আফু গুটি দি ভাপত দিয়া বিন আৰু লেচেৰা মাহ- পম্পী শৰ্মা খাউণ্ড

উপকৰণ —
আফু গুটি —-3/4 চামুচ (তিয়াই পেষ্ট কৰি লোৱা )
বিন —–8/9 ডাল (কাটি লোৱা )
লেচেৰা মাহ —-4/5 ডাল (কাটি লোৱা )
পিঁয়াজ —–2টা (কুটি লোৱা )
বিলাহী —–1টা (কুটি লোৱা )
আদা, নহৰু পেষ্ট —-1চামুচ
পকা/কেঁচা জলকীয়া —–3/4টা (কুটি লোৱা )
নিমখ, তেল —-জোখমতে৷
জালুক গুৰি —1চামুচ
হালধি ইচ্ছা কৰিলে জোখমতে দিব পাৰে
কলপাত বা ফইল পেপাৰ (ভাপত দিবৰ বাবে)

প্ৰণালী —
এখন ডাঙৰ ফইল পেপাৰত বা কলপাতত কাটি লোৱা, বিন, লেচেৰা মাহ, পিঁয়াজ, বিলাহী, আদা-নহৰু পেষ্ট, আফু গুটি পেষ্ট, কেঁচা জলকীয়া, নিমখ, জালুক গুৰি, তেল সকলোবোৰ বস্তু দি ভালদৰে সানি লৈ ফইল পেপাৰখন ভালদৰে বান্ধি ল’ব৷

এতিয়া এটা প্ৰেচাৰ কুকাৰত বান্ধি লোৱা পাচলিখিনি ভৰাই দি গেছতো চিমত দি প্ৰেচাৰ কুকাৰৰ ঢাকোনখন ওপৰত দি দিব৷ মাজে মাজে লৰাই চাব৷ পাচলিখিনি সিজিলে নমাই গৰমে গৰমে পৰিবেশন কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!