আধিপত্য বিস্তাৰ কৰাৰ খুঁটা : কুলেন্দু বৰদলৈ

আধিপত্য বিস্তাৰ কৰাৰ খুঁটা

কুলেন্দু বৰদলৈ

ভাবানুবাদঃ
মূল: ৰবীন এচ্ শৰ্মা

 

১) কমকৈ শোৱক: এইটো আপুনি কৰিব পৰা আটাইতকৈ ভাল বিনিয়োগ যিয়ে আপোনাক বহু উৎপাদনশীল আৰু পুৰস্কৃত কৰিব।

২) ব্যক্তিগত উন্নতিৰ বাবে প্রত্যেকেই প্রতিটো পুৱাৰ ১ ঘণ্টা সময় একাশৰীয়াকৈ ৰাখিব লাগে।

৩) যোগাসন কৰা, উৎসাহিত কৰা সাহিত্য/মহান সাহিত্য আদি পঢ়িব বা শুনিব লাগে যাতে দিনটোৰ বাবে লক্ষ্য স্থিৰ কৰিব পাৰি। নিজকে নতুনকৈ গঢ় দিবলৈ ভালদৰে দিনটো আৰম্ভ কৰাটো এটা মহান কৌশল।

৪) প্রত্যেক পুৱাই পাঁচ মিনিটকৈ হাঁহক। হাঁহিলে আমাৰ দেহত থকা ৰাসায়নিক পদাৰ্থসমূহ (যিয়ে আমাক আনন্দিত অবস্থাত ৰাখে) সক্ৰিয় হৈ থাকে। হাঁহিলে আমাৰ দেহাটোৰ ভাৰসাম্য ৰক্ষা হৈ থাকে। এটা চাৰি বছৰীয়া শিশুৱে দৈনিক ৫০০ বাৰকৈ হাঁহে, য’ত গড় হিচাপে এজন প্রাপ্তবয়স্ক লোকে দৈনিক ১৫ বাৰকৈ হাঁহিবলৈহে সুযোগ পায়।

৫) প্রত্যেক দেওবাৰৰ সন্ধিয়াটো আপোনাৰ আৰু পৰিয়ালৰ বাবে একাশৰীয়াকৈ ৰাখক আৰু ইয়াক ভালদৰে মানি চলক।

৬) আপোনাৰ মনোযোগ আৰু ইচ্ছাশক্তি বৃ্দ্ধিৰ বাবে খোজ কাঢ়োঁতে নিজৰ প্রতিটো খোজে গনি যাওক। ই এটা বিশেষ শক্তিশালী উপায়। বহুতো লোকেই নিজৰ মনটোক নানা ধৰণৰ চিন্তাৰে ভাৰাক্রান্ত কৰি ৰাখে। শীৰ্ষ পৰিবেশনকাৰীসকলে নিজৰ “অন্তৰ নিকা কৰি ৰখা শক্তিক” শলাগ লয় যিটোৱে ক্রমে-ক্রমে সকলো প্রয়োজনীয় কামতে মনোযোগ দিব পৰা হৈ যায়।

৭) নিজৰ ইচ্ছা শক্তি বৃ্দ্ধি কৰক। ইয়াৰ বাবে আপুনি প্রথমতে যথেষ্ট অভ্যাস কৰিব লাগিব আৰু তাৰ পিছত তাক শক্তিশালী কৰাৰ দিশে লৈ যাব লাগে। যেতিয়া আপোনাৰ ভোক লাগে খাদ্য খোৱাৰ আগতে আৰু এঘন্টা সময় ৰওক। যেতিয়া আপুনি কোনো টান কামৰ বাবে পৰিশ্রম কৰে, তাৰ পিছত মনটো কাবু কৰিবলৈ এখন সুন্দৰ কিতাপ পঢ়াৰ বাবে নিজকে সাজু কৰিব লাগে। তেতিয়া দেখিব আপুনি অতি সোনকালেই বহু সময় মনোযোগ দিব পৰা অবস্থালৈ আহিছে। নিউটনে একেৰাহে বহু সময় ধৰি কোনো ব্যাঘাত নোহোৱাকৈ কামত লাগি থাকিব পাৰিছিল, যদি তেখেতে পাৰিছিল তেন্তে আপুনিও পাৰিব।

