আপোনপাহৰা ( জ্যোতিষ কুমাৰ দেৱ)

আপোনপাহৰা

গভীৰ অৰণ্যত কিয় ফুল ফুলে
কালৈ নো সি ধিয়ায়
নিজৰ আনন্দত মতলীয়া হৈ
অইনক সর্বস্ব বিলায়
কাৰোবাৰ মনোহৰণ নকৰিলেও
কোনোবাই গ্রহণ নকৰিলেও
জানো তাৰ ফুলা অথলে যায়৷
বনৰ পখীটি নিজান হাবিত
নাচি ওলগ জনায়
প্রকৃতিৰ শোভাত মুগ্ধ হৈ
অপোন পাহৰি গীত গায়
সেই গীতৰ বাৰু কোন শ্রোতা
গীতৰ প্রয়াস যদি হয় বিফলতা
মনক সেয়া জানো খুলি খায়৷
নৈয়ে যেতিয়া ঢাপলি মেলে
অজানা অসীম দিশলৈ
যাত্রাৰ ওৰ নো কোন সাগৰত
খন্তেক জানো ভাবে ৰৈ
দেশ জনপদ কত পাৰ হৈ যায়
পানী পলসেৰে জীৱন সিঁচি যায়
পুলক মনত জানো কম পায়৷
কণ কণ কৈ পৰাগ বুটলি
মৌকোঁহ ভৰে মৌমাখি
নিঃস্বার্থভাবে কাম কৰি যায়
নিঃসন্তান শ্রমিক তথাপি
বংশগতিক আগুৱাই নিয়ে
অইনসকলেও সেই মৌ পিয়ে
মৌমাখিৰ তাতে কিনো যায়
সৃষ্টিসুখৰ উলাহ যে কিমান
স্রষ্টায় মাথোঁ জানে
হিয়া-মনৰ তিৰিপতি হয়
দেখে নেদেখে আনে
স্রষ্টায়ো স্রজন উপভোগ কৰি
আনন্দ লাভ কৰে হিয়া ভৰি
ইজনে সিজনক ৰহন চৰায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!