অৰ্ধ-আকাশ (প্ৰতিম প্ৰতাপ বৰুৱা)

অৰ্ধ-আকাশ

প্ৰতিম প্ৰতাপ বৰুৱা

 


নাৰী তুমি অৰ্ধ-আকাশ – এই কথাষাৰ কিমান সত্য ? কবিয়ে কবিতা লিখোঁতে ব্যৱহাৰ হোৱাৰ বাদে আজিৰ ভাৰতীয় সমাজ জীৱনত এই বাক্যটোৱে বুজোৱা অৰ্থটো প্ৰকৃতাৰ্থত আমি দেখা পাওনে নাপাও ? ভাৰতৰ আগশাৰীৰ প্ৰদেশ বুলি কোৱা দিল্লী, হাৰিয়াণা, উত্তৰ প্ৰদেশ আদিৰ বেছিভাগ ঠাইত সামাজিকভাৱে নাৰীৰ অৱস্থান ইমানেই নিম্ন যে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি । মাতৃগৰ্ভত থিত লোৱাৰ পিছতেই নাৰীৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈ যায় । ভ্ৰুণহত্যা এটা অতি সাধাৰণ কথা । গৰ্ভত থিত লোৱা কণ্যাভ্ৰুণটো হত্যা কৰোঁতে মাতৃ হবলৈ ওলোৱা সেই নাৰীগৰাকীৰ কাকুতি-মিনতিলৈ কোনেও কাণ-সাৰ নকৰে । তাৰ পিছতো সেই নাৰীগৰাকীকে ককৰ্থনা কৰা হয় যে বাৰে বাৰে ছোৱালীৰ ভ্ৰুণ গৰ্ভত ধাৰণ কৰিছে বুলি । এনেকৈ ককৰ্থনা কৰা মানুহবোৰ উচ্চশিক্ষিত আৰু এক্স ওৱাই ক্ৰমোজমৰ কথাও জানে । তাতকৈও আচৰিত সেই ককৰ্থনাত নাৰীয়েই ( শাহুআই, ননদ আদি ) বেছিকৈ হাত উজান দিয়ে । আচলতে নাৰীৰ ওপৰত চলা বেছিভাগ ঘৰুৱা অত্যাচাৰতে নাৰীয়েই নাৰীৰ শত্ৰু হৈ দেখা দিয়ে ।

