আপোনালোক কোনে কোনে নিজৰ ল‍‌’ৰা ছোৱালীক অসমীয়া বিদ্যালয়ত পঢ়ুৱাব ? (পংকজ বৰা)

(আজি কিছুদিন ধৰি ইন্টাৰনেট, ফে’চবুক আদি কেতবোৰ নতুন শব্দই তুলনামূলক ভাৱে প্ৰযুক্তিগত দিশত পিছপৰা বুলি গণ্য কৰি অহা অসমৰ গা ঁৱে ভূঞে তোলপাৰ লগাইছে ৷ সৰ্বসাধাৰণৰ মনত কিন্তু তথ্য প্ৰযুক্তিৰ সহায়ত সৃষ্ট এই আহিলাসমূহৰ প্ৰতি বিয়োগাত্মক ছবি কিছুমানহে সোমাই পৰা যেন অনুভৱ হয় ৷ আজি সেয়েহে এই ইন্টাৰনেট বা ফে’চবুকৰ মজিয়াত কিদৰে কিছুমান নতুন প্ৰজন্মই গঠনমূলক চিন্তা চৰ্চাও কৰি আছে তাৰ সামান্য আভাস দিয়াৰ চেষ্টা কৰা হৈছে ৷ )

অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন দেশত কৰ্মসূত্ৰে গৈ থাকিব লগা হোৱা অসম আৰু অসমীয়াক ভাল পোৱা এচাম নতুন প্ৰজন্মৰ এখন প্লে’টফ’ৰ্ম ফ’েচবুকৰ অসমীয়াত কথা বতৰা গোট ৷  এই “Facebook”  গোটতেই অসমতে থকা, অসমৰ বাহিৰত বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত বৃত্তিগত কাৰণত বা অধ্যয়নৰ বাবে  কেইজনমান প্ৰৱাসী  অসমীয়া যুৱক যুৱতীৰ উদ্যোগত ২০১০ চনৰ শেষৰ ফালে ইণ্টাৰনেটৰ যোগেদি অসমীয়া “UNICODE (ইউনিক’ড)” লিপিত লিখিব বা পঢ়িবলৈ গঢ় লৈ উঠিছিল এক ব্যতিক্ৰমী আন্দোলনৰ। সেই আন্দোলনৰ নাম দিয়া হৈছিল “অসমীয়াত কথা বতৰা” আৰু গঠন হৈছিল এটা গোটৰ । গোটটো গঠন হোৱাৰ দিন ধৰি বহুতৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় এই দলটোৱে,  এই লেখা প্ৰস্তুত কৰাৰ সময়ত দলটোত অন্তৰ্ভুক্ত হোৱা দুই সহস্ৰাধিক সদস্য। আৰম্ভ হোৱা দিনৰ পৰাই এই গোটত সদস্যসকলে সুৰুচিপূৰ্ণ, গঠনমূলক আলোচনাৰে অসমীয়া ভাষাৰ প্ৰতি নিজৰ দায়বদ্ধতা অক্ষুন্ন ৰখাৰ প্ৰয়াস কৰি গৈছে। এই গোটটো পৰিভ্ৰমন কৰিলে বিভিন্ন ৰসৰ সাহিত্যৰ সোৱাদ পোৱা যায়। কেতিয়াবা যদি কোনোবাই গল্প লিখিছে, কোনোবাই কবিতা লিখিছে। কেতিয়াবা যদি অসমৰ ইতিহাসৰ বিষয়ে গভীৰ আলোচনা হয় তেন্তে কেতিয়াবা অসমৰ প্ৰধান সমস্যাৰ বিষয়ে তত্বগধুৰ ভাৱৰ আদান-প্ৰদান হয়। ভৌগোলিক ব্যৱধানে বান্ধি ৰাখিব নোৱাৰা এখেতসকলৰ প্ৰচেষ্টাতেই কিছুদিনৰ আগেয়ে আৰম্ভ কৰা হৈছে ১০০ শতাংশ অসমীয়া ইউনিক’দেৰে তৈয়াৰ কৰা সাহিত্য ডট্ অৰ্গ (http://www.xahitya.org/) নামৰ ব্যতিক্ৰমী  বিনামূলীয়া ৱেবচাইট এটা৷ 

