ডায়নামো ক্লাব, ছানৰাইজ ক্লাব, নৱজ্যোতি ক্লাব আদিৰ বহু অসামান্য প্ৰতিভাধৰ খেলুৱৈয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই সকলোবোৰ আজি মাথোঁ এক সোণোৱালী অতীতত পৰিণত হৈছে। দৰ্শকৰ উকা গেলাৰীৰ সন্মুখত এই প্ৰতিযোগিতামূহ কোনোমতে জীয়াই ৰখাৰ নামত অনুষ্ঠিত কৰি অহা হৈছে। আয়োজক, খেলুৱৈ, দলীয় মেনেজমেণ্ট সকলোৰে যেন এই খেলবিধৰ প্ৰতি এক নিস্পৃহ ভাব।

এইখনেই সেইখন অসমনে, য’ত বৰদলৈ ট্ৰফী বা এ টি পি এ শ্বিল্ড বুলিলে মাথোঁ গেলেৰীৰ দৰ্শকেই নহয়, ৰেডিঅ’ত খেলৰ চলন্ত বিৱৰণী শুনি থকা হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমী উত্তেজনাত উৎফুল্লিত হৈ পৰিছিল! আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰযোগে প্ৰচাৰিত এই ধাৰা বিৱৰণীত প্ৰেমধৰ শৰ্মা, মনোজ পাত্ৰ আদিৰ চমকপ্ৰদ বৰ্ণনাই যেন জীৱন্ত খেলপথাৰখনকেই শ্ৰোতাৰ চকুৰ আগলৈ দাঙি আনিছিল। ভাবিলে দুঃখলগা কথা যে এসময়ত ‘বৰপো’ৰ আদৰ পোৱা এইবিধ খেলৰ অৱস্থা আজি এইখন ৰাজ্যত সতিনীৰ সন্তানতকৈও শোচনীয়। অকল অসমতে নহয়, সমগ্ৰ ভাৰতীয় উপমহাদেশতে ফুটবলৰ আজি একেই বিপৰ্যয়।

বিশ্বৰ সৰ্বাধিক সমাদৃত এইবিধ খেলৰ হৃত-গৌৰৱ আমাৰ ৰাজ্যত কেতিয়া পুনৰুদ্ধাৰ হ’ব? অনতিপলমেই উভতি আহিবনে অসম ফুটবলৰ সেই সোণোৱালী দিনবোৰ? দোষটো কাৰ? কিয় দৰ্শকৰ ইমান অনীহা হ’ল এই প্ৰতিযোগিতাসমূহ উপভোগৰ বাবে? এটা কথা অৱশ্যেই অনস্বীকাৰ্য যে এতিয়াও উপযুক্ত প্ৰচাৰ, উন্নতমানৰ দল আৰু দৰ্শকৰ আৱেগক উদ্বেলিত কৰিব পৰা পৰ্যায়ৰ প্ৰতিদ্বদ্বিতামূলক খেল আয়োজিত হ’লে দৰ্শক আপোনা-আপুনি খেলপথাৰলৈ ধাৱমান হ’ব। গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৩৩সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পুৰুষৰ ফুটবল ফাইনেলত অসমে তামিলনাডুক পৰাভূত কৰি স্বৰ্ণপদক দখল কৰাৰ দিনা নেহৰু ষ্টেডিয়ামত উপচি পৰা হাজাৰ হাজাৰ দৰ্শকে এই কথাই যেন প্ৰমাণিত কৰিলে। ইয়াৰ দ্বাৰা এইটোও সাব্যস্ত হ’ল যে যোগ্যতাৰ সমাদৰ আমাৰ সমাজত এতিয়াও আছে। কিন্তু সেই যোগ্যতাক দৰ্শনীয়ভাৱে উপস্থাপন কৰিব পৰাকৈ খেলুৱৈ, আয়োজক, সংগঠক সকলোৰে বহুত কৰণীয় আছে। বিশ্বকাপ ট্ৰফীৰ ‘বিশ্ব ভ্ৰমণ’ কাৰ্যসূচীৰ অধীনত কেইমাহমানৰ আগতে ভাৰতলৈ অহা ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ কাৰ্লোছ এলবাৰ্টো টৰেছে সেয়ে কৈ গ’ল ‘মহান আৰু বিখ্যাত ফুটবলাৰ যদি হ’ব বিচৰা, তেন্তে এটা বলৰ সৈতে টোপনি যোৱাৰ অভ্যাস কৰা।’ তেওঁ আৰু কৈছিল যে মাথোঁ অবিৰত অনুশীলনেহে এজন বিশ্বস্তৰৰ খেলুৱৈ সৃষ্টি কৰিব পাৰে। বিশ্বৰ সৰ্বোচ্চ প্ৰত্যাহ্বানমূলক এই খেলবিধত নিজকে টিকাই ৰাখিবলৈ হ’লে অবিৰাম অনুশীলনৰ কোনো বিকল্প নাই। মহান ফুটবলাৰ টৰেছৰ এই অভিজ্ঞতালব্ধ মূল্যবান কথাষাৰ আমাৰ ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িতসকলে হৃদয়ংগম কৰাটো ভাল। আজিলৈকে ফুটবলৰ বিশ্বকাপত ভৰিয়েই থবলৈ সক্ষম নোহোৱা ছকুৰি কোটিৰো অধিক জনসংখ্যাৰ এই বিশাল দেশখনৰ মুখলজ্জা নিবাৰণৰ বাবে সম্ভৱপৰ সকলো ত্যাগ স্বীকাৰ কৰিবৰ বাবেও আমাৰ খেলুৱৈ, সংগঠকসকল প্ৰস্তুত থাকিব লাগিব। ২০১৭ চনত নিজৰ দেশতে আয়োজিত হ’বলগীয়া ১৭ বছৰ অনূৰ্ধ্ব ফুটবলৰ বিশ্বকাপখনকেই সফলতাৰোহণৰ প্ৰাৰম্ভিক মঞ্চৰূপে গ্ৰহণ কৰাৰ সোণালী সুযোগে ভাৰতৰ কনিষ্ঠ ফুটবলাৰসকলক আহ্লাদিত কৰিছে। এই উপলক্ষৰ অচিলা লৈ অসম ফুটবলৰ অতীত হোৱা স্বৰ্ণযুগ পুনৰ ঘূৰাই অনাৰ বাবেও সংশ্লিষ্ট সকলোৱে সংঘবদ্ধভাৱে ৰণক্ষেত্ৰত জঁপিয়াই পৰাৰ সময় নিচেই সমাগত।

