আফটাৰ অল, মই এটা ধদুৱা ল’ৰাহে – নাজিৰ হাজৰিকা

: বাবা উঠ আকৌ, চাৰে নটা বাজিল দেখোঁন৷

এতিয়ালৈকে মায়ে আহি চাৰিবাৰমান জগালে৷ এটা চকু মেলি ঘড়ীটোলৈ চাই দেখিলোঁ ৯-৩৭ হ’ল৷ উঠি দাঁতব্ৰাছ কৰি, মুখ ধুই চাহ একাপ খাই ললোঁ৷
এমাহমান নুধুৱা জিনছ পেণ্টটো পিন্ধি ললোঁ৷ গা-নুধুৱাও আজি চাৰিদিন মান হ’ল৷ এসপ্তাহ ধৰি পিন্ধি থকা স্পৰ্টিংটো গাত সুমুৱাই বাইকখন লৈ ঘৰৰ পৰা ওলাই আহিলোঁ৷

মদনৰ দোকানত বাইকখন ৰখাই সোমাই গলোঁ৷

: দে মদন, পেকেট এটা দে৷ – ১৫ টকা এটা উলিয়াই মদনক দি কলো৷

মদনে কমলা পচন্দৰ পেকেট এটা ছিঙি দিলে৷
জৰ্দাখিনি মিলাই গোটেইপেকেট মুখত ভৰাই ললোঁ৷
দোকানৰ পিছফালে গৈ দেখিলোঁ তপনহঁতে কেৰম ব’ৰ্ডখন পাতিছে৷

: বচ, আহিলে? আহক আহক৷ আপোনাৰ কাৰণেই ৰৈ আছিলোঁ৷ – মৃণালে মোক দেখি কলে৷

: পাত পাত, গুটি পাত৷ দুই গেম খেলি যাওঁ৷ – মই কলোঁ

: চিগাৰেট আছে নেকি? জ্বলাচোন এটা৷

: ৰহ জ্বলাইছোঁ৷

চিগাৰেট খাই খাই কেৰম খেলি আছোঁ৷

: ঐ, সেইফালে চা – বিপুলে ৰাস্তাৰ ফালে দেখুৱাই ইংগিত দিলে৷

ক্ৰীম ৰঙৰ চুৰিদাৰ পিন্ধি ছোৱালী এজনী ৰাস্তাইদি গৈ আছে৷ ঘন দীঘল চুলি, জোঙা নাকৰ ছোৱালীজনীক বৰ ধুনীয়া লাগিছে৷ ফাগুনৰ বতাহ জাকে বৰ আমনি কৰিছে তাইক আৰু তাইৰ চুলিকোচাক৷

: হু…..ই…ই…….ত৷

ৰাজেদীপে সুহুৰি এটা বজাই দিলে তাইক দেখি৷
তাই তলমূৰ কৰি গৈ থাকিল৷

: ৰহ, মই অলপ লাইন দি আহোঁগৈ৷

বাইকখন লৈ ওলালোঁ৷ মুখত জমা হোৱা পিকখিনি ৰাস্তাত পেলাই দিলোঁ৷ গোটেই ৰাস্তাটো ৰঙা হৈ গ’ল৷
লাহে লাহে বাইকখন চলাই তাইৰ ওচৰ পালোঁগৈ৷

:ভণ্টি ধুনীয়া হৈছা দেই৷ – ওচৰ পাই লাহেকৈ কলোঁ৷
তাই তলমূৰ কৰি গৈ থাকিল৷
আকৌ ঘূৰাই আনিলোঁ বাইকখন৷ তাইক ইমপ্ৰেছ কৰিবলৈ ‘ৱাই’ কাট এটা মাৰি দেখোৱালোঁ বাইকত৷
নাই! ঘূৰিয়ে নাচালে৷
অলপ পিছত তাই গৈ এ.টি.এম এটাত সোমাল৷
ময়ো তাইৰ পিছে পিছে এ.টি.এম টোত সোমাই গলোঁ৷
তাইৰ পিছতে ঠিয় হলোঁ৷
তাইৰ মুখখন দেখিয়েই গম পালোঁ তাই অস্বস্তি আৰু বিৰক্তি পাইছে৷ পাওঁক৷
তাইৰ চুলিকোচাৰ পৰা অহা চেম্পুৰ গোন্ধটোৱে মোক মতলীয়া কৰি পেলালে৷

পইচা উলিয়াই তাই দৌৰা-দৌৰি কৈ মেজিক এখনত উঠি এক প্ৰকাৰ পলাই যোৱাদি গুচি গ’ল৷ ময়ো ঘূৰি গুচি আহিলোঁ৷

: কি হ’ল বচ? লাইন দিলে নে? – তপনে সুধিলে৷

:নাই বে৷ পাত্তাই নিদিলে৷

: ইছ বেয়া কথা হ’ল নহয়! এই দুখতে মাল অকণ খোৱা যাওক নেকি?

