আঁঠুৱাৰ সিপাৰে: ভুক্তভোগীৰ ডায়েৰী — মানস প্ৰতিম বৰা

মানুহৰ আচৰণ বুজি পাবৰ বাবে মনোবিজ্ঞান, দৰ্শন আদি অধ্যয়ন কৰাটো জৰুৰী সঁচা, কিন্তু বাস্তৱ ক্ষেত্ৰত মহ-মাখিৰ আচৰণ বুজি নাপালেহে দেখোন বেছিকৈ টোপনি ক্ষতি হয়। বিশেষকৈ মহে কেতিয়া ক’ত কামুৰি থৈ যায় বুজাই মুস্কিল। ঠিক টোপনিতো আঁহো আঁহো কৰোঁতেই, সুবিধা বিচাৰি ফুৰা মহ কেইটাই কোণ কোণ কোণ কোণকৈ কিনো জ্যামিতিৰ সূত্ৰ মাতে বুজিয়েই নাপায়চোন! ডাক্তৰ, কম্পাউণ্ডাৰ, সংগীতজ্ঞ সকলোৰে জ্ঞান পাব পৰাকৈ শাস্ত্ৰ অধ্যয়ন কৰি আহে কিজানি!

একতাত বল থাকে বুলি যে কয়, কথাটো মানুহৰ ক্ষেত্ৰতহে খাতে চাগৈ। মহবোৰ দেখোন এটা মাৰিলে আন এটা আহে, একেলগে নাহে। এটা মাৰি নিশ্চিন্ত হৈ শুবলৈ গ’লেই আন এটাই আহি কৰ্ণাটকী মিউজিক আৰম্ভ কৰেহি। একতা নেদেখুৱাইহে সিহঁতে বেছি সময় টোপনি খতি কৰাব পাৰে।

আঁঠুৱা তৰাৰো কাহিনী আছে। এবাৰ এজনক দেখিলো, আঁঠুৱা তৰি লৈ, আঁঠুৱাৰ বাহিৰতহে শুই আছে। বোলো কথাটো কি? সোধাত ক’লে বোলে আঁঠুৱাত ফুটা এটা আছিল। এটা নে দুটা মহ ফুটাৰে সোমাই সংগীত আৰম্ভ কৰাত ভাবিলে বোলে আঁঠুৱাৰ পৰা ওলাই গৈ টৰ্চ লাইটটো লৈ অনা যাওক। টৰ্চৰ পোহৰত বিচাৰি মহকেইটা মাৰি ল’লে শান্তিত শুব পাৰিব। পিছে টৰ্চ আনিবলৈ ওলোৱা সোমোৱা কৰোঁতেই আৰু কেইটামান সোমাল। সিফালে ফুটাটোৰে অবৈধ অনুপ্ৰবেশো চলি থাকিল। শেষত অনুভৱ হ’লগৈ যে আচলতে আঁঠুৱাৰ ভিতৰতকৈ বাহিৰতহে মহৰ সংখ্যা কম। গতিকে আঁঠুৱাৰ বাহিৰত ওলাই শুই থাকিল।

এবাৰ ট্ৰেইনত গৈ থাকোঁতে সম্বন্ধীয় দাদা এজনে মহৰ অত্যাচাৰ সহিব নোৱাৰি, শুবৰ সময়ত, চলি থকা ট্ৰেইনতে আঁঠুৱা তৰাৰ সিদ্ধান্ত ল’লে। তিনিফালে আঁঠুৱাৰ ৰছী বান্ধি লৈ চতুৰ্থ ৰছীডাল বান্ধিবলৈ সুবিধা বিচৰাত লাগিল। কেনিও সুবিধা বিচাৰি নাপাই অবশেষত মিডল্ বাৰ্থত নাক বজাই শুই থকা মানুহজনৰ বুঢ়া আঙুলিটোতে বান্ধি থৈ শুই থাকিল। ৰাতিপুৱা হুলস্থুলত সাৰ পাই উঠি দেখে মানুহজনৰ আঙুলিটোৰ আকাৰ প্ৰায় তিনিগুণমান হৈ আছে। গতিকে হুলস্থুলৰ কাৰণ বুজাত অসুবিধা নহ’ল যেনিবা।
(এই কাহিনীটো প্ৰত্যক্ষভাৱে দাদাৰ পৰা শুনাৰ মজাই বেলেগ। যেতিয়াই লগ পাওঁ তেতিয়াই পাতনি মেলি দিওঁ যাতে কাহিনীটোৰ ৰসাল বৰ্ণনাৰ ভাগ পাওঁ।)

