অৰঙে দৰঙে মানুহ বিচাৰি- মীনাক্ষী বৰুৱা

নাগৰিক সভ্যতাৰ যান্ত্ৰিক ব্যস্ততাই বেছিভাগ মানুহকে প্ৰায়েই আমুৱায়৷ সেয়ে সময়ে সময়ে সাময়িক সকাহ বিচাৰি ঢাপলি মেলে পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণৰ উদ্দেশ্যে৷ গাঁৱৰ সাধাৰণ মানুহৰ বাবে ভ্ৰমণ এক বিলাসিতা৷ গাঁওসমূহত সাধাৰণতে জীৱনৰ মৌলিক প্ৰয়োজন পূৰণৰ বাবে যুঁজ-বাগৰ কৰি থকা লোকৰ সংখ্যাই সৰহ৷ জনজাতীয় অঞ্চলত এই সংখ্যা আৰু ওপৰত৷ কিন্তু আমাৰ সমাজৰে এই সৰ্বসাধাৰণ লোকসকলৰ কথা ভাবিবলৈ, তেওঁলোকৰ মনৰ বুজ ল’বলৈ আমাৰ কাৰোৱেই সময় নাই৷ আমি নাজানো আমাৰ দেশৰ শিক্ষাৰ পোহৰ নোপোৱা সাধাৰণ মানুহৰ ছৱিখন কেনেকুৱা৷ এনে এক হতাশাগ্ৰস্ত সময়তে সাংবাদিক, সুলেখিকা নন্দিতা প্ৰয়াসীয়ে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ সাধাৰণ মানুহৰ বুকুৰ সংবাদ বিচাৰি যোৱাৰ খবৰ পঢ়িবলৈ পালোঁ তেওঁৰ সদ্যপ্ৰকাশিত গ্ৰন্থ “অৰঙে দৰঙে মানুহ বিচাৰি“ত৷ গ্ৰন্থখনিৰ মনোৰম বৰ্ণনাত উল্লিখিত অঞ্চলসমূহ পঢ়ুৱৈৰ সন্মুখত জীৱন্ত ৰূপত জিলিকি উঠিছে৷ লেখিকা প্ৰয়াসীৰ পৰিদৰ্শনৰ এই অভিজ্ঞতাসমূহে তেওঁক সাধাৰণ মানুহৰ জীৱনশৈলী অতি ওচৰৰপৰা নিৰীক্ষণ কৰাৰ সুযোগ দিছে৷ লগতে তে‌ওঁলোকৰ মনস্তত্ত্বৰ আমি নেদেখা কিছু দিশ ফঁহিয়াই চোৱাৰ বাট মুকলি কৰি দিছে৷ তে‌ওঁলোকৰ আৰ্থ-সামাজিক ৰূপান্তৰৰ বাবে লেখিকা চিন্তিত হৈছে৷ গ্ৰন্থখনিৰ ভাব-ভাষা অত্যন্ত সৰল আৰু সাৱলীল৷ ৩৪টা চুটি অথচ মূল্যবান লেখা সম্বলিত ১৪০ পৃষ্ঠাৰ এই গ্ৰন্থখনিয়ে নিঃসন্দেহে পাঠকক এইখন জগতৰে এক সংবেদনশীল অৱস্থাৰ সৈতে পৰিচয় হোৱাৰ সুযোগ দিব৷ মন কৰিবলগীয়া যে, লেখিকাই প্ৰতিটো লেখাৰে কাহিনী কথনৰ শেষত এটা ইতিবাচক বাৰ্তা প্ৰদান কৰাৰ প্ৰয়াস কৰিছে৷ লেখনিত বৰ্ণিত লোকসকলৰ সমস্যাসমূহ সচেতন ভাৱে ৰাইজৰ সমুখত দাঙি ধৰিছে আৰু সজাগতাৰ বাবে আকুল আহ্বান জনাইছে৷ এই কথাত লেখিকাৰ সামাজিক দায়বদ্ধতা আৰু প্ৰকৃতিৰ প্ৰতি থকা আনুগত্যতা স্পষ্ট ৰূপত প্ৰতিফলিত হোৱা দেখা যায়৷ উদাহৰণ স্বৰূপে, ’জীয়াভৰলীত শিলঘৰীয়াৰ সন্ধানত’ শীৰ্ষক লেখাটোলৈকে চোৱা যাওক৷ কাহিনীৰ অন্তত লেখিকাই লিখিছে, “এসময়ত জীয়াভৰলীত পৰ্যাপ্ত পৰিমাণে প্ৰাপ্ত শিলঘৰীয়াই অৱলুপ্তিৰ ক্ষণ গণিছে৷ প্ৰজনন ঋতুত অবৈধ চিকাৰ, ৰাসায়নিক বিহ প্ৰয়োগ, বোমা বৰ্ষণেৰে শিলঘৰীয়া চিকাৰ কৰিবলৈ লোৱাৰ ফলত ইহঁত হেৰাই যাবলৈ বাধ্য হৈছে৷ কিন্তু স্পৰ্ট ফিছৰূপে পৰিচিত এই শিলঘৰীয়া হ’ব পাৰে আমাৰ দেশীয় পৰ্যটনৰ এটা উৎস৷ সেয়ে জীয়াভৰলীৰ এই বিৰল শিলঘৰীয়াক সাধুকথাত পৰিণত হোৱাৰ আগতেই বচাই ৰখাৰ দায়িত্ব‌ও আমাৰ, আপোনাৰ প্ৰতিজনৰ৷“

