আত্মহত্যা আৰু মিডিয়া: (উদ্দীপ তালুকদাৰ )

দশম/একাদশ শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা। এদিন শুনিলোঁ আমাৰ ঘৰৰ সিপাৰৰ চুবুৰিটোত সন্ধিয়া কোনোবা এজনে আত্মহত্যা কৰিলে। তাৰ দুদিন পাছত আকৌ শুনিলোঁ, তাৰপৰা অলপ দূৰত আন এজনৰ আত্মহত্যাৰ খবৰ। তাৰ এসপ্তাহৰ পাছত আমি য’ত আছিলোঁ তাৰপৰা এক কি.মি. দূৰত আন এজনৰ। এনে অৱস্থাত দুদিন মান মানুহৰ মাজত বু-বা চলিল, কোনোবাই কোনোবাই কিবা ভূতৰ কথাও উলিয়ালে। লাহে লাহে চবেই পাহৰিলে। প্ৰায় একে অভিজ্ঞতা গোটৰ বহুতৰে থাকিব লাগে। সৰু চহৰ এখনত এটা মান আত্মহত্যাৰ পাছত আৰু দুটামানৰ কথা সাধাৰণতে শুনা যায়। অসমীয়াত এই কাণ্ডটোৰ বাবে এটা বিশেষ ভূতক জগৰীয়া কৰা হয়। অসমীয়া সমাজৰ এনে বহুতো ‘স্পেছিয়েলাইজ্‌ড’ ভূত আছে। এই্ মুহূৰ্তত এই ভূতটোৰ নামটো মনত পেলাব পৰা নাই।

আত্মহত্যাৰ লগত ভূতৰ সম্পৰ্ক আনিবলৈ লিখনীটো আৰম্ভ কৰা নাই, সেয়া বুজিছেই নিশ্চয়। মোৰ মূল উদ্দেশ্য এইটোহে যে সাধাৰণতে আত্মহত্যা এটা থূপীকৃত ৰূপত (cluster) হিচাপে দেখা পোৱা যায়, সেইটো বহুতেই লক্ষ্য কৰিছিল। কিন্তু তাৰ আঁৰৰ কাৰণ উলিয়াব নোৱাৰি ভূতৰ গালৈ দোষ ঠেলি দিছিল। এটা আত্মহত্যাই আন এজনক আত্মহত্যাক প্ৰৰোচিত কৰে নেকি, আৰু যদি কৰে কেনেকৈ? এই দুটা মনোবিজ্ঞানৰ ডাঙৰ প্ৰশ্ন আছিল।

গৱেষণাত পোৱা তথ্য অনুসৰি এটা আত্মহত্যাৰ ঘটনাৰ পাছত আত্মহত্যাৰ ঘটনা বাঢ়ি যোৱাটো সঁচা। এনে ঘটনাক ‘নকল নবিচী আত্মহত্যা’ (copycat suicide) বোলা হয়, আন দুটা নাম হৈছে ‘ৱাৰ্থাৰ এফেক্ট’ (werther effect) বা ‘ড’মিন’ এফেক্ট’ (Domino effect) এনে ঘটনাক সোঁচৰা ৰোগ হিচাপে ভাবিলে সহজে বুজিব পাৰি। একেবাৰে প্ৰথম আত্মহত্যাৰ ঘটনাটো এজন দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ ব্যক্তিক এটা আত্মহত্যাৰ জীৱাণুয়ে আক্ৰমণ কৰা বুলি যদি ধৰা হয়, তেন্তে সেই এজনৰপৰা লাহে লাহে দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ অন্যান্য ব্যক্তিলৈ জীৱাণুটো সোঁচৰিবলৈ আৰম্ভ কৰা বুলি ভাবিব পাৰি। আত্মহত্যা নিসন্দেহে কোনো জীৱাণুৰ আক্ৰমণৰপৰা নহয়, সেয়ে এই জীৱাণুৰ সংক্ৰমণো আন বীজাণুৰ দৰে খোৱাপানী বা বায়ুৰ যোগে নিশ্চয় নাযায়। আত্মহত্যা সোঁচৰাৰ মূল কাৰণটো সামাজিক।