অলপতে স্বপ্নজ্যোতি শৰ্মা নামৰ এজনে  গোটতোত এটা আকৰ্ষণীয় প্ৰশ্ন উত্থাপন কৰিলে –“আপোনালোক কোনে কোনে নিজৰ ল‍‌’ৰা ছোৱালীক অসমীয়া বিদ্যালয়ত পঢ়ুৱাব ?” উপৰুৱা দৃষ্টিৰে এটা অতি সাধাৰণ আৰু হা ঁহি উঠা যেন লগা এটা প্ৰসংগ ৷ কিন্তু সদস্য সকলৰ  উত্তৰ সমূহ আকৰ্ষণীয় আছিল ৷ তাৰেই সম্পাদিত কিয়দাংশ আৰু সৰ্বশেষত লোৱা কেটামান ৰাজহুৱা সিদ্ধান্তক সম্পাদক মহোদয়ৰ যোগেদি অসমৰ মাননী শিক্ষামন্ত্ৰী ডাঙৰীয়া, মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়ববীয়া আৰু অসমৰ সচেতন মহলক অৱগত কৰাব বিচাৰিছো ৷   প্ৰথমেই বহুকেইজনে মত পোষণ কৰিছিল যে মাধ্যমক লৈ বিতৰ্ক বহুত হ’ল অসমত ৷  হাতে কামে কি কৰিব পা ঁৰো তাকে আলোচনা কৰা উছিত ৷ অনাহুক আৰু এটা বিতৰ্ক আৰম্ভ কৰি লাভ নাই ? কিন্তু গৰিষ্ঠ সংখ্যক সদস্যই মত পোষণ কৰিলে যে নিশ্চয় আলোচনা হব লাগে কাৰণ এইটো এটা সময়োচিত বিষয় । এনে বহুতো ওলাব যিয়ে অসমীয়া ভাষাটোৰ অস্তিত্ত্ব ৰক্ষা প্রসাৰ তথা প্রচাৰ হকে কাম কৰি আছে, অথচ সন্তানক পঢ়ুৱাব ইংৰাজী মাধ্যমত । ইয়াৰ নিশ্চয় কাৰণ আছে আৰু সেই কাৰণবোৰ আলোচিত হোৱা উচিত ।

কিছু সংখ্যক সদস্যৰ মতামতৰ কিয়দাংশ ইয়াত তুলি দিয়া হ’ল –

-হিমজ্যোতি তালুকদাৰ  (নতুন দিল্লী): অসমীয়া অথবা ইংৰাজী মাধ্যম বুলি কোনো কথা নাই আচলতে। ইংৰাজী মাধ্যমত পঢ়িলেও অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহী কৰি তোলাতোহে ডাঙৰ কথা। প্ৰশ্নটো হ’ব লাগিছিল ” কোনে কোনে নিজৰ ল‍‌’ৰা ছোৱালীক অসমীয়া শিকাব?” এই শাক্য নামৰ যে আমাৰ গোটত অসমীয়াত লিখি আছে, ল’ৰাটো সৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়ি অহা। কিন্তু সি ইয়াত লিখা মেলা কৰা বোৰ দেখি লাগেনে যে সি সঁচাকৈয়ে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা ল’ৰা? তেখেতৰ লেখাটোত কেইটা বানান ভুল লক্ষ্য কৰিলে বাৰু? মুঠৰ ওপৰত মাধ্যম অন্তৰায় কেতিয়াও নহয়। লাগিব আগ্ৰহ।

ভগতলাল দত্ত (হায়দৰাবাদ): মই নপঢ়ুৱাওঁ। অসমীয়া ভাষাত কথাপতা নাইবা অসমীয়া ভাষা চৰ্চা কৰাৰ লগত অসমীয়া মাধ্যমত পঢ়া বা নপঢ়াৰ কিবা সম্পৰ্ক আছে বুলি নাভাবো। লৰা-ছোৱালীক “মাতৃভাষা”বুলি আকৌ ভাষা এটা শিকাব লাগে নেকি ? ঘৰত যি ভাষা সাধাৰণতে চলে সেইটোৱেই যথেষ্ট নহয় নে ?  কিমান অসমীয়া (কিবা স্কেল এডাল থাকিলে ভাল আছিল) জানিলে লৰা-বা-ছোৱালী এজনক অসমীয়াৰ জাত যোৱাৰ পৰা ৰক্ষা কৰিব  পাৰি?  শিক্ষাক্ষেত্ৰখন মূলতঃ নিবনুৱা সংস্থাপনৰ এটা উদ্যোগ বুলি বিবেচিত হৈ থকালৈকে অমুকাৰ প্ৰণালীটোৰ ওপৰত ভৰসা নাই। আমাৰ প্ৰাথমিক শিক্ষা বিভাগটোলৈ চালে মাজে মাজে এনেকুৱা কিয় লাগে যে আনকোনা বৃত্তিৰ অযোগ্য কিছুমানৰ (সকলো বুলি কোৱা নাই ) হাতত কণমাণিহঁতৰ জীৱনৰ আধাৰশিলা স্থাপনৰ দায়িত্ব সমৰ্পণ কৰা হৈছে।

