আত্মা —–দ্বীপৰাজ

 

পানীৰ চাকৈচকোৱাত অ’ মোৰ জীউ / হিয়ালি নিয়ৰৰ ঝুনুকা দোলা
মোৰ এধানি মালা… ৰুণজুন ৰুণজুন
যমুনাত জিলিকিছে কাঁচিজোন

কোন গৈ থাকিব
কোন ৰৈ থাকিব
আত্মাত জিৰাব সোণ হৰিণ/ ৰং ৰং দুভৰিৰ নুপুৰ কান্দোনত হাউলিব
জেতুলপকা থেৰেজু। বেলি ভাটিৰ ৰংবোৰ উভৈনদী হৈছে চোৱা
মোৰ উশাহলৈ কোন আহিব কোৱা

সময় নে আত্মা !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!