‘থূপীকৃত আত্মহত্যা’ৰ প্ৰথম বিৱৰণি পোৱা যায়, ওঠৰ শতিকাৰ অন্তিম ভাগত। গেট্যেৰ ৰচিত Die Leiden des jungen Werthers (ডেকা ৱাৰ্থাৰৰ কৰুণাগাঁথা) নামক উপন্যাসৰ প্ৰকাশৰ পাছত, উপন্যাসৰ নায়ক ৱাৰ্থাৰে নীলা চোলা আৰু হালধীয়া পেণ্ট পৰিধান কৰিছিল। আজিৰ ছলমান খানৰ পেণ্ট পিন্ধা ষ্টাইল অনুকৰণ কৰাৰ দৰেই সেই সময়ৰ কিছু যুৱকে ৱাৰ্থাৰৰ দৰে বেশ-ভূষা পৰিধান কৰিবলৈ লৈছিল। এই অনুকৰণ অকল কাপোৰ-কানিতে হ’লে কোনো অসুবিধা নাছিল, কিন্তু উপন্যাসৰ নায়ক ৱাৰ্থাৰে প্ৰেমত প্ৰত্যাখিত হৈ শেষত নিজকে পিষ্টলেৰে গুলীয়াই নিঃশেষ কৰাৰ কাৰবাৰটোও কিছুমান হতাশাগ্ৰস্ত যুৱকে বাচি লৈছিল। এই ৱাৰ্থাৰৰ নামৰপৰাই পৰিঘটনাটোক ৱাৰ্থাৰ এফেক্টো বোলা হয়। মূলতঃ এটা উদাহৰণৰ দ্বাৰা অনুপ্ৰাণিত হৈ আত্মঘাতী পন্থা বাচি লোৱাটোৱেই ‘ৱাৰ্থাৰ এফেক্ট।’ নক’লেও হ’ব, এই পৰিঘটনাৰ মূল নিয়ন্ত্ৰকঃ প্ৰথম ব্যক্তিজনৰ ঘটনাক কিদৰে সমাজত ব্যক্ত কৰা হৈছে, তাৰ ওপৰতে কপিকেট আত্মহত্যা নিৰ্ভৰ কৰে।

নকল নবিচী আত্মহত্যাৰ আটাইতকৈ ডাঙৰ ঘটনা বোধ কৰোঁ সংঘটিত হৈছিল মেৰীলিন মনৰো-ৰ আত্মহত্যাৰ পাছত। পৰিসংখ্যা অনুসৰি মনৰো-ৰ আত্মহত্যাৰ মাহটোত সাধাৰণতে হোৱাতকৈ ৩০৩ টা আত্মহত্যা বেছিকৈ (১২% বেছি) সংঘটিত হৈছিল। আন ঘটনাৰ ক্ষেত্ৰত বৃদ্ধিৰ হাৰ ২-৪%-লৈ লক্ষ্য কৰা গৈছে।

এই বিষয়ে প্ৰথম আলোচনা কৰিছিল ১৯৭৪ চনত ডেভিড ফিলিপ্‌ছ নামৰ এগৰাকী মনস্তত্ববিদে। তেখেত আৰু সংগীসকলৰ গৱেষণাই দেখুৱাইছিল যে একোটা বহুল প্ৰচাৰিত আত্মহত্যাৰ ঘটনাই সেই স্থানত আত্মহত্যাৰ সংখ্যা বঢ়ায়। প্ৰচাৰ মাধ্যমে কিদৰে আত্মহত্যাৰ ঘটনা এটাক তুলি ধৰিছে তাৰ ওপৰতে ইয়াৰ প্ৰভাৱ কিমান বেছি হ’ব সেইটো নিৰ্ভৰ কৰে। যিমানেই ৰোমাঞ্চকৰ কৰি বা গৌৰৱান্বিত কৰি আত্মহত্যাৰ এটা প্ৰচাৰ কৰা হয়, সিমানেই ইয়াৰ প্ৰভাৱ বেছি হয়। ইয়াৰ আঁৰৰ মূল কাৰণ চাবলৈ আমি অকণমান পৰিসংখ্যা জাৰু মনঃস্তত্বৰ ভিতৰলৈ যাব লাগিব।

