আই লীগত আইজলৰ বিজয় আৰু অন্যান্য: : হিমাংশু ৰাজখোৱা

হিগিঅ গুংটে নামৰ ছাত্ৰজনক বাংগালুৰুত তেওঁৰ ভাৰাঘৰৰ মালিক হেমন্ত কুমাৰে গুৰুলা-গুৰুলকৈ পিটিলে৷ হিগিঅৰ দোষ আছিল তেওঁ পানী বেছিকৈ ব্যৱহাৰ কৰিছিল আৰু অন্য ভাৰাতীয়াসকল সেইবাবে অসুবিধাত পৰিছিল৷ হেমন্ত কুমাৰে প্ৰথমে ফোনত গালি পাৰিলে আৰু পাছত কোঠালৈ আহি হিগিঅক গুৰুলা গুৰুলকৈ পিটি লেবেজান কৰিলে আৰু বাতৰিত প্ৰকাশ মতে জোতা এজোৰ চেলেকিবলৈ বাধ্য কৰিলে৷

হিগিঅ আছিল অৰুণাচলৰ যুৱক, যিখন অৰুণাচলক ভাৰতবৰ্ষৰ অংগ ৰাজ্য হিচাবে অক্ষুণ্ন ৰাখিবলৈ এইমুহূৰ্তত সীমান্তত যুদ্ধৰ দামামা বাজিছে অথচ দেশৰ ভিতৰতে এই ৰাজ্যৰ নাগৰিকক চূড়ান্ত বৰ্ণবাদী বৈষম্যৰ বলি কৰা হৈছে৷ স্বাভাৱিকতেই এই ঘটনাৰ প্ৰতিবাদ হ’ল, পুলিচে FIR ললে আৰু আইনে ললে ইয়াৰ নিয়মীয়া পথ, কিন্তু উত্তৰ-পূৱ কেৱল শুই থকা সিংহই হৈ থাকিবনে, নে মূল ভূখণ্ডৰ ভাৰতে কেতিয়াবা উত্তৰ-পূৱক গভীৰ ভাৱে লব?
এই প্ৰশ্নটোক যদি আমি বৰ্তমান ভাৰতীয় ঘৰুৱা ফুটবলৰ দৃশ্যপটৰ পৰা পৰ্যালোচনা কৰো তেন্তে এটা আশাবাদ দেখা পাওঁ আৰু ইয়াৰ শেহতীয়া উদাহৰণ ৩০ এপ্ৰিল তাৰিখৰ আইজল এফ চি ৰ সেই ঐতিহাসিক আই লীগ বিজয়৷
ভাৰতীয় ফুটবলৰ পীঠস্থান মোহন বাগান, যি দলৰ অধিনায়কক জাতীয় দলৰ অধিনায়ক হিচাবে দায়িত্ব দিয়াটো আছিল এক অলিখিত নিয়ম, সেই দলৰ মূখৰ পৰা আই লীগৰ খিতাপ কাঢ়ি আনি আইজলে দেখুৱাই দিলে উত্তৰ-পূৱৰ শক্তি৷ বাগানৰ তাৰকা ছনী নৰ্ডে, যাৰ পাৰিশ্ৰমিক সমগ্ৰ আইজল দলৰ বাৰ্ষিক বাজেট, ম্লান পৰি গ’ল জটীয়া ৰাল্টে হঁতৰ শৌৰ্যৰ সন্মুখত৷
উত্তৰ-পূৱৰ ফুটবলাৰ এই মুহূৰ্তত ভাৰতীয় ফুটবলৰ বাবে অপৰিহাৰ্য৷ বাংগালুৰু এফ.চি ৰ যুৱ কাৰ্যসূচী অথবা লাজংৰ স্থানীয় প্ৰতিভা বিকাশ কাৰ্যসূচীৰ জহত অসংখ্য উত্তৰ-পূৱৰ খেলুৱৈ দেশৰ চুকে কোণে বিৰাজমান, তৎসত্ত্বেও বিশেষ উল্লেখনীয় কোনো সাফল্যৰ অৱিহনে উত্তৰ-পূৱক যেন কোনেও বৰ বিশেষ গুৰুত্ব নিদিয়ে৷ এই সময়ত খালিদ জামিলৰ আইজল এফ. চি ৰ এই সফলতা আছিল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু ব্যক্তিগত ভাৱে জামিল দুয়োৰে বাবে অত্যন্ত প্ৰয়োজনীয়৷ খালিদ জামিল আছিল আই লীগৰ ইতিহাসত এজন ট্ৰেজিক হিৰ’৷ ৭ বছৰ মুম্বাই এফ.