আজন্ম প্ৰেমিকসকলৰ মঙ্গলৰ অৰ্থে- (বিক্ৰমজিৎ কাকতি)

(পুৰুষৰ বাবেহে দেই)

ধৰা হ’ল আপুনি অবিবাহিত আৰু ২৫ বছৰৰ বা তাৰ ওপৰৰ বয়সৰ।
আপোনাৰ এগৰাকী বান্ধৱী আছে, হয়তো বহুদিন দুয়ো একেলগে জীৱন যুঁজত যুজঁ দিছে। আনন্দৰ মুহূৰ্তবোৰ একেলগে Share কৰিছে। মুঠতে আপোনাৰ সেই বিশেষ বান্ধৱীগৰাকীক ভাল লাগে।
ধৰা হ’ল বহুতে আপোনালোকক জোকায়। কিন্তু দুয়োৰে মাজত বন্ধুত্বই এতিয়াও শেষ সীমা।
লাহে লাহে আপুনি তেওঁক মনে মনে জীৱনৰ লগৰী হিচাপে পাবলৈ বিচাৰে, কিন্তু কথাটো ক’ব পৰা নাই; কিজানি তেওঁ বেয়া পায়, কিজানি আপোনালোকৰ সম্পৰ্কটোত যতি পৰে, কিজানি আপোনাৰ বান্ধৱীগৰাকীয়ে আপোনাক চিৰদিনৰ বাবে নামাতে, এনে নানান ধৰণৰ চিন্তাই আপোনাক attack কৰে আৰু সেয়েহে আপুনি তেওঁক মনৰ কথা ক’ব পৰা নাই আৰু বাহিৰত মানুহে সুধিলে বুকুত এসোপামান গধুৰ বেদনা লৈ এক কৃত্ৰিম হাঁহি মাৰি কয় “আমি ভাল বন্ধুহে।” মোৰ কথা শুনক এই ধৰণৰ Actingবাজি কৰি লাভ নাই আপুনি আপোনাৰ বান্ধৱীগৰাকীক কথাটো কৈ দিয়ক। এই বয়সত ” I love you, do you love me?” বুলি কোৱাৰ দৰকাৰ নাই। বেলেগ বহুত উপায় আছে।
এটা কাম কৰক, এনেকৈ ক’ব পাৰে, প্ৰমাণিত dialogue; মই মোৰ পত্নীক এনেদৰে কৈছিলোঁ। মই কৈছিলোঁ, “ঘৰত মোৰ বিয়াৰ বাবে ছোৱালী চাইছে, মোৰ কোনোবা নিজৰ পছন্দ আছে নেকি সুধিছে মই তোমাৰ নামটো কম বুলি ভাবিছোঁ তোমাৰ কিবা আপত্তি আছে নেকি?”
তেতিয়া most probable theory মতে তেওঁ ক’ব, “যা, মই এইবোৰ কথা ভবা নাই।
তেতিয়া আকৌ আপুনি ডায়লগ’ থ্ৰ কৰক, “মই তোমাক আজিয়েই ক’বলৈ কোৱা নাই এমাহ ভাবা; তাৰ পাছত ক’বা। জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত এটা ল’ব ওলাইছা ইমান কম সময়ত কেনেকৈ decision ল’বা, take your own time”। তাৰ পাছত আপুনি আপোনাৰ মাৰ্কেটিং স্কিল লগাওক। তেওঁক ক’ব আপুনি তেওঁক কিয় like কৰে, তেওঁৰ কি কি গুণ আপুনি ভাল পায় (নিজৰ গুণবোৰ নাগাব, হিতে বিপৰীত হ’ব)। আৰু ক’ব life partner ৰূপে আপুনি তেওঁক কি কি দিব পাৰিব, গাড়ী ঘোঁৰাৰ কথা কোৱা নাই, মানসিকভাৱে মানে mental support ঠিক বেপাৰীয়ে নিজৰ প্ৰডাক্টটো কিয় ভাল type কোৱাৰ দৰে।
তাৰ পাছত তেওঁক সিদিনালৈ বিদায় দিয়াৰ আগতে ক’ব যে এই এমাহ আপোনালোকে লগ পাই থাকিব আৰু এই এমাহ আপুনি তেওঁক তেওঁৰ সিদ্ধান্তৰ কথা সুধি আমনি নকৰে।
এই এমাহ আপুনি তামাম ভাল ল’ৰা আৰু ভৱিষ্যতৰ প্ৰমিছিং পতি টাইপত থাকিব লাগিব, তেওঁৰ ফোন আহিলে আগত কৈ বেছি মনোযোগ দি শুনিব লাগিব, অধিক কোমল মৰম সনা মাতেৰে উত্তৰ দিব লাগিব।
কিবা কিবি সৰু সৰু গিফ্ট দিব পাৰে। Love-তাভৰ symbol থকা নিদিব। ornament দিলে ভাল হয়।
চাব এমাহ পাছত আপুনি successful।
আৰু যদি সময়মতে আপুনি আপোনাৰ মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰে তেনেহ’লে নিশ্চিত থাকক কিছু বছৰ পাছত তেওঁ আনৰ লগত সংসাৰ আৰম্ভ কৰিব আৰু আপুনি …….. হয় আপোনাক কৈছোঁ ……. আপুনি ৰাতি ৰাতি উজাগৰে থাকি ফেচবুকত ট্ৰেজেদী ফালি লাগ-বান্ধ নোহোৱা কবিতা লিখি আমাক জ্বলাই মাৰিব।
গতিকে সময়ৰ কাম সময়ত কৰক।
যদি তাকো কৰিব নোৱাৰে তেনেহ’লে এই পোষ্টটো আপোনাৰ বান্ধৱীগৰাকীক পঢ়িবলৈ দিয়ক তেওঁ আপোনাৰ মনৰ কথা বুজি পাই যাব।
নাইবা কোনো বান্ধৱীয়ে বন্ধুজনক পঢ়িবলৈ দিলে বন্ধুজনেও বুজি পাই যাব। মাত্ৰ ডিৰেক্ট পঢ়িবলৈ নিদিব তাৰ আগতে পৰিৱেশটো পাতল কৰিবলৈ কৈ ল’ব, “চোৱা, এই মক্কেলটোৱে কি যে লিখিছে!”

(যদি সংসাৰ কৰাত এনেদৰে সফল হয়, তেনেহলে অমুকাক বিয়ালৈ মাতিব, যাব নোৱাৰিলেও ফোন কৰি হ’লেও আশীৰ্বাদ দিম।)

***************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!