আক্ষেপ-(অঞ্জনা তামুলী )

অঞ্জনা তামুলী
আক্ষেপ

অলক্ষিতে বৈ আছে নয়নৰ চকুলো মোৰ
হাজাৰ বাৰ বিচাৰিও নাপাওঁ কিয়
মৰমৰ মাত এষাৰ কন্দৰ্প তোৰ;
ভাৱি আছো যাওঁ বুলি
অশাশ্বত কনকাচললৈ
লগত সষ্টম অষ্টাঙ্গ লৈ,
উভতি আহিম অনতি পলমে
অশোক, অশ্ৰু সকলো এৰি থৈ ।
তেতিয়াও কৰিবি নেকি
উপালন্ত মোক ??
তথাপিও উপায় নাই ।
ঘনে ঘনে বাঢ়ি গৈছে একাত্মা মোৰ ।
পেলাও বুলিলেও সম্বন্ধৰ শিথিলতাৰ
হয়তোবা নপৰিব ওৰ ।
চৌপাশে বৈ গ‘ল ফাকুৱাৰ ৰঙ
আৰু মদিৰাৰ নল ;
কোনোবা কোঠাৰ ভিতৰত আছিল
প্ৰেমত মত্ত প্ৰেমিক যুগল ।
কিয় বাৰু হেৰাইছে মোৰ
শান্তিৰ সপোন বোৰ ;
বিচাৰি নাপাওঁচোন
উপজীব্যৰ উত্তৰ ।
দিবানে এবাৰ সু-সমিধান
উন্মুক্ত মনক মোৰ,
কাৰণ—
তুমি মোৰ কন্দৰ্প মৰমৰ ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!