অৰুণজ্যোতি দাস (মিজোৰাম) : এটা মহা সমস্যা !চাকৰি এৰি ল’ছালিক পঢ়ুৱাবলৈ অসমলৈ নিগাজীকৈ যোৱাটোও পয়মাল । অসমীয়া ভাষাটোক গুৰিৰেপৰা ঠিক কৰি অনাত আমি গুৰুত্ব নিদিওঁ কিয়?অসমীয়া মাধ্যমৰ বিদ্যালয়ত কি কি অসুবিধা আৰু ব্যাধি আছে ,আমি আলোচনা নকৰোঁ কিয়? সেই কেৰোণবোৰ আঁতাৰাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত এনে এক পৰি‌ৱেশ গঢ়ি তুলিব নো‌ৱাৰ‌ৱনে,যিবোৰৰ বাবে আমি ইংৰাজী মাধ্যমলৈ ধপলিয়াও । কিয় ?কিয়? অসমীয়া মাধ্মত পঢ়া ল’ৰা-ছো‌ৱালীয়ে এনে বহু শিক্ষা লাভ কৰে,যি হয়তো পাঠ্যপুথিৰ পৰিসৰৰ বাহিৰত,কিন্তু যিবোৰৰ প্ৰয়‌োজন আছে আৰু যিবোৰ ইংৰাজী মাধ্যমত পঢ়াসকলৰ বাবে বিচাৰ্য্য বিষয়েই নহয় ! অসমীয়া মাধ্যমত পঢ়োৱালে হোৱা একমাত্র ক্ষতিটো হল ইংৰাজী কোৱাত অসুবিধা পোৱা । তাৰ বাবে নিজাববীয়া প্রচেষ্টা ল’ম মই ।

মিতালী বর্মন(অধ্যপিকা, দিল্লী বিশ্ববিদ্যালয়): মই দিল্লীৰ হোষ্টেলত এজনী ছোৱালী লগ পাইছিলোঁ । মোৰ ভনীৰ দৰেই তাই । তায়ো ইংৰাজী মাধ্যমতে পঢ়ি ডাঙৰ হোৱা । দিল্লীলৈ অহাৰ পাচত তাই মাহত এখনকৈ হ’লেও মাকলৈ চিঠি লিখিছিল, তাকো মাকৰ নির্দেশ মতে বিশুদ্ধ অসমীয়াত । মাকে তাইক ভুল বানান/শব্দবোৰ তেওঁ পঠিওৱা পাচৰ চিঠিখনত শুধৰাই লিখি দি পঠিয়াইছিল । এদিন তাই এটাও ভুল নোহোৱাকৈ মাকলৈ চিঠি লিখিব পৰা হ’ল । পাচৰবাৰ মাকৰ চিঠি আহোতে তেওঁ চিঠিৰ লগত তাইলৈ পুৰষ্কাৰ হিচাপে টকা বিশটা পঠিয়াইছিল, তাইৰ প্রিয় ক্যাডবেৰী ডেইৰী মিল্ক এটা কিনি খাবলৈ । উৎসাহত ছোৱালীজনীৰ চকুহাল চলচলীয়া হৈ পৰিছিল । ওচৰত পোৱা হ’লে তেওঁ নিজেই হয়তো জীয়েকক পুৰষ্কাৰটো দিলেহেঁতেন !! গোটেই কাণ্ডটোৰ সাক্ষী আছিলোঁ মই । খুব ভাল লাগিছিল ।

অভিজ্ঞান ফুলকোঁৱৰ (শিৱসাগৰ) : আমি যতেই নপঢ়াও কিয়,আমাৰ লক্ষ্য় এটাই হ’ব লাগিব যে আমি প্ৰথমে অসমীয়া শিকাম, তাৰ পিছত হিন্দী,ইংৰাজী, আমাৰ দুৰ্বলতা বোৰ আমি আমাৰ পিছৰ চামলৈও কঢ়িয়াই নিয়া জাতীয়চেতনাবোধ নহয়| বৰঞ্চ কেনেকৈ আমাৰ ভাষাটোক বুধিৰে লগত ৰাখি বাকীবোৰ ভাষাও শিকিব পাৰি তাকহে চিন্তা কৰা উচিত|