৮) কেতিয়াও নিজৰ পৰিয়ালৰ সদস্যৰ বাহিৰে আনৰ লগত নিজৰ স্বাস্থ্য, সা-সম্পত্তি আৰু আনৰ বিষয়ে আলোচনা নকৰিব। এই ক্ষেত্রত সাৱধান হওক।

৯) নিশা আহাৰ গ্রহণৰ পিছত সদায় আধা ঘন্টা কৈ খোজকাঢ়িবলৈ চেষ্টা কৰিব লাগে। প্রাকৃতিক পৰিৱেশত খোজ কঢ়াটো খুবেই ভাল। খোজ কঢ়াটো সম্ভৱতঃ প্রকৃতিৰ আদৰ্শ অনুশীলন।

১০) আপোনাৰ ভাৱমূৰ্তিৰ ক্ষেত্রত সদায় সতৰ্ক থাকক। এনে কোনো কাম নকৰিব, যাৰ কথা গৌৰৱেৰে আপোনাৰ মাতৃৰ আগত কব নোৱাৰে। সদায় ৰং-ধেমালি কৰিব লাগে, কিন্তু তাত বুদ্ধিমত্তা আৰু হুঁচ থাকিব লাগে।

১১) আপুনি নিজেই আপোনাৰ পতি বা পত্নীৰ ১ নম্বৰ সমৰ্থনকাৰী হওক, যিয়েই তেওঁক সদায় সমৰ্থন কৰে আৰু আশা তথা সপোনবোৰ সাৰ্থক কৰাত সহায় কৰে। দুয়ো একলগে আগবাঢ়ক আৰু জীৱনৰ বাটত আত্মবিশ্বাসেৰে দুয়ো একেজন সৈনিক হৈ খোজ দিয়ক।

১২) প্রকৃতিৰ সৈতে সময় কটাওক। প্রকৃতি আমাৰ মাজত এনেদৰে খাপ খাই আছে যে ই আমাক সতেজ আৰু স-প্রতিভ কৰি ৰাখিব পাৰে।

১৩) প্রতি দু-সপ্তাহৰ মূৰে-মূৰে এদিন লঘোণ দিবলৈ চেষ্টা কৰিব লাগে। এই দিন কেইটাত ফলৰ ৰস আৰু সতেজ ফল খাব লাগে। আপুনি নিজকে আগতকৈ শক্তিশালী, নিকা আৰু সজীৱ যেন অনুভব কৰিব।

১৪) দৈনিক সৰহ পৰিমাণে পানী খাওক। দৈনিক ন্যুনতম ১০ গিলাছ পানী খোৱাটো ভাল। পানীয়ে আমাৰ দেহাটো পৰিস্কাৰ কৰি ৰাখে। আনহাতে, চুৰুহা আৰু বেছি কাৰ্ব’হাইড্রেট থকা খাদ্য আদি খাব লাগে।

১৫) এটা সুখী মন আমাৰ দৈনিক প্রয়োজনীয় খাদ্যৰ নিচিনা। লোভ আৰু সম্পত্তিৰ প্রতি মোহ বাঢ়ি গ’লে সুখ আৰু শান্তি হেৰুৱাবলগীয়া হয়। আপোনাৰ যি আছে তাতে সুখী হৈ থাকক।

১৬) সদায় হুলস্থূল, মানুহৰ জুম আৰু লৰালৰিৰ পৰা আঁতৰত থাকিব লাগে আৰু কিছুসময় শান্তিৰে আত্মসমালোচনা কৰক, গভীৰ পঠন কৰক নহ’লে অলপ সময় শান্তিৰে বিশ্রাম কৰক।

১৭) আপোনাৰ মনৰ পিয়লা (কাপ)টো সদায় খালী কৰি ৰাখক। এটা পৰিপূৰ্ণ পিয়লাত আৰু একো ঢালিব নোৱাৰি। যি জনে নিজে একো শিকিব নোৱাৰো বুলি ভাবে, তেওঁ কোনো কালেই শিকিব নোৱাৰে আৰু উচ্চ পৰ্যায়লৈ যাব নোৱাৰে। আনকি আমাৰ শিক্ষাগুৰুসকলৰো গুৰু আছে।