………………………………………………………….
বৰদলৈ ট্ৰফীৰ বিজয়ী আৰু ৰানাৰ্ছ আপ দলসমূহৰ তালিকা
………………………………………………………….

বৰ্ষ বিজয়ী ৰানাৰ্ছ আপ
১৯৫২ ৰে’লৱে স্প’ৰ্টছ ক্লাব, পাণ্ডু ইউনিয়ন স্প’ৰ্টিং ক্লাব, নগাঁও
১৯৫৩ মহাৰাণা এ চি, গুৱাহাটী শ্বিলং গেৰিছন
১৯৫৪ গুৱাহাটী টাউন ক্লাব শিলচৰ ইণ্ডিয়া ক্লাব
১৯৫৫ ষ্টেট ট্ৰেন্সপ’ৰ্ট এছ’চিয়েছন, শ্বিলং ঠেঙালবাৰী ক্লাব, যোৰহাট
১৯৫৬ গুৱাহাটী টাউন ক্লাব,
ষ্টেট ট্ৰেন্সপ’ৰ্ট এছ’চিয়েছন, শ্বিলং (যুটীয়াভাৱে)
১৯৫৭ জলপাইগুৰি টি চি, পশ্চিমবংগ গুৱাহাটী টাউন ক্লাব
১৯৫৮ ছাউদাৰ্ন ৰে’লৱে ইনষ্টিটিউট মহাৰাণা এচি, গুৱাহাটী
১৯৫৯ স্প’ৰ্টিং ইউনিয়ন ক্লাব, গুৱাহাটী চিটী কলেজ অ’ল্ড বয়জ এফ চি
১৯৬০ অসম পুলিচ এ চি, দেৰগাঁও অসম ৰাইফল্ছ
১৯৬১ মাইছ’ৰ জিলা সমিতি অসম ৰাইফল্ছ
১৯৬২ লীডাৰ্ছ এফ চি, জলন্ধৰ হাওৰা ইউনিয়ন, কলকাতা
১৯৬৩ গুৱাহাটী টাউন ক্লাব লীডাৰ্ছ এফ চি,জলন্ধৰ (যুটীয়াভাৱে)
১৯৬৪ অসম ৰাইফল্ছ জলপাইগুৰি টি চি, পশ্চিমবংগ
১৯৬৫ এৰিয়ান ক্লাব, কলকাতা মহমেডান স্প’ৰ্টিং ক্লাব
১৯৬৬ এৰিয়ান ক্লাব, কলকাতা মহমেডান স্প’ৰ্টিং ক্লাব
১৯৬৭ পূব ৰে’লৱে এছ চি ইচাপুৰ ৰাইফল ফেক্টৰী, কলকাতা
১৯৬৮ ইষ্ট বেংগল ক্লাব ইষ্টাৰ্ন ৰে’লৱে এছ চি
১৯৬৯ মহমেডান স্প’ৰ্টিং ক্লাব ইষ্ট বেংগল ক্লাব
১৯৭০ মহমেডান স্প’ৰ্টিং ক্লাব খিদিৰপুৰ স্প’ৰ্টিং ইউনিয়ন
১৯৭১ অসম পুলিচ এ চি, দেৰগাঁও মহমেদান স্প’ৰ্টিং ক্লাব
১৯৭২ ইষ্ট বেংগল ক্লাব ঢাকা একাদশ
১৯৭৩ ইষ্ট বেংগল ক্লাব লীডাৰ্ছ এফ চি, জলন্ধৰ
১৯৭৪ মোহন বাগান এ চি ভাস্ক’ স্প’ৰ্টছ ক্লাব
১৯৭৫ মোহন বাগান এ চি পঞ্জাব একাদশ
১৯৭ মোহন বাগান এ চি গোৱা একাদশ
১৯৭৭ মোহন বাগান এ চি মহমেদান স্প’ৰ্টিং ক্লাব
১৯৭৮ ইষ্ট বেংগল ক্লাব বেংকক প’ৰ্ট অথৰিটী
১৯৭৯ বেংকক প’ৰ্ট অথৰিটী অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান
১৯৮০ অনুষ্ঠিত নহ’ল
১৯৮১ অসম পুলিচ ডেম্প’ স্প’ৰ্টছ ক্লাব
১৯৮২ ডেম্প’ স্প’ৰ্টছ ক্লাব অসম ৰাইফল্ছ
১৯৮৩ ডেম্প’ স্প’ৰ্টছ ক্লাব মহমেডান স্প’ৰ্টিং ক্লাব
১৯৮৪ মোহন বাগান এ চি মাফতলাল এছ চি, বম্বে