কেৱল অভাৱেই নহয়, ফটা আঁঠুৱাও আৱিস্কাৰৰ মূল। এজনে ফটা আঁঠুৱাৰে সোমোৱা মহৰ পৰা পৰিত্ৰাণ পাবলৈকে টেমছ্ নদীৰ সুৰংগৰ দৰে, অমিতা ঠাৰিৰ সুৰংগৰ আৱিস্কাৰ কৰিছিল। অমিতা ঠাৰি এডাল পাইপৰ দৰে কাটি লৈ এটা মূৰ আঁঠুৱাৰ ফটা অংশৰে সুমুৱাই, অন্য এটা ফুটা কৰি আনটো মূৰ বাহিৰলৈ উলিয়াই দিলে। গতিকে মহ সোমালেও অমিতা ঠাৰিৰ সুৰংগৰ এটা মূৰেৰে সোমাই আনটো মূৰেৰে বাহিৰলৈ ওলাই যায়।

কাৰেণ্টত চলা বেডমিণ্টনৰ ৰেকেটখনটো দেখিছেই! থমাছ আলভা এডিছনৰ ইলেক্ট্ৰিচিটিও সাৰি যাব পৰা নাই মহৰ উৎপাতত।

হিটকে ধৰি বিভিন্ন স্প্ৰে’, কছুৱা, ধূপ ইত্যাদি উদ্যোগৰো মূলতে আছে মহ। কোনো উদ্যোগ মন্ত্ৰীয়ে ইয়াৰ ক্ৰেডিট দাবী কৰিব নোৱাৰে। দুপদমান এনে বস্তু আছে, স্প্ৰে’ কৰি দিলে অথবা ধোঁৱা নাকত লগালে মহটো বাদেই, মানুহো বেহুছ হৈ পৰি যায়। হাৰ্টৰ সমস্যা থাকিলেতো মহে, ডাঁহে, মানুহে একেলগে স্বৰ্গগামী হ’বগৈ।

বাংলাদেশীতকৈ মহৰ গুৰুত্ব কম নহয় কিন্তু। মহ খেলিবলৈ জানো মানুহৰ সমদল নোলায়! “অ’ হৰি মহ’হ’, মহ খেদবা যাওঁ ব’ল”, এইফাঁকিও জানোঁ মহৰ নামতে উৎসৰ্গা কৰা হোৱা নাই!
(পৰম্পৰা আৰু গীতটিৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা অক্ষুণ্ণ ৰাখিহে উল্লেখ কৰিব খুজিছোঁ। )

শেষত, মহ মাৰিবলৈ হাত চাপৰি বজালে সিহঁতে ভয় নাখায়, বৰং উৎসাহহে পায়। মানুহক ভেঙুচালি কৰি কৰি উৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা অৱশ্যে চাপৰিত মৰে ঠিকেই, হ’লেও বিদ্ৰূপ কৰি কৈ যোৱা যেন লাগে, “ এনেও এসপ্তাহ মানহে জীয়াই থাকোঁ, নমৰালৈকে জীৱনটো ইমানেই উপভোগ কৰিলো যে মানুহে হাত চাপৰি বজাই বজাই তত নাপালে।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!