সৌমাৰজ্যোতি বৰুৱা (যোৰহাট) : এনে বহু অভিভাৱক লগ পাইছোঁ যি নিজ সন্তানক নামজ্বলা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ায়, আৰু অতি নিৰ্লজ্জভাৱে পৰম সন্তোষেৰে ঘোষণা কৰে যে তেখেতৰ সন্তানে অসমীয়া লিখিবই নাজানে !! মই লগ পোৱা তেনে এজন মেধাৱী (?) ছাত্ৰই ৮০% তকৈও অধিক নম্বৰসহ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিল। এদিন সেই ছাত্ৰজনৰ সহিতে আমি কেইজনমানে সঙ্গীত সম্পৰ্কে আলোচনা কৰি আছিলোঁ। ছাত্ৰজনে অতি আগ্ৰহেৰে প্ৰকাশ কৰিছিল তেওঁ জাষ্টিন বীবাৰৰ কোনটি গীত বেছি ভাল পায়, একনৰ কোন গীত আটাইতকৈ জনপ্ৰিয় ইত্যাদি। মই সুধিলো, “তুমি বৰগীত শুনিছানে?” আশা কৰা মতেই তেওঁ অজ্ঞতা প্ৰকাশ কৰিলে। মই তেতিয়া এটি বৰগীত বজাই শুনাব খুজিলোঁ, বৰগীতটি আৰম্ভ ভালকৈ হ’বলেই নাপালে, ছাত্ৰজনে ঘোষণা কৰিলে এইবোৰ ব’ৰ (Bore) গীত !!! অসমীয়াই যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত নপঢ়ে তেন্তে কোনেনো পঢ়িব? এদিন বাৰু আমাৰ মাতৃভাষাৰ বিদ্যালয়সমূহ কেৱল স্মৃতিৰ পাততহে ৰ’বগৈ নেকি?? সেই যে বগা চোলা আৰু নীলা পেন্ট পিন্ধা অঘাইটং ল’ৰাকেইটা আৰু নীলা পাৰীৰ চাদৰ পৰিহিতা লাজকুৰীয়া ছোৱালীকেইজনী ! আমাৰ মাজৰ পৰা এই চিনাকি ছবিখন কেতিয়াবা চিৰদিনলৈ হেৰাই যাব নেকি??

সুব্ৰত গগৈ (বাঙ্গালুৰু): ডাঙৰটোক মই ইংৰাজী স্কুলত পঢ়োৱাম। বিদেশত চাকৰি-বাকৰি পাই যায় যদি কেতিয়াবা ফুৰিবলৈ যাব পাৰিম।মাজৰটোক মাকে য’ত ভাল দেখে তাতে পঢ়োৱাওক। সৰুটোক পঢ়া-শুনা কৰোৱাতকৈ খেলা-ধুলাতহে দিম বুলি ভাবিছো। হেন জানি তাক ঘৰৰ ওচৰতে পঢ়োৱাব লাগিব। ক-খ কেইটা চিনি পালেই হ’ল। বুঢ়া বয়সৰ লাখুটিও হ’ব।  পিছে ছোৱালী দুজনীক ইংৰাজীতে দিলে ভাল হ’ব যেন লাগে। ইংৰাজী বিদ্যালয়ৰ ছ’লিমখা অসমীয়া খিনিতকৈ স্মার্ট হয় বুলি শুনিছো। আমি বুঢ়া-বুঢ়ীয়ে সিহঁতক বিয়া দিবলৈ ভাল ল’ৰা বিছাৰি কঁকালপৰা বয়সত হাবাথুৰি খাই নুফুৰিলেও হ’ব।

ধনজিৎ কলিতা (পুনে) : মাধ্যম মানদন্ডৰ ক্ষেত্ৰত কেতিয়াও অন্তৰায় হ্’বই নোৱাৰে । কিন্তু মাতৃভাষাত শিক্ষালাভ কৰাৰ আনন্দৰ পৰা উত্তৰ পুৰুষক বঞ্চিত কৰিব নিবিচাৰিম (পাৰ্যমানে) ।

পাৰ্থ প্ৰতিম দাস (অ’হিঅ’, আমেৰিকা যুক্তৰাষ্ট্ৰ): মইতো নকৰোৱেই, উঠি অহা প্রজন্মৰ নিৰাপদ ভৱিষ্যত বিচৰা সকলো অভিভাৱককেই মাতৃভাষা মাধ্যমৰ স্কুলত নিজৰ ল’ৰা-ছোৱালীক নপঢ়োৱাবলৈ মই আবেদন জনাও . অসমীয়া স্কুলত পঢ়ি অমুকাৰ কি নাগতিখন হৈছে, বুজাই বুজিব। আমি ইংৰাজী ক’লে আমেৰিকান বাদেই, ক’লা চামৰাৰ দেশীবোৰেই  হাঁহে। দিনে-নিশাই জ্যোতি-বিষ্ণুৰ নাম লৈ থকাবোৰৰ নাতি-পুতিয়ে চোন আজিকালি অসমীয়া পঢ়িব-লিখিব নোৱাৰা হৈ গৈছে! নিখুঁত ইংৰাজী পৰিবেশনে ইয়াৰ বাট মুকলি কৰে । অসমীয়া শিকক, আপত্তি নাই, কিন্তু ইংৰাজী শিকাৰ গত্যন্তৰ নাই। জ্যোতি বসুৱে ৭০ৰ দশকত বেংগলৰ ইস্কুলত বঙালী মাধ্যম খামোচ মাৰি ধৰি থকা দূৰ্মল্য আজিৰ প্রজন্মই দিবলগীয়া হৈছে।সুখৰ কথা যে অসমত তেনে এটা পৰিস্থিতিৰ উদ্ভব হোৱা নাই।