চি ৰ দায়িত্বত আছিল আৰু কানে কান মাৰি মুম্বাইক ২ য় ডিভিজনলৈ অৱনমনৰ পৰা ৰক্ষা কৰি আছিল, যোৱাবছৰ মুম্বায়ে জামিলক খেদিলে আৰু বিধিৰ বিপাক আইজলৰ দৰে দ্বিতীয় ডিভিজনৰ দল এটাক তেওঁ তৈয়াৰ কৰিলে চেম্পিয়নৰ ৰূপত আৰু মুম্বাই লীগৰ পৰাই বাহিৰ হ’ল৷
শ্বিলং লাজংৰ পৰা আৰম্ভ কৰি প্ৰতিটো উত্তৰ-পূৱৰ দল, অন্যান্য দেশীয় দল সমূহৰ বাবে আচলতে তেওঁলোকৰ খোৰাকী যোগোৱা যন্ত্ৰৰ দৰে৷ গাঁৱৰ বোকা পানীৰ পৰা বুটলি আনি, অলপ ঘঁহি-পিহি চকুত লগা কৰি তোলাৰ পাছতেই ডাঙৰ ক্লাৱবোৰে থাপ মাৰি লৈ গুচি যায়, সেইবাবেই সম্পূৰ্ণ থলুৱা খেলুৱৈৰ দল এটাই এই খিতাপ অৰ্জন কৰাটো এই ডাঙৰ ডাঙৰ ক্লাৱ সমূহৰ প্ৰতি এক বৃহৎ শিক্ষা৷
উদাহৰণ স্বৰূপে জডিংলিয়ানা ৰাল্টে, ৫ ফুট ১০ ইঞ্চিৰ এই ডিফেন্দাৰ জনে সমগ্ৰ কেৰিয়াৰ পুনে, ডি. এচ.কে বা লাজংৰ দলতেই কটালে কিন্তু আইজলৰ হৈ খেলি এইবাৰ ট্ৰফী জয় কৰাৰ মুহূৰ্তত তেওঁৰ আৱেগিক মুখ খনে যেন সোঁৱৰাই দিছিল প্ৰত্যেকজনে উত্তৰ-পূৱৰ খেলুৱৈৰ মনোবেদনাৰ কথা৷ বিভিন্ন ক্লাৱত খেলি থকা প্ৰতিজন উত্তৰ-পূৱৰ খেলুৱৈৰ বাবে আইজলৰ এই বিজয় আছিল সামগ্ৰিক ভাৱে নিজৰ জয়৷
আইজল এফ.চিৰ এইবাৰৰ বাজেট আছিল ১ কোটি টকা, যি পৰিমাণ হ’ল চেম্পিয়ন দলৰ বিজয় মূল্যৰ সম পৰিমাণৰ, অন্যহাতে মোহন বাগান আৰু ইষ্ট বেংগলৰ বাজেট যথাক্ৰমে ২০ কোটি আৰু ১৫ কোটি, ব্যৱসায়িক গোষ্ঠী JSW ৰ মালিকাধীন বাংগালুৰু এফ. চি ৰ বাজেট তাতকৈয়ো অধিক৷ এই ক্ষুদ্ৰ বাজেটেৰে বৃহৎ সফলতা লাভ কৰিও আইজলে আন এক দৃষ্টান্ত দাঙি ধৰিলে৷
এই বিজয়ে হয়তু এক আশা কঢ়িয়াই আনিছে, উত্তৰ-পূৱক গুৰুত্ব সহকাৰে ল’বলৈ, ৩০ এপ্ৰিলৰ নিশা হাজাৰ হাজাৰ ফুটবল প্ৰেমীৰ নিষ্কলুষ আনন্দোল্লাষে যেন দেশবাশীলৈ এক বাৰ্তা দিছে, “ MOUNTAINS ARE CLOSER TO THE GODS“, আমাক আমাৰ প্ৰাপ্য সন্মান দিয়া৷ “

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!