:হব দে, আজি সন্ধিয়া মই মদটো খুৱাই দিম বাৰু৷

সন্ধিয়া গোটেইকেইটাই মিলি বাৰত মদ খালোঁ৷ সদায় খাওঁ পিছে!

:ভাই, আজি বাইক ৰেচ হৈ যাওক নেকি? – ৰাজে সুধিলে৷

: আজি নালাগে নেকি! তিনিআলিত পুলিচৰ চেকিং বহিছে বোলে৷ – প্ৰাণজিতে কলে৷

: ধুৰৰ …বাদ দে পুলিচ! ব’ল ওলা৷

প্ৰচণ্ড জোৰত এক্সচেল দবালোঁ৷ গোটেইকেইটাই ফালি চিৰি গৈছোঁ৷ তপন আগত, মই পিছত৷ মোৰ পিছত ৰাজ৷ মাজে মাজে ষ্টেণ্ডডাল ৰাস্তাত নমাই দিওঁ, ঘঁহনি খাই জুই ওলাই যায়৷

: ঐ পুলিচ, পুলিচ৷ ৰহ, ৰহ৷ – হঠাৎ প্ৰাণজিতে চিঞৰিলে৷
সন্মুখত পোন্ধৰজন মানৰ পুলিচৰ এটা দল দেখিলোঁ৷
মই জোৰত ব্ৰেক মাৰি দিলোঁ৷ ভাৰসাম্য ৰখাব নোৱাৰি চুচৰি পৰি গলোঁ৷ বাইকখন গৈ খালত পৰিল, মই চুচৰি গৈ পুলিচৰ ওচৰত পৰিলোঁগৈ৷

: ধৰ, ধৰ তাক৷ উঠা৷ চাল্লা উৎপাত দেখা৷ – এজন আৰক্ষী বিষয়াই চিঞৰিলে৷
আমাক গোটেইকেইটাক ধৰিলে পুলিচে৷
মোৰ কঁকাল বিষত বেঁকা হৈ গৈছে৷ আঁঠু আৰু কিলাকুটি ফাটি তেজ ওলাইছে৷

: চাল্লা, মদ খাই বাইক চলাই উৎপাত কৰিব আহিছ? – কোনোবা মহিলা পুলিচ এগৰাকীয়ে কথাখিনি কৈ মোৰ তপিনাত দুই কোব লগাই দিলে৷
লগালগ কঁকাল চিধা হৈ গ’ল৷ ঘূৰি চালোঁ৷

:আপুনি!
দিনত মই লাইন দিয়া গৰাকী৷ পুলিচৰ ড্ৰেচত সম্পূৰ্ণ বেলেগ লাগিছে এতিয়া৷

: অ ময়েই৷ চাল্লা বাইকৰ ষ্টান্ত দেখুৱাঅ?
আকৌ দুইকোব লগাই দিলে কলাফুলত৷

: অ ’ বাইদেউ, অ’ বাইদেউ নামাৰিব৷ ভুল হৈ গ’ল৷

: ভুল হৈ গ’ল? এতিয়া বাইদেউ?
আকৌ পিঠিত দুইকোব লগাই দিলে৷ নিচা ফাটি গ’ল পুৰা৷
আমাক গোটেইকেইটাক ভালকৈ কেইকোবমান দি যাবলৈ দিলে৷ আহিবৰ সময়ত নামটোলৈ চকু গ’ল৷ ‘জয়শ্ৰী গগৈ ’৷

ঘৰলৈ আহি চিধাই বিছনাত পৰিলোঁ৷ ঘাঁ কেইডোখৰত মলম লগাই ললোঁ৷ বাৰে বাৰে মনলৈ দুখন মুখ আহিল৷ এখন দিনত দেখা নিৰ্জু মুখ, আৰু আনখন সন্ধিয়া দেখা কঠিন মুখ৷
নাৰীৰ ৰূপ ইমান বেলেগ হৈ যাব পাৰেনে?

অলপ পিছত ফেচবুকটো খুলিলোঁ৷ ‘জয়শ্ৰী গগৈ’ লিখি চাৰ্চ কৰি দিলোঁ!
আফটাৰ অল, মই এটা ধদুৱা ল’ৰাহে!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!