১৮) কোনো বক্তৃতা দিয়াৰ আগেয়ে একাপ কুহুমীয়া গৰম পানী খাওক। ৰোনাল্ড ৰিগেনে বক্তৃতা দিওঁতে এই পদ্ধতিটো খটাইছিল যিয়ে তেওঁক মিঠা মাতৰ অধিকাৰী কৰিছিল। আপোনাক সকলোৱে ভাল মাত বা বক্তৃতাৰ বাবে চিনি পাব।

১৯) আপোনাৰ যোগাযোগ দক্ষতাৰ মূল নীতি কি সেইটো জনাতো প্রয়োজন। কিয়নো ই আপোনাক আনৰ লগত তথা নিজৰ লগতে যোগাযোগ কৰা পথ দেখুৱাব।

২০) আপুনি সহকৰ্মীৰ লগত পৰাপক্ষত কেতিয়াও তৰ্কা-তৰ্কি নকৰিব- নহ’লে আপোনাৰ যুক্তিতকৈও বহুত কিবা-কিবি হেৰুৱাব লগীয়া হ’ব পাৰে।

২১) সাম্প্রতিক ঘটনাসমূহৰ লগতে নতুন কিতাপ তথা নতুন ফেচন আদিৰ খবৰ ৰাখিব লাগে। সকলো সফল লোকেই দৈনিক দুই-তিনিখন বাতৰি-কাকত পঢ়ে। আপুনি প্রত্যেকটো ঘটনা নপঢ়িলেও মূল-মূল ঘটনা কেইটাৰ গম লওক।

২২) Readers are leaders- আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্রপতি বিল ক্লিন্টনে অক্সফৰ্ড বিশ্ববিদ্যালয়ত পঢ়া সেই কম সময়তে ৩০০ খনৰো অধিক কিতাপ পঢ়িছিল। কোনো কোনো সফল লোকে দৈনিক একোখন কৈ কিতাপ পঢ়ে। “বেছি জ্ঞান, ভয় কম”।

২৩) W. J. Slim-এ কৈছিল যেতিয়া দুটা বিষয়ৰ এটাত সিদ্ধান্ত লব লগা হয়, তেন্তে সদায় ডাঙৰ বিষয়টো বাছিব লাগে। সুযোগ লওক, ৰিস্ক লওক আৰু আপুনি আপোনাৰ সপোনক সফলতা আনি দিব পাৰে।

২৪) পৃথিৱীৰ বিখ্যাত নেতা সকলৰ জীৱনী পঢ়ক আৰু তাৰ পৰা তেওঁলোকৰ অভ্যাস, উৎসাহ আৰু দৰ্শন শিকক। আপোনাৰ প্রিয় লোকৰ ভাল কাম বিলাক কৰিবলৈ অভ্যাস কৰক।

২৫) কোনো লোকৰ লগত কথা পাতোঁতে তেওঁৰ নাম মনত ৰাখিব লাগে। এজন মানুহৰ নাম তেওঁৰ বাবে বহুত ভাল লগা মাত।

২৬) আনন্দেৰে কাম কৰক আৰু নিজকে এজন ইতিবাচক মনোবৃত্তিৰ লোক হিচাপে পৰিচয় দিয়ক।

২৭) প্রথমতে কোনো এটা কামৰ বীজ সীঁচক, তাৰ পৰা অভ্যাসৰ জন্ম হ’ব। অভ্যাসৰ বীজ সীঁচক, তাৰ পৰা চৰিত্রৰ জন্ম হ’ব। চৰিত্রৰ বীজ সীঁচক, সৌভাগ্যৰ উদয় হ’ব। প্রয়োজন নোহোৱাকৈ কোনো কামেই “কৰিব পাৰোঁ” জাতীয় মন্তব্য নিদিব। নম্র, চিধা আৰু শান্তি প্রিয় হওক।

২৮) তলৰ কথা কেইটালৈ মন কৰক আৰু চেষ্টা কৰক:

