আত্ম পৰিচয় ( তনুৰূপা গোস্বামী )

সি নিৰৱে উচুপি গাহৰিটো ঘপিয়াই থাকিল৷ টুকুৰাবোৰ সৰু ডাঙৰ হ’ল৷ আস্, হ’লেও হ’ল বাৰু ডাঙৰ সৰু৷ তাৰ মৰমীজনীৰ ঘৰলৈ জোঁৱাই আহিব আজি, তাৰ মৰমীৰ স্বামী হৈ৷ কমখন প্ৰেম কৰিছিল নে সিহঁতে, ১ম ডিচেম্বৰৰপৰা ১ম জানুৱাৰীলৈকে হোৱা একমাহজোৰা খ্ৰীষ্টমাচ উৎসৱত প্ৰত্যেক বছৰে সৰুৰপৰাই সদায় লুকাই চুৰকৈ নাচিছিল সিহঁত দুয়ো৷ তাই নিজ হাতে বনাই অনা জৌগ্ৰাংখিনি একঘোটে পি সি জোনাকত উমলিছিল৷ কিমান সপোন দেখিছিল সি৷ সি হাল বাব, তাই ৰোৱা ৰুব, দুয়ো একেলগে খগৰপুৰ পাহাৰত খৰি লুৰিব যাব, তাতেই বনৰীয়া পাচলি দি ভাত বনাই খাব, দুয়ো মিলি আবেলিৰ বজাৰত চাহ দোকান দিব, পাৰিলে শালমাৰাৰ পৰা মিঠাই আৰু চিংৰা কিনি আনিও দোকানত ৰাখিব, ল’ৰা ছোৱালী হ’লে সি খগৰপুৰ জাতীয় বিদ্যালয়ত দিব বুলি ঠিক কৰিছিল, মিছনাৰী স্কুলখন দিনডকাইতৰ নিচিনা হৈ পৰিছে, বৰ খৰচ পঢ়ুৱাবলৈ৷ যোৱাবাৰ ডিচেম্বৰত মেঘালয়ৰ চ্ছাৰ্চ এটাত ড্ৰাম বজাব যাওতে সি সাত মিটাৰ বগা চাটিন কাপোৰ কিনি আনি তাইক উপহাৰ দিছিল, বিয়াৰ গাউনটো বনাবলৈ৷ তাই বনালে চাগে, সেই কেটেৰাটোৰ লগত বিয়াত বহিবৰ কাৰণে৷ বুকখন খামুচি ধৰিল সি, কান্দোনটো হেঁচি ৰাখিবৰ বাবে৷ “হউ, দুই কেজি গাহৰি দে ব্ৰ“, সি চক্ খাই উঠিল, সন্মুখত গ্ৰাহক, ৰাজবংশী গাঁৱৰ৷ সি ততাতৈয়াকৈ মাংসখিনি জুখি পলিথিনত বান্ধি দিলে৷ নাহ্, কান্দিলে নহ’ব, সি মেঘালয়ত যাব, কয়লাৰ ট্ৰাকৰ ড্ৰাইভাৰ হ’ব, নাথাকে ইয়াত৷

       “ওই জিবং, তোৰ মৰমীৰ মেৰিজ হ’ল, ফাডাৰে কৰাই দিলে, চাল্লা কেথলিক, তই আমাৰ বেপ্তিছৰ ছোৱালী পলুৱাব খুজিছিলি, মৰ এতিয়া কান্দি, ভাল পাবলৈ বেপ্তিছৰ ছোৱালীহে পাইছিলি নেকি বেটা, হাঃ হাঃ হাঃ৷ আজি লাল খাব পালোৰে বহুত, ফূৰ্তি লাগি গৈছে আমাৰ৷ “ আৰু কিবাকিবি কৈ আছিল সিহঁতে, সি জোৰে চাইকেল চলাই পাৰ হৈ আহিল৷ ঘৰৰ চোতালত দেউতাকে মদ খাই বাগৰি আছে৷ দাদাক দুজন৷ দুয়ো কেৰালাত কাম কৰিব গৈছে, বৌ দুয়োজনীৰেই গাত তৰণি নাথাকে, ৰাতিলৈকে গাৰোদোকান নামৰ চকটোত মদ বেচে, আৰু গ্ৰাহকৰ লগত লেটিপেটি কৰে, ৰাতি আহি সি বনাই থোৱা ভাতকেইটা খাই শুই থাকে, কেতিয়াবা সি ভাত বনাই নথ’লে ল’ৰা-ছোৱালী তিনিটাক ধৰি কিলায়৷ ভতিজা ভতিজি তিনিটাৰ মায়াতে সি উপায়হীন হৈ অভদ্ৰ বৌৱেক দুজনীক সহ্য কৰে৷ মেঘালয় বোৰ্ডাৰৰ দুয়োজনী বৌৱেক, বৰ উগ্ৰ৷ সি সদায় ভাবিছিল, মৰমীৰ লগত বিয়াত বহি অশান্তিপূৰ্ণ ঘৰখন এৰি জোঁৱাই খাটিব যাব, শান্তিত থাকিব পাৰিব, কিন্তুু সমাজৰ মানুহবোৰে তাৰ সকলো সপোন চুৰমাৰ কৰিলে৷ সি গাৰো