দ্বিজেন মহন্ত (বিশ্বনাথ চাৰিআলি): প্রশ্নটো যদি এনেকুৱা হ’ল হেতেন যে “আপোনাক যদি সমান সুবিধা আৰু সমান গুণগত মানৰ দুখন বিদ্যালয়ৰ মাজৰ পৰা এখন বাছি ল’বলৈ কোৱা হ’ল,ইয়াৰে এখন অসমীয়া মাধ্যমৰ আৰু আনখন ইংৰাজী মাধ্যমৰ । আপুনি কোন খনত নিজ সন্তানক পঢ়ুৱাব ?

চুলতান মিৰ্জা গাড্ডাফী (গুৱাহাটী): ম‍ই চাই লওঁ, যদি পূৰ্বৰ অৱস্থা ঘূৰি আহে তেনেহ’লে পঢ়াম, অন্য্থা নপঢ়াওঁ| অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা তথৈবচ| সন্তানৰ ভৱিষ্যত্‍ সকলো পিতৃ-মাতৃৰে কাম্য| আজিয়েই একো ক’ব নোৱাৰিম, অলপ চালি জাৰি চাই ল’ম|

উচ্চজিৎ কলিতা (চেন্নাই): শিক্ষাৰ মান উন্নত হোৱাটোহে মূল কথা, মাধ্যম নহয় । আৰু মই অসমীয়া মাধ্যমৰ ভাল বিদ্যালয় বিচাৰিম সন্তানৰ বাবে যদিহে অসমত থাকোঁ, যদি নাথাকোঁ নিজে জনা সকলোবোৰ শিকাম সন্তানক । অসমীয়া ভাষা ভালকৈ শিকোৱা ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি তোলাও প্রয়োজনীয় ।

পংকজ বৰা (নৰৱে): অসমীয়া মাধ্যমতে পঢ়া শুনা কৰি অহা  অমুকাৰ খাৰ খোৱা জিভাখনেও সহজে ঘূৰিবলৈ টান পায় ৷ মোৰ ইংৰাজীৰ উচ্চাৰণক অসমৰ মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত কনভেন্টত পঢ়ি অহা কেইজন মানে ফিচিঙা ফিচিং কৰিছিল ৷যাৰ বাবে মই ইংৰাজী কোৱা নাছিলো লাজতে ৷ মই মাত্ৰ যোৱা ৫ বছৰ ধৰিহে অলপ ইংৰাজী কথোপকথন কৰিবলৈ লৈছো ৷ বিদেশত আজিলৈকে মোৰ উচ্চাৰণ শুনি কোনেও হ ঁহা দেখা নাই ৷ বহু ইউৰপীয়ান বন্ধুতকৈ মোৰ উচ্চাৰণ বৰ বেয়া নহয় দেখোন ! উচ্চাৰনত মাতৃভাষাৰ চাপ (MTI) বহুতেই গৌৰৱ হিচাপেহে গ্ৰহণ কৰে , মাত্ৰ বুজি আপুনি  কি কৈছে ৰাইজে বুজি পালেই হ’ল ৷
চৈতন্য কুমাৰ ভৰদ্বাজ (জাৰ্মানী): মুল প্ৰশ্নৰ উত্তৰ হিচাপে মোৰ মত- আহক বাৰিষা কাতক পাত, ৰৈ যা ভিনিহি খাই যা ভাত ! গতিকে মই এতিয়াই একো ভবা নাই, সময়ত সিদ্ধান্ত ল’ম ৷ 