প্ৰেম হেনো স্বৰ্গীয় অনুভূতি । কিন্তু উত্তৰ ভাৰতৰ বেছিভাগ ঠাইত প্ৰেমবিবাহক অবজ্ঞাৰ চকুৰে চোৱা হয় । একমাত্ৰ প্ৰেম কৰাৰ বাবেই এজন লৰা বা এজনী ছোৱালীক নিজৰে পিতৃ বা ভাতৃ বা আন কোনোবা ওচৰ সম্বন্ধীয়াই গুলীয়াই হত্যা কৰে । এই হত্যাৰ নাম হয় অনাৰ কিলিং । প্ৰেমিকযুগলক হত্যা কৰা হত্যাকাৰীজনক সমাজত সন্মানীয় ব্যক্তি বুলি ভবা হয় । বেছিভাগ ক্ষেত্ৰত প্ৰশাসন বা আইনী ব্যৱস্থাই এই অনাৰ কিলিঙৰ ঘটনাবিলাক ঢুকি নাপায়গৈ ।
বিবাহ হেনো দুখন হৃদয়ৰ মিলন । কিন্তু এই মিলনক যেতিয়া টকাৰ পৰিমাণেৰে জোখা হয় তেতিয়া সেই মিলনক কি বুলি কোৱা যাব ? ঘৃণনীয় যৌতুক প্ৰথাই এতিয়াও সাপৰ দৰে মেৰিয়াই ধৰি আছে ভাৰতীয় সমাজ জীৱন । দুখৰ কথা এই প্ৰথাই লাহে লাহে অসমতো শিপাইছেগৈ । আচৰিত হ’বলগীয়া কথা যে নব-বিবাহিতা নাৰীগৰাকীক যেতিয়া যৌতুক কমকৈ অনাৰ বাবে অত্যাচাৰ কৰা হয় সেই অত্যাচাৰৰ সাধাৰণতে গুৰি ধৰে শাহু-ননদ সম্বন্ধধাৰী কোনোবা নাৰীয়ে । যৌতুকৰ কাৰণেই এগৰাকী গৰ্ভৱতী মহিলাক গাত পেট্ৰোল ঢালি জ্বলাই দিয়া হয় । শাৰীৰিক-মানসিকভাবে ইমানেই অত্যাচাৰ চলোৱা হয় যে নববিবাহিতা, আনকি বিবাহৰ ১০ বছৰ পিছতো, মহিলাগৰাকীয়ে জীয়াই থাকিব নোৱাৰি আত্মহত্যাৰ পথ লয় । Crime against Women ৰ অসমীয়া প্ৰতিশব্দ কি হ’ব ? মহিলাৰ বিপক্ষে অপৰাধ ! ভাৰতৰ প্ৰতিখন আগশাৰীৰ চহৰত দিনে কিমানটা মহিলাৰ বিপক্ষে অপৰাধ সংঘটিত হয় জানেনে ? NCRB ৰ মতে ২০১১ চনত দিল্লীত মহিলাৰ বিপক্ষে অপৰাধ সংঘটিত হৈছিল মুঠতে ৪৪৮৯ টা । একেসময়তে বাংগালোৰত ১৮৯০ টা আৰু হায়দৰাবাদত ১৮৬০ টা মহিলাৰ বিপক্ষে অপৰাধ সংঘটিত হৈছিল । এইখিনি সংখ্যা মাত্ৰ পুলিচৰ ওচৰত FIR লিখোৱা অপৰাধখিনিৰ হিচাপহে । পুলিচৰ ৰিপোৰ্টে ঢুকি নোপোৱাখিনিৰ হিচাপ কোনে ৰাখে ! দিল্লীত সেই বছৰটোত সংঘটিত হোৱা অপৰাধৰ সংখ্যাটো সৰ্বভাৰতীয় সংখ্যাৰ ১৩.৩% আছিল । ভাৰতীয সমাজ ব্যৱস্থাৰ লাজলগা দিশ এইটো ।সমাজৰ চকুত নপৰাকৈ সাৰি যোৱা, নাৰীৰ বিৰুদ্ধে সংঘটিত হৈ থকা আন এটা অপৰাধ হৈছে Domestic violence । Domestic violence ৰ অসমীয়া প্ৰতিশব্দ ঘৰুৱা হিংসা হ’ব নিশ্চয় । ভাৰতীয় সমাজ ব্যৱস্থাত কম বেছি পৰিমানে প্ৰায় প্ৰতিগৰাকী নাৰীয়েই এই ঘৰুৱা হিংসাৰ বলি হয়েই, দৈহিক ভাবে নহলেও মানসিক ভাবে । ভাৰতীয় আইনী ব্যৱস্থাই নাৰীক সুৰক্ষা দিবলৈ প্ৰয়োজনীয় প্ৰায় সকলোখিনিয়েই কৰিছে যেন লাগে । যৌতুকৰ বাবে বোৱাৰীক / পত্নীক হত্যা কৰি স্বামী, শাহু, শহুৰ, ননদ, দেওৰ সমন্বিতে গোটেই পৰিয়ালটোৱেই যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাগাৰত বন্দী হৈ থকা নিজেই দেখিছোঁ । তথাপিও নাৰীৰ বিৰুদ্ধে অপৰাধ প্ৰতিদিনে সংঘটিত হৈয়েই আছে । এটা কথা পুৰুষ-নাৰী নিৰ্বিশেষে সকলোৱে বুজি উঠিব লাগে যে নাৰী সঁচাকৈয়ে অৰ্ধ-আকাশ আৰু পুৰুষ সেই আকাশখনৰ বাকী অৰ্ধভাগ । দুয়ো দুয়োৰে পৰিপূৰক ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!