১৯৮৫ মহমেডান স্প’ৰ্টিং ক্লাব ছালগাঁওকাৰ স্প’ৰ্টছ ক্লাব
১৯৮৬ মহমেডান স্প’ৰ্টিং ক্লাব পঞ্জাব ৰাজ্যিক বিদ্যুৎ পৰিষদ
১৯৮৭ খিদিৰপুৰ স্প’ৰ্টিং ইউনিয়ন অসম ৰাইফল্ছ
১৯৮৮ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ অসম পুলিচ
১৯৮৯ ইষ্টেঘলাল, তেহৰান ঢাকা মহমেডান স্প’ৰ্টিং ক্লাব
১৯৯০ অইল ইণ্ডিয়া লিমিটেড শ্বিলং একাদশ
১৯৯১ মহমেডান স্প’ৰ্টিং ক্লাব ইষ্ট বেংগল ক্লাব
১৯৯২ ইণ্ট বেংগল ক্লাব আৱাহনী ক্ৰীড়া চক্ৰ
১৯৯৩ বেংকক প’ৰ্ট অথৰিটী মোহন বাগান এ চি
১৯৯৪ পঞ্জাব পুলিচ মিজোৰাম একাদশ
১৯৯৫ অসম পুলিচ উইলিয়াম্ছ মেগৰ একাডেমী
১৯৯৬ মোহন বাগান এ চি ইষ্ট বেংগল ক্লাব
১৯৯৭ অসম পুলিচ এ চি মিজোৰাম আইজল একাদশ
১৯৯৮ নৰবাখৰ ক্লাব টি আৰ এ ইউ, ইম্ফল
১৯৯৯ অসম ৰেজিমেণ্টেল চেণ্টাৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
২০০০ টাটা ফুটবল একাডেমী দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনী
২০০১ মোহন বাগান এ চি ৰাজ প্ৰাচা এছ চি, বেংকক
২০০২ অসম ৰেজিমেণ্টল চেণ্টাৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
২০০৩ অসম ৰেজিমেণ্টেল চেণ্টাৰ অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান
২০০৪ ব্ৰাদাৰ্ছ ইউনিয়ন, ঢাকা শ্বিলং একাদশ
২০০৫ অসম ৰেজিমেণ্টেল চেণ্টাৰ ছেইল
২০০৬ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ অসম ৰেজিমেণ্টেল চেণ্টাৰ
২০০৭ প’ৰ্ট অথ’ৰিটী অব্ থাইলেণ্ড অ’ এন জি চি, মুম্বাই
২০০৮ অইল ইণ্ডিয়া লিমিটেড অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
২০০৯ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ নাগালেণ্ড পুলিচ
২০১০ আৱাহনী লিমিটেড, ঢাকা থ্ৰী ষ্টাৰ ক্লাব, নেপাল
২০১১ ৰয়েল ৱাহিংডো লাংশ্লিং ফুটবল ক্লাব
২০১২ অইল ইণ্ডিয়া লিমিটেড অসম ৰাইফল্ছ
২০১৩ ভৱানীপুৰ এফ চি আইজল এফ চি।

(অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া আলোচনী ‘অসমা’ত ইতিপূৰ্বে প্ৰকাশিত। তালিকাৰ স্বত্ব লেখকৰ দ্বাৰা সংৰক্ষিত।)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!