আচাৰৰ জুতি আৰু গুণাগুণ- যতীন দাস

দুই একক বাদ দি আচাৰ খাবলৈ বেয়া পোৱা লোক কমেই আছে৷ ঘৰে ঘৰে মহিলা সকলেও বৰ হেঁপাহেৰে আচাৰ বনোৱা দেখা যায়৷
আচলতে ভাৰতত প্ৰাচীন কালৰে পৰা আচাৰ বনাই খোৱা পৰম্পৰা আছে৷ আমাৰ শৰীৰ সুস্থকৈ ৰাখিবলৈ বিভিন্ন পৌষ্টিক উপাদানৰ আৱশ্যক হয়৷ ইয়াৰ বেছিভাগ উপাদান উদ্ভিদজাত ফলৰ পৰা পাব পাৰো৷ বিশেষকৈ টেঙা জাতীয় ফলসমূহে আমাৰ দেহৰ যথেষ্ঠ উপকাৰ সাধন কৰে৷ কিন্তু আম, আমলখি, কৰ্দৈ, ঔটেঙা, অমৰা, জলফাই ইত্যাদি টেঙা ফলসমূহ সকলো সময়তে উপলব্ধ নহয়৷ কিছুমান ফল শুকাই থ’ব পাৰি যদিও গুণাগুণ কমি যায়৷


সেয়ে বেচিদিনলৈ গুণাগুণ নষ্ট নহ’বলৈ মচলা সহ তেলত বা নিমখত সংৰক্ষণ কৰা প্ৰণালী অৰ্থাৎ আচাৰৰ উৎপত্তি হয়৷
আমি জানো যে প্ৰতিবিধ ফলৰে গুণাগুণসমূহ ভিন ভিন৷ আচাৰ পদ্ধতিত সংৰক্ষিত ফলসমূহৰ তেল জলা মচলা আদিৰ সংমিশ্ৰণ আৰু ৰ’দৰ প্ৰভাৱত এইবোৰৰ গুণ অধিক মাত্ৰাত বৃদ্ধি হয়৷
সঠিক সংৰক্ষণত পুৰণি আচাৰ অধিক গুণকাৰী হয়৷ যেনে নিমখত থোৱা তেতেলি, গোলনেমু আদি আচাৰ যিমান বছৰলৈ ৰখা হয় সিমান গুণেই বাঢ়ে৷
আচাৰত মচলা কিয় দিব লাগে?
তেলেৰে বনোৱা আচাৰ যেনেকৈয়ে নবনাওক জ্বলা মচলা অবিহনে ৰুচিকৰ নহয় আৰু সোনকালে বেয়া হৈ যোৱাৰো আসোঁৱাহ থাকে৷ বহুতে ভাবে মচলা খালে অপকাৰ কৰিব পাৰে৷ অৱশ্যে ৰোগ বিশেষে হয়৷
আচলতে আমি মচলা বুলি যি যি দ্ৰব্য খাও প্ৰতিবিধেই আমাৰ দেহৰক্ষাকাৰী ঔষধি৷ হালধি জিৰা জালুক মেথী জনীগুটি গুৱা-মৰি লং ইলাচি ডালচেনি দেহৰ ৰোগ ভেদে সকলোবোৰেই ঔষধি৷
যেনে- মেথী, লং, ইলাচি, ডালচেনি আদি কফ আৰু বাতজনীত ৰোগত উপকাৰী, জনী গুটি বা অজইন, জিৰা, কালজিৰা, আদি পিত্তজনীত ৰোগত উপকাৰী৷ গতিকে মচলাই দেহৰ বাত পিত্ত কফৰ সমতা ৰক্ষা কৰাত যথেষ্ঠ সহায় কৰে৷ কেৱল ব্যৱহাৰ পদ্ধতি আৰু মাত্ৰা অনুসৰিহে গুণাগুণ পাব পাৰো৷
তেলেৰে বনোৱা আচাৰত পাঁচ-ফোৰণ বা অন্য যি মচলাই নিদিয়ক মেথী, জনীগুটি আৰু কালজিৰা এই তিনিবিধ মচলা ৩:২:১ অনুপাতত দিলে কোনো ক্ষতিকাৰক নহয়৷ অতিপাত জলা নিদিয়াতো ভাল৷
আচাৰ যিমানে ৰ’দোৱা হয় সিমানে গুণ বৃদ্ধি হয়৷ নষ্ট নহ’বলৈ কিছুমানে ভিনেগাৰ দিলেও বেচিকৈ দিয়াতো ক্ষতিকাৰক৷ বহুদিন ৰ’দত নিদি ভেঁকুৰি যোৱা আচাৰ অতিকৈ ক্ষতিকাৰক৷
বহুতে নিজে আচাৰ বনাব নাজানি বা বনাবলৈ অসুবিধা বা অনীহাত দোকানৰ আচাৰ খায়। সেইবোৰ অত্যধিক ভিনেগাৰ মিহলি আৰু যথোচিত ৰ’দৰ প্ৰভাৱ নপৰাৰ বাবে দেহৰ বাবে ক্ষতি কাৰক৷ সেয়ে নিজ হাতে ঘৰতে সযতনেৰে বনোৱা আচাৰ যথেষ্ঠ গুণকাৰী৷ (ভিনেগাৰ কমকৈ দিব বা তাৰ সলনি নেমুৰস দিব পাৰে—- বনোৱাৰ পদ্ধতি নজনাসকলে আনৰ পৰা শিকি ল’ব৷)
গতিকে বন্ধু আৰু গৃহিণী সকল বতৰৰ ফলসমূহৰ আচাৰ সুবিধা মতে নিশ্চয় বনাওক৷
আম, আমলখি, ঔটেঙা, নেমু, জলফাই, ওলকচু, যেতিয়াই যি পায় আচাৰকন বনাওক, তৃপ্তিৰে ভাত গৰাহো খাব পাৰিব আলহীও ভাল পাব নিজে ঘৰতে বনোৱা বুলি কলে৷ পিচে মচলা বৰ বেচি মাত্ৰাত আৰু কঢ়াকৈ ভাজি নিদিব৷ মাজে মাজে ৰদুৱাব পাহৰি নাযাব৷
টেঙা খাব নোৱাৰা ৰুগীয়া লোকক আমলখি বা নিমখত দিয়া শিলিখা, গোলনেমু, কাজি নেমুৰ আচাৰহে দিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!