আছামিজ ইউনিক’ড সৰসৰাইটিছ (assamese unicode horhoraitis, horhorai -সৰসৰাই) (প্রদ্যুত জ্যোতি শইকীয়া)

আছামিজ ইউনিক সৰসৰাইটিছ (assamese unicode horhoraitis, horhorai –সৰসৰাই)
প্রদ্যুত জ্যোতি শইকীয়া

সংজ্ঞা – অসমীয়া ইউনিক’ডে আক্ৰান্ত ৰোগীৰ মন মগজু অধিকাৰ কৰি শিৰা উপশিৰাই শিপাই সোমাই টাইপিংৰ সময়ত কেৱল অসমীয়া ইউনিক’দ টাইপ কৰিবলৈ বাধ্য কৰোৱা ৰোগটিকে আছামীজ ইউনিক’ড সৰসৰাইটিছ বোলে। (আক্ৰান্ত ব্যক্তিসমূহৰ ৯০ %ৰে কম্পিউটাৰ থকাটো বাঞ্চনীয়)

ৰোগৰ বাবে দায়ী বীজাণু (Causative agent) :

ন-আক্ৰান্ত সকলক প্ৰথমে “বাৰাহা” নামৰ বীজাণুবিধে আক্ৰমণ কৰে। লাহে লাহে ৰোগ পুৰণা হোৱাৰ লগে লগে “এভ্ৰ”, “আকৃতি”,”লিপিকাৰ” আদিয়ে বাহ লয়। ৰোগীয়ে স্বেচ্ছাই বীজানু সমূহক আহ্বান কৰে। কেতিয়াবা নশিকাৰুক বাৰাহৰ বাহিৰে অন্য বীজাণুৱেও আক্ৰমণ কৰিব পাৰে।

আক্ৰান্ত ব্যক্তি(host):

প্ৰায় আক্ৰান্ত ব্যক্তিয়েই উচ্চ শিক্ষিত আৰু সমাজৰ গণ্য-মান্য ব্যক্তি হয়। ৯৯%ই অসমীয়া জাতি বা অন্য কোনো ধৰণেৰে অসমৰ লগত জড়িত। কোনো পশু-পক্ষী বা অন্য জন্তুক এতিয়ালৈকে এই ৰোগত আক্ৰান্ত হোৱা দেখা নাযায়।

বাহক: আক্ৰান্ত ব্যক্তি আৰু আন্তঃজাল ব্যৱস্থাৰ প্ৰায়বোৰ উপাদান।

অন্যলৈ ৰোগ বিয়পোৱাৰ সময়: ইউনিক’ড টাইপিং শিকাৰ দিনাৰ পৰা মৃত্যু পৰ্যন্ত।

পেথ’লজী:

ৰোগীৰ মগজুত বীজাণুবিধ প্ৰথমে কোনো সংক্ৰমিত ব্যক্তিয়ে জোৰ কৰিয়েই সংগলৈ টানি সোঁচৰিত কৰি দিয়ে। তাৰ পাছত ৰোগীয়ে ৰোগবিধত ভুগি ভীষণ আৰাম অনুভৱ কৰে। তাৰ পাছত এটা এটাকৈ সকলোবোৰ বীজাণুৰ অসমীয়া ইউনিক’ড ৰূপী এণ্টিজেনবোৰ(antigen) মগজুৰ ভিতৰলৈ প্ৰবেশ কৰে। তাৰ পাছৰ পৰাই ৰোগীয়ে কম্পিউটাৰত চকু মুদি অসমীয়া টাইপ কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছত ৰোগ আৰু ভিতৰলৈ শিপাই যায়। ৰোগীৰ ইচ্ছাক্ৰমে এটা এটাকৈ অন্য বীজাণুবোৰে ৰোগীৰ শৰীৰত বাঁহ বান্ধে। আক্ৰান্ত ব্যক্তিৰ মগজুত বীজাণুবোৰৰ এণ্টিজেনবোৰে ঘৰ সাজে। ডাইচেকচন কৰিলে এণ্টিজেনবোৰ খাঁজ খাই সোমাই থকা পৰিলক্ষিত হ’ব পাৰে বুলি বিজ্ঞানীসকলৰ মন্তব্যত প্ৰকাশ পাইছে। দুই এজনে মগজুৰ চিটি স্কেনত(CT scan) ধৰা পেলোৱাৰ দাবী কৰিলেও প্ৰমাণিত হোৱা নাই। কাৰণ সেইটো অসম্ভৱ।

ৰোগৰ লক্ষণ:

