অ’হ মাই গড ! (টুৱাৰাম দত্ত)

পানবজাৰৰ “মম্তৰা অপ্টিকেলছ” ৷ ডাক্তৰ বৰুৱা বহুদিনৰ চিনাকি ৷ চকুৰ অসুখৰ ক্ষেত্ৰত তেওঁৰ এটা বিশেষ সুনাম আছে ৷ শাহু আইৰ চকুৰ অসুখ ৷ পত্নী, শাহু আইক লগত লৈ এদিন ওলালোগৈ ৷ নিৰ্দিষ্ট সময়ত আমাৰ পাল পৰাত পত্নীৰ সৈতে শাহু আই ডাক্তৰৰ চেম্বাৰত প্ৰৱেশ কৰিলে ৷ মই মম্তৰাৰ বাহিৰৰ কোঠাটোতে বহি থাকিলো ৷ মম্তৰাৰ বাহিৰৰ কোঠাটো চালে চকু ৰোৱা ৷ তাতে বিভিন্ন ধৰনৰ লেন্স আৰু ছশমা সজাই থোৱা থাকে ৷ বহা আসনবোৰো যথেষ্ট আৰামদায়ক আৰু শুৱনি ৷ মোৰ কাষতে বিদেশিনী মেম এগৰাকী আৰু অন্যান্য চকুৰ ৰোগী অথৱা ছশমাৰ গ্ৰাহক ৷ আমি বহাৰ পাঁচ মিনিটমান নহ’লেই ; ল’ৰা এজন আহি বহি থকা সকলোকে প্লাষ্টিকৰ ডিচ্প’জেবল গ্লাছত একাপ একাপ গৰম চাহ দি গ’লহি ৷ মনটো বেচ্ ভাল লাগি গ’ল ৷ এবাৰত প্ৰায় সকলোৰে চাহ খাই শেষ হ’ল ৷ ল’ৰাজনে আহি সকলোৰে গ্লাছবোৰ এটা এটাকৈ গোটালেহি আৰু একোবত বাহিৰলৈ দিলে দলিমাৰি ৷ গ্লাচবোৰ ফুট-পাথ, ৰাষ্টাত সিঁচৰিত হৈ পৰিল ৷ বিদেশিনী মেম গৰাকী চিৎকাৰ কৰি উঠিল ৷ ভঙা ভঙা হিন্দী-ইংৰাজী মিহলিৰে সুধিলে – ডাষ্ট বিন্ নাই নেকি ? লাজ লাজ ভাৱেৰে ল’ৰাজনে উত্তৰ দিলে-“ নাই একো নহয় ৷ আমাৰ ইয়াত এনেকৈয়ে চলে ৷”
-হোৱাট ? অ’হ মাই গড !
বিদেশিনী মেম গৰাকীয়ে তেওঁলোকক এযোৰ চশমা পৰীক্ষা কৰিবলৈ দিছিলে ৷ প্ৰথমে তেখেতে সেইযোৰ উলুবাৰীৰ ওচৰৰ বেলেগ এখন দোকানত তৈয়াৰ কৰিবলৈ দিছিল ৷ কিন্তু কিবা এটা সন্দেহ হোৱাত আক তাক সুধি সুধি মম্তৰা পালেহি ৷ চশমা বা লেন্স আদিৰ ক্ষেত্ৰত “মম্তৰা অপ্টিকেলছ”-ৰ এটা পুৰণা চিনাকি আছে ৷ সেয়া প্ৰায় সকলো গুৱাহাটী বাসীৰে জ্ঞাত ৷ মম্তৰাৰ টেক্-নিছিয়ান জনে নিৰ্দিষ্ট যন্ত্ৰত চশমাযোৰ পৰীক্ষা কৰি চিঞৰি উঠিল ৷ “- সৰ্বনাশ ! আপোনাৰ সোঁ চকুৰ লেন্স খন ওলোটা-ওলোটা কৰি ফিট্ কৰা আছে ৷ মানে ওপৰৰ খন তলত আৰু তলৰ খন ওপৰত ৷ বিদেশিনী মেম্ গৰাকী পুনৰ চিৎকাৰ কৰি উঠিল ৷
-হোৱাট ? অ’হ মাই গড !
কাম শেষ হ’ল ৷ আমি উভতিলোঁ ৷ গাড়ীখন ঘূৰাবলৈ লৈ দেখোঁ ক’ৰবাৰ পৰা চেমনীয়া এজন দৌৰি আহিল ৷ “-দাদা পাৰ্কিং টো দিব ৷” আৰে তোমালোকে পিছত যে পাৰ্কিং লোৱা ; আগত নোলোৱা কিয় ? মানে কেনেবাকৈ গাড়ীখন নাইকিয়া হ’লে কোনো দায়িত্ব নাথাকে ৷ নে কি ?
– নাই মানে……৷
– লোৱা, লোৱা, পিছে  কিমান ?
– বিশ টকা ৷ এয়া ৰচিদ লওঁক ৷
পৌৰ নিগমৰ আশীৰ্বাদত ৰাষ্টাত স্ট্ৰীট্ লাইট নাই ৷ সৰ্বত্ৰ আন্ধাৰ ৷ কোনোমতে ঘৰ সোমালোহি ৷ চোলাটো সোলোকাবলৈ লওঁতে হঠাতে জেপৰ পৰা ৰচিদ খন সৰি পৰিল ৷ “-ই কি এইখন দেখোন দহ টকাৰ ৰচিদহে?”
-হোৱাট? অ’হ মাই গড !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!