আখ্‌ৰাই বজোৱা ল'ৰাটো  ( ৰিতুপৰ্ণা শৰ্মন )

আখ্‌ৰাই বজোৱা ডাঠ তেজৰ ল’ৰাটোৱে

কৰাই দেখি উচুপিব জানে..
সাঁতুৰি থাকিব খোজে
বেলিয়ে আঁচল জুবুৰিয়াই
কুহুমীয়া কৰা বিলৰ মৰম-পানীত ।
আখ্‌ৰাইৰ মাৰি ধৰা আঙুলিৰে
উজাই…
ৰণুৱা চিলাৰ ইতিহাস ,
মাটিৰ দেহাৰ বিৰাগ -বিলাপ,
আৰু,
সেউজ-সোণালী ধাননিত হাঁহি থকা
একেৰঙী পাটানিৰ আঁৰৰ ছন্দোময় গান !
গলত লাগি থকা  কুশানবোৰ
তই জীয়াই ৰাখ ।
বাঁহী বজোৱা ল’ৰাটোৱে জানে
তুলিকাৰে আঁকিব পাৰি এখন তৰোৱাল
কলমেৰে ৰেখা টানি লিখিব পাৰি সাগৰ , চিলা আৰু আকাশৰ অনাগত সময় ,বৰ্তমান ।
ছবি আৰু কবিতা ভালপোৱা
ৰণুৱা ল’ৰাজন ,
ৰূপৰ  বাজুৰ মিনাকৰাত মোকো উজ্বলাই ৰাখ ,
পুৰণি ঠেংখাৰুৱে
দুভৰিত পিন্ধোৱা গতিৰে
বাট বুলি  বুলি…
এইটি কবিতাকো যতনাই ৰাখ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!