তেনেকৈ, নামফাকেৰ প্ৰথম বৰষুণজাক শীৰ্ষক লেখাটোত লেখিকাই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপৰ নামফাকে গাঁৱৰ টাইফাকে লোকৰ ৰীতি-নীতি-পৰম্পৰাৰ এখন সুন্দৰ ছৱি বৰ প্ৰাঞ্জল ভাষাৰে ফুটাই তুলিছে৷

জনজাতীয় সাধাৰণ আৰু দৰিদ্ৰলোকসকলৰ প্ৰতি থকা আন্তৰিক আগ্ৰহে লেখিকাৰ স্পৰ্শকাতৰ আৰু দৰদী মনৰ পৰিচয় বহন কৰে৷ জনজাতীয় সাধাৰণ মানুহখিনিৰ দৈনন্দিন জীৱনৰ সৰু সৰু ভাৱ অনুভূতি হৃদয়ঙ্গম কৰিব পৰাকৈ লেখিকা যথেষ্ট সংবেদনশীল৷ তেওঁলোকৰ পৰা পোৱা অনাকাংক্ষিত ব্যৱহাৰে তেওঁক ক্ষুণ্ণ কৰিব পৰা নাই, বৰং এই ব্যৱহাৰৰ অন্তৰালত থকা সমস্যা বা অভাৱ-অভিযোগসমূহ বুজিবলৈ তেওঁক আগ্ৰহী হৈ উঠাহে দেখা গৈছে৷ এগৰাকী সংবাদ কৰ্মীৰ ব্যক্তিত্বৰ এক অনন্য দিশ এনেকুৱা মুহূৰ্তবোৰতে জিলিকি উঠে৷ কাৰণ কোনো সমস্যা, কোনো দুৰ্যোগৰপৰা তেওঁ পলায়ন কৰা নাই৷ জীৱনৰ মমতা তুচ্ছ কৰিও আগবাঢ়ি গৈছে সমস্যা-জৰ্জৰিতলোকৰ ক্ষোভ আৰু হতাশাৰ সাময়িক সমাধানৰ অৰ্থে৷ তেওঁলোকৰ বেদনাৰ জীয়া ছৱিখনে লেখিকাৰ মৰ্মস্থলত জোকাৰণি তুলিছে৷ যেনে, “বানপানী-ভোক আৰু মানুহ“ শীৰ্ষক লেখাটোত সাহায্য দিবলৈ যাওঁতে যিখন ছৱি তেওঁ প্ৰত্যক্ষ কৰিলে, সেই ছৱি তিনিসাঁজ খাবলৈ পোৱা মানুহৰ পক্ষে হৃদয়ঙ্গম কৰা কঠিন৷ মানুহবোৰৰ লঘোণীয়া পেটত তেতিয়া জুই জ্বলি আছিল৷ উচিত-অনুচিত বিচাৰ কৰাৰ ক্ষমতা শেষ হৈ আহিছিল৷ দুৰ্ভিক্ষপীড়িত লোকৰ খাদ্যৰ যোগান ধৰি ধৰি শেষত লেখিকাৰ নিজৰ পেটলৈকো জুই বিয়পি পৰিল৷ আৰু সেই জুই নিৰ্বাপন কৰিব লগা হ’ল আটকীয়া এবাটি আপঙেৰে৷ এই ছৱিবোৰ যে আমাৰ দেশৰে, আমাৰ সমাজৰে, নেদেখিলে-নুশুনিলে কোনোবাই বিশ্বাস কৰিবনে?

“টিকলিলৈ মনত পৰে“ লেখাটোত চাবলৈ গ’লে ইমান তাৎপৰ্যপূৰ্ণ একো নাছিল৷ কিন্তু লেখিকাৰ অপূৰ্ব বৰ্ণনাশৈলীয়ে ইয়াক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ তেনেকৈ মৃতদেহৰ সন্ধানত ঘূৰি ফুৰা পক্ষী শগুনক লৈও যে এটা স্পৰ্শকাতৰ লেখা হ’ব পাৰে সেই কথা লেখাটো নপঢ়ালৈকে অনুভৱ কৰিব নোৱাৰি৷

পৰিশেষত ক’ব পাৰি, গ্ৰন্থখনিত সন্নিবিষ্ট লেখিকাৰ প্ৰতিটো লেখাতে নান্দনিক চেতনা আৰু ইতিবাচক ইংগিত বিৰাজমান৷ দুৰ্যোগ আৰু দাৰিদ্ৰ্যপীড়িত লোকসকলৰ লগতে শিক্ষাৰ পোহৰৰপৰা বঞ্চিত লোকৰ মৰ্যাদাবোধ আৰু সংবেদনশীলতাৰ এখন নিখুঁত চিত্ৰ গ্ৰন্থখনিত অংকিত হৈছে৷ প্ৰকৃতি, মানুহ, চৰাই আৰু জীৱ-জন্তুৰ প্ৰতি থকা লেখিকাৰ অকৃত্ৰিম মৰম আৰু আগ্ৰহে তেওঁৰ দায়বদ্ধতাৰ দিশটো পঢ়ুৱৈৰ সমুখত উজ্জ্বল কৰি তুলিছে৷ এনে এখন সুন্দৰ গ্ৰন্থ পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিয়াৰ বাবে লেখিকা নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ৷ আশাকৰোঁ গ্ৰন্থখনি অনুসন্ধিৎসু পাঠকে আদৰি ল’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!