ডাঃ উদ্দীপ তালুকদাৰ (বৰপেটা): ইংৰাজী কোৱাটো আৰু এটা সমস্যা। আচলতে আমাৰ ভাৰতীয় ইংৰাজী শুনি আমেৰিকান / ব্ৰিটিছবিলাকে পেংলাই কৰে (ইংৰাজী মাধ্যমত পঢ়াসকলো সাৰি নেযায়।) কিন্তু তেওঁলোক এনেকুৱা বিষয়ত ভদ্ৰ বাবে মুখত একো নকয়।  কিন্তু আমাৰ ‘দেশী’ চাহাববিলাকৰ সেইকণ ভদ্ৰতাও নাই বাবে ইতিকিং কৰিবলৈ সাহস পায়। আনকি মই জনাত আমেৰিকাৰে বিভিন্ন ৰাজ্যৰ মাজত accent লৈ ঠাট্টা বিদ্ৰুপ চলে।

প্ৰসেনজিৎ খনিকৰ (ন’ৰ্থ কেৰ’লিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ): আমেৰিকাত অঞ্চলভেদে বিভিন্ন উচ্চাৰণ আছে। আমাৰ বহুতৰে উচ্চাৰণত ৰাইজে হাঁহে । সঁচা কথা । আমাৰ ভাৰতৰ দিল্লীৰফালৰ ৰাইজৰ উচ্চাৰণ খুব ভাল । দক্ষিণ ভাৰত আৰু আমাৰ অসম তথা পশ্চিম বঙ্গৰ ৰাইজৰ বহুতৰে উচ্চাৰণত খেলি-মেলি আছে । সঠিক কথা ক’লে যে ইংৰাজী মাধ্যমত পঢ়াসকলো সাৰি নেযায়। কাৰণ বেছিভাগ ইংৰাজী মাধ্যমৰ শিক্ষকেই একেই খাটি অসমীয়া উচ্চাৰণৰ মালিক । মাধ্যমপন্থী আৰু অসমীয়া-মাধ্যমপন্থী সকলৰ মধ্যমপন্থীসকলে এটা কথা ভাবিব পাৰে । চতুৰ্থ শ্রেণী মানলৈকে সম্পূৰ্ণ মাতৃভষাতে পাঠদান কৰাই (ABCD শিকোৱাত বাধা নাই) তাৰ পিছত লাহে লাহে ইংৰাজীকৰণ কৰি দশম শ্রেণী মানলৈকে সম্পূৰ্ণ ইংৰাজী মাধ্যম কৰি তুলিব পৰা যায় । নহলে যিসকল শিশুৰ বুদ্ধিমত্তাৰ খুব এটা ভাল নহয় তেওঁলোকক ৪-৫ বছৰ বয়সতে ইংৰাজী শিকোৱাতো ভাল কথা হ’ব জানো ? মানি লৈছো ইংৰাজীটো তুলনামূলকভাৱে সহজ ভাষা কিন্তু কলেজত পঢ়া ছাত্রয়ো জানো ইংৰাজী শিকিবৰ বাবে সংগ্রাম কৰিবলগীয়া নহয় ?

আলোচনাৰ সাৰমৰ্ম:

