আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (৬)

আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ ()

প্ৰাঞ্জল কলিতা

লুচাই পাহাৰত থাকি
বিহুগীত গাবলৈ
আখেজা আখেজা লাগে,
তথাপিওঁ জুৰিছো
বিহুগীত এফাকি
কিজানিবা বুঢ়ালুইতে শুনে | (ছাঁ লৈ)

বহাগ আকৌ পালেহিয়েই নহয় | কৰ্ত্তব্যৰ খাটিৰত আৰু অধ্যয়নৰ হেতু ভলেখিনি অসমীয়াই লুইতৰ মইনাজানক এৰি লুচাই পাহাৰত আছেহি | লুইতৰ পাৰতেই থাকক বা লুচাই পাহাৰতে থাকক, বাপোতিসাহোন ৰঙালী বিহুটিক জানো এৰিব পাৰি | অইন অইন বছৰৰ দৰে এইবেলিওঁ অসম সাংস্কৃতিক সমাজ, মিজোৰামৰ উদ্যোগত ধুমধামেৰে মৰমৰ বিহুটিক উদযাপন কৰাৰ দিহা কৰা হৈছে |
১৯৭২ চনলৈকে এতিয়াৰ মিজোৰাম আৰু তেতিয়াৰ লুচাই পাহাৰ জিলা অসমৰে এখন অংগজিলা হৈ আছিলে, কিন্তু আচৰিত কথা এই মিজোৰামত এতিয়া অসমৰ সংস্কৃতিৰ লগত কোনো সমিল মিল বা বিহুবিজড়িত ইতিহাস পোৱা নাযায় | ইয়াৰ কাৰণ মোৰ বাবে এতিয়াওঁ দুৰ্বোধ্য | মিজোৰামত বিহু উদযাপনৰ ইতিহাস বেছি পুৰণি নহয় | ১৯৭২ চনত মিজোৰাম কেন্দ্ৰীয় শাষিত অঞ্চল হিচাপে ঘোষনা হোৱাৰ পিছত কিছু অসমীয়া লোকে চাকৰি সূত্ৰে মিজোৰামলৈ আহিছেলে যদিওঁ তেওঁলোকে বিহু উদযাপন নিজৰ পৰিয়াল বা দুইএঘৰ ওচৰচুবুৰীয়াৰ মাজতে সীমাবদ্ধ ৰাখিছিলে | কিন্তু ১৯৮৭ চনত যেতিয়া প্ৰ্য়াত হিতেশ্বৰ শইকীয়া মিজোৰামৰ ৰাজ্যপাল হৈ আহিছিলে, তেতিয়া তেওঁ লগত ভালেখিনি অসমীয়া লৰা লৈ আনি ইয়াতে চাকৰি দিছিলে, আৰু হিতেশ্বৰ শইকীয়া দেৱৰ পৃষ্ঠপোষকতাতে মিজোৰামত ৰাজহুৱাকে বিহু উদযাপন আৰাম্ভ কৰা হয় | অসমৰাইফলছৰ পথাৰত অনুষ্ঠিত এই বিহুত অসমৰ পৰা বিহুদল আনি বিহু পতাৰ কথা শুনিবলৈ পোৱা যায় | অৱশ্যে এই বিহু সাধাৰণ জনতাৰ কাৰণে মুকলি নাছিল বুলি কোৱা শুনিবলৈ পাওঁ | হিতেশ্বৰ শইকীয়া মিজোৰামৰ পৰা গুছি যোৱাৰ পিছত বিহু উদযাপন আকৌ স্তিমিত হৈ পৰে, কিন্তু ২০০১ চনত ৰিপানছৰ সঞ্চালক কে, এন, শৰ্মাৰ নেতৃত্বত আকৌ ৰাজহুৱাকে বিহু উদযাপন আৰাম্ভ হয় | এনেদৰেই এদিন কেবাজনো অসমীয়া ব্যক্তিৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠে অসম সাংস্কৃতিক সমাজ, মিজোৰাম | ইয়াৰ পিছলৈ অসম সাংস্কৃতিক সমাজ, মিজোৰামৰ উদ্যোগতেই ৰঙালী বিহু উদযাপিত হৈ আহিছে |’আইজল ক্লাৱ’, ’চানমাৰী ৱাই, এম, , হল’ আৰু পিছলৈ আইজলৰ আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ ’ভানাপ্পা হল’ ত ধুমধামেৰে ৰঙালী বিহুটিক আদৰাৰ ব্যৱস্থা কৰা হৈ আহিছে | আমাৰ এই উদযাপনত মিজোৰামবাসী অসমীয়াৰ লগতে, স্থানীয় ৰাইজ আৰু মিজোৰামৰ বিভিন্ন গোষ্ঠীজনগোষ্ঠীয়েওঁ সহায়ৰ হাত আগবঢ়াই আহিছে | মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰী আৰু মিজোৰামৰ সাহিত্য আৰু সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিয়ে আমাৰ ৰঙালী বিহুৰ মঞ্চ শুৱনী কৰিছে |
আইজলত উদযাপিত ৰঙালী বিহুত বিহু হুচৰি, বিহু নৃত্যৰ উপৰিওঁ উত্তৰপূৱ ভাৰতৰ প্ৰটিতো জাতিজনগোষ্ঠীৰ গীত আৰু নৃত্য প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰি অহা হৈছে | বিহুৰ দিনাখন সম্পূৰ্ণ অসমীয়া জলপানেৰে আপ্যায়নৰ ব্যৱস্থা কৰা হয় আৰু যিহেতু ৪০৫০ শতাংশ দৰ্শক অনাঅসমীয়া, সেয়েহে প্ৰ্টিতো অনুস্থান অসমীয়াৰ লগতে ইংৰাজী ভাষাত বৰ্ণনা কৰা হয় | অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানৰ মুকলি কৰি, সংস্কৃতিৰ জৰিয়তে একতাৰ উদ্দ্যশ্যেৰে গঠন হোৱা অসম সাংস্কৃতিক সমাজ, মিজোৰামে বাপোতিসাহোন বিহুটিক যুগমীয়া কৰি জীয়াই ৰাখিবলৈ অলপো কাৰ্পণ্য কৰা নাই |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!