আক্ৰান্ত ব্যক্তিৰ প্ৰথমে কম্পিউটাৰত কামৰ পৰা ছুটী বিছাৰি অন্য ভাষাত দৰ্খাস্ত লিখোঁতে বা অন্য ভাষাত টাইপিং কৰোঁতে ভুল হৈ অসমীয়া ইউনিক’ডত টাইপ হোৱাটোৱেই প্ৰধান লক্ষণ। প্ৰথমে ৰোগীয়ে লক্ষণসমূহ আওকাণ কৰে। কিন্তু পাছলৈ অন্য ভাষাত প্ৰবন্ধ বা অন্য কিছু দীঘলীয়া লিখনি টাইপ কৰোঁতে বাৰে বাৰে হোৱা ভুলে ৰোগীক ভবাই তোলে। পাছলৈ ৰোগীয়ে সপোনতো আছামিজ ইউনিক’ড টাইপিং দেখে বা ইউনিক’ডত সপোন দেখে। পাছলৈ তেওঁ নিজৰ গোটেই কম্পিউটাৰটোকে অসমীয়া ভাষালৈ সলাই পেলাব বিছাৰে। এয়া প্ৰায় এক উন্মাদ প্ৰায় শেষৰ অৱস্থা। তেতিয়া ৰোগীক কণ্ট্ৰল কৰা অসম্ভৱ হৈ পৰে। তেতিয়া ৰোগীয়ে নিজৰ কম্পিউটাৰ সম্পূৰ্ণ অসমীয়া বুলি দাবী কৰিব খোজে আৰু সকলো ধৰণৰ ছছিয়েল নেটৱৰ্কিং ছাইটত অসমীয়া ইউনিক’ডৰ ব্যৱহাৰ আৰম্ভ কৰে। আনকি আনকি আগতে ইংৰাজীত চহী কৰা জনে অসমীয়াত চহী কৰে। তেতিয়াই ৰোগবিধে ইউনিক’ডৰ পৰা মাতৃভাষাৰ প্ৰেমলৈ গতি কৰে। ইয়াক ইংৰাজীত “ফুল ব্ৰ‍উন আছামীজ ইউনিক’ড সৰসৰাইটিছ” বুলি কোৱা হয়।

অনুসন্ধানসমূহ(investigations):

কোনো ৰক্ত পৰীক্ষা বা অন্য শৰীৰৰ দ্ৰব্যৰ পৰীক্ষাত এইবিধ ৰোগক ধৰা পেলাব পৰা নায়ায়। ই সম্পূৰ্ণ পৰ্যবেক্ষনৰ ওপৰত নিৰ্ভৰশীল। পৰ্য্যবেক্ষণসমূহ হ’ল:

ক) কোনো আক্ৰান্ত ব্যক্তি, বা চছিয়েল নেটৱৰ্কিং চাইটৰ অসমীয়া ইউনিক’ডত লিখা গোট সমূহত ব্যক্তিয়ে যোগদান কৰিলে, ইউনিক’ডৰ প্ৰচাৰ সভালৈ যোৱাতো ধৰা পেলোৱা।

খ) নেটৱৰ্কিং চাইটত চাটিঙত, নিজৰ ব্লগত অসমীয়া ইউনিক’ড ব্যৱহাৰ কৰা।

গ) নতুন ব্যক্তিক অসমীয়া ইউনিক’ড শিকিবলৈ জোৰ কৰা বা বাধ্য কৰোৱা।

ঘ) ইউনিক’ডত সপোন দেখা।

ঙ) যেতিয়াই তেতিয়াই অসমীয়া ইউনিক’ডত চছিয়েল নেট ৱৰ্কিং চাইটত আপদেট দিয়া।

চ) কেতিয়াবা ৰোগীয়ে নিজেই স্বীকাৰোক্তি দিয়ে। (এইটো খুবেই কম দেখা যায় )

আৰু বহুতো পৰ্য্যবেক্ষণ আছে। সকলোবোৰ উল্লেখ কৰা সম্ভৱ নহয়। ইয়াৰ দুটাতকৈ অধিক লক্ষণ দেখা পালেই আপুনি নিশ্চিত হ’ব পাৰে যে ব্যক্তিজন আছামিজ ইউনিক’ড সৰসৰাইটিছত ভুগিছে। কোনো বিশেষজ্ঞৰ প্ৰয়োজন নাই।

নিৰাময়:

এই ৰোগৰ ঔষধ নাই। মাত্ৰ তাক কণ্ট্রল কৰি ৰাখিব পাৰি। আক্ৰান্ত ব্যক্তিক নিতৌ অন্য ভাষাৰ ইউনিক’ডত টাইপিং কৰোৱাটো এই মহৌষধ। বিশেষকৈ ইংৰাজী ফলপ্ৰসু। উন্মাদ প্ৰায় অৱস্থা হ’লে ৰোগীয়ে নিজেই নিজৰ নিৰাময় ব্যৱস্থা বাহিৰ কৰে। ইয়াৰ উপৰি ইউনিক’ড মানসিক বিশেষজ্ঞৰ কাষ চাপিব পাৰে। কিন্তু তেনে কোনো বিশেষজ্ঞ অসমত সদ্য উপলব্ধ নহয়।

(বিঃ দ্ৰঃ – অজয় লাল দত্ত নামৰ ব্যক্তিজনে কেইঘণ্টামান আগতে স্বীকাৰ কৰিছে যে তেওঁ এই ৰোগৰ ভুক্তভোগী। তেওঁৰ ভাষ্যমতে বৰ সুখ পোৱা যায় এই ৰোগত ভুগি। দেবব্ৰত গগৈ নামৰ ব্যক্তিজনক সন্দেহৰ আওতাত ৰখা হৈছে, কাৰণ তেওঁ মাজতে এবাৰ নিজৰ কম্পিউটাৰটো সম্পূৰ্ণ অসমীয়া ইউনিক’ডৰ স্ক্ৰীণ শ্বট দেখোৱাইছিল :P। চোৰাংচোৱাৰ খবৰ মতে প্ৰায় ৭০% ৰোগ সিঁচৰতি হোৱাৰ হাৰ আৰু এক শেহতীয়াকৈ অহা তথ্যমতে অসমীয়া ইউনিক’ডত লিখাৰ ক্ষেত্ৰত কঠোৰ ফেচবুকৰ “অসমীয়াত কথা-বতৰা নাম”ৰ গোটটিৰ যোগেদি এই ৰোগ খুব খৰকৈ বিয়পিছে। সাৱধান আপুনিও পৰবৰ্তী চিকাৰ হ’ব পাৰে। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!