আন্দোলন বনাম জ্বলন্ত টায়াৰ — ইলি তালুকদাৰ

আজি কেই বছৰমানৰ পৰা আন্দোলন, প্ৰতিবাদৰ নামত জ্বলন্ত টায়াৰৰ ক’লা ৰঙা লেলিহান শিখা ৰাজপথৰ এটা সহজলভ্য দৃশ্য ৷ বৰ্তমানৰ আন্দোলনকাৰী অথবা প্ৰতিবাদকাৰীৰ আন্দোলন আৰু প্ৰতিবাদৰ বিকল্প ভাষা হৈ পৰিছে ৰাস্তাত হিচাপবিহীন ভাবে জ্বলাবলৈ লোৱা টায়াৰসমূহ৷ ৰাজপথত এইদৰে জ্বলাই দিয়া টায়াৰে কি অদ্ভুত পৰিস্থিতিৰ সৃষ্টি কৰে, তাক নেদেখিলে কল্পনা কৰিব নোৱাৰি৷ গভীৰ ক’লা ধোৱা, ছাঁই আৰু টায়াৰৰ অৱশিষ্টবোৰে চাৰিওদিশে ছানি ধৰে৷ যেতিয়া ইয়াৰ ওপৰেৰে দুচকীয়া বা চাৰিচকীয়া বাহন পাৰ হৈ যায়, ক’লা ক’লা ছাঁইবোৰ উৰি পকী পথবোৰ ক’লা কৰি তোলে। এই টায়াৰ জ্বলোৱা কাৰ্যটো জন স্বাস্থ্যৰ প্ৰতি কিমান ভয়ংকৰ তাক জনাৰ পাছত হয়তো টায়াৰ চুবলৈও কোনেও সাহস নকৰিলেহেঁতেন৷ টায়াৰত থকা মূল উপাদানসমূহ হৈছে বেনজিন, ষ্টেৰিন, বুটাডিন যিবোৰে মানৱ দেহত কৰ্কট ৰোগৰ দৰে ৰোগ সৃষ্টি কৰিব পাৰে৷ টায়াৰ জ্বলালে কাৰ্বন মন অক্সাইড, নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইড, গধুৰ ধাতু যেনে কেডমিয়াম, নিকেল, জিংক আদি মুক্ত হৈ মাটি, পানী আৰু বায়ু প্ৰদূষিত কৰে৷ জ্বলোৱা টায়াৰৰ পৰা সৃষ্টি হোৱা ক’লা ধোঁৱাই ছাল, চকু, হাওঁফাওঁৰ ৰোগ, শ্বাসজনিত ৰোগৰ দৰে কঠিন ৰোগ অথবা হতাশা, উত্তেজনাৰ দৰে কঠিন সমস্যাৰ সৃষ্টি কৰে৷ তদুপৰি শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি, বয়সিয়াল লোক, ৰুগ্ন লোকৰ ওপৰত ইয়াৰ প্ৰভাৱ অতি মাৰাত্মক৷ এটা টায়াৰ কমেও ৫০ মিনিটমান জ্বলে আৰু ইয়াৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থসমূহৰ প্ৰশমন হ’বলৈ কেইবাদিনো লাগে৷ জ্বলোৱা টায়াৰৰ ভাসমান অনিষ্টকাৰী পদাৰ্থসমূহ বায়ুৰ মাধ্যমেৰে বহু দূৰলৈ বিয়পি পৰে৷ ইয়াৰ ফলত মানৱ জাতিৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব নতুন প্ৰজন্ম৷ যি সময়ত অইন দেশত প্লাষ্টিক, টায়াৰ আদি জ্বলোৱা নিষিদ্ধ কৰিছে, তেনে সময়তে অসমৰ দৰে এখন অনগ্ৰসৰ ৰাজ্যত অজ্ঞতা আৰু অসচেতনতাৰ বাবে উঠি অহা প্ৰজন্মক জীৱন্তে মৰণ ফাণ্ডত পেলোৱাৰ অধিকাৰ আমি ক’ত পালোঁ? গতিকে আন্দোলন বা প্ৰতিবাদৰ নামত যিকোনো দল অথবা সংগঠনে পৰিৱেশ বিধ্বস্ত কৰা মানৱতাবিৰোধী টায়াৰ জ্বলোৱা কাৰ্যৰ পৰা আঁতৰি আহিব লাগে৷ জাতি এটাৰ সুৰক্ষাৰ বাবে এই আত্মঘাতী কাৰ্যৰ পৰা বিৰত থাকিবলৈ আমি সংকল্প লওঁ আহক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!