অসুখ (ধনজিত্‍ কলিতা)

অসুখ

বাসনাৰ ফুলনিত
হৃদয় ৰঙীন ফুল এটা ফুলাৰ দিনাৰে পৰা
টোপা-টোপে সৰিছিল
আহিনৰ সমস্ত নিয়ৰ !

অচিনাকি ফুলৰ চিনাকি গোন্ধ বিচাৰি ফুৰোঁ
অসহনীয়তাৰ বাটেৰে আগবাঢ়ি গৈ
সহন কৰোঁ, আ:
এবোজা দুখৰ অসুখ !

(ধনজিত্‍ কলিতা, [email protected], ১২/০৭/১১)

Don`t copy text!