আত্মহত্যাৰ এটা মুখ্য কাৰণ হৈছে ‘ডিপ্ৰেছন’ (হতাশাগ্ৰস্ততা) ৰোগ। ডিপ্ৰেছনৰ পৰিসংখ্যা চকু কপালত উঠা বিধৰ। বৰ্তমান বহুতো দেশতে প্ৰথম পাঁচটা স্থানৰ ভিতৰত থকা ৰোগবিধ হৈছে ডিপ্ৰেছন। ডিপ্ৰেছন বোলোঁতে আমি সাধাৰণ ভাৱে দুখ বোধ বুলি বুজোঁ। কিন্তু সকলো দুখ বোধেই ডিপ্ৰেছন ৰোগ নহয়। ৰোগ হ’বলৈ ডিপ্ৰেছনৰ সংজ্ঞা আৰু কঠিনকৈ নিৰ্ধাৰণ কৰা হয়। তেনে কঠিন ভাৱে নিৰ্ধাৰণ কৰা ডিপ্ৰেছনত ভোগা ৰোগী প্ৰতি এশজনৰ ভিতৰত চাৰিজন। অলপ শিথিলকৈ ধৰিলে প্ৰতি এশজনত ১৬-গৰাকী ব্যক্তি ডিপ্ৰেছনত ভোগে বুলিও পৰিসংখ্যা পোৱা গৈছে। সংখ্যা হিচাপত ক’লে আমি সমস্যাটোৰ গুৰুত্ব ভালদৰে বুজি নাপাওঁ। সেয়ে শুনিবলৈ ভয় লগা হ’লেও কওঁ, আপোনাৰ ফ্ৰেণ্ডলিষ্টত থকা প্ৰতি ২৫ জন বন্ধুৰ মাজত এজন জীৱনত এবাৰ হ’লেও গুৰুতৰ ডিপ্ৰেছনত ভুগিব! পৰিসংখ্যাৰ মতে ধৰিলে এই গোটতে প্ৰায় ৪০০ জন ডিপ্ৰেছনত ভুগি আছে। (ভয় লগাকৈ ক’লো যদিও ইমান ভয় খাব নালাগে, এই পৰিসংখ্যাৰ ভিতৰতো আৰু কিছুমান কথা আছে বাবে আচলতে গোটত ৪০০ জনৰ ডিপ্ৰেছন হৈ থকা নাই।)

এই পৰিসংখ্যা অনুসৰি আমাৰ সমাজত এক বৃহৎ সংখ্যক ব্যক্তিয়ে যিকোনো সময়ত ডিপ্ৰেছনত ভুগি থাকে। ডিপ্ৰেছনত ভোগা সকলে সহজে আত্মহত্যাৰ সিদ্ধান্তও ল’ব পাৰে। কিন্তু প্ৰতিজন ডিপ্ৰেছনৰ ৰোগীয়েই আত্মহত্যাৰ কথা নাভাবে। কিন্তু বাহ্যিক কিবা কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হ’লে তেওঁলোকে আত্মহত্যাৰ সিদ্ধান্ত লৈ পেলাব পাৰে। বাহ্যিক কাৰকৰ ভিতৰত সাধাৰণতে অৰ্থনৈতিক বা সামাজিক কাৰণেই বেছি হয় যদিও, বেছ কিছু সংখ্যকে সংবাদ মাধ্যমত বহুল ভাৱে প্ৰচাৰিত বা সমাজত সঘনে আলোচিত হৈ থকা আত্মহত্যাৰ ঘটনাৰপৰা নিজকে শেষ কৰাৰ সিদ্ধান্ত লৈ ল’ব পাৰে। ডিপ্ৰেছনত ভোগা ব্যক্তিৰ বিশাল সংখ্যাৰ বাবে অতি কম সংখ্যকে তেনেকৈ সিদ্ধান্ত ল’লেও সেই সংখ্যাটো ডাঙৰ হৈ দেখা দিয়ে। এজনৰ পাছত আন এজনে আত্মহত্যা কৰিলে তৃতীয় এজনৰ বাবে দুটা অনুঘটক হৈ পৰে। তেনেকৈ এক ধৰণৰ শৃংখল বিক্ৰিয়াৰ দৰে হয়। অৰ্থাৎ এজনৰ ঘটনাই আন এজনক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰে। ড’মিনো এক ধৰণৰ খেলৰ সামগ্ৰী, মোটা তাচ পাতৰ দৰে। ড’মিন’ এটাৰ কাষত এটা থিয়কৈ ৰাখি প্ৰথমটো বগৰাই দিলে ইটোৰ খুন্দাত সিটো বাগৰি যায়। (চাইকেল ষ্টেণ্ডত চাইকেল বাগৰাৰ দৰে) নকল নবিচী আত্মহত্যাটো একে পৰিঘটনাই দেখা যায় বাবে ইয়াক ড’মিন’ এফেক্টো বোলা হয়।

