আন এক আন্তৰিক বাৰ্তা (অগ্নিভ দত্ত )

             দক্ষিণ আফ্ৰিকালৈ আহিয়েই প্ৰথমেই এটা কাম কৰি লৈছিলো ।আহিয়েই বিচাৰ খোচাৰ কৰি আমি অসমত খোৱাৰ নিচিনা চাউল ডাইল ৰৌ মাছ পুঠি মাছ আদি পোৱা ঠাই কেইখনমান বিচাৰি উলিয়াইছিলো ।ঠিক লগতে আমাৰ তাত পোৱাৰদৰেই কচু,লাই শাক জাতি লাউ আদিকে ধৰি বিভিন্ন ধৰণৰ শাক পাচলিও পোৱা ঠাইও বিচাৰি উলিয়াইছিলো । তেনেকুৱা এখন ঠাইৰ নাম ৰশ্নি । গতিকে কাচ কল,লাই শাক,কচু,মাছ, ফ্ৰেছ ছাগলী মঙহ আদি আনিবলৈ সপ্তাহে পষেকে ঘৰৰপৰা 40 কি:মি মান দুৰৰ সৰু টাউন ৰশ্নিলৈ যোৱা হয় । এইবাৰ দূৰ্গা পুজাৰ আগদিনাও গৈছিলো তালৈ বজাৰ কৰিবলৈ । তালৈ গলে অৱশ্যে তাতে ডাঢ়ি চুলিকেইদালো চিকুনাই আহো আজিকালি । ডাঢ়ি চুলিকেইদাল ঘৰৰ ওচৰতো কটোৱাব পাৰো কিন্ত্ত তাত কটোৱাৰ এটা কথা বিশেষ কথা আছে ।ৰশ্নিৰ বজাৰখনত শাক পাচলি আদিৰ দোকানকে ধৰি অসংখ্য দোকান পোহাৰ আছে । যোৱা বছৰ তাত বজাৰ কৰিব যাওতে তাৰে চেলুন এখনত সোমাওতে হঠাত লগ পালো লৰা এটা । নাম নেচিম আহমেদ ।কথা পাতি গম পালো যে তেও কেৱল ভাৰতীয়ই নহয় একেবাৰে মোৰ ঘৰৰ মানুহ । ঘৰ নলবাৰীৰ মুকালমোৱাত ।মুকালমোৱাতে নিজা কাম কাজ আছিল । এদিন কাৰোবাৰ পৰা খবৰ পালে দক্ষিণ আফ্ৰিকালৈ গলে তাত কম দিনতে ভাল পইচা ঘটিব পাৰিব । সেইমতেই ইটো সিটোক কৈ মেলি কোনোবা মানুহৰ সহায়ত এদিন নিজা কামবন এৰি জীৱিকাৰ তাড়নাত অসমৰ পৰা আহি দক্ষিণ আফ্ৰিকা পালেহি । প্ৰথম দিনা নেচিমক লগ পাঁওতে এই অচিন ঠাইত মোক অসমৰ বুলি গম পাই সি যেনেকুৱা আবেগিক হৈ পৰিছিল সেইয়া ভাষাৰে বুজোৱা মোৰ পক্ষে সম্ভৱ নহয় । সেইদিনাৰ পৰাই মই তাৰ ককায়েক । মোক লগ পোৱাৰ আগলৈকে সি কোনো অসমীয়া মানুহকে লগ পোৱা নাছিল এই অচিন ঠাই খনত । মোক লগ পোৱাৰ পাছত মোক যেতিয়াই লগ পাই তাৰ এটাই কথা আপুনি ইয়াত আছে বুলিয়েই এটা বেলেগ সাহস পাঁও ।মোৰো তাক লগ পালে ভাল লাগে বজাৰ সমাৰ কৰাৰ পাছত দুই এটা অসমীয়াত কথা পাতিব পাৰিলে । পূজাৰ আগদিনাও ৰশ্নিলৈ গৈ বজাৰ সমাৰ কৰি তাৰ তাত সোমালোগৈ ।মই সোমোৱাৰ লগে লগে তাৰ লগৰ কেইটাইও তোৰ অসমীয়া ভাই আহি গল বুলি তাক জনাই দিয়ে । যিমানেই ভিৰ নাথাকক লাগিলে বেলেগ গ্ৰাহকক লগৰ কোনোবা এটাক চুলি কটাবলৈ লগাই নেচিমেই মোৰ চুলি কাটে সদায় । সেইদিনা চুলি কাটি থাকোতে দূৰ্গা পূজাৰ কথা ওলালে । দূৰ্গা পূজাত নিজৰ ঘৰখনৰ পৰা দুৰত থাকি সঁচাই মনতো বৰ কিবা লাগি থাকে । সি মুকালমোৱা,বৰক্ষেত্ৰীৰ পূজা আৰু তাত কৰৃ তাৰ ফূৰ্তিবোৰ কৈ গৈছে ।