আপাতদৃষ্টিত ভিন্নজনৰ মত ভিন্ন তথা বিতৰ্কমূলক যেন দৃশ্যমান হৈছে যদিও সূক্ষ্মদৃষ্টিত অসম আৰু অসমীয়াক ভাল পোৱা দেশ বিদেশৰ ভিন্নজনৰ   এক সামগ্ৰিক ঐক্যই আপ্লুত কৰিছে ৷  ভাষাৰ অস্তিত্ত্ব ৰক্ষা, প্রসাৰ তথা প্রচাৰৰ হকে সমূদায় ব্যক্তি সু-সচেতন, সু-চিন্তিত।  মতামতসমূহৰ পৰা এটা কথা ফুটি উঠিল যে  দায়ী মাধ্যম নহয়, দায়ী পৰিৱেশ ৷  মূল কথা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ ব্যৱস্থাপনা পদ্ধতি ৷ তাৰ লগতে যোৱ দুটা দশকত ৰাজনৈতিক হস্তক্ষেপ টকাৰ লেনদেন আৰু স্বজন তোষণৰ মাধ্যমেৰে দিয়া যোগ্যতাহীন শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াই কোঙা কৰি পেলালে অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহক ৷নিজৰ ল’ৰা-ছোৱালীক ভাল শিক্ষা দিয়াটো চবেই বিচাৰে, কিন্তু তিনিশ দিনত এশটা বন্ধ, চকুৰে আগতে তিনিবাৰ মেট্ৰিকত ফেল কৰা ল’ৰা এটা সেইখন স্কুলত শিক্ষক হোৱা, পাঠ্যপুথি আহি পায় মানে শিক্ষা-বৰ্ষই সমাপ্ত হৈ যোৱা, তিনিটা বজাত শেষ হ’ব লগা স্কুল এটা বজাতে বন্ধ হৈ থকা ইত্যাদি দেখিলে কোনে তেনে এখন স্কুলত নিজৰ ল’ৰা-ছোৱালী পঠিয়াবলৈ সাহস কৰিব। গতিকে মোৰ মতে মাধ্যমটোতকৈ মানুহে বেছি গুৰুত্ব দিয়ে স্কুলখনৰ শিক্ষাৰ ওপৰত।  অসমীয়া মাধ্যমৰ ভাল স্কুল সমূহত মানুহে ল’ৰা-ছোৱালী নপঢ়োৱাকৈ নাথাকে সেইটো ধূৰূপ। গুৱাহাটীৰ বহুত ইংৰাজী স্কুলতকৈ জাতীয় বিদ্যালয়ত ল’ৰা-ছোৱালী পঢ়োৱাৰ আগ্ৰহী মাক-বাপেকৰ সংখ্যা বেছি। কিন্তু নিম্ন মানৰ স্কুল এখনত অকল মাধ্যমটোৰ বাবেই পঢ়ুৱাব লাগিব বুলি কলে ভুল হ’ব। সকলো ইংৰাজী মাধ্যমৰ স্কুলেই মানবিশিষ্ট নহয়, সেইটোও সঁচা। কিন্তু প্ৰথম অৱস্থাৰ ইংৰাজী বিদ্যালয় কেইখনে ইমান ধুনীয়াকৈ এটা ইমেজ গঢ়ি তুলিছে যে সেইটোক পট্‌কৈ মনৰপৰা আঁতৰোৱা টান। ইংৰাজী আৰু অসমীয়া মাধ্যমৰ মাজৰ প্ৰতিযোগিতাত টিকি থাকিবলৈ হ’লে শিক্ষা আৰু পৰিবেশৰ মান উন্নত কৰিবই লাগিব। আজি আমি ভাষাৰ কাৰণে সামৰ্থ্য থকা স্বত্তেও ল’ৰাটোক যেনিবা অসমীয়া মাধ্যমত পঢ়ুৱালোৱেই–কিন্তু সি যদি ডাঙৰ হৈ কয়, ‘বেয়া স্কুলত দিয়া কাৰণেহে এনে হ’ল?’

কেইটামান পৰামৰ্শ:


১) ৰাজকোষৰ বৃহৎ অঙ্কৰ টকা খৰছ হৈ থকা চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত মেধাৰ ভিত্তিত উপযুক্ত অৰ্হতাসম্পন্ন শিক্ষকৰ নিযুক্তিৰে ইংৰাজী শিক্ষাৰ উপযুক্ত পৰিৱেশ গঢ়ি তোলক ৷ মাধ্যমিক প্ৰয্যাৰ্য়ত ব্যৱহাৰিক ভাৱে কথিত ইংৰাজীৰ পাঠ্যক্ৰম অন্তঃৰ্ভুক্ত কৰক ৷

২) অসমীয়া মাধ্যমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ সু ব্যৱস্থাপনাৰ বাবে নতুন বিজ্ঞানসন্মত ব্যৱস্থা কাৰ্য্যকৰী কৰক ৷ প্ৰয়োজন সাপেক্ষে স্থানীয় অৰাজনৈতিক অৱসৰপ্ৰাপ্ত শিক্ষক বা বিদ্বান ব্যক্তিক নিয়মিত পৰিদৰ্শনৰ দায়িত্ব দিয়ক ৷

৩) জাতীয় চেতনাবোধৰ স্বাৰ্থত প্ৰত্যেক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত মাতৃভাষাৰো পৰ্যাপ্ত শিক্ষাদান বাধ্যতামূলক কৰিব লাগে (যিটো আজিকোপতি কাৰ্যতঃ ই হোৱা নাই), আমাৰ ভাষাটো ইমান চহকী নহয় যে অৰ্ধসংখ্যক মানুহে পৰিহাৰ কৰাৰ কুপ্ৰভাৱ পৰিস্ফূত নহ’ব।

৪) অসমত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত কিছু ব্যক্তিগত শিক্ষানুষ্ঠান নিৰ্দিষ্ট নিয়ম কানুনেৰে অবিলম্বে গঢ়িব লাগে, শৈক্ষিক দিশৰ লগতে বাণিজ্যিক দিশতো এইবোৰ সফল বুলি প্ৰমাণিত উদ্যোগ। লগতে কাঠ ফুলাৰ দৰে সুনিৰ্দিষ্ট নীতি নিয়ম অবিহনে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহক নিয়ন্ত্ৰণ কৰিব লাগে৷