আত্মহত্যাৰ ঘটনা প্ৰচাৰৰ সময়ত সাধাৰণতে মিডিয়া বা সমাজে এটা পক্ষ লৈ আত্মহত্যাকাৰীক সমাজৰ দোষৰ কাৰণে মৰিবলগীয়া হোৱা এক ট্ৰেজিক নায়ক ধৰণৰ বাৰ্তা এটা দিয়ে। ইয়ে আত্মহত্যাক এটা সন্মানজনক সমাপ্তি কৰি তোলে। ডাঙৰ মানুহে (চেলিব্ৰিটি) আত্মহত্যা কৰিলে তাৰ ওপৰত আলোচনা-বিলোচনা আদিও বেছিকৈ হয়। বৰ্তমান অসমতে আমি এই অৱস্থা দেখি আহিছোঁ। কিহৰ ভিত্তিত মিডিয়াই অসমত এতিয়া আত্মহত্যা বেছি হৈছে বুলিছে মই বুজিব পৰা নাই। যিকোনো চিকিৎসালয়তে আত্মহত্যাৰ চেষ্টা কৰা ৰোগী সপ্তাহটোত কমেও দুজন আহে। ডাঙৰ হস্পিটালত আৰু বেছি। বৰপেটা চিকিৎসা মহাবিদ্যালয়তে আমি সপ্তাহটোত গড়ে দুজনকৈ আত্মহত্যাৰ চেষ্টা কৰা ৰোগী চাবলগীয়া হয়, আৰু এই হাৰ যোৱা দুটা বছৰত বাঢ়ি আহা মই লক্ষ্য কৰা নাই। সফল আত্মহত্যাৰ সংখ্যা চেষ্টা কৰাৰ সংখ্যাৰ এটা সৰু অংশহে। গতিকে প্ৰকৃত আত্মহত্যাৰ পৰিসংখ্যা আচলতে বেছি আৰু আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰপৰা এনে সংখ্যাৰ সাংঘাতিক বৃদ্ধি হোৱা নাই। অন্ততঃ ইয়াক মহামাৰী বুলি চিঞৰ-বাখৰ কৰিবলগীয়া কোনো অৱস্থা অসমত এতিয়াও হোৱা নাই।

আত্মহত্যাৰ ঘটনাৰ অপৰিমিত প্ৰচাৰে যে এনে ঘটনাৰ সংখ্যা বঢ়ায়, সেই কথা আগতেই উল্লেখ কৰিছোঁ। সেয়ে আত্মহত্যাৰ সংখ্যা যদি বাঢ়ে, তাৰ এটা মূল কাৰণ হ’ব আমাৰ সংবাদ মাধ্যম সমূহহে। ৱাৰ্থাৰ এফেক্ট-ৰ বিষয়ে জনাৰ পাছৰেপৰাই আত্মহত্যাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা নিয়ন্ত্ৰিত কৰাৰ বাবে আচৰণ-বিধি বহুত দেশতে তৈয়াৰ কৰা হৈছে। ভাল কথাটো হৈছে যে দায়বদ্ধ সংবাদ মাধ্যমে ৱাৰ্থাৰ এফেক্ট কমাই আনি আত্মহত্যাৰ হাৰ বাঢ়িবলৈ নিদিয়াটোৱেই নহয়, আনকি এনে ঘটনাৰ পাছত আত্মহত্যাৰ প্ৰতি ৰাইজক সজাগ কৰি আত্মহত্যাক কমাই আনিব পাৰে।