ক) শুৱাৰ আগেয়ে ১০ মিনিট আৰাম চকীত বহি আৰাম কৰক।
খ) চকু দুটা মুদি হাত দুখন লাহেকৈ আঁঠুত থৈ দিয়ক।
গ) কিছু সময়ৰ বাবে দীঘল দীঘলকৈ উশাহ লওক ।
ঘ) এই বাক্যশাৰী ২০ বাৰ আওৰাওক”-“মই কাইলৈ পুৱা ৫ বজাতেই শুৱাৰ পৰা উঠিম আৰু নিজকে সপ্রতিভ, সজাগ আৰু উদ্যমী অনুভৱ কৰিম।” তাৰ পিছত আপুনি শোৱা ঠাইলৈ যাওক আৰু অনুভব কৰক আপোনাৰ নিজকে কিমান ভাল লাগিছ!

২৯)সময়ানুৱৰ্তিতা মানি চলাৰ বাবে অভ্যাস কৰিব লাগে, যিটো সফলতাৰ বাবে মূল চাবি-কাঠী। সময়ানুৱৰ্তিতাই আমাক পৰি্পাটী, অনুশাসন আদি মানি চলাৰ ওপৰি সমাজত উচিত মৰ্য্যাদা দিয়ে। ইয়াৰ অবিহনে আনকি উচ্চ খাপৰ মানুহো ঘৃণনীয় হয়।

৩০)বিজেতা সকলে এনে কিছুমান কৰে, যি কাম সাধাৰণ মানুহে কৰিব নুখুজে বা নোৱাৰে। এইয়া কেৱল আমাৰ আচৰণ আৰু সাহসৰ ওপৰত নিৰ্ভৰ কৰে।

৩১)যি সকল লোকে উচ্চ শিখৰলৈ যাব পাৰিছে, তাৰ প্রধান কাৰণ হ’ল তেওঁলোক মানসিক ভাবে বহুত আশাবাদী। আশবাদী নহ’লে, জীবনে সকলো পোহৰৰ বাট হেৰুৱাই আৰু প্রতিটো খোজেই কঠিন হৈ পৰে।
৩২)আমি যিহেতু মৃত্যুৰ পিছত লগত একো লৈ নাযাও, পুৱা সোনকালে উঠি তলৰ মন্ত্র কেই ফাঁকি মাতকঃ
ক)আজি মই আনক সহায় কৰিম,
খ)আজি মই আনৰ যতন লম,
গ)আজি মই দয়ালু হ’ম।
এই অভ্যাসে আপোনাক কিছু হ’লেও সুখী কৰিব।

৩৩) প্রত্যেক দিনাই আপুনি বেয়া পোৱা দুটা কাম কৰক। ই লাগিলে ডাঙৰ কিম্বা সৰুৱেই হওক, আপোনাৰ ব্যক্তিত্ব বহু শক্তিশালী হ’ব।

৩৪) দুই-তিনি মাহৰ মূৰে-মূৰে ছেকেণ্ড-হেণ্ড কিতাপ বেছা-কিনা দোকানত হেৰাই যাব খোজা মহান কিতাপ বিচাৰক। তাত আপুনি বহু মূল্যৱান কিতাপ যেনে বহুল প্রচাৰিত, অভ্যাস গঠন, সময় পৰিচালনা, স্বাস্থ্য আৰু আন আন প্রয়োজনীয় বিষয়ৰ কিতাপ কম দামতেই পোৱা যায়।

৩৫) এজন শীতল মগজু, উষ্ম হৃদয় আৰু মহান ব্যক্তিত্বৰ লোক হিচাপে জনাজাত হওক। আপোনাৰ উপস্থিতিৰ কথা মানুহে মনত ৰাখিব।

৩৬) আপোনাৰ ঘৰখন উজ্জল আৰু সতেজ ফুলেৰে সজাই তোলক। ইয়ো আপুনি কৰিব পৰা এক ডাঙৰ বিনিয়োগ। সুন্দৰ সংগীত, হাঁহি আৰু ৰং-ধেমালিৰে জীৱন নিৰ্বাহ কৰক।

চাৰিওফালে এক ৰহস্যময় পৰিৱেশৰ সৃষ্টি কৰক!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!