ল’ৰা, বুকুত অসীম সাহস, কিন্তুু ফাডাৰৰ ওপৰত কথা কোৱাৰ সাহস তাৰ নাই৷ লাই শাকেৰে গাহৰিৰ জোল বনাই ভাত খালে আৰু ভতিজা ভতিজি তিনিটাকো খুৱাই শুৱাই থ’লে৷ বাহিৰত ফৰিংফুটা জোনাক, সি দহবজাৰ নাইট চুপাৰত গুৱাহাটীলৈ যাব, তাৰে পৰা মেঘালয়৷ সি তাৰ কাপোৰ কানিবোৰ বেগত ভৰালে, বেংকৰ বহী, ভোটাৰ আইডি, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, টকা, সকলো ভৰালে৷ তাৰ মেঘালয়ত থকা বন্ধুলৈ ফোন কৰিবলৈ নেটৱোৰ্ক বিচাৰি চোতাললৈ ওলাই আহিল, হঠাৎ বাৰীলৈ চকু যোৱাত তাৰ গাৰ নোম সিঁয়ৰি উঠিল, এক বগা ছায়া যেন কায়া এটি হৈ তালৈ আগুৱাই আহিছে, সি ভয়তে ঠৰ হৈ ৰ’ল, কায়াটি আগুৱাই আহি তাক সাৱটি ধৰিল৷ তাৰ হিত আহিল, এয়াচোন তাৰেই মৰমী, বগা বিয়াৰ গাউন পিন্ধা মৰমী৷ সি আচৰিত হৈ ঠেলি দিলে তাইক, চকুত অলেখ প্ৰশ্ন৷ “কেটেৰা ভাল নহয় অ’ই, লাল খাই আজি বিয়াৰ প্ৰথম ৰাতিয়েই মোক মাৰিছে অ’ই, তোৰ মোৰ সম্পৰ্কৰ কথা কৈ মাৰিছে“, তাই কান্দিব ধৰিলে৷ “ময়ো বাপ্পেকে তাৰ হাত মুচুৰি হাতকে ভাঙিলো, লালৰ নিচাতে অজ্ঞান হৈছে সি, মই তোলৈ পলাই আহিলো অ’ই জিবং, সমাজৰ ভয়ত মই তোক এৰি নাযাওঁ আৰু, মোৰে শপত, মই ঘূৰি নাযাওঁ, তই ৰাখিলে ৰাখ, নহ’লে ট্ৰাকৰ সন্মুখত জপিয়াই মৰোঁ“৷ তাৰ বৰ মৰম লাগি গ’ল আঁকৰি মৰমীজনীলৈ৷ “মেঘালয়লৈ যাবি মোৰ সৈতে? “সি সুধিলে৷ তাই আনন্দতে সাবটি ধৰিলে তাক৷ গাৰোদোকান চকটোৰ সৰু বুঢ়াবাবাৰ মন্দিৰটো হেনো বৰ জাগ্ৰত৷ দুয়ো কোনেও নেদেখাকে বুঢ়াবাবাৰ মন্দিৰৰ পিছফালে দহ বজাৰ বাছখন নহালৈ ৰখি থাকিল৷ আধা খোলা দোকানবোৰ বন্ধ কৰি দোকানীবোৰ যাবলৈ ধৰিেলে, সি মবাইলৰ ঘৰীটোলৈ চালে, চাৰে ন বাজিছে৷ মৰমীৰ হাতখন আলফুলে লৈ সি ক’লে, “মোৰ কিবা লোকৰ ঘৈণী পলুৱাই নিয়া যেন লাগিছে অ’ই“৷ তাইৰ চকুত চকুপানীৰ তিৰবিৰণি৷ তাই লাহেকৈ ক’লে, “বুঢ়াবাবাক সাক্ষী কৰি সেন্দূৰকেই পিন্ধাই দে নহলে মোৰ শিৰত, হিন্দুবোৰে কয় শিৰত সেন্দূৰ পিন্ধালে হেনো সাত জনমলৈ এৰিব নোৱাৰা সম্বন্ধ হয়৷ “ সি তাকেই কৰিলে, তাইক হাতত ধৰি লৈ গৈ দুয়ো বুঢ়াবাবাৰ ওচৰত আঁঠু কাঢ়ি সেৱা কাঢ়িলে, শিৱলিংগটোৰ সন্মুখত থকা সেন্দূৰৰ টেমাটোৰ পৰা সেন্দূৰ অকণ আনি তাইৰ শিৰত আঁকি দিলে, কপালত দিলে এটি ফোঁট, ঠিক হিন্দী চিৰিয়েলত দেখাৰ দৰেই৷ তাই ক’লে “আজিৰপৰা তয়ো কেথলিক নহয়, ময়ো বেপ্তিছ নহয়৷ আমি দুয়ো গাৰো, হ’বনে? “ সি মিচিকিয়াই হাঁহিলে৷ দহবজাৰ বাছখনৰ হেডলাইট দুটা ওচৰ চাপি আহিছে৷ দুয়ো দৌৰি গৈ হাত দাঙিলে গাড়ীখন ৰখাবলে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!