নলবাৰী আদিতহেনো পূজাৰ সময়ত খুব থিয়েতাৰ চলে ।সেইবোৰ কথা কৈছে । ৰাজশ্ৰী থিয়েতাৰখন হেনো সেই ঠাইৰে । থিয়েতাৰৰ মালিক জনৈক ডেকা (নামটো পাহৰিছো) আদিৰ অজস্ৰ কথা কৈ গৈছে । তাৰ হেনো বাৰে বাৰে অসমলৈ মনত পৰিছে দূৰ্গা পূজা বুলি ।কিমান ফূৰ্তি কিমান মিলাপ্ৰিতী সকলোৰে দূৰ্গা পূজা, ইদ আদিকে ধৰি সকলো উত্সৱ পাৰ্বনতে । তাৰ লগত কথা পাতি পাতি মোৰো মৰমৰ ডিব্ৰুগড়খনলৈ উৰি গৈছে মনতো বাৰে বাৰে ।কিযে সুন্দৰ সময় এই উত্সৱ পাৰ্বণবোৰত নিজৰ নিজৰ ঠাই বোৰত ।কিমান যে ফূৰ্তি হয় । সি মাজে মাজে কৈছে পৃথিৱীত মুকালমোৱাৰ নিচিনা বঢ়িয়া ঠাই আৰু কতো নাইহেনো ।আকৌ এদিন সি হেনো তালৈকে ঘুৰি যাব পাৰিলে ।এইদৰে কথা পাতি থাকোতে তাৰ লগৰে তাত কাম কৰা এজন আহি আমাৰ কথাত যোগ দিলেহি ।সিও মোক ভাইচাহাব বুলিয়েই সম্বোধন কৰে । তাৰ ঘৰ আকৌ বিহাৰৰ চিমনা বুলি ঠাই এটুকুৰাত । বিহাৰৰ বুলি শুনি তাক এনেয়ে কুটুৰিয়াই চাবলৈ কলো-হেৰা তোমালোকৰ তাত এনেকুৱা হিন্দু মুছলীমৰ মিলাপ্ৰীতি আছে জানো আমাৰ অসমৰ দৰে ? আমাৰ তাৰ কথা শুনিছা কিমান মিলাপ্ৰীতি ।মোৰ কথা শুনি সি জকজকাই উঠিল ।কোনে কৈছে আমাৰ তাত এনেকুৱা মিলাপ্ৰীতি নাই বুলি । আমাৰ তাত হলিৰ দিনা আমি মুছলমান হলেও লগৰ হিন্দু লৰাৰ লগত হলি খেলি ভোজে ভাতে খাইহে ঘৰ সোমাও আৰু ঠিক তেনেদৰে আমাৰ ইদতো লগৰ লৰা আহি খাইবৈ ফূৰ্তি কৰিলেহে ইদ হোৱা যেন লাগে । অৱশ্যে দুই এটা জেং লগোৱা মানুহ নথকা নহয় ।দাদা,এই তেনেকুৱা দুই এটা বেয়া মানুহ কত নেথাকে কঁওকচোন ? তাৰ সেইষাৰ কথাত লগে লগে মনলৈ আহিল হয়তো বেয়া মানুহ নো কত নাথাকে ? সেই বেয়া মানুহৰ ভয়তনো আমি জীৱনৰ ৰঙবোৰ বাদ দিম নে ? বেয়া মানুহবোৰৰ ভয়ত বেয়া মানুহৰ নিচিনাকৈ আমিও সিহঁতৰ নিচিনা হম নে ? নাই সেইয়া কৰিলে দেখোন আমাৰ জীৱনৰ পৰা জীৱন সুন্দৰ ৰঙবোৰ হেৰাই যাব । এইবোৰ ভাবি থাকোতেই চুলি কটা শেষ হ’ল ।চুলি কটাই তাঁহাতৰ তাৰ পৰা ওলাই আহোতে মনতো ফৰকাল লাগি গ’ল । হয়তো,ভাল মানুহেৰেইটো আমাৰ জীৱনবোৰ আৰু এইবোৰ মানুহৰেইটো আমাৰ সমাজখন আৰু এই ভাল মানুহবোৰ আচলতে সকলোতে আছে ।আচলতে ভাল মানুহবোৰেই আছে আৰু এই মানুহবোৰৰ কোনো জাত পাত,জাতি ধৰ্ম লৈ কথা নাই ।আৰু সেইযে দুই এটা বেয়া মানুহৰ কথা কলে সেইয়াও তাকৰীয়াকৈ হলেও সকলোতে থাকেই ।কেৱল সেইসকলৰ উদেশ্য পূৰণ কৰিব নিদিলেই আমাৰ সমাজবোৰ সদায় ধুনীয়াই হৈ থাকিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!