পৃথিৱীৰ বহুতো দেশতে আত্মহত্যাৰ ঘটনা কিদৰে প্ৰচাৰ কৰিব তাৰ লিখিত বিধান আছে। অৱশ্যে মই ভাৰতৰ ক্ষেত্ৰত তেনে কোনো আচৰণ বিধি বলৱৎ কৰা হৈছে বুলি বিচাৰি পোৱা নাই। খুব সম্ভৱ নায়েই। আত্মহত্যাৰ ঘটনা ৰোধ কৰিবলৈ কেনে বিধান আমেৰিকাৰ আচৰণ বিধিত উল্লেখ কৰা হৈছে, তাৰ চমু ভাঙনি এটা তলত দিছোঁ। আমাৰ সংবাদ মাধ্যমে মানক বা নামানক, অন্ততঃ আমি কথাখিনি জানি থ’লে নিজে উপকৃত হ’ব পাৰিম।

এই গোটৰ লেখা কেনেবাকৈ যদি সংবাদ মাধ্যমৰ চকুত পৰে, তেন্তে মই অনুৰোধ কৰোঁ, তলৰ আচৰণ বিধিখন অলপ হ’লেও প্ৰয়োগ কৰাৰ চেষ্টা কৰে যেন। ৱাৰ্থাৰ এফেক্ট আদিৰ কথা উল্লেখ কৰি আজিৰ অসমৰ প্ৰথম পৃষ্ঠাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ অধ্যাপক ড. দীপেশ ভাগৱতীৰ এটা লেখা আজি দুই-তিনিমাহ আগতেই প্ৰকাশ পাইছিল। কিন্তু একেখন কাকততে তাৰ কোনো প্ৰভাৱ পৰা দেখা নাই।

annexure:

তলৰ অংশখিনি Recommendations for Reporting of Suicide (http://reportingonsuicide.org/Recommendations2012.pdf)-ৰপৰা অনুবাদ কৰা হৈছেঃ

আত্মহত্যাৰ ঘটনা প্ৰচাৰৰ বাবে আচৰণ বিধিঃ
১. প্ৰথম পৃষ্ঠাতে ডাঙৰ হেডলাইন দি ৰোমাঞ্চকৰ হিচাপে বাতৰি প্ৰকাশ নকৰিব। (যেনে, ‘শৰাইঘাট দলঙৰপৰা জাঁপ দি শিক্ষকৰ মৃত্যু’, ইয়াৰ সলনি ‘শ্ৰীমান অমুকৰ মৃত্যু’ )
২. আত্মহত্যাৰ স্থানৰ ছবি/ভিডিঅ’ প্ৰদৰ্শন বা পৰিয়ালৰ লোকৰ সাক্ষাৎকাৰ আদি প্ৰচাৰ নকৰিব, তাৰ ঠাইত মৃতকৰ কৰ্মৰত অৱস্থাৰ ছবি প্ৰকাশ কৰক, লগতে আত্মহত্যাৰ প্ৰতিৰোধী ব্যৱস্থাৰ বিষয়ে জনাওক
৩. আত্মহত্যাৰ ঘটনাত মহামাৰী আদিৰ দৰে শব্দৰ প্ৰয়োগ নকৰিব, বৰং সঠিক তথ্য প্ৰদৰ্শন কৰি হাৰৰ বৃদ্ধি আদিৰ দৰে শব্দ প্ৰয়োগ কৰক
৪. আত্মহত্যাৰ কাৰণ ‘অজ্ঞাত’ আদিৰ প্ৰয়োগ নকৰিব, তাৰ সলনি আত্মহত্যাৰ আগতে কেনেকুৱা লক্ষণ হ’ব পাৰে সেই বিষয়ে জনাওক,
৫. ‘অমুকে ছুইছাইড নোট লিখিছে’ আদি উল্লেখ নকৰিব, লিখকঃ মৃতকৰ লগত উদ্ধাৰ হোৱা টোকা-ক পৰীক্ষাৰ বাবে নিয়া হৈছে।
৬. আত্মহত্যাৰ ঘটনাক হত্যা বা তেনে অপৰাধৰ দৰে কৰি প্ৰকাশ নকৰিব/ আত্মহত্যাক এটা সামাজিক সমস্যা হিচাপে প্ৰকাশ কৰক
৭. ঘটনাৰ লগত জড়িত পুলিচ, বা তেনে মানুহৰ সাক্ষাৎকাৰ আদি প্ৰচাৰ নকৰিব/ আত্মহত্যা নিবাৰণী সংগঠনৰ সহায় লওক
৮. সফল আত্মহত্যা, আত্মহত্যাৰ বিফল প্ৰচেষ্টা আদি বিশেষণৰ প্ৰয়োগৰ পৰা বিৰত থাকক/ সহজে অমুকৰ মৃত্যুৰ কাৰণ আত্মহত্যা বুলি ঠাৱৰ কৰা হৈছে