৫) সকলোধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ন হ’ব পৰাকৈ আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে মাধ্যমিক শিক্ষা পৰিষদ তথা আন দায়িত্বশীল সংস্থা সমূহে উপযুক্ত পাঠ্যক্ৰম যুগুতাই দিয়ক |

৬) দেশে বিদেশে বিয়পি থকা অসম আৰু অসমীয়া ভাষাক ভাল পোৱা নতুন এচাম ল’ৰা ছোৱালীৰ ভাষাটোক মৰ্যাদাসম্পন্ন ৰূপত জীয়াই ৰখাৰ বাবে আৰম্ভ হোৱা সুসংহত ‘অসমীয়াত কথা বতৰা’ৰ প্ৰচেষ্টাবোৰেই হয়তো এদিন জাতিৰ অস্তিত্বৰ পুনৰ্গঠন প্ৰক্ৰিয়ালৈ পৰ্যবসিত হ’ব৷ তেখেতসকলে ভাল কামবোৰ অব্যহত ৰাখক ৷

যোগাযোগৰ ঠিকনা :

আমাৰ ই-পত্র ঠিকনা:
asomiya.kb@gmail.com

আমাৰ ফে’চবুক গোটৰ ঠিকনা:
http://www.facebook.com/groups/axomiyakothabotora

আমাৰ ৱেবচাইট  ঠিকনা:

**********************************************************************************************************
লিখকৰ/সংকলকৰ ঠিকনা :

Pankaj Borah
Research Fellow
Norwegian University of Science & Technology (NTNU),
Realfagbygget,  Room no.: DU1-172
N-7491, Trondheim,Norway
Mobile: (+47) 45063435
Fax: (+47) 73 59 61 00
E.mail: [email protected]

3 thoughts on “আপোনালোক কোনে কোনে নিজৰ ল‍‌’ৰা ছোৱালীক অসমীয়া বিদ্যালয়ত পঢ়ুৱাব ? (পংকজ বৰা)

  • August 23, 2011 at 4:23 pm
    Permalink

    “আমাৰ অসম “কাকততো লেখাটো পঢ়িছিলো।ভাল লাগিল।ধন্যবাদ।চাৰিআলিৰ ঠাইত ছাৰিআলি হৈ আছে।পাৰিলে শুদ্ধ কৰি দিব।

    Reply
  • October 28, 2011 at 2:31 pm
    Permalink

    কম্পিউটাৰ আৰু অসমীয়া ( যিকোনো ভাৰতীয়) ভাষা মাধ্যমৰ এক সংযোগ আছে। নব্বইৰ দশকত বিশ্বায়নৰ লগত নতুনকৈ বিশ্বায়নৰ এক সাংস্কৃতিক প্রভাৱও পৰিবলৈ লৈছিল। কেৱল টিভি, কম্পিউটাৰ ইত্যাদিও তেতিয়াৰে বস্তু। মানুহে এই প্রযুক্তিবোৰ চাই আচৰিত হৈ ভাৱিবলৈ লৈছিল, এতিয়া আৰু ইংৰাজী অবিহনে উপায় নাই। আমি বিজ্ঞান, প্রযুক্তি, আধুনিকতা আৰু প্রতিযোগিতাৰ পৰা পিছ পৰি যাম, যদি মাধ্যম সলনি নকৰোঁ। কেৱল টিভিয়ে ইতিমধ্যে, সেই ধাৰনা ভুল প্রমাণ কৰিছে। আমি ইন্টাৰনেটতো সেই ধাৰণা ভুল বুলি প্রমাণ কৰিবলৈ লৈছোঁহে। আৰু ভাষাৰ কথা আহিলে সাহিত্যজে কিয় আহে? বিজ্ঞান, সমাজ বিজ্ঞান, দর্শন, ইতিহাস সেইবোৰ কি আমি ইংৰাজীৰ বাবে এৰি দিম নেকি? চলাই যাও, কেই বছৰ যাবলৈ দিও। মোৰ বিশ্বাস অহাদিনবোৰত মাধ্যম আকৌ মাতৃভাষালৈ ঘুৰি আহিব। প্রযুক্তিয়ে হে বাধ্য কৰিব। মোৰ সন্তান ইংৰাজী মাধ্যমত পঢ়ে। কিন্তু তাৰবাবে মই অকনমানো খুশী নহও। সামাজকি চাপত বহু কাম বাধ্য হৈ কৰিব লগা হয়, কৰি আছোঁ।

    Reply
  • February 26, 2017 at 6:00 am
    Permalink

    লেখাতো পঢি ভাল পালো
    আগলেও এনেকুবা লেখা পাই গলে ভাল পাওঁ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!