আকৌ পালমৰা পদ্য (ঈশানজ্যোতি বৰা)

(১)
এৰাতিতে বাঢ়ি যায় পেট্ৰলৰ দাম।
অকমৰ্ণ্য চৰকাৰৰ নাই বেলেগ কাম!
নিকিনো যা মটৰ-বাইক,
চাইকেল ছুপাৰ-লাইক,
ৰাহি হোৱা পইচাৰে চাহ-ছিংৰা খাম।

(২)
ভুঁইকঁপে কঁপাই তুলিছে পুনৰ অসম-ভূমি
বিচনাৰ তলৰ পৰা বাহিৰলৈ চাওঁ জুমি
লোৱা সেয়ে হৰিনাম ,
কৃষ্ণ কৃষ্ণ-ৰাম ৰাম,
২০১২ ৰ ডিচেম্বৰত ক’ত যাবা তুমি?
(৩)
টেট পৰীক্ষাই দেখুৱাই দিলে অৱশেষত কামাল,
হাজাৰ শিক্ষক নিযুক্তিৰে হৈ গ’ল ধামাল।
চোকা-চোকা মাষ্টৰ,
অভাৱ পিছে ছাত্ৰৰ ,
শিক্ষাৰ নামত প্ৰচাৰ পিছে থাকিব সদায় বাহাল।
(৪)
অসমৰ নিউজ চেনেলে নাপায় ভাল খবৰ ,
গুৱাহাটীৰ চুকে-কোনে বিচাৰি ফুৰে জাবৰ।
প্ৰাপ্তবয়স্কৰ বাতৰি,
ল’ছালি যায় আঁতৰি,
হিংলিছমীয়া সাংবাদিকবোৰো নহয় কোনো কামৰ।
(৫)
প্ৰফুল্লদা বনি গ’ল আকৌ সভাপতি,
সকলোৰে মুখে-মুখে অগপ- নৃপতি।
গৰু-গম্ভীৰ কথা ,
নুবুজে ৰাইজৰ বেথা।
ফটা-ফটা লেকচাৰৰ কি হ’ব পৰিনতি?
(৬)
বিহু শেষ হোৱা নাই আমাৰ সোণৰ অসমত,
গায়কে ৰাগ টানে জেঠমহীয়া গৰমত
ডেকাসকলৰ নাচ,
কিনো চাবা ভাজ,
ৰঙাপানী গিলি লৈ শুই থাকে মঞ্চত।
——–**——–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!