ভুল তথ্য দিয়াৰপৰা বিৰত থাকক
১. প্ৰতিটো আত্মহত্যাই আচলতে কেবাটাও কাৰণৰ সমষ্টি, সেয়ে চাকৰি যোৱাৰ বাবে আত্মহত্যা, বিফল প্ৰেমৰ পৰিণতিত আত্মহত্যা আদিৰ দৰে সৰলীকৃত বাক্য প্ৰয়োগ নকৰিব
২. আত্মহত্যা বিশেষজ্ঞৰ দ্বাৰা আত্মহত্যাৰ ঘটনা এটা আলোচনা কৰি থকাৰ সলনি, সামগ্ৰিক ভাৱে আত্মহত্যা প্ৰতিৰোধৰ বাবে কি কি উপায় উপলব্ধ তাৰ ওপৰত আলোচনা আগবঢ়াওক
৩. ডিপ্ৰেছনৰ আদিৰ দৰে ৰোগৰ চিকিৎসা ক’ত, কেনেকৈ সহজে পাব পাৰি তাৰ বিষয়ে বৰ্ণনা কৰক

সামাজিক/ অনলাইন মিডিয়া. ব্লগ আদিতো
১. আত্মহত্যাৰ কাৰণ, ঠিক কৰাৰ উপায় আদিৰ কথাহে কওক
২. আত্মহত্যাৰ চেষ্টাৰ পাছতো দেশৰ/সমাজৰ কাম কৰি থকা ধনাত্মক কাহিনীৰ বিষয়ে মানুহক অৱগত কৰাওক
৩. ওপৰৰ একেখিনি আচৰণবিধি ব্যক্তিগত ব্লগ, ছ’চিয়েল মিডিয়া আদিতো মানি চলক
৪. ছ’চিয়েল মিডিয়া-ত বিশেষকৈ আত্মহত্যা কৰাৰ ব্যক্তিবিশেষৰ বিষয়ে মন্তব্য কৰাত সাৱধান হওক, আত্মহত্যাক এটা মানসিক বিকৃতি বা দুৰ্বল মানসিকতাৰ পৰিচায়ক আদিৰে অভিহিত নকৰি, ই যে এক সাময়িক অৱস্থা মাথো আৰু সঠিক চিকিৎসা আৰু সহায়েৰে তাৰপৰা ওলাই আহিব পাৰি আদি কথাবোৰ জানিবলৈ দিয়ক

_________________________________________________________
(লেখনীটো যুগুতাওঁতে মুখ্য আধাৰ হিচাপে তলৰ প্ৰৱন্ধটো লোৱা হৈছেঃ
http://jech.bmj.com/content/57/4/238.long)

 

One thought on “আত্মহত্যা আৰু মিডিয়া: (উদ্দীপ তালুকদাৰ )

  • November 27, 2013 at 8:04 pm
    Permalink

    উদ্দীপ তালুকদাৰদেৱৰ প্ৰতিটো প্ৰৱন্ধ অদ্বিতীয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!